প্ৰাণীৰ প্ৰজনন
অনুশীলনী
১। জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ এটা প্ৰজাতিৰ ধাৰাবাহিকতা আৰু বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। প্ৰজননৰ ফলত নতুন জীৱৰ সৃষ্টি হয় আৰু প্ৰজাতিটো পৃথিৱীত বৰ্তি থাকে। প্ৰজনন নঘটিলে এটা সময়ত সেই প্ৰজাতি বিলুপ্ত হৈ যাব।
২। মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰঃ মানুহৰ ক্ষেত্ৰত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলে। নিষেচনৰ সময়ত এটা শুক্ৰাণু ডিম্বাণুৰ সৈতে মিলিত হয় আৰু দুয়োটাৰ কোষকেন্দ্ৰ একত্ৰিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন কৰে। ফলত এটা নিষিক্ত ডিম্বাণু বা যোজনকোষ সৃষ্টি হয়। এই যোজনকোষৰ পৰাই নতুন জীৱৰ বিকাশ আৰম্ভ হয়।
৩। উপযুক্ত উত্তৰটো বাছি উলিওৱা।
(ক) অন্তঃনিষেচন ঘটে—
(i) স্ত্ৰীৰ দেহত
(ii) স্ত্ৰীৰ দেহৰ বাহিৰত
(iii) পুৰুষৰ দেহত
(iv) পুৰুষৰ দেহৰ বাহিৰত
উত্তৰঃ (i) স্ত্ৰীৰ দেহত।
(খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল—
(i) নিষেচন
(ii) ৰূপান্তৰ
(iii) টানকৈ লাগি ধৰা
(iv) মুকুলন
উত্তৰঃ (ii) ৰূপান্তৰ।
(গ) এটা যোজনকোষত কোষকেন্দ্ৰৰ সংখ্যা—
(i) নাথাকে
(ii) এটা
(iii) দুটা
(iv) চাৰিটা
উত্তৰঃ (ii) এটা।
৪। তলৰ উক্তিবোৰ শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখা।
(ক) ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়।
উত্তৰঃ অ।
(খ) প্ৰতিটো শুক্ৰাণু এককোষীয়।
উত্তৰঃ শু।
(গ) ভেকুলীৰ বহিঃনিষেচন হয়।
উত্তৰঃ শু।
(ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
উত্তৰঃ অ।
(ঙ) নিষেচনৰ পিছত সৃষ্টি হোৱা যোজনকোষ এককোষীয়।
উত্তৰঃ শু।
(চ) এমিবাই মুকুলনৰ দ্বাৰা বংশবৃদ্ধি কৰে।
উত্তৰঃ অ।
(ছ) অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক।
উত্তৰঃ অ।
(জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি।
উত্তৰঃ শু।
(ঝ) নিষেচনৰ ফলত এটি যোজনকোষৰ গঠন হয়।
উত্তৰঃ শু।
(ঞ) এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত।
উত্তৰঃ অ।
৫। এটা যোজনকোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ
যোজনকোষঃ
১। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যোজনকোষ সৃষ্টি হয়।
২। যোজনকোষ এককোষীয়।
৩। ই নতুন জীৱৰ বিকাশৰ প্ৰথম অৱস্থা।
গৰ্ভভ্ৰূণঃ
১। যোজনকোষ বাৰে বাৰে বিভাজিত হৈ ভ্ৰূণ সৃষ্টি কৰে আৰু ভ্ৰূণ ক্ৰমে গৰ্ভভ্ৰূণলৈ বিকশিত হয়।
২। গৰ্ভভ্ৰূণ বহুকোষীয়।
৩। গৰ্ভভ্ৰূণৰ দেহত মূৰ, হাত, ভৰি আদি বিভিন্ন অংগ চিনিব পৰা হয়।
৬। অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ যি প্ৰজনন প্ৰক্ৰিয়াত পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলন নোহোৱাকৈ কেৱল এটা জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হয়, তাক অযৌন প্ৰজনন বোলে।
অযৌন প্ৰজননৰ দুটা পদ্ধতি হ’ল—
(ক) মুকুলনঃ হাইড্ৰাৰ দেহৰ এটা অংশত সৰু উখহা অংশ বা মুকুল সৃষ্টি হয়। মুকুলটো ক্ৰমে বৃদ্ধি পাই পূৰ্ণাংগ হাইড্ৰাৰ ৰূপ লয় আৰু পাছত মাতৃদেহৰ পৰা পৃথক হৈ নতুন হাইড্ৰাৰ সৃষ্টি কৰে।
(খ) দ্বৈত বিভাজনঃ এমিবাৰ ক্ষেত্ৰত প্ৰথমে কোষকেন্দ্ৰটো দুটা ভাগত বিভক্ত হয়। তাৰ পাছত কোষদ্ৰব্যও বিভক্ত হৈ দুটা নতুন এমিবাৰ সৃষ্টি হয়।
৭। স্ত্ৰীপ্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে?
উত্তৰঃ জৰায়ুৰ বেৰত।
৮। ৰূপান্তৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ জীৱৰ জীৱনচক্ৰত পোৱালি বা পলুৰ অৱস্থাৰ পৰা দেহৰ গঠন আৰু আকৃতিত উল্লেখযোগ্য পৰিৱৰ্তন ঘটি পূৰ্ণাংগ জীৱলৈ বিকশিত হোৱা প্ৰক্ৰিয়াক ৰূপান্তৰ বোলে।
উদাহৰণঃ
১। লালুকীৰ পৰা পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি।
২। পলুৰ পৰা লেটা আৰু তাৰ পাছত পূৰ্ণাংগ পখিলাৰ সৃষ্টি।
৯। অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য উলিওৱা।
উত্তৰঃ
অন্তঃনিষেচনঃ
১। নিষেচন স্ত্ৰীপ্ৰাণীৰ দেহৰ ভিতৰত ঘটে।
২। তুলনামূলকভাৱে কম সংখ্যক ডিম্বাণু উৎপন্ন হয়।
৩। মানুহ, গৰু, কুকুৰ, মেকুৰী, চৰাই আদি প্ৰাণীত অন্তঃনিষেচন দেখা যায়।
বহিঃনিষেচনঃ
১। নিষেচন স্ত্ৰীপ্ৰাণীৰ দেহৰ বাহিৰত ঘটে।
২। সাধাৰণতে বহু সংখ্যক ডিম্বাণু আৰু শুক্ৰাণু নিৰ্গত হয়।
৩। ভেকুলী আৰু বহু মাছৰ ক্ষেত্ৰত বহিঃনিষেচন দেখা যায়।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১। প্ৰাণীৰ প্ৰজনন কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ প্ৰাণীৰ প্ৰজনন দুই প্ৰকাৰৰ—
(ক) যৌন প্ৰজনন
(খ) অযৌন প্ৰজনন।
২। যৌন প্ৰজনন কাক বোলে?
উত্তৰঃ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজনকোষ সৃষ্টি হৈ তাৰ পৰা নতুন জীৱৰ বিকাশ হোৱা প্ৰজননক যৌন প্ৰজনন বোলে।
৩। পুংপ্ৰজনন অংগসমূহ কি কি?
উত্তৰঃ পুংপ্ৰজনন অংগসমূহ হ’ল— এযোৰ অণ্ডকোষ, শুক্ৰবাহী নলী আৰু লিংগ।
৪। স্ত্ৰীপ্ৰজনন অংগসমূহ কি কি?
উত্তৰঃ স্ত্ৰীপ্ৰজনন অংগসমূহ হ’ল— এযোৰ ডিম্বাশয়, দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু।
৫। নিষেচন কাক বোলে?
উত্তৰঃ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post