Might Learn Logo Might Learn Shop Might Learn

Class 8 Science Chapter 11 Answer

বল আৰু চাপ

অনুশীলনী

১। বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনাৰ উদাহৰণ হ’ল—

ঠেলাৰ উদাহৰণঃ

(i) স্থিৰ হৈ থকা পুতলা গাড়ী এখন ঠেলিলে গাড়ীখন গতি কৰিবলৈ আৰম্ভ কৰে।
(ii) ফুটবল খেলুৱৈ এজনে বলটোত কিক্ মাৰিলে বলটোৰ গতিৰ অৱস্থা সলনি হয়।

টনাৰ উদাহৰণঃ

(i) কুঁৱাৰ পৰা পানী তুলিবলৈ ৰছীডাল টনা হয়।
(ii) ড্ৰয়াৰ এটা খুলিবলৈ তাক নিজৰ ফালে টনা হয়।


২। বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ’ল—

(i) হাতেৰে হেঁচা দি প্লাষ্টিকৰ বটল এটাৰ আকৃতি বিকৃত কৰা।
(ii) ৰবৰৰ বল বা বেলুন এটা হাতেৰে চেপি ধৰিলে তাৰ আকৃতি সলনি হয়।


৩। তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা।

(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল __________ লাগে।
উত্তৰঃ কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে।

(খ) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে __________ কৰে।
উত্তৰঃ এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে।

(গ) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক __________ লাগিব।
উত্তৰঃ বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব বা টানিব লাগিব।

(ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক __________ কৰে।
উত্তৰঃ এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে।


৪। এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। তলৰ শব্দসমূহ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা।

পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ

(ক) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ __________ পৰিৱৰ্তন ঘটায়।

উত্তৰঃ আকৃতিৰ

(খ) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল __________ বলৰ উদাহৰণ।

উত্তৰঃ পেশীয়

(গ) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে __________ বলৰ উদাহৰণ।

উত্তৰঃ স্পৰ্শ

ধনুৰ জ্যাই কাঁড়ডালৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত থাকি বল প্ৰয়োগ কৰে। সেইবাবে ই স্পৰ্শ বল।

(ঘ) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে __________ আৰু বায়ুৰ বাবে হোৱা __________।

উত্তৰঃ মাধ্যাকৰ্ষণ আৰু ঘৰ্ষণ।


৫। তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰক আৰু যি বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। লগতে বলৰ পৰিণতি উল্লেখ কৰা।

(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।

বল প্ৰয়োগ কৰা কাৰকঃ হাতৰ আঙুলি।
বল প্ৰয়োগ হোৱা বস্তুঃ নেমুটুকুৰা।
বলৰ পৰিণতিঃ নেমুটোৰ আকৃতিৰ পৰিৱৰ্তন হয় আৰু তাৰ পৰা ৰস ওলাই আহে।


(খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।

বল প্ৰয়োগ কৰা কাৰকঃ হাতৰ আঙুলি।
বল প্ৰয়োগ হোৱা বস্তুঃ টুথপেষ্টৰ টিউব।
বলৰ পৰিণতিঃ টিউবটোৰ আকৃতি সলনি হয় আৰু ভিতৰৰ পেষ্ট বাহিৰলৈ ওলাই আহে।


(গ) বেৰৰ হাঁকোটাৰ পৰা ওলোমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।

বল প্ৰয়োগ কৰা কাৰকঃ ওলোমাই থোৱা গধুৰ ভাৰটো।
বল প্ৰয়োগ হোৱা বস্তুঃ স্প্ৰিংডাল।
বলৰ পৰিণতিঃ স্প্ৰিংডাল টানি দীঘল হয়, অৰ্থাৎ ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।


(ঘ) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।

বল প্ৰয়োগ কৰা কাৰকঃ খেলুৱৈজনৰ ভৰিৰ পেশী।
বল প্ৰয়োগ হোৱা বস্তু/স্থানঃ খেলুৱৈজনে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে আৰু মাটিয়ে তেওঁক ওপৰলৈ ঠেলা দিয়ে।
বলৰ পৰিণতিঃ খেলুৱৈজনৰ গতিৰ অৱস্থা সলনি হয় আৰু তেওঁ ওপৰলৈ জঁপিয়াই দণ্ডডাল অতিক্ৰম কৰিব পাৰে।


৬। কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লোৰ টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰে?

উত্তৰঃ উত্তপ্ত লোৰ টুকুৰাটোৰ ওপৰত কমাৰে হাতুৰিৰে আঘাত কৰিলে বল প্ৰয়োগ হয়। এই বলৰ ফলত লোৰ টুকুৰাটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। এনেদৰে বাৰে বাৰে হাতুৰিৰে পিটি কমাৰে লোৰ টুকুৰাটোক প্ৰয়োজনীয় আকৃতি দি বিভিন্ন সঁজুলি তৈয়াৰ কৰে।


৭। ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ’ল। দেখা গ’ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে?

উত্তৰঃ বেলুনটো সাংশ্লেষিক কাপোৰেৰে ঘঁহিলে বেলুনটোৱে স্থিতিবৈদ্যুতিক আধান লাভ কৰে।

আধানযুক্ত বেলুনটো বেৰখনৰ ওচৰলৈ নিলে বেৰখনৰ পৃষ্ঠত বিপৰীত প্ৰকৃতিৰ আধান প্ৰভাৱিত হয়। ফলত বেলুন আৰু বেৰখনৰ মাজত স্থিতিবৈদ্যুতিক বল বা ইলেক্ট্ৰ’ষ্টেটিক বলৰ আকৰ্ষণ সৃষ্টি হয়।

এই বল এবিধ অস্পৰ্শ বল। সেইবাবে বেলুনটো বেৰখনত লাগি থাকে।


৮। মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বলসমূহে কিয় বাল্টিটোৰ গতিৰ অৱস্থা পৰিৱৰ্তন কৰিব পৰা নাই?

উত্তৰঃ দাঙি ধৰি থকা পানীপূৰ্ণ বাল্টিটোৰ ওপৰত মূলত দুটা বল ক্ৰিয়া কৰে—

(i) পৃথিৱীৰ মাধ্যাকৰ্ষণ বল — তলৰ ফালে ক্ৰিয়া কৰে।
(ii) হাতৰ দ্বাৰা প্ৰয়োগ কৰা বল — ওপৰৰ ফালে ক্ৰিয়া কৰে।

বাল্টিটো স্থিৰ অৱস্থাত থাকিলে ওপৰমুখী বল আৰু তলমুখী মাধ্যাকৰ্ষণ বলৰ মান সমান হয়। দুয়োটা বল বিপৰীত দিশত ক্ৰিয়া কৰাৰ বাবে লব্ধ বলৰ মান শূন্য হয়।

সেয়েহে বাল্টিটোৰ গতিৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়।


৯। কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা।

উত্তৰঃ ৰকেটটোৰ ওপৰত ক্ৰিয়া কৰা দুবিধ বল হ’ল—

(i) পৃথিৱীৰ মাধ্যাকৰ্ষণ বল।
(ii) বায়ুৰ ঘৰ্ষণ বা বায়ু প্ৰতিৰোধ বল।


১০। ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুদবুদৰ আকাৰত ওলাই যায়। বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ কি?

উত্তৰঃ বায়ুমণ্ডলীয় চাপ।

বাল্বটো চেপি ধৰিলে ড্ৰপাৰৰ ভিতৰৰ বায়ু বাহিৰলৈ ওলাই যায়। বাল্বটোৰ ওপৰৰ চাপ আঁতৰালে ভিতৰৰ চাপ কমি যায়। তেতিয়া বাহিৰৰ পানীৰ ওপৰত ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে পানীখিনি ড্ৰপাৰৰ ভিতৰলৈ ঠেলি দিয়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects