Gauhati University BA 5th Sem Education (Major Course) Chapter 3 “পৰিৱেশৰ অৱক্ষয় আৰু বিপদ” Solution | FYUGP 5th Sem Education Paper 11 Chapter 3 Answer | 2025-2026 |

 পৰিৱেশৰ অৱক্ষয় আৰু বিপদ

১। মাটি সংৰক্ষণৰ মূল উদ্দেশ্য দুটা কি কি?

উত্তৰঃ মাটিৰ ক্ষয় ৰোধ কৰা আৰু মাটিৰ উৰ্বৰতা ৰক্ষা কৰা।

২। প্ৰদূষণৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ: প্রদূষণৰ প্ৰধান ভাগ চাৰিটা- (ক) বায়ু প্রদূষণ, খ) জল প্রদূষণ, (গ) স্থল প্রদূষণ, (ঘ) শব্দ প্রদূষণ।

৩। বায়ু প্রদূষণৰ প্রধান উৎসসমূহ কি কি?

উত্তৰঃ বায়ু প্রদূষণৰ প্রধান উৎসসমূহ হ’ল- প্রাকৃতিক উৎস আৰু মানৱ সৃষ্ট উৎস।

৪। সেউজ গৃহ গেছসমূহ কি কি?

উত্তৰঃ সেউজ গৃহ গেছসমূহ হ’ল- CO₂, CH₁, O,, NO আৰু NO,।

৫। নিৰ্বনীকৰণ কি?

উত্তৰঃ বিভিন্ন কাৰণত বনানী ধ্বংস হোৱা প্ৰক্ৰিয়াটোক নিৰ্বনীকৰণ বোলা হয়।

৬। মাটি সংৰক্ষণৰ মূল উদ্দেশ্য দুটা কি কি?

উত্তৰঃ মাটিৰ ক্ষয় ৰোধ কৰা আৰু মাটিৰ উৰ্বৰতা ৰক্ষা কৰা।

৭। পৰিৱেশৰ অৱনতি বা অৱক্ষয় মানে কি?

উত্তৰঃ পৰিৱেশ অৱনতি বা অৱক্ষয় বুলিলে বুজোৱা হয় পৰিৱেশৰ গুণমান কমি যোৱা। স্বাভাৱিক ধৰণে সংঘটিত প্রক্রিয়া আৰু মানুহে কৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ ফলত স্থানীয়, আঞ্চলিক বা বৈশ্বিক স্তৰত পৰিৱেশৰ স্বাভাৱিক সুস্থিতি নষ্ট হোৱাই পৰিৱেশ অৱক্ষয়।

৮। বিপন্ন প্রজাতি কি? উত্তৰ: যিবোৰ প্ৰজাতি লুপ্তপ্রায়, স্পৰ্শকাতৰ আৰু দুষ্প্রাপ্য শ্ৰেণীৰ অন্তৰ্গত, এই গোটেইকেইটাকে বিপন্ন প্রজাতি বোলে।

৯। এছিড বৰষুণৰ ফলত কি হয়?

উত্তৰঃ পানী আৰু মাটি প্রদূষিত হয়। 

চমু প্রশ্নোত্তৰ

১। পৰিৱেশ অবনতি বা অৱক্ষয় মানে কি বুজায়?

উত্তৰঃ পৰিৱেশ অৱনতি বা অৱক্ষয় বুলিলে বুজায় পৰিৱেশৰ গুণগত মান কমি যোৱা আৰু সুস্থিতি নষ্ট হোৱাকে। এই অবস্থা স্বাভাৱিক প্রক্রিয়া যেনে ভূমিকম্প, বান, ধ্বংসযজ্ঞ আদি আৰু মানুহে কৰা কাৰ্যকলাপৰ ফলত দেখা দিয়ে। বিশেষকৈ জনসংখ্যা বৃদ্ধি, বন উজাৰি লোৱা, উদ্যোগ স্থাপন, নগৰায়ণ, ধোঁৱা-ধূলিৰ উৎপাদন, বর্জ্য নিক্ষেপ ইত্যাদিয়ে স্থানীয়, আঞ্চলিক আৰু বৈশ্বিক স্তৰত বায়ু, পানি, মাটি আৰু শব্দৰ গুণমান হ্ৰাস কৰে। ইয়াৰে ফলস্বৰূপে খাদ্য উৎপাদন, পানীয় জোগান অথবা নিঃশ্বাস লোৱাৰ বাবে পৰিৱেশ অযোগ্য হৈ পৰে। উন্নয়নশীল দেশসমূহৰ দ্রুত নগৰকৰণ আৰু শিল্পায়নে এই সমস্যাক আৰু তীব্ৰ কৰিছে।

পৰিৱেশ প্ৰদূষণ পৰিৱেশ অৱক্ষয়ৰ এক গুৰুত্বপূর্ণ দিশ, কাৰণ ই পৰিৱেশৰ গুণগত মানদণ্ড সম্পূৰ্ণভাবে হ্ৰাস কৰে। আনহাতে বন ধ্বংস, ভূমিৰ অতি ব্যৱহাৰ বা মাটি ক্ষয়, জলসম্পদ দুষণ আদি কাৰকেও অৱক্ষয়ৰ অন্তৰ্গত ধৰা হয়। সেয়েহে জনসংখ্যা বিস্ফোৰণ আৰু অযৌক্তিক উন্নয়নৰ ফলত সম্পদ নষ্ট হৈ পৰাত পৰিৱেশ অবনতি বিশ্বব্যাপী এক গভীৰ সংকট হিচাপে পৰিগণিত হৈছে।

২। পৰিৱেশ প্ৰদূষণ আৰু পৰিৱেশ অবনতি বা অৱক্ষয়ৰ মাজৰ পাৰ্থক্য

উত্তৰঃ পৰিৱেশ প্ৰদূষণ হৈছে এনে এক অৱস্থা য’ত মানুহৰ কার্যকলাপৰ ফলত স্থানীয় পৰিৱেশৰ গুণগত মান হ্ৰাস পায়, যেনে বায়ু, জল বা মাটিৰ দূষণ। আনহাতে, পৰিৱেশ অবনতি বা অৱক্ষয়ৰ অৰ্থ হৈছে স্থানীয়, আঞ্চলিক আৰু বিশ্ব পৰিসৰত প্ৰাকৃতিক বা মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশৰ গুণগত মানৰ ধীৰে ধীৰে হ্ৰাস বা ক্ষয়।

৩। জনসংখ্যাৰ বৃদ্ধিয়ে পৰিবেশৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায়?

উত্তৰ: মানুহে নিজৰ জীৱন-ধাৰণৰ বাবে পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে। জনসংখ্যা বৃদ্ধিৰ সৈতে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনবোৰো বৃদ্ধি পায়, যাৰ ফলত খাদ্য, জল, শক্তি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক চাপ পৰে। খাদ্যৰ প্ৰয়োজন পূৰণৰ বাবে খেতি বিস্তাৰ কৰে, বন কাটি আৰু খনিজ সম্পদ আহৰণ কৰে। জলাশয় নিয়ন্ত্ৰণৰ বাবে বান্ধ আৰু জলবিদ্যুৎ উৎপাদন কৰে। উদ্যোগ স্থাপন আৰু শক্তি উৎপাদনৰ বাবে বনজ, খনিজ আৰু অন্যান্য প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰে। এই দৰে দ্রুত জনসংখ্যা বৃদ্ধিৰ বাবে সম্পদৰ ওপৰত অধিক চাপ পৰে, যাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য ভঙে আৰু পৰিবেশ জীৱন-ধাৰণৰ বাবে অনুকূল নহয়।

৪। নিৰ্বনীকৰণৰ ফলত কি কি ঘটিব পাৰে?

উত্তৰ: নিৰ্বনীকৰণৰ ফলত বহু সমস্যা দেখা দেয়। মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু মাটিৰ ক্ষয় বৃদ্ধি হয়। বানপানী, খবাং আদি প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি সম্ভাৱনা বৃদ্ধি পায়। বন্যপ্ৰাণী আৰু উদ্ভিদৰ প্ৰাকৃতিক সম্পদৰ লাভালাভ হ্ৰাস হয়। লগতে কাঠ, শক্তি আৰু অন্যান্য প্ৰাকৃতিক উৎসৰ অভাৱ দেখা দিয়ে, যাৰ ফলত মানৱ জীৱন আৰু উদ্যোগৰ ওপৰত প্ৰভাৱ পৰে।

৫। স্মগ কি?

উত্তৰ: স্মগ হৈছে বায়ুমণ্ডলত বিভিন্ন দূষিত গেছ আৰু কণাৰ মিলিত ৰূপত সৃষ্টি হোৱা ধোঁৱাৰ দৰে ধাৰা। পেট্ৰ’ল আৰু ডিজেলৰ সম্পূর্ণ নহোৱা দহন প্ৰক্ৰিয়াৰ ফলত মুক্ত হোৱা পদার্থসমূহ নাইট্ৰ’জেন অক্সাইডৰ লগত বিক্ৰিয়া কৰি স্মগ সৃষ্টি কৰে। স্মগে উদ্ভিদ, প্ৰাণী আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। স্মগে দৃষ্টিশক্তি হ্ৰাস কৰে, শ্বাস-প্ৰশ্বাসৰ সমস্যা জন্মায় আৰু উদ্ভিদৰ পাত আৰু ৰবৰ দৰে বস্তুৰ ওপৰতো ক্ষয় ঘটায়। অন্যান্য উৎসৰ পৰা ওলোৱা ধোঁৱাকো স্মগৰ অংশ হিচাপে গণ্য কৰা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top