কিছুমান প্ৰাকৃতিক পৰিঘটনা
অনুশীলনী
১ আৰু ২ নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।
১। তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি?
(ক) প্লাষ্টিকৰ স্কেল এডাল।
(খ) তামৰ দণ্ড এডাল।
(গ) ফুলাই থোৱা বেলুন এটা।
(ঘ) ঊলৰ কাপোৰ।
উত্তৰঃ (খ) তামৰ দণ্ড এডাল।
২। এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল—
(ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ’ব।
(খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব।
(গ) আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাৱে আহিত হ’ব।
(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ’ব।
উত্তৰঃ (খ) কাঁচৰ দণ্ডডাল ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব।
৩। তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা।
(ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে।
উত্তৰঃ মিছা।
একে জাতীয় আধানে পৰস্পৰক বিকৰ্ষণ কৰে।
(খ) এডাল আহিত কাঁচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ’পাইপক আকৰ্ষণ কৰে।
উত্তৰঃ সঁচা।
(গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।
উত্তৰঃ মিছা।
বজ্ৰ-নিৰোধক দণ্ডই অট্টালিকাক বজ্ৰপাতৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
(ঘ) ভূমিকম্পৰ আগজাননী নিশ্চিতভাৱে দিব পাৰি।
উত্তৰঃ মিছা।
৪। জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট্-ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।
উত্তৰঃ জাৰকালি ঊলৰ ছুৱেটাৰ আৰু আমাৰ শৰীৰ বা কাপোৰৰ মাজত হোৱা ঘৰ্ষণৰ ফলত স্থিৰ বৈদ্যুতিক আধানৰ সৃষ্টি হয়। ছুৱেটাৰটো খোলাৰ সময়ত জমা হোৱা এই আধান হঠাতে ক্ষৰণ হয়। এই ক্ষৰণৰ ফলতেই ফট্-ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। আন্ধাৰত কেতিয়াবা সৰু স্ফুলিংগও দেখা পোৱা যায়।
৫। আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা।
উত্তৰঃ আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৰ অতিৰিক্ত আধান আমাৰ শৰীৰৰ মাজেৰে মাটিলৈ গুচি যায়। মানুহৰ শৰীৰ বিদ্যুতৰ পৰিবাহী হোৱা বাবে এই আধান সহজে ভূমিলৈ প্ৰবাহিত হয়। এই প্ৰক্ৰিয়াক ভূমি সংযোগ বা Earthing বোলে। ফলত বস্তুটো অনাহিত হৈ পৰে।
৬। ভূমিকম্পৰ বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হ’লে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে?
উত্তৰঃ ভূমিকম্পৰ মাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম ৰিখটাৰ স্কেল।
ৰিখটাৰ স্কেলত ৩ মাত্ৰাৰ ভূমিকম্প এটা ছিছম’গ্ৰাফ যন্ত্ৰই ধৰা পেলাব পাৰে।
কিন্তু ৩ মাত্ৰাৰ ভূমিকম্প সাধাৰণতে অতি দুৰ্বল হয় আৰু ইয়াৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱাৰ সম্ভাৱনা অতি কম। সাধাৰণতে অধিক মাত্ৰাৰ ভূমিকম্পহে ঘৰ-বাৰী, জীৱন আৰু সম্পত্তিৰ বৃহৎ ক্ষতি কৰিব পাৰে।
৭। বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া।
উত্তৰঃ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল—
১। বজ্ৰপাতৰ সময়ত মুকলি ঠাই, ওখ গছ, বিদ্যুতৰ খুঁটা আৰু ধাতুৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগে।
২। সম্ভৱ হ’লে পকী ঘৰ বা দুৱাৰ-খিৰিকী বন্ধ থকা গাড়ীৰ ভিতৰত আশ্ৰয় ল’ব লাগে।
৩। ঘৰৰ ভিতৰত থাকিলে বিদ্যুতৰ তাঁৰ, টেলিফোনৰ তাঁৰ, পানীৰ পাইপ আৰু বৈদ্যুতিক সঁজুলি স্পৰ্শ নকৰাই ভাল।
৮। আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকৰ্ষণ কৰে বুজাই লিখা।
উত্তৰঃ দুটা বেলুন একেধৰণে ঘঁহি আহিত কৰিলে দুয়োটাতে একে জাতীয় আধানৰ সৃষ্টি হয়। আমি জানো যে একে জাতীয় আধানে পৰস্পৰক বিকৰ্ষণ কৰে। সেইবাবে দুটা আহিত বেলুনে পৰস্পৰক বিকৰ্ষণ কৰে।
আনহাতে, এটা আহিত বেলুনৰ ওচৰলৈ এটা অনাহিত বেলুন আনিলে অনাহিত বেলুনটোৰ ভিতৰত থকা আধানসমূহৰ পুনৰ্বিন্যাস ঘটে। আহিত বেলুনটোৰ ওচৰৰ অংশত বিপৰীত জাতীয় আধানৰ প্ৰভাৱ অধিক হয়। ফলত দুয়োটা বেলুনৰ মাজত আকৰ্ষণ বলৰ সৃষ্টি হয় আৰু অনাহিত বেলুনটো আহিত বেলুনটোৰ ফালে আকৰ্ষিত হয়।
৯। চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।
উত্তৰঃ কোনো বস্তু আহিত হয় নে নহয় চিনাক্ত কৰিবলৈ বিদ্যুৎবীক্ষণ যন্ত্ৰ বা Electroscope ব্যৱহাৰ কৰা হয়।
এটা খালী বটল লোৱা হয় আৰু বটলটোৰ মুখত কাৰ্ডব’ৰ্ড এখন লগোৱা হয়। কাৰ্ডব’ৰ্ডখনৰ মাজেৰে এডাল ধাতুৰ কাগজ-ক্লিপ সুমুৱাই দিয়া হয়। ক্লিপটোৰ তলৰ মূৰত এলুমিনিয়াম ফইলৰ দুটুকুৰা পাতল পটি ওলোমাই দিয়া হয়।
এতিয়া কোনো আহিত বস্তুৰে ক্লিপটোৰ ওপৰৰ অংশ স্পৰ্শ কৰিলে আধান ক্লিপৰ মাজেৰে এলুমিনিয়ামৰ দুয়োটা পটিলৈ বিয়পি পৰে। দুয়োটা পটিয়ে একে জাতীয় আধান লাভ কৰাৰ বাবে পৰস্পৰক বিকৰ্ষণ কৰি আঁতৰি যায়।
সেয়েহে পাত দুখন আঁতৰি যোৱা দেখিলে বস্তুটো যে আহিত, তাক চিনাক্ত কৰিব পাৰি।
১০। ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য’ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে।
উত্তৰঃ ভাৰতবৰ্ষৰ ভূমিকম্প-প্ৰৱণ ৰাজ্যৰ ভিতৰত—
১। অসম
২। গুজৰাট
৩। জম্মু-কাশ্মীৰ অঞ্চল
উল্লেখযোগ্য।
১১। ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা?
উত্তৰঃ ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিলে তলৰ সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে—
১। ওখ অট্টালিকা, ঘৰ, দেৱাল আদিৰ পৰা আঁতৰি মুকলি ঠাইলৈ যাব লাগে।
২। গছ, বিদ্যুতৰ খুঁটা, বৈদ্যুতিক তাঁৰ আৰু ছাইনব’ৰ্ডৰ পৰা আঁতৰি থাকিব লাগে।
৩। গাড়ীৰ ভিতৰত থাকিলে গাড়ীখন লাহে লাহে মুকলি আৰু নিৰাপদ ঠাইত ৰখাই ভূমিকম্প বন্ধ নোহোৱালৈকে ভিতৰতে থাকিব লাগে।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১। বিদ্যুৎ ক্ষৰণ কাক বোলে?
উত্তৰঃ সাধাৰণ অৱস্থাত বায়ু বিদ্যুতৰ কুপৰিবাহী। কিন্তু মেঘত অতি বেছি পৰিমাণে বৈদ্যুতিক আধান জমা হ’লে বায়ুৱে আধানৰ প্ৰবাহ প্ৰতিহত কৰিব নোৱাৰা হয়।
তেতিয়া বিপৰীত জাতীয় আধানৰ মাজত হঠাতে আধানৰ প্ৰবাহ ঘটে আৰু উজ্জ্বল পোহৰ তথা তাপ উৎপন্ন হয়। এই হঠাৎ হোৱা আধানৰ প্ৰবাহক বিদ্যুৎ ক্ষৰণ বোলে। বজ্ৰপাত বিদ্যুৎ ক্ষৰণৰ এটা প্ৰাকৃতিক উদাহৰণ।
২। ভূমিকম্প কিদৰে হয় বৰ্ণনা কৰা।
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওপৰৰ কঠিন অংশটো একেটা নিৰৱচ্ছিন্ন খণ্ড নহয়। ই বহুতো ডাঙৰ ডাঙৰ টুকুৰা বা টেকটনিক প্লেটৰে গঠিত। এই প্লেটবোৰ অতি ধীৰে ধীৰে সদায় গতি কৰি থাকে।
যেতিয়া দুটা প্লেট পৰস্পৰৰ কাষেৰে ঘঁহি যায়, খুন্দা মাৰে বা এখন প্লেট আনখনৰ তললৈ সোমাই যায়, তেতিয়া ভূত্বকৰ ভিতৰত শক্তি সঞ্চিত হয়। এই শক্তি হঠাতে মুক্ত হ’লে ভূ-পৃষ্ঠ কঁপি উঠে। এই কঁপনকেই ভূমিকম্প বোলে।
ভূমিকম্পৰ উৎপত্তিস্থলক ভূমিকম্পৰ কেন্দ্ৰ বা Focus আৰু ইয়াৰ ঠিক ওপৰৰ ভূ-পৃষ্ঠৰ স্থানটোক Epicentre বোলে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post