Gauhati University BA 5th Sem Education (Major Course) Chapter 2 “পৰিৱেশ শিক্ষাৰ ধাৰণা” Solution | FYUGP 5th Sem Education Paper 11 Chapter 2 Answer | 2025-2026 |

 পৰিৱেশ শিক্ষাৰ ধাৰণা

অতি চমু প্ৰশ্ন উত্তৰঃ

১। আনুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

২। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ দুটা উদাহৰণ লিখা।

উত্তৰ: আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ দুটা উদাহৰণ হ’ল-

আনুষ্ঠানিক শিক্ষা: স্কুল, কলেজ।

অনানুষ্ঠানিক শিক্ষাঃ গৃহ আৰু সাংস্কৃতিক অনুষ্ঠান।

৩। পৰিৱেশ সজাগতা বৃদ্ধিত NGOৰ মূল ভূমিকা কি?

উত্তৰ: সমাজত পৰিৱেশ শিক্ষা আৰু সচেতনতা বিস্তাৰ কৰা।

৪। NGO কেনেদৰে শিক্ষানুষ্ঠানৰ সৈতে সহযোগ কৰে?

উত্তৰঃ বিদ্যালয়-কলেজত অভিযান, মেলা, প্রকল্প যোগান ধৰে।

৫। NGO ৰ প্ৰকল্পবোৰৰ উদাহৰণ কি?

উত্তৰঃ জল সংৰক্ষণ, জৈৱিক কৃষি, বন্যপ্রাণী সংৰক্ষণ আদি।

৬। ডিজিটেল মাধ্যমত NGO ৰ ভূমিকা কি?

উত্তৰঃ ইউটিউব, এপ, ছ’চিয়েল মিডিয়া জৰিয়তে সচেতনতা সৃষ্টি।

৭। আনুষ্ঠানিক শিক্ষা মানে কি?

উত্তৰঃ আনুষ্ঠানিক শিক্ষা হৈছে এক সংগঠিত আৰু পৰিকল্পিত শিক্ষণ প্ৰক্ৰিয়া, য’ত শিক্ষাৰ বিষয়বস্তু, পাঠ্যক্ৰম আৰু মূল্যাংকন সজাগভাৱে নিৰ্ধাৰণ কৰা থাকে। এই শিক্ষাটো বিদ্যালয়, মহাবিদ্যালয় বা অন্য শিক্ষা প্ৰতিষ্ঠানসমূহত যোগদান কৰি লাভ কৰা হয়।

সাৰকথা, আনুষ্ঠানিক শিক্ষা হৈছে সমাজৰ নিৰ্দিষ্ট পৰিৱেশত, নিৰ্ধাৰিত পাঠ্যক্ৰম আৰু গঠন অনুসৰি পোৱা শিকাৰ প্ৰক্ৰিয়া।

৮। আনুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

৯। তৃণমূল পর্যায়ত NGO কিদৰে কাম কৰে?

উত্তৰ: গাঁওসভা, নাটক, কর্মশালা, ঘৰে-ঘৰে যোৱাৰ মাধ্যমে।

১০। ইউনেস্কোৰ দৃষ্টিভংগীত পাৰিপাৰ্শ্বিক শিক্ষাৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰ: ইউনেস্কোৰ (UNESCO-1981) দৃষ্টিভংগীত পাৰিপাৰ্শ্বিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে- সচেতনতা, জ্ঞান, প্ৰৱণতা, নিপুণতা, পাৰিপাৰ্শ্বিক সামর্থ্য আৰু অংশগ্রহণ।

চমু প্ৰশ্ন উত্তৰঃ

১। পৰিৱেশ শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষা-পদ্ধতি, যিয়ে পৰিৱেশৰ বিষয়ে জ্ঞান প্ৰদান কৰে আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰে। ইয়াৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশৰ ওপৰত থকা সম্পৰ্ক, সমস্যা আৰু পৰিৱেশ সংৰক্ষণৰ উপায়সমূহৰ বিষয়ে শিক্ষা দিয়া।

পৰিৱেশ শিক্ষাই শাৰীৰিক, সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশৰ সুস্থতা বজাই ৰাখিবলৈ সহায় কৰে। সুস্থ প্ৰাকৃতিক পৰিৱেশে সুস্থ জীৱন আৰু সমাজৰ বিকাশৰ বাবে ভিত্তি প্ৰদান কৰে। এই শিক্ষাৰ মাধ্যমে মানুহ-প্ৰকৃতিৰ মাজৰ আন্তঃসম্পৰ্ক, পৰিৱেশৰ মূল্য আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজোৱা হয়।

সাৰকথা, পৰিৱেশ শিক্ষা হৈছে এনে এক জীৱন-ভিত্তিক শিক্ষা, যি প্ৰাক বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মাধ্যমৰ জৰিয়তে চলি থাকে। ইয়াত পৰিৱেশৰ সকলো উপাদানৰ বিষয়ে অধ্যয়ন আৰু পৰিৱেশৰ বাবে শিক্ষা, পৰিৱেশৰ ওপৰত শিক্ষা, আৰু পৰিৱেশৰ জৰিয়তে শিক্ষা—এই তিনিটা দিশে জ্ঞান প্ৰদান কৰা হয়।

২। পৰিৱেশ শিক্ষাৰ পৰিসৰসমূহ কি কি?

উত্তৰঃ পৰিৱেশ শিক্ষাৰ পৰিসৰ বিস্তৃত আৰু পৰিৱেশ সম্পর্কীয় সকলো বিষয়ক আৱৰি লয়। ইয়াত প্ৰাকৃতিক পৰিৱেশ (বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী) আৰু মানুহে সৃষ্টি কৰা কৃত্ৰিম পৰিৱেশৰ সকলো দিশ অন্তর্ভুক্ত হয়।

পৰিৱেশ শিক্ষাই মানুহৰ কাৰ্যকলাপ, আচৰণ, চিন্তাভাবনা, মূল্যবোধ আৰু অনুভূতিৰ ওপৰত হোৱা প্ৰভাৱকো আলোচনা কৰে। লগতে, পৰিৱেশৰ ক্ষয়-ক্ষতিৰ ফলত হোৱা সমস্যা আৰু সেয়াৰ পৰা মুক্তি পাবলৈ ল’বলগীয়া ব্যৱস্থা-উপায়ৰ বিষয়ে বিস্তৃত জ্ঞান প্ৰদান কৰে।

এই শিক্ষাই পৃথিৱীৰ জৈৱ-প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ, পৰিৱেশ ধ্বংস আৰু সামাজিক জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱক বুজাই দিয়ে। সামগ্ৰিকভাৱে, পৰিৱেশ শিক্ষাৰ লক্ষ্য হৈছে মানুহ আৰু পৃথিৱীৰ মাজত সু-সামঞ্জস্য সম্পৰ্ক স্থাপন কৰি জীৱন পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা বুজোৱা।

সেইদৰে, পৰিৱেশ শিক্ষাই উদাৰনৈতিক দৃষ্টিভংগীৰে প্ৰকৃতিৰ মূল্যায়ন, সংৰক্ষণ আৰু টেকসই ব্যৱহাৰৰ মনোভাৱ বিকাশ কৰাত মুখ্য ভূমিকা পালন কৰে।

৩। বিভিন্ন বৈষয়িক বিষয় হিচাপে পৰিৱেশ অধ্যয়ন কি কি শিক্ষা বিষয়ৰ লগত সম্পর্কিত ব্যাখ্যা কৰা।

উত্তৰঃ পৰিৱেশ অধ্যয়ন বহু শাখাৰ সমন্বিত বিষয়ে ৰূপে গণ্য। ইয়াত জীবমণ্ডলৰ জৈৱিক আৰু অজৈৱিক দুয়ো উপাদানৰ সৈতে সিহঁতৰ আন্তঃসম্পৰ্ক অধ্যয়ন কৰা হয়। উদ্ভিদ আৰু প্ৰাণী জৈৱিক উপাদানৰ অন্তৰ্গত, আৰু বায়ু, মাটি, পানী আদি অজৈৱিক উপাদানৰ অংশ।

বিজ্ঞান শাখাৰ দিশত এই বিষয়টো জলস্থিতি বিজ্ঞান, ৰাসায়নিক অভিযান্ত্ৰিক, পৰিৱেশ অভিযান্ত্ৰিক বিজ্ঞান, সামাজিক অভিযান্ত্ৰিক আদি বিষয়ৰ সৈতে সম্পৰ্কিত। এইবোৰৰ মাধ্যমে পৰিৱেশ সংৰক্ষণ, দূষণ নিয়ন্ত্ৰণ, আৰু সম্পদ ব্যৱস্থাপনা সম্পৰ্কীয় উপায়-পদ্ধতি জানিব পৰা যায়।

কলা শাখাৰ ক্ষেত্ৰত পৰিৱেশ অধ্যয়ন সমাজতত্ত্ব, শিক্ষা, অৰ্থনীতি, ভূগোল আৰু জনবার্তা প্ৰেৰণ বিজ্ঞানৰ সৈতে সংযুক্ত। এই বিষয়বোৰে পৰিৱেশৰ সৈতে জড়িত ভৌগোলিক, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু আচৰণগত দিশসমূহ অধ্যয়ন কৰাত সহায় কৰে।

ইয়াৰ উপৰি পৰিসংখ্যা বিজ্ঞান, গণিত আৰু কম্পিউটাৰ বিজ্ঞান পৰিৱেশ অধ্যয়নক তথ্য বিশ্লেষণ, তথ্য সংগ্ৰহ আৰু অনুসন্ধানমূলক কামত সহযোগিতা কৰে। লগতে পৰিৱেশ সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা আইনী বিধানসমূহো এই পাঠক্ষেত্ৰৰ অন্যতম সহায়ক অংশ।

১৫। উচ্চ পৰ্যায়ৰ পৰিৱেশ শিক্ষা কি?

উত্তৰ: শিক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পৰিৱেশ-শিক্ষা বিশেষীকৰণ দিশত গঢ় দি তুলিব লাগে। এই

পৰ্যায়ত পৰিৱেশৰ একো একোটা বাস্তৱ সমস্যা বচি তাৰ ওপৰত প্ৰণালীবদ্ধ আৰু তথ্য-ভিত্তিকভাৱে অধ্যয়ন, নিৰীক্ষণ, বিশ্লেষণ আৰু পৰীক্ষ কার্য আদি চলোৱাত উৎসাহ প্রদান কৰিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top