বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
১। উত্তৰ লিখা—
(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?
উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়— গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি।
(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?
উত্তৰঃ গ্ৰামাঞ্চলৰ প্ৰায় ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।
(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?
উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যৰ লগত জড়িত।
(ঘ) উৎপত্তিকালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰঃ উৎপত্তিকালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। সেইকেইটা হ’ল—
১) প্ৰাচীন নগৰ
২) মধ্যযুগৰ নগৰ
৩) আধুনিক নগৰ।
(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?
উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হ’ব লাগে।
(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?
উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।
২। শুদ্ধ/অশুদ্ধ লিখা—
(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।
উত্তৰঃ অশুদ্ধ।
(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।
উত্তৰঃ অশুদ্ধ।
(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।
উত্তৰঃ শুদ্ধ।
(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰঃ শুদ্ধ।
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৩। চমুকৈ উত্তৰ লিখা—
(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।
উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষিকাৰ্য। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আদি কামৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ উপৰি কিছুমান লোক চাকৰি আৰু অন্যান্য সেৱামূলক বৃত্তিৰ লগতো জড়িত।
(খ) নগৰীয়া বসতিৰ সা-সুবিধা।
উত্তৰঃ নগৰীয়া বসতিত শিক্ষা, চিকিৎসা, যাতায়ত, যোগাযোগ, বিদ্যুৎ, পানী যোগান আদি সুবিধা তুলনামূলকভাৱে অধিক। নগৰত শিক্ষানুষ্ঠান, চিকিৎসালয়, উদ্যোগ, কল-কাৰখানা, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি পোৱা যায়। সেয়েহে নগৰীয়া বসতিত জীৱন-যাপনৰ বহুতো আধুনিক সা-সুবিধা থাকে।
(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰঃ নগৰত শিক্ষা, চিকিৎসা, ব্যৱসায়-বাণিজ্য, চাকৰি, যাতায়ত আৰু যোগাযোগৰ সুবিধা অধিক হোৱাৰ বাবে বসতি ঘন হয়। কল-কাৰখানা, উদ্যোগ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন সেৱা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুবিধা থাকে। তদুপৰি মহাবিদ্যালয়, বিশ্ববিদ্যালয়, উন্নত চিকিৎসালয় আদি সুবিধাৰ বাবেও বহু মানুহ নগৰলৈ আহি বসতি স্থাপন কৰে।
(ঘ) মেগাল’পলিছ কাক বোলে?
উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ পৰস্পৰে লগ লাগি যি বৃহৎ নগৰপুঞ্জৰ সৃষ্টি কৰে, তাক মেগাল’পলিছ বোলে।
৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।
নগৰৰ সা-সুবিধাসমূহ
| ক্ৰমিক নং | নগৰৰ সা-সুবিধা |
|---|---|
| ১ | শিক্ষা গ্ৰহণৰ বাবে বিভিন্ন শিক্ষানুষ্ঠান পোৱা যায়। |
| ২ | উন্নত চিকিৎসা সেৱাৰ সুবিধা থাকে। |
| ৩ | যাতায়ত আৰু যোগাযোগৰ সুবিধা অধিক। |
| ৪ | ব্যৱসায়-বাণিজ্যৰ বাবে উন্নত ব্যৱস্থা থাকে। |
| ৫ | বিদ্যুৎ আৰু পানী যোগানৰ সুবিধা থাকে। |
| ৬ | চাকৰি আৰু কৰ্মসংস্থাপনৰ সুযোগ অধিক। |
| ৭ | বেংক, ডাকঘৰ, বীমা, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ আদি সহজলভ্য। |
নগৰৰ সমস্যাসমূহ
| ক্ৰমিক নং | নগৰৰ সমস্যা |
|---|---|
| ১ | বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ত যোগানৰ অভাৱ। |
| ২ | যান-জটৰ সমস্যা। |
| ৩ | গাড়ী-মটৰ আৰু উদ্যোগৰ বাবে বায়ু আৰু শব্দ প্ৰদূষণ। |
| ৪ | আৱৰ্জনা নিষ্কাশনৰ সমস্যা। |
| ৫ | নলা-নৰ্দমা বন্ধ হোৱা আৰু কৃত্ৰিম বানপানীৰ সমস্যা। |
| ৬ | খেলপথাৰ, উদ্যান আৰু মুকলি ঠাইৰ অভাৱ। |
| ৭ | দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু অপৰিকল্পিত নগৰীকৰণ। |
| ৮ | ঘৰ-দুৱাৰ, উদ্যোগ, বাট-পথ, দোকান আৰু অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে ভূমিৰ নাটনি। |
৫। ভূ-চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা।
উত্তৰঃ
| ক্ৰমিক নং | নগৰ | জিলা |
|---|---|---|
| ১ | তেজপুৰ | শোণিতপুৰ |
| ২ | শিলচৰ | কাছাৰ |
| ৩ | ডিফু | কাৰ্বি আংলং |
| ৪ | হাফলং | ডিমা হাচাও |
| ৫ | মঙলদৈ | দৰং |
| ৬ | তিনিচুকীয়া | তিনিচুকীয়া |
| ৭ | উত্তৰ লখিমপুৰ | লখিমপুৰ |
| ৮ | ডিব্ৰুগড় | ডিব্ৰুগড় |
| ৯ | শিৱসাগৰ | শিৱসাগৰ |
| ১০ | ধেমাজি | ধেমাজি |
৬। তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা।
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে জৰীপ কৰি প্ৰস্তুত কৰিব।
তলৰ আৰ্হিটো ব্যৱহাৰ কৰিব পাৰা—
এলেকা/চুবুৰীৰ নামঃ ____________
পঞ্চায়ত/নগৰ সমিতিঃ ____________
জিলাঃ ____________
| ক্ৰমিক নং | পৰিয়ালৰ সদস্যৰ নাম | বয়স | শিক্ষাগত অৰ্হতা | বৃত্তি |
|---|---|---|---|---|
| ১ | __________ | ______ | __________ | __________ |
| ২ | __________ | ______ | __________ | __________ |
| ৩ | __________ | ______ | __________ | __________ |
| ৪ | __________ | ______ | __________ | __________ |
| ৫ | __________ | ______ | __________ | __________ |
| ৬ | __________ | ______ | __________ | __________ |
| ৭ | __________ | ______ | __________ | __________ |
| ৮ | __________ | ______ | __________ | __________ |
| ৯ | __________ | ______ | __________ | __________ |
| ১০ | __________ | ______ | __________ | __________ |
৭। অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলাসমূহৰ অৱস্থান চিনাক্ত কৰা।
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ মানচিত্ৰ চাই নিজে কৰিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post