Chapter 2
“পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশীয় বহনক্ষমতা (Ecology and Environmental Sustainability)”
১ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
১. বহণক্ষমতাৰ তিনিটা মূল স্তম্ভ কি কি?
উত্তৰ: পৰিৱেশ, অৰ্থনীতি আৰু সমাজ।
২. পৰিস্থিতিবিজ্ঞান (Ecology) কিহৰ অধ্যয়ন?
উত্তৰ: জীৱ আৰু সিহঁতৰ চৌপাশৰ পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্কৰ বৈজ্ঞানিক অধ্যয়ন।
৩. EIA-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: Environmental Impact Assessment (পৰিৱেশ প্ৰভাৱ মূল্যাংকন)।
৪. একোটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা একে প্ৰজাতিৰ জীৱৰ সমষ্টিক কি বোলা হয়?
উত্তৰ: পপুলেচন বা জনসংখ্যা (Population)।
৫. সেউজ অনুশীলন (Green Practice)-ৰ এটা উদাহৰণ দিয়া।
উত্তৰ: সৌৰ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা বা একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰা।
৬. পৰিস্থিতিগত সংগঠনৰ আটাইতকৈ সৰু স্তৰটো কি?
উত্তৰ: জীৱ বা ব্যক্তি (Individual/Organism)।
৭. বহণক্ষম উন্নয়ন শব্দটো প্ৰথম কাৰ প্ৰতিবেদনত বিশেষভাৱে প্ৰচাৰ হৈছিল?
উত্তৰ: ব্ৰুৰ্ণ্ডটলেণ্ড আয়োগৰ (Brundtland Commission) ১৯৮৭ চনৰ প্ৰতিবেদনত।
৮. পৰিস্থিতিতন্ত্ৰৰ দুটা মূল উপাদান কি কি?
উত্তৰ: জৈৱিক উপাদান (Biotic) আৰু অজৈৱিক উপাদান (Abiotic)।
৯. ‘Ecology’ (পৰিস্থিতিবিজ্ঞান) শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰ: অৰ্নেষ্ট হেকেল (Ernst Haeckel)।
১০. EIA প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ কি?
উত্তৰ: স্ক্ৰীনিং (Screening)।
১১. সেউজ নীতিশাস্ত্ৰৰ (Green Ethics) প্ৰধান উদ্দেশ্য কি?
উত্তৰ: প্ৰকৃতি আৰু পৰিৱেশৰ মূল্য বুজি তাক সুৰক্ষা দিয়াৰ নৈতিক দায়িত্ব পালন কৰা।
১২. জীৱমণ্ডল (Biosphere) বুলিলে কি বুজা যায়?
উত্তৰ: পৃথিৱীৰ যিবোৰ অঞ্চলত জীৱ বাস কৰে, সেই সমগ্ৰ অংশক জীৱমণ্ডল বোলে।
১৩. অসফল EIA-ৰ এটা মূল কাৰণ কি?
উত্তৰ: ভুল বা অপূৰ্ণাঙ্গ তথ্যৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা আৰু স্থানীয় লোকৰ মতামতক আওকান কৰা।
১৪. পৰিৱেশ তত্ত্বাৱধান (Environmental Stewardship) মানে কি?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখা।
১৫. EIA-ৰ ৰাজহুৱা শুনানি (Public Hearing) পৰ্যায়ৰ উদ্দেশ্য কি?
উত্তৰ: প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱিত হ’বলগীয়া স্থানীয় ৰাইজৰ মতামত আৰু আপত্তি গ্ৰহণ কৰা।
২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)
১. পৰিস্থিতিবিজ্ঞানৰ সংজ্ঞা লিখা।
উত্তৰ: পৰিস্থিতিবিজ্ঞান হৈছে জীৱবিজ্ঞানৰ এটা শাখা, য’ত জীৱসমূহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক আৰু জীৱসমূহৰ ভৌতিক তথা জৈৱিক পৰিৱেশৰ সৈতে থকা আন্তঃক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়।
২. পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ ক্ৰমান্বয়ে উল্লেখ কৰা।
উত্তৰ: পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ ক্ৰমান্বয়ে হ’ল—১/ জীৱ বা ব্যক্তি (Individual)
২/ পপুলেচন বা জনসংখ্যা (Population)
৩/ সম্প্ৰদায় (Community)
৪/ পৰিস্থিতিতন্ত্ৰ (Ecosystem)
৫/ বায়’ম (Biome)
৬/ জীৱমণ্ডল (Biosphere)।
৩. পৰিৱেশীয় বহণক্ষমতা (Environmental Sustainability) বুলিলে কি বুজা?
উত্তৰ: বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ ৰাখি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাকে পৰিৱেশীয় বহণক্ষমতা বোলে।
৪. EIA বা পৰিৱেশ প্ৰভাৱ মূল্যাংকন কি?
উত্তৰ: EIA হৈছে কোনো উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ আগতে পৰিৱেশৰ ওপৰত পৰিব পৰা সম্ভাৱ্য ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহ চিনাক্ত আৰু মূল্যায়ন কৰাৰ এক বৈজ্ঞানিক প্ৰক্ৰিয়া।
৫. EIA প্ৰক্ৰিয়াত ‘স্ক্ৰীনিং’ আৰু ‘স্ক’পিং’-ৰ কাম কি?
উত্তৰ: স্ক্ৰীনিং পৰ্যায়ত কোনো প্ৰকল্পৰ বাবে EIA প্ৰয়োজনীয় নে নহয় নিৰ্ধাৰণ কৰা হয়। স্ক’পিং পৰ্যায়ত প্ৰকল্পটোৰ সম্ভাৱ্য পৰিৱেশীয় প্ৰভাৱৰ মুখ্য বিষয়সমূহ আৰু অধ্যয়নৰ পৰিসৰ নিৰ্ধাৰণ কৰা হয়।
৬. পৰিৱেশ তত্ত্বাৱধান (Environmental Stewardship) বুলিলে কি বুজায়?
উত্তৰ: পৰিৱেশ তত্ত্বাৱধান হৈছে প্ৰাকৃতিক সম্পদসমূহ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা, অপব্যয় ৰোধ কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে নৈতিক দায়িত্ব পালন কৰা এক সচেতন মনোভাৱ।
৭. সেউজ নীতিশাস্ত্ৰ (Green Ethics) মানে কি?
উত্তৰ: সেউজ নীতিশাস্ত্ৰই মানুহ আৰু প্ৰকৃতিৰ মাজৰ নৈতিক সম্পৰ্কক বুজায়। ই মানুহৰ স্বাৰ্থৰ লগতে গছ-গছনি, জীৱ-জন্তু আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা মানুহৰ দায়িত্বকো গুৰুত্ব দিয়ে।
৮. EIA অসফল হোৱাৰ দুটা মূল কাৰণ উল্লেখ কৰা।
উত্তৰ: EIA অসফল হোৱাৰ দুটা মূল কাৰণ হ’ল—১/ ভুল বা অপূৰ্ণ তথ্যৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰা।
২/ স্থানীয় লোকৰ মতামত আৰু ৰাজহুৱা শুনানিক যথাযথ গুৰুত্ব নিদিয়া।
৯. ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সেউজ অনুশীলন কেনেদৰে কৰিব পাৰে?
উত্তৰ: ব্যক্তিয়ে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি, বিদ্যুৎ আৰু পানীৰ অপব্যয় ৰোধ কৰি, জৈৱিক আৱৰ্জনাৰে সাৰ প্ৰস্তুত কৰি আৰু গছপুলি ৰোপণ কৰি দৈনন্দিন জীৱনত সেউজ অনুশীলন কৰিব পাৰে।
১০. পৰিস্থিতিগত নীতিসমূহ পৰিৱেশীয় বহণক্ষমতাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: পৰিস্থিতিগত নীতিসমূহে প্ৰকৃতিৰ ভাৰসাম্য, খাদ্য শৃংখল আৰু প্ৰাকৃতিক সম্পদৰ চক্ৰসমূহ বুজাত সহায় কৰে। ইয়াৰ জৰিয়তে পৰিৱেশৰ ক্ষতি কমাই বহণক্ষম উন্নয়ন সাধন কৰিব পাৰি।
১১. EIA-ৰ ৰাজহুৱা শুনানিৰ (Public Hearing) দুটা গুৰুত্ব লিখা।
উত্তৰ: ৰাজহুৱা শুনানিৰ দুটা গুৰুত্ব হ’ল—১/ প্ৰকল্পটোৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে স্থানীয় ৰাইজৰ মতামত আৰু আপত্তি জনাৰ সুযোগ পোৱা যায়।
২/ প্ৰকল্পটোৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত হয়।
১২. বায়’ম (Biome) আৰু পৰিস্থিতিতন্ত্ৰৰ (Ecosystem) পাৰ্থক্য কি?
উত্তৰ: পৰিস্থিতিতন্ত্ৰ হৈছে এটা নিৰ্দিষ্ট এলেকাৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজৰ আন্তঃক্ৰিয়া। আনহাতে, বায়’ম হৈছে একে ধৰণৰ জলবায়ু আৰু জীৱ-জগত থকা বৃহৎ ভৌগোলিক অঞ্চল; যেনে—মৰুভূমি আৰু বৰ্ষাৰণ্য।
১৩. বহণক্ষম ভৱিষ্যতৰ বাবে ব্যক্তিগত পৰ্যায়ৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি?
উত্তৰ: ব্যক্তিগত পৰ্যায়ত দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল—১/ ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ বা চাইকেল ব্যৱহাৰ কৰা।
২/ বিদ্যুতৰ অপব্যয় ৰোধ কৰি সৌৰ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
১৪. সেউজ অনুশীলনত ‘3R’ ধাৰণাটো কি?
উত্তৰ: ‘3R’ ধাৰণাৰ অৰ্থ হ’ল—
Reduce — ব্যৱহাৰ হ্ৰাস কৰা,Reuse — পুনৰ ব্যৱহাৰ কৰা, আৰুRecycle — পুনৰাবৰ্তন কৰা।
ই আৱৰ্জনা হ্ৰাস আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰে।
১৫. সফল EIA-ৰ পৰা কি শিকিব পাৰি?
উত্তৰ: সফল EIA-ৰ পৰা শিকিব পাৰি যে সঠিক পৰিকল্পনা, বৈজ্ঞানিক মূল্যায়ন আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে পৰিৱেশৰ ক্ষতি কমাই উন্নয়নমূলক কাম সফলভাৱে সম্পন্ন কৰিব পাৰি।
৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (৫ টা)
১. পৰিস্থিতিগত সংগঠনৰ বিভিন্ন স্তৰসমূহ বিতংভাৱে আলোচনা কৰা।
উত্তৰ: পৰিস্থিতিগত সংগঠন (Ecological Levels of Organization) হৈছে জীৱজগতৰ সংগঠনৰ বিভিন্ন স্তৰক সৰুৰ পৰা বৃহৎ ক্ৰমত বুজোৱা এক ব্যৱস্থা। ইয়াৰ মুখ্য স্তৰসমূহ হ’ল—
১/ জীৱ বা ব্যক্তি (Individual):
পৰিস্থিতিগত সংগঠনৰ আটাইতকৈ সৰু আৰু মৌলিক একক হ’ল জীৱ বা ব্যক্তি। এটা স্বতন্ত্ৰ উদ্ভিদ বা প্ৰাণীক ব্যক্তি বুলি কোৱা হয়। যেনে—এজোপা আম গছ বা এটা হৰিণ।
২/ পপুলেচন বা জনসংখ্যা (Population):
এটা নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট অঞ্চলত বাস কৰা একে প্ৰজাতিৰ জীৱসমূহৰ সমষ্টিক পপুলেচন বোলে। যেনে—কাজিৰঙাত বাস কৰা এশিঙীয়া গঁড়ৰ সমষ্টি।
৩/ সম্প্ৰদায় (Community):
এটা নিৰ্দিষ্ট অঞ্চলত একেলগে বাস কৰা বিভিন্ন প্ৰজাতিৰ পপুলেচনৰ সমষ্টিক সম্প্ৰদায় বোলে। এই প্ৰজাতিসমূহে পৰস্পৰৰ সৈতে বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপন কৰে।
৪/ পৰিস্থিতিতন্ত্ৰ (Ecosystem):
এটা অঞ্চলৰ জৈৱিক উপাদান, যেনে—উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ; আৰু অজৈৱিক উপাদান, যেনে—মাটি, পানী, বায়ু আৰু পোহৰৰ মাজত হোৱা আন্তঃক্ৰিয়াৰে পৰিস্থিতিতন্ত্ৰ গঠিত হয়।
৫/ বায়’ম (Biome):
একে ধৰণৰ জলবায়ু, উদ্ভিদ আৰু প্ৰাণী থকা এক বৃহৎ ভৌগোলিক অঞ্চলক বায়’ম বোলে। যেনে—ক্ৰান্তীয় বৰ্ষাৰণ্য আৰু মৰুভূমি।
৬/ জীৱমণ্ডল (Biosphere):
পৃথিৱীৰ যিবোৰ অংশত জীৱৰ অস্তিত্ব আছে, সেই স্থল, জল আৰু বায়ুমণ্ডলৰ অংশসমূহক সামৰি জীৱমণ্ডল গঠিত হয়।
সামৰণি:
এই স্তৰসমূহে সৰু জীৱৰ পৰা সমগ্ৰ পৃথিৱীৰ জীৱজগতলৈকে পৰিস্থিতিগত সংগঠনৰ ক্ৰমটো বুজাত সহায় কৰে।
২. পৰিৱেশীয় বহণক্ষমতা অৰ্জন কৰাত পৰিস্থিতিগত নীতিসমূহৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ: পৰিৱেশীয় বহণক্ষমতা অৰ্থাৎ বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ পৰিস্থিতিগত নীতিসমূহ বুজি পালন কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ গুৰুত্বসমূহ হ’ল—
১/ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা:
খাদ্য শৃংখল, শক্তিৰ প্ৰবাহ আৰু পুষ্টিদ্ৰব্যৰ চক্ৰই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এইবোৰৰ ভাৰসাম্য নষ্ট হ’লে পৰিস্থিতিতন্ত্ৰ ক্ষতিগ্ৰস্ত হয়।
২/ প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ:
পানী, মাটি, বনজ সম্পদ আদি সম্পদৰ পৰিমিত আৰু দায়িত্বশীল ব্যৱহাৰত পৰিস্থিতিগত নীতিয়ে সহায় কৰে। ইয়াৰ ফলত সম্পদৰ অপব্যৱহাৰ আৰু অতিৰিক্ত শোষণ ৰোধ কৰিব পাৰি।
৩/ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ:
প্ৰতিটো প্ৰজাতিয়ে পৰিস্থিতিতন্ত্ৰত এক বিশেষ ভূমিকা পালন কৰে। সেয়েহে বিভিন্ন প্ৰজাতি আৰু সিহঁতৰ বাসস্থান সংৰক্ষণ কৰাটো পৰিৱেশীয় বহণক্ষমতাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
৪/ প্ৰদূষণ নিয়ন্ত্ৰণ:
পৰিৱেশৰ স্বাভাৱিক শোধন ক্ষমতাৰ সীমা বুজি আৱৰ্জনা আৰু প্ৰদূষক পদাৰ্থ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হ্ৰাস পায়।
৫/ দীৰ্ঘম্যাদী উন্নয়ন:
উদ্যোগীকৰণ, নগৰীকৰণ আৰু অন্যান্য উন্নয়নমূলক কামৰ ক্ষেত্ৰত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ বিবেচনা কৰি পৰিকল্পনা কৰাত পৰিস্থিতিগত নীতিয়ে সহায় কৰে।
সামৰণি:
সেয়েহে প্ৰকৃতিৰ নিয়ম আৰু সীমাবদ্ধতা মানি চলি সম্পদ ব্যৱহাৰ কৰিলে পৰিৱেশ সংৰক্ষণৰ লগতে বহণক্ষম উন্নয়নো সম্ভৱ হয়।
৩. পৰিৱেশ প্ৰভাৱ মূল্যাংকন (EIA)-ৰ মূল পৰ্যায়সমূহ আৰু সেউজ অনুশীলনত ইয়াৰ ভূমিকা বাখ্যা কৰা।
উত্তৰ: পৰিৱেশ প্ৰভাৱ মূল্যাংকন বা EIA (Environmental Impact Assessment) হৈছে কোনো উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ আগতে পৰিৱেশৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ চিনাক্ত আৰু মূল্যায়ন কৰাৰ এক বৈজ্ঞানিক প্ৰক্ৰিয়া।
EIA-ৰ মূল পৰ্যায়সমূহ হ’ল—
১/ স্ক্ৰীনিং (Screening):
প্ৰকল্পটোৰ বাবে EIA সম্পন্ন কৰাৰ প্ৰয়োজন আছে নে নাই নিৰ্ধাৰণ কৰা হয়।
২/ স্ক’পিং (Scoping):
প্ৰকল্পটোৰ সম্ভাৱ্য পৰিৱেশীয় প্ৰভাৱসমূহৰ ভিতৰত কোনবোৰ বিষয়ৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰিব লাগিব, সেয়া নিৰ্ধাৰণ কৰা হয়।
৩/ তথ্য সংগ্ৰহ আৰু প্ৰভাৱ বিশ্লেষণ:
বায়ু, পানী, মাটি, জীৱ-বৈচিত্ৰ্য আৰু জনজীৱনৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰা হয়।
৪/ প্ৰশমন ব্যৱস্থা (Mitigation):
সম্ভাৱ্য নেতিবাচক প্ৰভাৱ হ্ৰাস বা নিয়ন্ত্ৰণ কৰিবলৈ উপযুক্ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
৫/ ৰাজহুৱা শুনানি (Public Hearing):
প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা স্থানীয় ৰাইজৰ মতামত, আপত্তি আৰু পৰামৰ্শ গ্ৰহণ কৰা হয়।
৬/ অনুমোদন আৰু নিৰীক্ষণ (Monitoring):
প্ৰকল্পটোৰ পৰিৱেশীয় প্ৰভাৱ নিৰীক্ষণ কৰা হয় আৰু প্ৰয়োজন অনুসৰি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
সেউজ অনুশীলনত EIA-ৰ ভূমিকা:
EIA-ই উন্নয়নমূলক প্ৰকল্পত পৰিৱেশৰ ক্ষতি কমোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণত সহায় কৰে। ই প্ৰদূষণ নিয়ন্ত্ৰণ, বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, সম্পদৰ সঠিক ব্যৱহাৰ আৰু পৰিৱেশ-বান্ধৱ প্ৰযুক্তিৰ ব্যৱহাৰত উৎসাহ যোগায়।
সামৰণি:
সঠিকভাৱে EIA ৰূপায়ণ কৰিলে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত সমন্বয় স্থাপন কৰি বহণক্ষম উন্নয়ন সাধন কৰিব পাৰি।
৪. সফল আৰু অসফল EIA-ৰ বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰ: কোনো প্ৰকল্পৰ EIA কিমান বৈজ্ঞানিক, স্বচ্ছ আৰু দায়িত্বশীলভাৱে সম্পন্ন কৰা হৈছে, তাৰ ওপৰত ইয়াৰ সফলতা বা ব্যৰ্থতা নিৰ্ভৰ কৰে।
সফল EIA-ৰ বৈশিষ্ট্যসমূহঃ
১/ সঠিক তথ্য:
বায়ু, পানী, মাটি, জীৱ-বৈচিত্ৰ্য আৰু জনজীৱন সম্পৰ্কে নিৰ্ভৰযোগ্য তথ্য সংগ্ৰহ কৰা হয়।
২/ জনসাধাৰণৰ অংশগ্ৰহণ:
স্থানীয় লোকসকলৰ মতামত আৰু আপত্তিক গুৰুত্ব দিয়া হয়।
৩/ স্বচ্ছতা:
EIA-ৰ তথ্য আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু যুক্তিসংগত হয়।
৪/ প্ৰশমন ব্যৱস্থা:
পৰিৱেশৰ ওপৰত পৰিব পৰা ক্ষতিকাৰক প্ৰভাৱ কমাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়।
উদাহৰণ:
দিল্লী মেট্ৰ’ৰ দৰে বৃহৎ নগৰ পৰিবহণ প্ৰকল্পত পৰিৱেশীয় প্ৰভাৱ বিবেচনা, বৃক্ষ সংৰক্ষণ/পুনৰোপণ আৰু প্ৰদূষণ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ কমোৱাত সহায় কৰিছে।
অসফল EIA-ৰ বৈশিষ্ট্যসমূহঃ
১/ ভুল বা অপূৰ্ণ তথ্য:
পৰ্যাপ্ত বৈজ্ঞানিক সমীক্ষা নকৰাকৈ প্ৰতিবেদন প্ৰস্তুত কৰা।
২/ জনমতক আওকাণ কৰা:
স্থানীয় লোকৰ মতামত আৰু ৰাজহুৱা শুনানিক যথাযথ গুৰুত্ব নিদিয়া।
৩/ দুৰ্বল নিৰীক্ষণ:
প্ৰকল্প চলি থকাৰ সময়ত পৰিৱেশীয় প্ৰভাৱ সঠিকভাৱে পৰ্যবেক্ষণ নকৰা।
৪/ পৰিৱেশৰ ওপৰত অত্যধিক চাপ:
ভূমিৰ বহন ক্ষমতা আৰু স্থানীয় পৰিৱেশ বিবেচনা নকৰাকৈ বৃহৎ নিৰ্মাণ কাৰ্য চলোৱা।
উদাহৰণ:
পাহাৰীয়া অঞ্চলত পৰ্যাপ্ত ভূ-তাত্ত্বিক আৰু পৰিৱেশীয় সমীক্ষা অবিহনে বৃহৎ পথ বা নিৰ্মাণ কাৰ্য চলালে ভূমিস্খলন, মাটিৰ ক্ষয় আৰু বাসস্থান ধ্বংসৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে।
সামৰণি:
সফল EIA-ৰ বাবে সঠিক বৈজ্ঞানিক তথ্য, জনসাধাৰণৰ অংশগ্ৰহণ, স্বচ্ছতা আৰু নিয়মীয়া নিৰীক্ষণ অতি প্ৰয়োজনীয়।
৫. সেউজ নীতিশাস্ত্ৰ আৰু ব্যক্তিগত পৰ্যায়ত পৰিৱেশ তত্ত্বাৱধানৰ (Environmental Stewardship) ভূমিকা আলোচনা কৰা।
উত্তৰ: সেউজ নীতিশাস্ত্ৰ (Green Ethics) হৈছে প্ৰকৃতি, জীৱজগত আৰু পৰিৱেশৰ প্ৰতি মানুহৰ নৈতিক দায়িত্বৰ ধাৰণা। পৰিৱেশ সংৰক্ষণ কেৱল চৰকাৰ বা প্ৰতিষ্ঠানৰ দায়িত্ব নহয়; ব্যক্তিৰ সচেতনতা আৰু অংশগ্ৰহণো ইয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ব্যক্তিগত পৰ্যায়ত পৰিৱেশ তত্ত্বাৱধানৰ ভূমিকা হ’ল—
১/ প্ৰাকৃতিক সম্পদ সংৰক্ষণ:
পানী, বিদ্যুৎ আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ অপব্যয় ৰোধ কৰি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰা।
২/ আৱৰ্জনা হ্ৰাস:
একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা, আৱৰ্জনা পৃথক কৰা আৰু পুনৰাবৰ্তনৰ ওপৰত গুৰুত্ব দিয়া।
৩/ পৰিৱেশ-বান্ধৱ সামগ্ৰী ব্যৱহাৰ:
স্থানীয়, পুনৰ ব্যৱহাৰযোগ্য আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক সামগ্ৰী ক্ৰয় আৰু ব্যৱহাৰ কৰা।
৪/ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ:
সম্ভৱ হোৱা ক্ষেত্ৰত সৌৰ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
৫/ বৃক্ষৰোপণ আৰু সংৰক্ষণ:
গছপুলি ৰোপণ কৰা, অৰণ্য সংৰক্ষণ কৰা আৰু প্ৰাকৃতিক বাসস্থান ৰক্ষাত সহায় কৰা।
৬/ পৰিৱেশ-বান্ধৱ যাতায়াত:
ব্যক্তিগত বাহনৰ ব্যৱহাৰ কমাই ৰাজহুৱা পৰিবহণ, চাইকেল বা খোজকঢ়াৰ দৰে পৰিৱেশ-বান্ধৱ উপায় গ্ৰহণ কৰা।
৭/ পৰিৱেশিক সজাগতা বৃদ্ধি:
নিজে পৰিৱেশ সুৰক্ষাৰ নিয়ম পালন কৰাৰ লগতে পৰিয়াল, বন্ধু আৰু সমাজৰ মাজতো পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা সৃষ্টি কৰা।
সামৰণি:
সেউজ নীতিশাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল আচৰণ গঢ়ি তোলা। প্ৰতিজন ব্যক্তিয়ে দৈনন্দিন জীৱনত সেউজ অনুশীলন গ্ৰহণ কৰিলে পৰিৱেশ সংৰক্ষণ আৰু বহণক্ষম ভৱিষ্যৎ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰি।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post