Chapter 3
“খনিজ সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনা (Mineral resource and its management)”
১ নম্বৰীয়া প্ৰশ্ন (অতি চমু প্ৰশ্নোত্তৰ)
১. উত্তৰ-পূব ভাৰতৰ আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা জীৱাশ্ম ইন্ধন বিধ কি?
উত্তৰঃ কয়লা।
২. খনি কাৰ্য সমাপ্ত হোৱাৰ পিছত মাটি পুনৰ ব্যৱহাৰোপযোগী কৰা প্ৰক্ৰিয়াক কি বোলে?
উত্তৰঃ খনি পুনৰুদ্ধাৰ (Mine Reclamation)।
৩. অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত অৱস্থিত?
উত্তৰঃ ডিগবৈত।
৪. খনিৰ আৱৰ্জনা বা পেলনীয়া অংশসমূহক একত্ৰিত কৰি থোৱা পুখুৰী বা পুংবোৰক কি বোলে?
উত্তৰঃ টেইলিংছ পণ্ড (Tailings pond)।
৫. ‘অপেন কাষ্ট মাইনিং’ (Open-cast mining) বুলিলে কি বুজা যায়?
উত্তৰঃ মাটিৰ উপৰিভাগ কাটি মুকলিকৈ খনিজ পদাৰ্থ উলিওৱা কাৰ্যকেই ‘অপেন কাষ্ট মাইনিং’ বোলে।
৬. ধাৰণক্ষম বা বহনক্ষম খনি ব্যৱস্থাপনাৰ মূল লক্ষ্য কি?
উত্তৰঃ পৰিবেশ সুৰক্ষিত ৰাখি খনিজ সম্পদৰ সীমিত আৰু সঠিক ব্যৱহাৰ নিশ্চিত কৰা।
৭. মেঘালয়ৰ ঝৱাই (Jowai) অঞ্চলত মূলতঃ কি খনিজ আহৰণ কৰা হয়?
উত্তৰঃ কয়লা।
৮. খনিজ সম্পদ নবীকৰণযোগ্য নে অনবীকৰণযোগ্য?
উত্তৰঃ খনিজ সম্পদ হৈছে অনবীকৰণযোগ্য সম্পদ।
৯. খিলঞ্জীয়া লোকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা কি যেতিয়া কোনো অঞ্চলত খনি কাৰ্য আৰম্ভ হয়?
উত্তৰঃ উচ্ছেদ আৰু বাসস্থান হেৰুওৱাৰ সমস্যা।
১০. খনি খননৰ ফলত বায়ু প্ৰদূষণ কৰা মুখ্য কাৰকটো কি?
উত্তৰঃ খনন প্ৰক্ৰিয়াৰ পৰা ওলোৱা ধূলিকণা (Dust particles)।
১১. অসমৰ কোনটো অঞ্চল চুনশিল (Limestone) উৎপাদনৰ বাবে বিখ্যাত?
উত্তৰঃ ডিমা হাছাও (উমৰাংছো) আৰু কাৰ্বি আংলং।
১২. ইউৰেনিয়াম খনি কাৰ্যই মানুহৰ শৰীৰত কি ভয়ানক বেমাৰৰ সৃষ্টি কৰিব পাৰে?
উত্তৰঃ কৰ্কট ৰোগ (Cancer) আৰু তেজৰ বিষক্ৰিয়া।
১৩. ক্ষয়কাৰী খনিজ সম্পদৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ কয়লা (বা খাৰুৱা তেল)।
১৪. উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত মেগালয়ত অৱৈধভাৱে কয়লা খন্দা ‘ৰাট-হোল মাইনিং’ (Rat-hole mining) দেখা পোৱা গৈছিল?
উত্তৰঃ মেঘালয়ত।
১৫. অম্লীয় খনি নিষ্কাশন (Acid Mine Drainage) কিহৰ ফলত হয়?
উত্তৰঃ খনিৰ পৰা নিৰ্গমন হোৱা ছালফাৰযুক্ত পানী আৰু ৰাসায়নিক পদাৰ্থৰ ফলত।
২ নম্বৰীয়া প্ৰশ্ন (চমু প্ৰশ্নোত্তৰ — সৰ্বোচ্চ ৫০ টা শব্দ)
১. খনিজ সম্পদৰ অতিৰিক্ত শোষণ বুলিলে কি বুজা?
উত্তৰঃ মানুহৰ প্ৰয়োজন আৰু চাহিদা পূৰণৰ বাবে খনিজ সম্পদ প্ৰয়োজনতকৈ অধিক পৰিমাণে আৰু অনিয়ন্ত্ৰিতভাৱে আহৰণ কৰাকে খনিজ সম্পদৰ অতিৰিক্ত শোষণ বোলে। ইয়াৰ ফলত খনিজ সম্পদৰ ভাণ্ডাৰ কমি যায় আৰু পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে।
২. খনি খননৰ ফলত মাটিত কি প্ৰভাৱ পৰে?
উত্তৰঃ খনি খননৰ ফলত মাটিৰ ওপৰৰ উৰ্বৰ স্তৰ নষ্ট হয়, ভূমিৰ গঠন সলনি হয় আৰু মাটিৰ খহনীয়া বৃদ্ধি পায়। খনিৰ আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ মাটিত মিহলি হ’লে মাটিৰ গুণাগুণো হ্ৰাস পায়।
৩. উত্তৰ-পূব ভাৰতৰ মুখ্য খনিজ সম্পদসমূহ কি কি?
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ মুখ্য খনিজ সম্পদসমূহ হ’ল— খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চুনশিল আৰু ছিলিমেনাইট।
৪. ‘ৰাট-হোল মাইনিং’ (Rat-hole mining) কি?
উত্তৰঃ সৰু আৰু সংকীৰ্ণ সুৰংগ বা গাঁত খান্দি বিশেষকৈ কয়লা আহৰণ কৰা খনন পদ্ধতিক ৰাট-হোল মাইনিং বোলে। এই পদ্ধতি বিপদসংকুল আৰু পৰিৱেশৰ বাবেও ক্ষতিকাৰক।
৫. খনি কাৰ্যই জলসম্পদৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ খনিৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, এচিড আৰু গধুৰ ধাতু নদী, পুখুৰী আৰু ভূগৰ্ভস্থ পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। ফলত খোৱাপানীৰ গুণাগুণ নষ্ট হয় আৰু জলজ জীৱৰ ক্ষতি হয়।
৬. বহনক্ষম খনিজ ব্যৱস্থাপনা (Sustainable Mineral Management) কি?
উত্তৰঃ পৰিৱেশৰ ক্ষতি কমাই, খনিজ সম্পদৰ অপচয় ৰোধ কৰি আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনৰ কথা বিবেচনা কৰি খনিজ সম্পদৰ পৰিকল্পিত আৰু নিয়ন্ত্ৰিত ব্যৱহাৰ কৰাকে বহনক্ষম খনিজ ব্যৱস্থাপনা বোলে।
৭. খনি পুনৰুদ্ধাৰ (Mine Reclamation) মানে কি?
উত্তৰঃ খনিৰ কাম শেষ হোৱাৰ পিছত ক্ষতিগ্ৰস্ত ভূমি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা প্ৰক্ৰিয়াক খনি পুনৰুদ্ধাৰ বোলে। ইয়াৰ বাবে গছপুলি ৰোপণ, মাটি সমতল কৰা আৰু প্ৰয়োজন অনুসৰি জলাশয় সৃষ্টি কৰা হয়।
৮. অসমৰ খাৰুৱা তেল আহৰণৰ দুটা প্ৰধান অঞ্চলৰ নাম লিখা।
উত্তৰঃ অসমৰ খাৰুৱা তেল আহৰণৰ দুটা প্ৰধান অঞ্চল হ’ল— ডিগবৈ আৰু নাহৰকটীয়া-ৰুদ্ৰসাগৰ অঞ্চল।
৯. ইউৰেনিয়াম খননে সৃষ্টি কৰা স্বাস্থ্যজনিত সমস্যা কি?
উত্তৰঃ ইউৰেনিয়াম খননৰ ফলত তেজস্ক্ৰিয় বিকিৰণৰ সংস্পৰ্শলৈ আহিলে মানুহৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত কৰ্কট ৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পাব পাৰে।
১০. খনি নিষ্কাশনৰ এচিড প্ৰভাৱ (Acid Mine Drainage) কি?
উত্তৰঃ খনিৰ ছালফাইডযুক্ত খনিজ পদাৰ্থ বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহি এচিড সৃষ্টি কৰিলে সেই এচিডযুক্ত পানী খনিৰ পৰা ওলাই আহে। এই পৰিঘটনাক খনি নিষ্কাশনৰ এচিড প্ৰভাৱ বোলে। ইয়াৰ ফলত নদী-পুখুৰীৰ পানী প্ৰদূষিত হয়।
১১. খনি কাৰ্যই বনাঞ্চল ধ্বংসত কিদৰে অৰিহণা যোগায়?
উত্তৰঃ খনি স্থাপন আৰু খনন কাৰ্যৰ বাবে বনাঞ্চলৰ গছ-গছনি কাটি মাটি মুকলি কৰিব লাগে। ফলত বনাঞ্চল হ্ৰাস পায়, বন্যপ্ৰাণীৰ বাসস্থান নষ্ট হয় আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
১২. ধাতৱ আৰু অধাতৱ খনিজৰ মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰঃ
১. ধাতৱ খনিজৰ পৰা ধাতু আহৰণ কৰিব পাৰি, যেনে— লোহা আৰু তাম। আনহাতে, অধাতৱ খনিজৰ পৰা ধাতু আহৰণ কৰিব নোৱাৰি, যেনে— চুনশিল আৰু অভ্ৰ।
২. ধাতৱ খনিজ সাধাৰণতে ধাতু উৎপাদনত ব্যৱহাৰ হয়, আনহাতে অধাতৱ খনিজ নিৰ্মাণ, ৰাসায়নিক আৰু অন্যান্য উদ্যোগত ব্যৱহাৰ কৰা হয়।
১৩. উত্তৰ-পূব ভাৰতত খনিজ সম্পদ আহৰণৰ দুটা মূল প্ৰত্যাহ্বান কি কি?
উত্তৰঃ
১. পাহাৰীয়া আৰু দুৰ্গম ভূ-প্ৰকৃতিৰ বাবে খনি অঞ্চললৈ যাতায়াত আৰু পৰিবহণৰ অসুবিধা।
২. অবৈজ্ঞানিক আৰু অবৈধ খননৰ ফলত পৰিৱেশৰ ক্ষতি আৰু সম্পদৰ সঠিক ব্যৱস্থাপনাৰ সমস্যা।
১৪. খনিজ সম্পদ সংৰক্ষণৰ দুটা উপায় লিখা।
উত্তৰঃ
১. ধাতু আৰু অন্যান্য খনিজ পদাৰ্থ পুনঃচক্ৰীকৰণ কৰি পুনৰ ব্যৱহাৰ কৰা।
২. কয়লা আৰু পেট্ৰ’লিয়ামৰ দৰে অনবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কমাই সৌৰশক্তি, বায়ুশক্তি আদি বিকল্প শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
১৫. চুনশিল (Limestone) ব্যৱহাৰৰ পৰিবেশীয় প্ৰভাৱ কি?
উত্তৰঃ চুনশিল খননৰ সময়ত ধূলিকণা সৃষ্টি হৈ বায়ু প্ৰদূষণ হয় আৰু ভূমিৰ স্বাভাৱিক গঠন নষ্ট হ’ব পাৰে। চিমেণ্ট উৎপাদনৰ সময়তো যথেষ্ট পৰিমাণে কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়, যিয়ে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়।
প্ৰশ্ন ১: খনিজ সম্পদৰ অতিৰিক্ত শোষণৰ মুখ্য কাৰণসমূহ আৰু ইয়াৰ প্ৰভাৱবোৰ বহলাই আলোচনা কৰা।
উত্তৰ: খনিজ সম্পদ উদ্যোগ, কৃষি, পৰিবহণ আৰু দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ লগে লগে ইয়াৰ চাহিদাও বৃদ্ধি পাইছে। ফলত বহু ঠাইত খনিজ সম্পদৰ অত্যধিক আৰু অপৰিকল্পিত আহৰণ দেখা যায়।
অতিৰিক্ত শোষণৰ মুখ্য কাৰণসমূহ:
- জনসংখ্যা বৃদ্ধি: জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ঘৰ-বাৰী, পথ, দলং আৰু অন্যান্য নিৰ্মাণ কাৰ্যৰ বাবে খনিজ পদাৰ্থৰ চাহিদা বাঢ়ে।
- ঔদ্যোগীকৰণ: উদ্যোগ-কাৰখানাত কয়লা, লোহা, চুনশিল, তেল আদি খনিজৰ অধিক প্ৰয়োজন হয়।
- শক্তিৰ চাহিদা বৃদ্ধি: বিদ্যুৎ উৎপাদন আৰু পৰিবহণৰ বাবে কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ব্যাপক ব্যৱহাৰ কৰা হয়।
- আধুনিক জীৱনশৈলী: বাহন, ইলেক্ট্ৰনিক সামগ্ৰী আৰু বিভিন্ন যন্ত্ৰ নিৰ্মাণৰ বাবে ধাতৱ খনিজৰ চাহিদা বৃদ্ধি পাইছে।
ইয়াৰ প্ৰভাৱসমূহ:
- খনিজ সম্পদৰ হ্ৰাস: খনিজ সম্পদ অনবীকৰণযোগ্য হোৱাৰ বাবে অধিক আহৰণ কৰিলে ইয়াৰ মজুত ক্ৰমে কমি যায়।
- ভূমিৰ অৱক্ষয়: খনি খননৰ ফলত মাটিৰ ওপৰৰ উৰ্বৰ স্তৰ নষ্ট হয় আৰু ভূমিৰ স্বাভাৱিক গঠন সলনি হয়।
- অৰণ্য ধ্বংস: খনি স্থাপনৰ বাবে গছ-গছনি কাটি পেলোৱাৰ ফলত বনাঞ্চল আৰু বন্যপ্ৰাণীৰ বাসস্থান ক্ষতিগ্ৰস্ত হয়।
- বায়ু আৰু জল প্ৰদূষণ: খনিৰ ধূলিকণা আৰু ৰাসায়নিক আৱৰ্জনাই বায়ু, নদী, পুখুৰী আৰু ভূগৰ্ভস্থ পানী প্ৰদূষিত কৰিব পাৰে।
- সামাজিক সমস্যা: খনি অঞ্চলৰ মানুহে ভূমি হেৰুওৱা, স্থানচ্যুতি আৰু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে।
সেয়েহে খনিজ সম্পদৰ অপচয় ৰোধ কৰি পৰিকল্পিত আৰু বহনক্ষমভাৱে ইয়াক ব্যৱহাৰ কৰা উচিত।
প্ৰশ্ন ২: খনিজ সম্পদ আহৰণ (Mining) আৰু ব্যৱহাৰে পৰিবেশত পেলোৱা প্ৰভাৱসমূহ বস্তুনিষ্ঠভাৱে (Case Study ৰ সহায়ত) ব্যাখ্যা কৰা।
উত্তৰ: খনিজ সম্পদ আহৰণে উদ্যোগ আৰু অৰ্থনৈতিক উন্নয়নত সহায় কৰে। কিন্তু অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানিক খননৰ ফলত পৰিৱেশৰ ওপৰত বিভিন্ন নেতিবাচক প্ৰভাৱ পৰে।
মুখ্য পৰিবেশীয় প্ৰভাৱসমূহ:
- অৰণ্য আৰু বাসস্থান ধ্বংস: খনি স্থাপন কৰিবলৈ গছ-গছনি কাটি পেলোৱাৰ ফলত বনাঞ্চল আৰু বন্যপ্ৰাণীৰ বাসস্থান নষ্ট হয়।
- ভূমিৰ ক্ষতি: খননৰ ফলত মাটিৰ গঠন সলনি হয়, গাঁতৰ সৃষ্টি হয় আৰু ভূমিস্খলনৰ সম্ভাৱনা বৃদ্ধি পায়।
- বায়ু প্ৰদূষণ: খনন, বিস্ফোৰণ আৰু খনিজ পৰিবহণৰ সময়ত ধূলিকণা সৃষ্টি হয়।
- জল প্ৰদূষণ: খনিৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ আৰু অম্লীয় পানী নদী-পুখুৰীত মিহলি হৈ জলসম্পদ প্ৰদূষিত কৰে।
- জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি: অৰণ্য ধ্বংস আৰু জল প্ৰদূষণৰ ফলত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
কেছ ষ্টাদী (Case Study — মেঘালয়ৰ কয়লা খনন):
মেঘালয়ত ৰাট-হোল মাইনিংৰ জৰিয়তে কয়লা আহৰণ কৰা হৈছিল। এই অবৈজ্ঞানিক খনন পদ্ধতিৰ ফলত ভূমি আৰু বনাঞ্চলৰ ক্ষতি হোৱাৰ লগতে খনিৰ পৰা ওলোৱা অম্লীয় পানীয়ে নদী আৰু নিজৰাৰ পানী প্ৰদূষিত কৰিছিল। পানীৰ অম্লতা বৃদ্ধি পোৱাৰ ফলত জলজ জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। ইয়াৰ উপৰি এই পদ্ধতি খনিকৰসকলৰ বাবেও যথেষ্ট বিপদসংকুল আছিল। সেয়ে পৰিৱেশ সুৰক্ষাৰ বাবে অবৈধ আৰু অবৈজ্ঞানিক খনন নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজনীয়।
প্ৰশ্ন ৩: উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদৰ পৰিমাণ আৰু বিতৰণৰ এক সংক্ষিপ্ত আভাস দিয়া।
উত্তৰ: উত্তৰ-পূব ভাৰত খনিজ সম্পদৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধ। অঞ্চলটোৰ বিভিন্ন ৰাজ্যত ভূ-গঠন আৰু ভূ-প্ৰাকৃতিক বৈশিষ্ট্য অনুসৰি বিভিন্ন ধৰণৰ খনিজ পোৱা যায়।
উত্তৰ-পূবৰ প্ৰধান খনিজ সম্পদসমূহ:
- খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ: অসমত ডিগবৈ, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ আৰু লকুৱা আদি অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ পোৱা যায়। ত্ৰিপুৰাতো প্ৰাকৃতিক গেছৰ উল্লেখযোগ্য ভাণ্ডাৰ আছে।
- কয়লা: অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত কয়লা পোৱা যায়। মাৰ্ঘেৰিটা, লিডু আৰু মেঘালয়ৰ জয়ন্তীয়া পাহাৰ অঞ্চল উল্লেখযোগ্য।
- চুনশিল (Limestone): অসম আৰু মেঘালয়ত যথেষ্ট পৰিমাণে চুনশিল পোৱা যায়। উমৰাংছো, কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰ ইয়াৰ উল্লেখযোগ্য অঞ্চল।
- ইউৰেনিয়াম: মেঘালয়ৰ কিছুমান অঞ্চলত ইউৰেনিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে।
- অন্যান্য খনিজ: ছিলিমেনাইট আৰু বিভিন্ন অধাতৱ খনিজো উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যত পোৱা যায়।
এই খনিজ সম্পদসমূহে অঞ্চলটোৰ উদ্যোগ আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
প্ৰশ্ন ৪: উত্তৰ-পূব ভাৰতত খনিজ সম্পদ আহৰণৰ ফলত দেখা দিয়া মূল পৰিবেশীয় সমস্যাসমূহ কি কি?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ পৰিৱেশ অতি সংবেদনশীল। অপৰিকল্পিত আৰু অবৈজ্ঞানিকভাৱে খনিজ সম্পদ আহৰণ কৰাৰ ফলত অঞ্চলটোত বিভিন্ন পৰিবেশীয় সমস্যা দেখা দিছে।
- ভূমিৰ অৱক্ষয় আৰু ভূমিস্খলন: খনি খননৰ ফলত পাহাৰ আৰু মাটিৰ স্বাভাৱিক গঠন নষ্ট হয়। ইয়াৰ ফলত ভূমিস্খলন আৰু খহনীয়াৰ সম্ভাৱনা বৃদ্ধি পায়।
- জল প্ৰদূষণ: কয়লা খনিৰ পৰা ওলোৱা অম্লীয় আৰু ৰাসায়নিক পদাৰ্থ নদী, নিজৰা আৰু ভূগৰ্ভস্থ পানীত মিহলি হৈ জল প্ৰদূষিত কৰে।
- জৈৱ-বৈচিত্ৰ্যৰ হ্ৰাস: বনাঞ্চল ধ্বংস আৰু বাসস্থান নষ্ট হোৱাৰ ফলত বহু উদ্ভিদ আৰু বন্যপ্ৰাণী ক্ষতিগ্ৰস্ত হয়।
- কৃষিভূমিৰ ক্ষতি: খনিৰ মাটি আৰু আৱৰ্জনা কৃষিভূমিত জমা হ’লে মাটিৰ গুণাগুণ আৰু উৰ্বৰতা হ্ৰাস পায়।
- বায়ু প্ৰদূষণ: খনি খনন আৰু খনিজ পৰিবহণৰ ফলত অধিক ধূলিকণা সৃষ্টি হয়।
- সামাজিক আৰু স্বাস্থ্যজনিত সমস্যা: খনি অঞ্চলৰ লোকসকলে ভূমি হেৰুওৱা, স্থানচ্যুতি আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে।
সেয়ে উত্তৰ-পূব ভাৰতত খনিজ সম্পদ আহৰণৰ সময়ত পৰিৱেশ সংৰক্ষণক বিশেষ গুৰুত্ব দিব লাগে।
প্ৰশ্ন ৫: খনিজ সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰিব পৰা কৌশলসমূহ (Strategies) ব্যাখ্যা কৰা।
উত্তৰ: খনিজ সম্পদ সীমিত আৰু অধিকাংশই অনবীকৰণযোগ্য। সেয়ে বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদ সংৰক্ষণ কৰিবলৈ বহনক্ষম ব্যৱস্থাপনা গ্ৰহণ কৰা অতি প্ৰয়োজনীয়।
- পৰিৱেশীয় প্ৰভাৱ মূল্যায়ন (EIA): খনি প্ৰকল্প আৰম্ভ কৰাৰ আগতে ইয়াৰ ফলত পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব সেই বিষয়ে মূল্যায়ন কৰিব লাগে।
- আধুনিক খনন প্ৰযুক্তিৰ ব্যৱহাৰ: কম ক্ষতি আৰু কম অপচয় হোৱা বৈজ্ঞানিক খনন পদ্ধতি গ্ৰহণ কৰিব লাগে।
- পুনঃচক্ৰীকৰণ (Recycling): লোহা, তাম, এলুমিনিয়াম আদি ধাতু পুনঃচক্ৰীকৰণ কৰি ব্যৱহাৰ কৰিলে নতুনকৈ খনিজ আহৰণৰ প্ৰয়োজন কমে।
- বিকল্প শক্তিৰ ব্যৱহাৰ: কয়লা আৰু পেট্ৰ’লিয়ামৰ ওপৰত নিৰ্ভৰশীলতা কমাই সৌৰশক্তি, বায়ুশক্তি আৰু অন্যান্য নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
- খনি পুনৰুদ্ধাৰ (Mine Reclamation): খনিৰ কাম শেষ হোৱাৰ পিছত ক্ষতিগ্ৰস্ত ভূমি সমতল কৰি গছপুলি ৰোপণ আৰু ভূমি পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব লাগে।
- আইনৰ কঠোৰ প্ৰয়োগ: অবৈধ খনন আৰু পৰিৱেশবিৰোধী কাৰ্য বন্ধ কৰিবলৈ চৰকাৰী নিয়ম-কানুন কঠোৰভাৱে প্ৰয়োগ কৰিব লাগে।
- স্থানীয় লোকৰ অংশগ্ৰহণ: খনি ব্যৱস্থাপনাত স্থানীয় লোকসকলক জড়িত কৰি তেওঁলোকৰ জীৱিকা আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে।
এই কৌশলসমূহ গ্ৰহণ কৰিলে খনিজ সম্পদৰ সংৰক্ষণৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি বহনক্ষম উন্নয়ন নিশ্চিত কৰিব পাৰি।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post