Class 8 Social Science Chapter 11 Answer

১) চমু উত্তৰ লিখা-

(ক) দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে  ?

উত্তৰঃ দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য  সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে।

খ) অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ৰাস্তা, ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি ।

গ) বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান কাক বোলে ?

উত্তৰঃ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে– হ্ৰস্বকালী, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে।

ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া ।

উত্তৰঃ ক) গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয় ।

খ) গ্ৰাহকক ঋণ প্ৰদান কৰে ।

ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় ?

উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংককৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া নামেৰে জনা যায়।

চ) নেড্ফিৰ সাহাৰ্যত উৎপাদিত সামগ্ৰীসমূহ ক’ত বিক্ৰী কৰা হয় ?

উত্তৰঃ নেড্ফিৰ সাহাৰ্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত স্থিত নেডফিহাটত ।

২)বহলাই আলোচনা কৰা-

(ক) আর্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।

উত্তৰঃ

১) বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয়ৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে- কৃষক, উদ্যোগপতি, কাৰিকৰ, আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থসামাজিক উন্নয়নত সহায় কৰে।

২)অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰীক বৃহৎ পৰিমাণৰ পুজি বা মূলধনৰ প্ৰয়োজন হয়। চৰকাৰী সাহাৰ্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুজি বিনিয়োগ কৰিব নোৱাৰে। এই ক্ষেত্ৰত, বাণিজ্যিক বেংকে বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে। এই ঋণৰ জৰিয়তে উৎপাদনকাৰীসকলে নিজৰ ব্যৱসায়ৰ উন্নতি সাধন কৰি উৎপাদিত সেৱা বা সামগ্ৰীৰ যোগান দিয়া সক্ষম হয়। ফলস্বৰূপ, সমাজৰ সকলো স্তৰৰ লোকৰ বাবে এই সেৱা বা সামগ্ৰীৰ উপভোগৰ সুযোগ মুকলি হয়।

৩) দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম কাজ সুকলমে চলাই নিব পাৰে।

৪) বাণিজ্যিক বেংকসমূহে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চ শিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাৰণা বৃদ্ধি পায়। এই ঋণৰ এক বিশেষ সুবিধা হৈছে যে, ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা সমাপ্ত নকৰালৈকে বেংকক ঋণৰ পৰিশোধৰ বাবে ওভতাব নালাগে। লগতে, শিক্ষা সম্পন্ন কৰাৰ ১৮ মাহৰ ভিতৰত ঋণ পৰিশোধৰ মিয়াদ বৃদ্ধি কৰা হয়। এই ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুযোজ এনে কৰে, যাৰ দ্বাৰা তেওঁলোকে আৰ্থিকভাৱে উদ্বেগ মুক্ত হৈ শিক্ষাৰ প্রতি মনোনিবেশ কৰিব পাৰে।

(খ) উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ উদ্দেশ্যে ১৯৯৫ চনত পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম (নেডফি) গঠন কৰা হয়। নেডফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে। এই উদ্যোগসমূহে অঞ্চলটোৰ অৰ্থনীতি উন্নত কৰি স্থানীয় লোকসকলৰ জীৱিকা উন্নয়নলৈ নেতৃত্ব দিয়ে।

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত আৰ্থিক সাহাৰ্য আগবঢ়াইছে, যেনে: কৃষি, ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ত তাঁত আৰু বস্ত্ৰশিল্প, উদ্যানশস্য, হাঁহ আৰু কুকুৰা পালন, গাহৰি পালন, আৰু মীন পালন। বিশেষকৈ, যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয়। এই উদ্যোগসমূহে স্থানীয় অৰ্থনীতি উন্নত কৰি সঠিক জীৱিকা আৰু আয়ৰ সুযোগ সৃষ্টি কৰে, যাৰ ফলত অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নেডফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্য়ৱস্থাৰে ফল।

(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ ।

উত্তৰঃ 

১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।

২। উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।

৩। গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কার্যসূচী গ্রহণ কৰা।

৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।

৫। গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া ।

৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা ।

৩) চমু টোকা লিখা-

ক) সমবায় বেংক

উত্তৰঃ এই বেংকৰ প্ৰধান উদ্দেশ্য হৈছে- কম সুদত দুখীয়া খেতিয়ক, শিপিনী, ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা। আমাৰ দেশৰ দৰিদ্ৰ কৃষকসকলে আজিও মহাজনসকলৰ পৰা ঋণ ল’বলৈ অতি বেছি সুদ দিবলগীয়া হয়। মহাজনৰ কবলৰ পৰা দৰিদ্ৰ কৃষকসকলক ৰক্ষা কৰিবলৈ আৰু কৃষকৰ মাজত মিতব্যয়িতা আৰু আত্মনিৰ্ভৰশীলতাৰ ভাব জগাই তুলিবলৈ গাওঁত কৃষি ঋণ সমবায় সমিতি গঠন কৰা হয়। সমবায় বেংকে কৃষকসকলক হ্ৰস্বম্যাদী ঋণ আগবঢ়ায় কৃষিৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধিত সহায় কৰে। এইদৰে দেশৰ অৰ্থনৈতিক উন্নয়নটো সমবায় বেংকে সহায় কৰে।

খ) নাবাৰ্ডঃ

উত্তৰঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন লক্ষ্য আগত ৰাখি, আমাৰ দেশৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্রতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বাবে ঋণৰ যোগান ধৰে। ঋণসমূহ হ্রস্বকালীন (১৮ মাহৰ বাবে) আৰু দীর্ঘকালীন (২৫ বছৰলৈ) হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, আৰু বাণিজ্যিক বেংকসমূহক NABARD ঋণ প্রদান কৰে। গ্রামীণ ঋণ সৰবৰাহৰ বাবে NABARD ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে। এই উদ্যোগসমূহে গ্ৰাম্য অৰ্থনীতি আৰু কৃষি ব্যৱস্থাৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা পালন কৰে।

গ) কেন্দ্ৰীয় বেংকঃ

উত্তৰঃ ভাৰতৰ বেংক ব্যৱস্থাটোৰ শীৰ্ষত থকা বেংকটোৱে হৈছে কেন্দ্ৰীয় বেংক। ইয়াৰ অন্য নাম-ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। এই বেংকটো ১৯৩৫ চনত সংস্থাপিত হৈছিল। কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক। ই আন বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কার্য সম্পাদন কৰে। কাগজী মুদ্ৰা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। কেন্দ্রীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্রা ছপাব নোৱাৰে। কেন্দ্রীয় কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। ভাৰতীয় ষ্টেট বেংকসমূহে ভাৰতীয় ৰিজার্ভ বেংকৰ এজেন্ট হিচাপে কাম কৰে। 

ঘ) আত্মসহায়ক গোটঃ

উত্তৰঃ আত্মসহায়ক গোট হৈছে একে ঠাইত স্বেচ্ছাৰে গোট হোৱা আৰ্থিকভাৱে অসচ্ছল ব্যক্তিসকলৰ এটি গোট, য’ত সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্য থাকে। এই গোটৰ মূল লক্ষ্য হৈছে সদস্যসকলৰ দৰিদ্রতা দূৰীকৰণৰ বাবে একেলগে কাম কৰাৰ প্ৰয়াস। আৰ্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা শ্ৰেণীৰ লোকে এনে ধৰণৰ গোট গঠন কৰি বেংক, নেডফি আদিৰ পৰা ঋণ লাভ কৰে। আত্মসহায়ক গোটে কর্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। লগতে, এই গোটৰ জৰিয়তে গাওঁ অঞ্চলৰ দৰিদ্র সীমাৰেখাৰ তলত থকা লোকসকলে হাঁহ কুকুৰা পালন, কাপোৰ বোৱা, ফুলৰ খেতি কৰা আদিৰ দৰে আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি ল’ব পাৰে। এই উদ্যোগে সামগ্ৰিকভাৱে অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক সমৰ্থন বৃদ্ধি কৰাত সহায় কৰে।

৪) শুদ্ধ- অশুদ্ধ নির্ণয় কৰা-

(ক) বর্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে। 

উত্তৰঃ শুদ্ধ।

(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীর্ঘকালীন ঋণ আগবঢ়ায় ।

উত্তৰঃ শুদ্ধ। 

(গ) আত্মসহায়ক গোটে কেন্দ্রীয় বেংকত চেভিং বেংক একাউন্ট খুলিব লাগে ।

উত্তৰঃ অশুদ্ধ।

(ঘ) নেড্ফিৰ মুখ্য় কার্যালয় শ্বিলঙত অৱস্থিত । 

উত্তৰঃ অশুদ্ধ।

(ঙ) আর্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে। 

উত্তৰঃ অশুদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *