Might Learn Logo Might Learn Shop Might Learn

Class 8 Science Chapter 9 Answer

১) জীৱৰ প্ৰজনন গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আৰু প্ৰজাতিৰ বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। প্ৰজনন প্ৰক্ৰিয়া অবিহনে জীৱৰ বিস্তাৰ হ’ব নোৱাৰে। প্ৰজননৰ ফলত পুৰুষানুক্ৰমে এনেধৰণৰ জীৱৰ সৃষ্টি হয়।

২) মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ  প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে শুক্ৰাণু আৰু ডিম্বাণু মিলন। এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বুলি কোৱা হয়। নিষেচন সময়ত শুক্ৰাণু কোষকেন্দ্ৰ আৰু ডিম্বাণু কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন কৰে। ইয়াৰ ফলত এটা যোজন কোষৰ সৃষ্টি হয়, আৰু এই যোজন কোষৰ পৰা এটা নতুন জীৱৰ আৰম্ভণি হয়।

৩) উপযুক্ত উত্তৰতো বাছি উলিওৱা।

ক) অন্তঃনিষেচন ঘটে-

১) স্ত্ৰীৰ দেহত

        ২)স্ত্ৰীৰ দেহৰ বাহিৰত

         ৩)পুৰুষৰ দেহত

        ৪)পুৰুষৰ দেহৰ বাহিৰত

উত্তৰঃ ১) স্ত্ৰীৰ দেহত

খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল-

১) নিষেচন

২) ৰূপান্তৰ

৩) টানকৈ লাগি ধৰা

 ৪)মুকুলন

উত্তৰঃ   ২) ৰূপান্তৰ

গ) এটা যোজন কোষত কোষকেন্দ্ৰ  সংখ্যা-

১) নাথাকে

২) এটা

৩) দুটা

৪) চাৰিটা

উত্তৰঃ ২) এটা

৪) নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখিবা।

ক) ডিম্বজ প্ৰাণীয়ে পোৱালী জগায়।

উত্তৰঃ অ

খ) প্ৰতিটো শুক্ৰাণু এক কোষীয়।

উত্তৰঃ শু

গ) ভেকুলীৰ বহিঃনিষেচন হয়।

উত্তৰঃ শু

ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।

উত্তৰঃ 

ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।

উত্তৰঃ শু

চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।

উত্তৰঃ 

ছ) অযৌন প্ৰজননতো নিষেচন আৱশ্যক।

উত্তৰঃ 

জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজনন পদ্ধতি।

উত্তৰঃ শু

ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়।

উত্তৰঃ শু

ঞ) এটা ভ্ৰূণ এটা একক কোষৰে গঠিত।

উত্তৰঃ 

৫) এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ পাৰ্থক্য হ’ল-

১) যোজন কোষ হৈছে এক কোষী অৰ্থাৎ যোজন কোষত মাত্ৰ এটা কোষ থাকে।

             আনহাতে  গৰ্ভভ্ৰূণ হৈছে বহুকোষী ।

২) এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলনৰ ফলত এটা যোজন কোষৰ সৃষ্টি হয়।

        আনহাতে যোজন কোষ বাৰে বাৰে বিভক্ত হৈ ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰুণৰ পৰা গৰ্ভস্থ সন্তানৰ জন্ম হয়।

৬) অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ যি প্ৰজনন প্ৰক্রিয়াত স্ত্ৰীজনন আৰু পুংজনন কোষৰ মিলন নোহোৱাকৈ কেৱল এটা প্ৰাণীৰ পৰা নতুন জীৱৰ বিকাশ হয় এনে প্ৰজননক অযৌন প্ৰজনন বোলে।

              অযৌন প্ৰজননৰ দুটা পদ্ধতি হ’ল-

১) মুকুলন – হাইড্ৰা দেহৰ অংশ উখহি মুকুলৰ সৃষ্টি হয় আৰু এই মুকুল বৃদ্ধি হোৱাৰ পাছত দেহৰ পৰা এৰাই গৈ নতুন হাইড্ৰাৰ সৃষ্টি কৰে। এনে প্ৰজননক মুকুলন বুলি কোৱা হয়।

২) দ্বৈতবিভাজন- এমিবাৰ ক্ষেত্ৰত দেহৰ কোষকেন্দ্ৰটো বিভাজিত হৈ নতুন দুটা কোষকেন্দ্ৰৰ সৃষ্টি হয়। পিছত কোষটোৰ বিভাজন ঘটি নতুন কোষকেন্দ্ৰ দুটাৰ সৈতে দুটা নতুন এমিবাৰ জন্ম হয়।

৭) স্ত্ৰীপ্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে?

উত্তৰ:- জৰায়ুত।

৮) ৰূপান্তৰ কি? উদাহৰণ দিয়া।

উত্তৰঃ সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে।

        উদাহৰণ – 

১) কণীৰ পৰা পলু, পলুৰ পৰা লেটা , লেটাৰ পৰা প্ৰাপ্তবয়স্ক হোৱা।

২) কণীৰ পৰা লালুকী, লালুকীৰ পৰা প্ৰাপ্তবয়স্ক ভেকুলী হোৱা।

৯) অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য  উলিওৱা।

উত্তৰঃ অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য   হ’ল-

১) অন্তঃনিষেচন স্ত্ৰীদেহৰ ভিতৰত হয়।

     আনহাতে বহিঃনিষেচন স্ত্ৰীদেহৰ বাহিৰত হয়।

২) অন্তঃনিষেচনত স্ত্ৰীসমূহে সম্পূৰ্ণ সন্তান জন্ম দিয়ে।

    আনহাতে বহিঃনিষেচনত স্ত্ৰীসমূহে  নিষেচন নোহোৱা কণী পাৰে।

৩) অন্তঃনিষেচন  মানুহ , গৰু আদি উচ্চখাপৰ প্ৰাণীৰ ক্ষেত্ৰত হয়।

     আনহাতে বহিঃনিষেচন হাঁহ  , কুকুৰা আদি  প্ৰাণীৰ ক্ষেত্ৰত হয়।

অতিৰিক্ত প্ৰশ্ন 

১) প্ৰাণীৰ প্ৰজনন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰাণীৰ প্ৰজনন ২ প্ৰকাৰৰ-

ক) যৌন প্ৰজনন  ।

খ) অযৌন প্ৰজনন ।

2) যৌন প্ৰজনন কাক বোলে?

উত্তৰঃ পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজন কোষৰ উৎপত্তি হৈ তাৰ পৰা নতুন জীৱৰ সৃষ্টি হলে যৌন প্ৰজনন বোলে।

৩)পুংপ্ৰজনন অংগ সমূহ কি কি?

উত্তৰঃ  এযোৰ অণ্ড কোষ , দুডাল নলী আৰু এটা লিংগ।

৪) স্ত্ৰীপ্ৰজনন অংগ সমূহ কি কি?

উত্তৰঃ  এযোৰ ডিম্বাশয় , দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু।

৫) নিষেচন কাক বোলে?

উত্তৰঃ ডিম্বাণু আৰু শুক্ৰাণু মিলনক নিষেচন বোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects