Might Learn Logo Might Learn Shop Might Learn

GU BA 1st Semester Education Sec paper Chapter 2 Solution 2026 | মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা | Gauhati University FYUGP 1st Sem Sec Education “মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা”|

Chapter 2 – 

মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা

► অতি চমু প্রশ্নোত্তৰ:

১। মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন?

উত্তৰঃ- ক্লিফোর্ড বিয়েৰ্চ (Clifford Beers)-ক মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা বাFather/Originator of Mental Hygiene বুলি অভিহিত কৰা হয়।

২। মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান একেনে?

উত্তৰ:- মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান একে নহয়। অৱশ্যে দুয়োটা পৰস্পৰৰ পৰিপূৰক।

মানসিক স্বাস্থ্যই ব্যক্তিৰ সুস্থ আৰু সন্তুলিত মানসিক অৱস্থাক বুজায়। আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ সংৰক্ষণ, উন্নতি, প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ লগত জড়িত বিভিন্ন দিশৰ বৈজ্ঞানিক অধ্যয়ন।

৩। মানসিক স্বাস্থ্য বিধি কি?

উত্তৰ:- মানসিক স্বাস্থ্য বিধি হৈছে এনে এক বিজ্ঞান, যাৰ সহায়ত ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব আৰু পৰিৱেশৰ মাজত সুস্থ সমাযোজন স্থাপনৰ উপযুক্ত পথ নিৰ্ণয় কৰিব পাৰে।

৪। মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা?

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এক বিজ্ঞান, যিয়ে ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় কলা-কৌশল, পদ্ধতি আৰু উপায়সমূহৰ বিষয়ে জ্ঞান লাভ কৰাত সহায় কৰে।

৫। ‘মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক বিজ্ঞান যি মানব কল্যাণ আৰু মানুহৰ লগত সম্পর্কিত সকলো ক্ষেত্ৰৰ লগতে জড়িত।’- এইষাৰ কোনে কৈছিল?

উত্তৰ:- এই উক্তিটো ক্ৰো আৰু ক্ৰো (Crow and Crow)-এ কৈছিল।

৬। ‘মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য অটুট ৰখাত আৰু মানসিক ৰোগৰ প্ৰতিৰোধকৰণত গুৰুত্ব দিয়ে।’-এইষাৰ কোনে কৈছিল?

উত্তৰ:- এই উক্তিটো হেডফিল্ড (Hadfield)-এ কৈছিল।

৭। ‘A mind that found itself’ কিতাপখন কোনে লিখিছিল?

উত্তৰ:- ক্লিফোর্ড বিয়েৰ্চ (Clifford Beers)-এ A Mind That Found Itself নামৰ কিতাপখন লিখিছিল।

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিৰ সন্তুলিত ব্যক্তিত্বৰ বিকাশ সাধন কৰা আৰু তেওঁক সমাজ আৰু পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজন কৰিবলৈ সহায় কৰা। ইয়াৰ জৰিয়তে ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, উন্নতি আৰু সুস্থ জীৱনযাপনত সহায় কৰা হয়।

৯। শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰাঃ

(ক) মানসিক স্বাস্থ্যবিজ্ঞান মানসিক ৰোগৰ প্ৰতিকাৰৰ লগত জড়িত।

উত্তৰঃ- শুদ্ধ।

(খ) মানসিক সমাযোজন আৰু শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্বপূর্ণ চর্ত।

উত্তৰঃ- শুদ্ধ।

(গ) মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্যৰ সংৰক্ষণ।

উত্তৰঃ- শুদ্ধ।

(ঘ) মানসিক স্বাস্থ্যবিজ্ঞান হৈছে সমাপ্তি আৰু মানসিক স্বাস্থ্য হৈছে উপায়।

উত্তৰ:- অশুদ্ধ।

১০। খালী ঠাই পূৰণ কৰাঃ

(ক) হাইজিন শব্দটো মূলত–শব্দ।

উত্তৰঃ- গ্ৰীক ভাষাৰ।

(খ) – ত সমাযোজনৰ দ্বাৰা এজন ব্যক্তিৰ মানসিক স্বাস্থ্য নিৰ্ধাৰণ কৰা হয়।

উত্তৰ:- সমাজত

(গ) মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক।

উত্তৰ:- প্ৰক্ৰিয়া।

(ঘ) ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে।

উত্তৰ:- মানসিক

(ঙ) মানসিক ৰোগৰ প্ৰতিকাৰ কৰাই হৈছে মানসিক বিজ্ঞানৰ কার্য।

উত্তৰ:- প্রধান

(চ) মানসিক স্বাস্থ্যবিজ্ঞান হৈছে আৰু মানসিক স্বাস্থ্য হৈছে।

উত্তৰঃ- উপায়, সমাপ্তি।

(ছ) মানসিক স্বাস্থ্যবিজ্ঞান হৈছে ৰ লগত সম্পৰ্ক আৰু–ৰ লগত সর্বনিম্ন সমাযোজন।

উত্তৰ:- মানসিক স্বাস্থ্য, মানসিক অসুস্থতা।

► চমু প্রশ্নোত্তৰ :

১। মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞান হ’ল স্বাস্থ্যবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা, য’ত ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বিষয়ে অধ্যয়ন কৰা হয়। সৰলভাৱে ক’বলৈ গ’লে, যি বিজ্ঞানে ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ আৰু স্বাভাৱিক কৰি ৰখাৰ উপায়, নিয়ম-কানুন আৰু পদ্ধতিৰ বিষয়ে আলোচনা কৰে, তাকেই মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়।

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰাত সহায় কৰে। ই মানসিক অসুস্থতা, অপসমাযোজন, মানসিক চাপ আদি সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু কৌশল প্ৰদান কৰে। লগতে সুস্থ আৰু সুখী জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় অভ্যাস আৰু আচৰণৰ বিষয়েও ইয়াত আলোচনা কৰা হয়।

মুঠতে, ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা আৰু উন্নতিৰ বাবে প্ৰয়োজনীয় নিয়ম-কানুন, জ্ঞান আৰু পদ্ধতিৰ অধ্যয়নকে মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়।

২। মানসিক স্বাস্থ্য বিজ্ঞানে কি অধ্যয়ন কৰে?

উত্তৰ:- মানসিক স্বাস্থ্য বিজ্ঞানে মূলতঃ ব্যক্তিৰ মানসিক স্বাস্থ্য আৰু মানসিক সুস্থতাৰ সৈতে জড়িত বিভিন্ন বিষয় অধ্যয়ন কৰে। ইয়াৰ ভিতৰত তলত দিয়া বিষয়সমূহ উল্লেখযোগ্য—

(i) মানসিক ৰোগৰ সৃষ্টি হোৱাৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে।

(ii) মানসিক ৰোগ বা সমস্যাসমূহ আৰোগ্য কৰাৰ উপায় আৰু পদ্ধতিসমূহৰ বিষয়ে অধ্যয়ন কৰে।

(iii) ব্যক্তিৰ মানসিক আৰু সামগ্ৰিক সুস্বাস্থ্য বজাই ৰখাৰ উপায়সমূহ জানিবলৈ সহায় কৰে।

৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা সংজ্ঞা প্রদান কৰা।

উত্তৰঃ- মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা সংজ্ঞা তলত দিয়া হ’ল—

(১) ক্ৰো আৰু ক্ৰোৰ মতে—

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান, যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ সকলো দিশ সামৰি লয়।”

(২) হেডফিল্ডৰ মতে—

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্য সংৰক্ষণ আৰু মানসিক বিকাৰ প্ৰতিৰোধৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এক বিজ্ঞান।”

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ কি কি?

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ যথেষ্ট বিস্তৃত। ইয়াৰ প্ৰধান লক্ষ্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ আৰু সুস্থতা বজাই ৰখাত সহায় কৰা।

(খ) ব্যক্তিয়ে নিজৰ পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পৰাকৈ তেওঁৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

(গ) ব্যক্তিত্বৰ ভাৰসাম্য আৰু সু-সামঞ্জস্য বজাই ৰাখি মানসিক দোষ-ত্ৰুটি আৰু দুৰ্বলতাসমূহ দূৰ কৰাৰ চেষ্টা কৰা।

(ঘ) ব্যক্তিত্বৰ বিশৃংখলতাৰ ফলত সৃষ্টি হোৱা মানসিক সমস্যা আৰু মানসিক ৰোগৰ চিকিৎসা তথা নিৰাময়ৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।

৫। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ:- মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা উল্লেখযোগ্য লক্ষ্য হ’ল—

(i) ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ আৰু সুস্থতা বজাই ৰখাত সহায় কৰা।

(ii) ব্যক্তিৰ মানসিক দোষ-ত্ৰুটি আৰু দুৰ্বলতাসমূহ দূৰ কৰাৰ বাবে প্ৰয়াস কৰা।

(iii) ব্যক্তিয়ে নিজৰ পৰিৱেশৰ সৈতে সুন্দৰভাৱে সমাযোজন কৰিব পৰাকৈ সুস্থ আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

৬। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ কি কি?

উত্তৰ:- মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ মূলতঃ তিনিটা ভাগত আলোচনা কৰিব পাৰি। সেইকেইটা হ’ল—

(ক) প্ৰতিবোধমূলক কাৰ্যঃ

মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা প্ৰধান কাৰ্য হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ প্ৰতিৰোধ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে ব্যক্তিৰ মানসিক সমস্যা আৰু সমাযোজনৰ অসুবিধাসমূহৰ কাৰণ বুজিবলৈ সহায় কৰে। লগতে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় আৰু কৌশলৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

(খ) প্ৰতিকাৰমূলক কাৰ্যঃ

মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্যই মানসিক সমস্যা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাৰ চিকিৎসা আৰু নিৰাময়ৰ উপায়সমূহৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ জৰিয়তে ব্যক্তিৰ মানসিক সমস্যাসমূহ বুজি পোৱা আৰু সেইবোৰ দূৰ কৰিবলৈ প্ৰয়োজনীয় চিকিৎসা-কৌশল আৰু পদ্ধতিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি।

(গ) সংৰক্ষণমূলক কাৰ্যঃ

মানসিক স্বাস্থ্যৰ সংৰক্ষণ ব্যক্তি আৰু সমাজ উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰা আৰু ইয়াক সুস্থভাৱে সংৰক্ষণ কৰাৰ উপায়, কৌশল আৰু প্ৰক্ৰিয়াৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু সমাজৰ সামগ্ৰিক কল্যাণ সাধন কৰাই ইয়াৰ মূল লক্ষ্য।

৭। মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা।

উত্তৰ:- মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি ব্যাপক আৰু বিস্তৃত। ব্যক্তিৰ মানসিক স্বাস্থ্য, ব্যক্তিত্বৰ বিকাশ আৰু সুস্থ জীৱন-যাপনৰ সৈতে জড়িত বিভিন্ন বিষয় ইয়াৰ পৰিসৰৰ অন্তৰ্গত।

মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ ভিতৰত তলত দিয়া বিষয়সমূহ বিশেষভাৱে উল্লেখযোগ্য—

(ক) মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰা আৰু সেই কাৰণসমূহ দূৰ কৰাৰ উপায় বিচাৰি উলিওৱা।

(খ) মানসিক স্বাস্থ্য সুস্থ আৰু সবল কৰি ৰখাৰ বাবে গ্ৰহণ কৰিবলগীয়া সংৰক্ষণমূলক আৰু প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে অধ্যয়ন কৰা।

(গ) সুস্থ মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰাত সহায় কৰা।

(ঘ) ব্যক্তিৰ সুস্থ আৰু সু-সামঞ্জস্য ব্যক্তিত্ব বিকাশৰ উপায় আৰু পদ্ধতিসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা।

(ঙ) মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ লগত জড়িত বিভিন্ন বিষয়ৰ অধ্যয়ন কৰা।

মুঠতে, ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বিকাশ, মানসিক ৰোগ প্ৰতিৰোধ, ব্যক্তিত্বৰ সুস্থ বিকাশ আৰু সুস্থভাৱে পৰিৱেশৰ সৈতে সমাযোজনৰ সৈতে জড়িত সকলো বিষয়েই মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

৮। মানসিক স্বাস্থ্য বিজ্ঞানে আমাক কিদৰে সহায় কৰে?

উত্তৰ:- মানসিক স্বাস্থ্য বিজ্ঞানে আমাক বিভিন্ন ধৰণে সহায় কৰে। ইয়াৰ প্ৰধান সহায়সমূহ হ’ল—

(i) মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰাত সহায় কৰে।

(ii) বিভিন্ন মানসিক সমস্যা আৰু অসুবিধাসমূহ চিনাক্ত কৰি সেইবোৰৰ সমাধান কৰাত সহায় কৰে।

(iii) নিজকে মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰখাৰ বিভিন্ন উপায় আৰু কৌশল জানিবলৈ সহায় কৰে।

৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজনীয়তা কি?

উত্তৰ:- সকলো ব্যক্তিৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ বিশেষ প্ৰয়োজনীয়তা আছে। ব্যক্তিৰ মানসিক সুস্থতা বজাই ৰখা, মানসিক সমস্যা প্ৰতিৰোধ কৰা আৰু সুস্থ জীৱন-যাপন কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক প্ৰয়োজন পূৰণ, মানসিক ৰোগ আৰু বিভিন্ন মানসিক সমস্যাৰ প্ৰতিৰোধ, লগতে অপসমাযোজনৰ কাৰণসমূহ বুজিবলৈ সহায় কৰে। ইয়াৰ জৰিয়তে ব্যক্তিয়ে নিজকে কেনেদৰে মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখিব পাৰি আৰু মানসিক অস্থিৰতাৰ পৰা কেনেদৰে আঁতৰি থাকিব পাৰি, সেই বিষয়ে জ্ঞান লাভ কৰে।

ইয়াৰ উপৰি, মানসিকভাৱে অসুস্থ ব্যক্তিৰ প্ৰতি সমাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ আৰু নেতিবাচক মনোভাৱ দূৰ কৰাত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। মানসিক সমস্যাত ভোগা ব্যক্তিক চিনাক্ত কৰি তেওঁলোকৰ বাবে উপযুক্ত চিকিৎসা আৰু সহায়ৰ ব্যৱস্থা কৰাতো ই সহায় কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজনীয়তা তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(১) মানসিক সমস্যাসমূহ প্ৰতিৰোধ কৰাৰ উপায় আৰু কৌশল বিচাৰি উলিয়াবলৈ সহায় কৰে।

(২) মানসিকভাৱে সুস্থ ব্যক্তিৰ বৈশিষ্ট্য আৰু লক্ষণসমূহ জানিবলৈ সহায় কৰে।

(৩) মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰাত সহায় কৰে।

(৪) মানসিকভাৱে অসুস্থ ব্যক্তিক চিনাক্ত কৰি তেওঁলোকক উপযুক্ত চিকিৎসা আৰু সহায় প্ৰদান কৰাত সহায় কৰে।

(৫) ব্যক্তিক মানসিকভাৱে সুস্থ কৰি ৰাখি সুখী আৰু সুস্থ জীৱন-যাপন কৰাত সহায় কৰে।

১০। মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা কাৰ্য উল্লেখ কৰা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা কাৰ্য হ’ল—

(১) প্ৰতিৰোধমূলক কাৰ্যঃ

মানসিক ৰোগ, মানসিক বিকাৰ আৰু সমাযোজনৰ লগত জড়িত বিভিন্ন সমস্যাৰ প্ৰতিৰোধ কৰা মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম প্ৰধান কাৰ্য।

(২) প্ৰতিকাৰমূলক কাৰ্যঃ

মানসিক ৰোগ আৰু মানসিক বিকাৰৰ পৰা ব্যক্তিক মুক্ত কৰাৰ বাবে উপযুক্ত প্ৰতিকাৰ আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা মানসিক স্বাস্থ্যবিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্য।

(৩) সংৰক্ষণমূলক কাৰ্যঃ

ব্যক্তিৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰা আৰু সুস্থ মানসিক স্বাস্থ্য সংৰক্ষণৰ বাবে প্ৰয়োজনীয় উপায়, কৌশল আৰু পদ্ধতিৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

১১। এগৰাকী মানসিক স্বাস্থ্যবান লোকৰ যিকোনো তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা।

উত্তৰঃ- এগৰাকী মানসিক স্বাস্থ্যবান লোকৰ তিনিটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

(i) মানসিক স্বাস্থ্যবান ব্যক্তি সাধাৰণতে সুস্থ আৰু সবল ব্যক্তিত্বৰ অধিকাৰী হয়।

(ii) তেওঁ মানসিক ৰোগ আৰু মানসিক বিকাৰৰ পৰা মুক্ত হৈ থাকে।

(iii) তেওঁ আৱেগিকভাৱে স্থিৰ আৰু নিয়ন্ত্ৰিত স্বভাৱৰ হয়। কঠিন পৰিস্থিতিতো নিজৰ আৱেগ আৰু অনুভূতিসমূহ নিয়ন্ত্ৰণ কৰি চলিব পাৰে।

১২। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।

উত্তৰ:- বৰ্তমান সময়ত মানুহৰ জীৱন-যাপনৰ ধৰণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ কেৱল মানসিক অশান্তি বা মানসিক ৰোগৰ চিকিৎসাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ পৰিসৰ বিভিন্ন দিশলৈ বিস্তাৰিত হৈছে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত প্ৰধান বিষয়সমূহ হ’ল—

(১) ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ আৰু সবল কৰি ৰখাৰ বাবে নতুন নতুন উপায় আৰু কৌশল উদ্ভাৱন কৰা।

(২) বিভিন্ন মানসিক ৰোগ আৰু মানসিক সমস্যাৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা।

(৩) মানসিক স্বাস্থ্যবিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে গৱেষণা আৰু অধ্যয়ন কৰা।

মুঠতে, মানসিক স্বাস্থ্যৰ সংৰক্ষণ, মানসিক ৰোগৰ প্ৰতিৰোধ আৰু মানসিক সুস্থতাৰ উন্নতিৰ সৈতে জড়িত বিভিন্ন বিষয় মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

১৩। মানসিক স্বাস্থ্য বিধিৰ সম্পর্কত B. F. Skinner-এ কোন দুটা লক্ষাৰ কথ উল্লেখ কৰিছে?

উত্তৰ:- আমেৰিকাৰ বিশিষ্ট মনোবিজ্ঞানী B. F. Skinner-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যক দুটা দিশত ভাগ কৰিছে। সেই দুটা হ’ল—

(১) ধনাত্মক (Positive) দিশঃ

এই দিশত মানসিক ৰোগৰ কাৰণসমূহ অনুসন্ধান কৰা, মানসিক ৰোগ প্ৰতিৰোধ কৰা আৰু ব্যক্তিক স্বাভাৱিক তথা সুস্থ জীৱন-যাপনত সহায় কৰা আদি বিষয় অন্তৰ্ভুক্ত কৰা হয়।

(২) ঋণাত্মক (Negative) দিশঃ

এই দিশত মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ চিকিৎসা আৰু প্ৰতিকাৰৰ ব্যৱস্থা সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়।

মুঠতে, Skinner-ৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে এফালে মানসিক ৰোগ প্ৰতিৰোধ কৰা আৰু আনফালে মানসিক ৰোগীৰ চিকিৎসা আৰু প্ৰতিকাৰ কৰা।

১৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যক এ. জে. ৰজান ‘ফে কি ভাগত ভাগ কৰিছিল।

উত্তৰঃ- এ. জে. ৰজানফ (A. J. Rosnoff)-ৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য তিনিটা। সেইকেইটা হ’ল—

(i) ব্যক্তিৰ মাজত থকা সুপ্ত আৰু জন্মগত গুণ তথা ক্ষমতাসমূহৰ বিষয়ে জ্ঞান লাভ কৰা।

(ii) ব্যক্তিৰ জন্মগত গুণ আৰু শক্তিসমূহৰ সঠিক বিকাশ সাধন কৰি তেওঁক সামাজিক, শাৰীৰিক, শৈক্ষিক আৰু বৃত্তীয় ক্ষেত্ৰত সুস্থ সমাযোজন কৰাত সহায় কৰা।

(iii) বিভিন্ন মানসিক ৰোগ আৰু মানসিক সমস্যাৰ প্ৰতিৰোধ কৰা।

১৫। মানসিক স্বাস্থ্যবিজ্ঞান আৰু শিক্ষাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞান আৰু শিক্ষাৰ মাজত এক ঘনিষ্ঠ আৰু গভীৰ সম্বন্ধ আছে। শিক্ষা হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ নীতি আৰু ধাৰণাসমূহ মানুহৰ মাজত প্ৰচাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।

মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগ আৰু মানসিক স্বাস্থ্য সম্পৰ্কে সমাজত থকা ভুল ধাৰণা, কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰাৰ বাবে শিক্ষাৰ সহায় লয়। ঘৰ, বিদ্যালয়, ৰাজহুৱা স্থান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষা আৰু জনসংযোগৰ মাধ্যমেৰে মানসিক স্বাস্থ্যৰ নীতি-নিয়মসমূহ প্ৰচাৰ কৰিব পাৰি।

দীৰ্ঘদিন ধৰি সমাজত চলি অহা কিছুমান ভুল ধাৰণা, যেনে— মানসিক ৰোগ সদায় বংশগত বা মানসিক ৰোগৰ কোনো চিকিৎসা নাই—আদি শিক্ষাৰ জৰিয়তে দূৰ কৰিব পাৰি। ইয়াৰ উপৰি শিক্ষা মানুহক মানসিক স্বাস্থ্যৰ গুৰুত্ব বুজিবলৈ আৰু মানসিক সমস্যাৰ প্ৰতি সচেতন হ’বলৈ সহায় কৰে।

আনহাতে, শিক্ষাৰ জৰিয়তে ব্যক্তিৰ মানসিক বিকাৰ আৰু সমস্যাসমূহ চিনাক্ত কৰি সময়মতে উপযুক্ত চিকিৎসা আৰু সহায়ৰ ব্যৱস্থা গ্ৰহণ কৰাতো সহায় কৰিব পাৰি।

মুঠতে, মানসিক স্বাস্থ্যৰ সংৰক্ষণ, মানসিক ৰোগৰ প্ৰতিৰোধ, ভুল ধাৰণা দূৰ কৰা আৰু সুস্থ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত শিক্ষা আৰু মানসিক স্বাস্থ্যবিজ্ঞান পৰস্পৰৰ পৰিপূৰক। সেয়েহে দুয়োটাৰ মাজত এক অতি ঘনিষ্ঠ সম্বন্ধ আছে।

১৬। চমুটোকা লিখাঃ

(ক) মানসিক স্বাস্থ্য বিধি।

উত্তৰঃ- মানসিক স্বাস্থ্য বিধি হ’ল এনে কিছুমান নিয়ম-কানুন আৰু চৰ্তৰ সমষ্টি, যিবোৰ মানি চলিলে ব্যক্তিয়ে নিজৰ পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰে আৰু ব্যক্তিত্বৰ সুষম বিকাশ সাধন কৰিব পাৰে।

মানসিক স্বাস্থ্য বিধিয়ে ব্যক্তিক সংঘাত, অপসমাযোজন আৰু মানসিক অশান্তিৰ পৰা আঁতৰত ৰাখি সুস্থ, আনন্দময় আৰু কৰ্মক্ষম জীৱন-যাপনৰ বাবে প্ৰস্তুত কৰাত সহায় কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিয়ে নিজৰ পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পৰাকৈ সহায় কৰা।

মানসিক স্বাস্থ্য বিধিৰ অন্তৰ্গত বিষয়সমূহৰ ভিতৰত ব্যক্তিৰ বিভিন্ন বিকাশৰ স্তৰ, সেই স্তৰসমূহৰ বৈশিষ্ট্য আৰু সমস্যা, গৃহ-পৰিৱেশ, পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ সৈতে সম্পৰ্ক, ঘৰৰ আৱেগিক পৰিৱেশ, বিদ্যালয়ৰ পৰিৱেশ, প্ৰতিবেশীৰ সৈতে সম্পৰ্ক আৰু অৱসৰ-বিনোদনৰ পদ্ধতি আদি উল্লেখযোগ্য।

মুঠতে, মানসিক স্বাস্থ্য বিধি হৈছে এনে এক বিজ্ঞান, যাৰ সহায়ত ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ সঠিক বিকাশ সাধন কৰি পৰিৱেশৰ সৈতে সুস্থ আৰু সফল সমাযোজন কৰিবলৈ সক্ষম হয়।

(খ) মানসিক স্বাস্থ্যবিজ্ঞান।

উত্তৰ:- ব্যক্তিক মানসিকভাৱে সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাৰ বাবে যি বিজ্ঞানে বিভিন্ন নিয়ম, উপায় আৰু কৌশলৰ বিষয়ে অধ্যয়ন কৰে, তাকেই মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়।

মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায়ত পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰা আৰু উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিক স্বাস্থ্যৰ অন্যতম লক্ষণ। সেয়েহে মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বৰ সুস্থ, সামঞ্জস্যপূৰ্ণ আৰু স্বাভাৱিক কাৰ্যকলাপৰ প্ৰকাশ।

(গ) মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক লক্ষ্য।

উত্তৰ:- মানসিক স্বাস্থ্য সুস্থভাৱে সংৰক্ষণ কৰিবলৈ মানসিক ৰোগৰ সম্ভাৱনীয় কাৰকসমূহৰ পৰা আঁতৰি থাকি সুস্থ জীৱনশৈলী গঢ়ি তোলা প্ৰয়োজন। মানসিক বিসংগতি সৃষ্টি কৰিব পৰা কাৰণসমূহ প্ৰতিৰোধ কৰাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ বাবে উপযুক্ত অভ্যাস গঢ়ি তুলিব লাগে।

মানসিক স্বাস্থ্য সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত—

(১) দৈনন্দিন জীৱনৰ সমস্যা আৰু মানসিক চাপৰ মাজতো আৱেগিক ভাৰসাম্য আৰু স্থিৰতা বজাই ৰাখিবলৈ আনন্দদায়ক কাম, আধ্যাত্মিক চিন্তা, ব্যায়াম আৰু বিনোদনৰ দৰে সুস্থ অভ্যাস গঢ়ি তুলিব লাগে।

(২) প্ৰতিজন ব্যক্তিৰ মাজত জন্মগতভাৱে কিছুমান সম্ভাৱনা আৰু প্ৰতিভা থাকে। সেই সম্ভাৱনাসমূহ চিনাক্ত কৰি উপযুক্ত পৰিৱেশ আৰু সুযোগ প্ৰদান কৰি সেইবোৰৰ সঠিক বিকাশ সাধন কৰিব লাগে।

(৩) দেহ আৰু মনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়েহে মানসিক সুস্থতাৰ বাবে শাৰীৰিক সুস্থতাৰ প্ৰতিও গুৰুত্ব দিব লাগে। সুষম খাদ্য গ্ৰহণ, নিয়মিত ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰমে দেহ আৰু মন দুয়োটাকে সুস্থ কৰি ৰখাত সহায় কৰে।

মুঠতে, মানসিক স্বাস্থ্য সংৰক্ষণৰ মূল লক্ষ্য হৈছে ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখি সুস্থ, ভাৰসাম্যপূৰ্ণ আৰু সুখী জীৱন-যাপনত সহায় কৰা।

(ঘ) মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক লক্ষ্য।

উত্তৰঃ- ‘Prevention is better than cure’ অৰ্থাৎ আৰোগ্য কৰাতকৈ ৰোগ প্ৰতিৰোধ কৰাই অধিক ভাল। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাৰ পৰিৱৰ্তে আগতীয়াকৈ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাটো অধিক ফলপ্ৰসূ। ইয়াৰ বাবে ব্যক্তিৰ দেহ আৰু মনৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলা প্ৰয়োজন।

বিশেষকৈ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক ভুলৰ বাবে ৰাজহুৱা শাস্তি দিয়াৰ পৰা বিৰত থাকি, মৰম আৰু বুজাবুজিৰে সঠিক পথলৈ অনাৰ ব্যৱস্থা কৰিব লাগে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(১) ব্যক্তিগত আৰু সামাজিক জীৱনত দেখা দিয়া অপসমাযোজনৰ কাৰণসমূহ চিনাক্ত কৰি ব্যক্তিক সেই অসুস্থ পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিব লাগে।

(২) শিশু আৰু শিক্ষাৰ্থীসকলক সুস্থ সমাযোজন আৰু মানসিক স্বাস্থ্য বজাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। দৈনন্দিন জীৱনৰ বাধা-বিঘিনি দূৰ কৰি আৱেগিক আৰু সামাজিক সামঞ্জস্য লাভৰ বাবে তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰিব লাগে।

(৩) হতাশা, দুশ্চিন্তা, উদ্বিগ্নতা আৰু বিভিন্ন আৱেগিক সমস্যাই ব্যক্তিৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে ব্যক্তিক মানসিক সংঘাতৰ পৰা মুক্ত কৰি স্বাচ্ছন্দ্যপূৰ্ণ, সুস্থ আৰু আনন্দময় জীৱন-যাপনৰ উপায় প্ৰদান কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক লক্ষ্যৰ অন্যতম উদ্দেশ্য।

মুঠতে, মানসিক ৰোগ আৰু অপসমাযোজন সৃষ্টি হোৱাৰ আগতেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষিত ৰখাই মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক লক্ষ্য।

(ঙ) মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক লক্ষ্য।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক লক্ষ্য হৈছে মানসিক অসুস্থতা বা মানসিক বিসংগতিত ভোগা ব্যক্তিক চিনাক্ত কৰি উপযুক্ত চিকিৎসা, সহায় আৰু পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা। মানসিক স্বাস্থ্যৰ বিষয়ে সঠিক জ্ঞান আৰু প্ৰতিৰোধমূলক শিক্ষাৰ অভাৱত ব্যক্তিয়ে বিভিন্ন মানসিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে মানসিক বিসংগতি চিনাক্ত কৰি সময়মতে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

ইয়াৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি—

(১) মানসিক অসুস্থতাৰ সম্ভাৱনীয় কাৰণ আৰু পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰা।

(২) মানসিক বিসংগতি আৰু সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰয়োজনীয় চিকিৎসা, ব্যায়াম আৰু অন্যান্য উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

(৩) মানসিক সমস্যাত আক্ৰান্ত ব্যক্তিসকলৰ পুনঃসংস্থাপন আৰু সুস্থ সমাযোজনৰ বাবে যথাসম্ভৱ সহায় আগবঢ়োৱা।

মুঠতে, মানসিক অসুস্থতা চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা আৰু ব্যক্তিক পুনৰ সুস্থ আৰু স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাই মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক লক্ষ্য।

(চ) মানসিক স্বাস্থ্যবিজ্ঞানৰ সামঞ্জস্যমূলক কার্য।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে ব্যক্তিক ব্যক্তিগত আৰু সামাজিক জীৱনত সুস্থভাৱে সামঞ্জস্য বজাই ৰখাৰ কৌশল সম্পৰ্কে জ্ঞান প্ৰদান কৰা। জীৱনৰ বিভিন্ন বাধা-বিঘিনি আৰু সমস্যাৰ সৈতে সুস্থভাৱে মোকাবিলা কৰি কেনেদৰে সামঞ্জস্যপূৰ্ণ জীৱন-যাপন কৰিব পাৰি, সেই বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে।

ইয়াৰ প্ৰধান দিশসমূহ হ’ল—

(ক) সুখী আৰু সন্তুষ্ট জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় উপায় আৰু কৌশলৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(খ) ইতিবাচক মনোভাৱেৰে দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যা আৰু বাধা-বিঘিনিৰ সমাধান কৰাত সহায় কৰা।

(গ) সুস্থ আৰু সু-সামঞ্জস্যপূৰ্ণ জীৱনশৈলী গ্ৰহণৰ বাবে প্ৰয়োজনীয় কৌশল, জ্ঞান আৰু সজাগতা সৃষ্টি কৰা।

মুঠতে, ব্যক্তিক জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সৈতে সুস্থভাৱে খাপ খুৱাই লৈ সুখী, সামঞ্জস্যপূৰ্ণ আৰু মানসিকভাৱে সুস্থ জীৱন-যাপন কৰাত সহায় কৰাই মানসিক স্বাস্থ্যবিজ্ঞানৰ সামঞ্জস্যমূলক কাৰ্য।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। মানসিক স্বাস্থ্য বিজ্ঞান কি? বহলাই আলোচনা কৰা।

উত্তৰ:- ভূমিকা

মানসিক স্বাস্থ্যবিজ্ঞান হৈছে স্বাস্থ্যবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। ই ব্যক্তিৰ মানসিক স্বাস্থ্য, মানসিক সুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু পৰিৱেশৰ সৈতে সমাযোজনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বিষয়ে অধ্যয়ন কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ

মানসিক স্বাস্থ্যবিজ্ঞান বুলিলে এনে কিছুমান নীতি-নিয়ম, উপায় আৰু কৌশলৰ অধ্যয়নক বুজায়, যিবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰে, ব্যক্তিত্বৰ সুষম বিকাশ সাধন কৰিব পাৰে আৰু মানসিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।

সৰল অৰ্থত, মনক সুস্থ আৰু সবল কৰি ৰখাৰ নিয়ম-কানুনৰ বিজ্ঞানেই মানসিক স্বাস্থ্যবিজ্ঞান।

মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্যপূৰ্ণ আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশ সাধন কৰা আৰু তেওঁক সামাজিক জীৱনত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা। ই ব্যক্তিক নিজৰ আৱেগ, চিন্তা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি সুখী আৰু সুস্থ জীৱন-যাপন কৰাত সহায় কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব

মানসিক স্বাস্থ্যবিজ্ঞানৰ জৰিয়তে ব্যক্তিয়ে নিজৰ মানসিক সমস্যাসমূহ বুজি সেইবোৰৰ সমাধানৰ উপায় বিচাৰি উলিয়াব পাৰে। ই ব্যক্তিৰ বিচাৰশক্তি, বিবেচনাবোধ আৰু আৱেগিক ভাৰসাম্য উন্নত কৰাত সহায় কৰে। ফলত ব্যক্তিয়ে আনৰ সৈতে সুস্থ সম্পৰ্ক স্থাপন কৰি সমাজত স্বাভাৱিকভাৱে মিলি-জুলি থাকিব পাৰে।

ইয়াৰ উপৰি মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ আচৰণক মাৰ্জিত, কাৰ্যকৰী, আনন্দময় আৰু সমাজোপযোগী কৰি তোলাত সহায় কৰে। ব্যক্তিৰ মানসিক স্বাস্থ্যত কোনো সমস্যা দেখা দিলে সেই সমস্যাৰ কাৰণ চিনাক্ত কৰি প্ৰতিকাৰৰ পথো দেখুৱায়।

মানসিক স্বাস্থ্যবিজ্ঞানৰ অধ্যয়নৰ বিষয়

শাৰীৰিক স্বাস্থ্যবিজ্ঞানে যেনেদৰে শাৰীৰিক ৰোগৰ কাৰণ, প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে অধ্যয়ন কৰে, তেনেদৰে মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগৰ কাৰণ, প্ৰতিৰোধ, প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বিষয়ে পদ্ধতিগতভাৱে অধ্যয়ন কৰে।

ইয়াৰ লগতে মানসিক বিসংগতি, অপসমাযোজন, ব্যক্তিত্বৰ বিকাৰ, মানসিক চাপ আদি সমস্যাৰ বিষয়েও অধ্যয়ন কৰা হয়। ব্যক্তিৰ মানসিক আৰু বৌদ্ধিক বিকাশ কেনেদৰে সাধন কৰিব পাৰি, সেই বিষয়েও মানসিক স্বাস্থ্যবিজ্ঞানে জ্ঞান প্ৰদান কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ

মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক আৰু বিস্তৃত। ইয়াৰ অন্তৰ্গত বিষয়সমূহৰ ভিতৰত মানসিক ৰোগ প্ৰতিৰোধ, মানসিক ৰোগীৰ চিকিৎসা আৰু পুনঃসংস্থাপন, জনসাধাৰণৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টি, সুস্থ অৱসৰ-বিনোদনৰ ব্যৱস্থা, ব্যক্তিত্বৰ বিকাশ আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় গৱেষণা আদি উল্লেখযোগ্য।

উপসংহাৰ

সেয়েহে ক’ব পাৰি যে মানসিক স্বাস্থ্যবিজ্ঞান কেৱল মানসিক ৰোগৰ চিকিৎসাৰ বিষয় নহয়। ই ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, মানসিক ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ, ব্যক্তিত্বৰ সুষম বিকাশ আৰু পৰিৱেশৰ সৈতে সুস্থ সমাযোজনৰ বিষয়ে সামগ্ৰিকভাৱে অধ্যয়ন কৰে। এই কাৰণেই মানসিক স্বাস্থ্যবিজ্ঞান আধুনিক জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ আৰু ব্যাপক বিষয়।

২। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰ:- মনোবিজ্ঞানী আৰু শিক্ষাবিদসকলে মানসিক স্বাস্থ্য বিজ্ঞানৰ বিষয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে উল্লেখযোগ্য সংজ্ঞাসমূহ তলত দিয়া হ’ল—

১। কোভিলেৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান, যিয়ে মানসিক অসুস্থতা প্ৰতিৰোধ, শীঘ্ৰ চিকিৎসা আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে উপযুক্ত কাৰ্যপন্থা নিৰ্ধাৰণ কৰে।”

২। আমেৰিকান মনোৰোগ সংস্থাৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক ৰোগৰ কাৰণসমূহ প্ৰতিৰোধ কৰা, আগতীয়াকৈ যত্ন লোৱা আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অধ্যয়ন।”

৩। ডি. বি. ক্লেইন (D. B. Klein)ৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্য আৰু ব্যক্তিৰ কাৰ্যক্ষমতা সম্পৰ্কে জ্ঞান আৰু বোধগম্যতা প্ৰদান কৰা এক বিষয়।”

৪। এলেকৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান কোনো নিৰ্দিষ্ট নীতি বা সূত্ৰ নহয়; ই এক পদ্ধতি। ই মনোদৈহিক স্বাস্থ্যৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে স্বাস্থ্যৰ বিকাশ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।”

৫। কোলেছনিক (Kolesnik)ৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক অৱস্থা, যিয়ে ব্যক্তিক নিজৰ লগতে আন লোকৰ সৈতে শান্তিপূৰ্ণভাৱে বসবাস কৰিবলৈ সক্ষম কৰি তোলে।”

৬। ক্রো আৰু ক্ৰোৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান, যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ সকলো দিশ সামৰি লয়।”

৭। লিষ্টাৰ ক্রো আৰু এলিছ ক্রোৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে মানসিক ৰোগ প্ৰতিৰোধ কৰা, মানসিক স্বাস্থ্য সংৰক্ষণ কৰা আৰু মানসিক অসুস্থতাৰ চিকিৎসা প্ৰদান কৰা কাৰ্যক বুজায়।”

৮। জে. এ. হেডফিল্ড (J. A. Hadfield)ৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য পৰিচালনা কৰা আৰু মানসিক অসুস্থতা প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বিজ্ঞান।”

৯। ড্ৰেভাৰৰ মতে

“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ নীতিসমূহৰ অনুসন্ধান আৰু সেই স্বাস্থ্য সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বিজ্ঞান।”

১০। আৰ. পি. টানেজা (R. P. Taneja)ৰ মতে

“সন্তোষজনক ব্যক্তিত্বৰ সমাযোজন আৰু আপেক্ষিকভাৱে মানসিক বিকাৰৰ অনুপস্থিতি বজাই ৰখাই হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল উদ্দেশ্য।”

উপসংহাৰ

ওপৰৰ সংজ্ঞাসমূহৰ পৰা দেখা যায় যে, মানসিক স্বাস্থ্য বিজ্ঞান কেৱল মানসিক ৰোগৰ চিকিৎসাৰ বিষয় নহয়। ই মানসিক ৰোগ প্ৰতিৰোধ, মানসিক স্বাস্থ্য সংৰক্ষণ, ব্যক্তিত্বৰ বিকাশ, সুস্থ সমাযোজন আৰু ব্যক্তিৰ সামগ্ৰিক মানসিক কল্যাণৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিজ্ঞান।

৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ বৈশিষ্ট্যসমূহ কেনেধৰণৰ?

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ আৰু সংজ্ঞাসমূহ বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য লক্ষ্য কৰিব পাৰি। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) মানসিক ৰোগ চিনাক্তকৰণ আৰু প্ৰতিৰোধ

সুস্থ আৰু সবল সমাজ গঢ়ি তুলিবলৈ ব্যক্তিৰ মাজত দেখা দিয়া মানসিক ৰোগ আৰু মানসিক সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰ প্ৰতিৰোধ আৰু নিৰাময় কৰাত ই গুৰুত্ব দিয়ে।

(খ) বিজ্ঞানসন্মত অধ্যয়ন

ই বিভিন্ন মানসিক ৰোগ, সেইবোৰৰ কাৰণ আৰু সমাধানৰ উপায়সমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে।

(গ) সুস্থ সমাযোজনত সহায়

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে সুস্থভাৱে সমাযোজন কৰিবলৈ সহায় কৰে।

(ঘ) বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্ক

ইয়াৰ পৰিসৰৰ ভিতৰত শিক্ষা-মনোবিজ্ঞান, চিকিৎসা-মনোবিজ্ঞান, শিশু-মনোবিজ্ঞান, সমাজ-মনোবিজ্ঞান আদি বিভিন্ন বিষয় অন্তৰ্ভুক্ত।

(ঙ) মানসিক ৰোগৰ নিৰাময়

বিভিন্ন ধৰণৰ মানসিক ৰোগ আৰু মানসিক সমস্যাৰ চিকিৎসা তথা নিৰাময়ৰ ক্ষেত্ৰত ই সহায় কৰে।

(চ) সামাজিক সমাযোজন

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক সমাজৰ আন লোকসকলৰ সৈতে সহজে মিলি-জুলি শান্তিপূৰ্ণ আৰু সুস্থ সামাজিক জীৱন যাপন কৰিবলৈ সহায় কৰে।

(ছ) আৱেগিক জীৱনৰ সংৰক্ষণ

ই ব্যক্তিৰ আৱেগ-অনুভূতিৰ সুস্থ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(জ) মানসিক প্ৰক্ৰিয়াৰ সুস্থ পৰিচালনা

ই ব্যক্তিৰ মনৰ বিভিন্ন জটিল প্ৰক্ৰিয়াক সুস্থ আৰু বাঞ্ছিত দিশত পৰিচালিত কৰাত সহায় কৰে আৰু ব্যক্তিগত সমস্যাসমূহ সমাধানৰ পথ দেখুৱায়।

(ঝ) মানসিক সুস্থতা বৃদ্ধি

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মনক সুস্থ, শান্ত আৰু সুন্দৰ কৰি তোলাত সহায় কৰে।

(ঞ) শাৰীৰিক স্বাস্থ্যৰ সৈতে সম্পৰ্ক

মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। শাৰীৰিক সুস্বাস্থ্যৰ ওপৰত মানসিক স্বাস্থ্যও বহু পৰিমাণে নিৰ্ভৰশীল।

(ট) পৰিৱেশৰ প্ৰভাৱৰ অধ্যয়ন

ই ব্যক্তিৰ পৰিৱেশ, পৰিস্থিতি, সেই পৰিস্থিতিৰ প্ৰতি ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু তাৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।

(ঠ) অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰ

মানসিক স্বাস্থ্যবিজ্ঞান আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহে উচ্চস্তৰীয় অধ্যয়ন আৰু গৱেষণাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ সৃষ্টি কৰিছে।

(ড) স্বতন্ত্ৰ অধ্যয়নৰ বিষয়

মানসিক স্বাস্থ্যবিজ্ঞান নীতিশাস্ত্ৰ বা নৈতিক বিজ্ঞানৰ পৰা পৃথক এক স্বতন্ত্ৰ আৰু বিশেষ অধ্যয়নৰ বিষয়।

(ঢ) ব্যক্তি আৰু সমাজৰ কল্যাণ

ই ব্যক্তি আৰু সমাজ উভয়ৰে মানসিক স্বাস্থ্য, সুস্থতা আৰু মানসিক সমতা বজাই ৰখাত সহায় কৰে।

(ণ) গতিশীল ধাৰণা

মানসিক স্বাস্থ্যবিজ্ঞান এক গতিশীল ধাৰণা। সময়, সমাজ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে মানসিক স্বাস্থ্যৰ ধাৰণা আৰু ইয়াৰ পদ্ধতিসমূহো পৰিৱৰ্তিত হৈ থাকে।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতি, সংৰক্ষণ আৰু মানসিক অসুস্থতা প্ৰতিৰোধ তথা নিৰাময়ৰ সৈতে জড়িত এক বিজ্ঞান। ই ব্যক্তিৰ মনৰ জটিল প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাৰ লগতে সুস্থ সমাযোজন, আৱেগিক স্থিৰতা, সামাজিক সম্পৰ্ক আৰু ব্যক্তিত্বৰ সুস্থ বিকাশত সহায় কৰে।

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ বিভিন্ন সংজ্ঞা আৰু বিষয়বস্তু বিশ্লেষণ কৰিলে ইয়াৰ প্ৰকৃতি সম্পৰ্কে তলত উল্লেখ কৰা কথাসমূহ জানিব পাৰি—

(১) মানসিক স্বাস্থ্যৰ বিভিন্ন দিশৰ অধ্যয়ন

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন দিশ আৰু সমস্যাসমূহৰ বিষয়ে আলোচনা আৰু অধ্যয়ন কৰে।

(২) মানসিক স্বাস্থ্য সংৰক্ষণ

ই মানসিক স্বাস্থ্য ৰক্ষাৰ নীতি আৰু পদ্ধতিসমূহৰ অনুসন্ধান কৰে আৰু মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে।

(৩) জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায়

ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ আৰু সুৰক্ষিত কৰি জীৱনৰ আকাংক্ষিত লক্ষ্যসমূহ সন্তোষজনকভাৱে লাভ কৰাত সহায় কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম উদ্দেশ্য।

(৪) মানৱ কল্যাণৰ সৈতে জড়িত

মানসিক স্বাস্থ্যবিজ্ঞান মানৱ কল্যাণৰ সৈতে গভীৰভাৱে জড়িত। ই মানুহৰ মাজৰ সম্পৰ্ক উন্নত কৰি সমাজত শান্তি আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

(৫) সুসামঞ্জস্যপূর্ণ ব্যক্তিত্বৰ বিকাশ

ই ব্যক্তিৰ সামগ্ৰিক, ভাৰসাম্যযুক্ত আৰু সুসামঞ্জস্যপূর্ণ ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।

(৬) আৱেগিক আৰু বৌদ্ধিক দিশ

মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ আৱেগিক আৰু বৌদ্ধিক বিকাশৰ সৈতে জড়িত। আৱেগ নিয়ন্ত্ৰণ আৰু চিন্তা-শক্তিৰ সুস্থ বিকাশত ই সহায় কৰে।

(৭) ব্যক্তিগত আৰু সামাজিক সমাযোজন

মানসিক ৰোগৰ পৰা মুক্ত ব্যক্তিক ব্যক্তিগত আৰু সামাজিক জীৱনত সুস্থভাৱে সমাযোজন কৰি চলিবলৈ সহায় কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ দিশ।

(৮) ব্যক্তিৰ সম্ভাৱনীয়তাৰ বিকাশ

ই ব্যক্তিক নিজৰ অন্তৰ্নিহিত ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহ চিনাক্ত কৰিবলৈ আৰু সেইবোৰৰ সঠিক ব্যৱহাৰৰ জৰিয়তে জীৱনৰ লক্ষ্যত আগবাঢ়িবলৈ সহায় কৰে।

(৯) সামাজিক দিশৰ সৈতে সম্পৰ্ক

মানসিক স্বাস্থ্যবিজ্ঞান কেৱল ব্যক্তিৰ মানসিক অৱস্থাৰ সৈতে জড়িত নহয়; ই ব্যক্তিৰ সামাজিক পৰিৱেশ, সামাজিক সম্পৰ্ক আৰু সামাজিক জীৱনৰ সৈতেও সম্পৰ্কিত।

(১০) মানসিক স্বাস্থ্য সম্পৰ্কীয় জ্ঞান প্ৰদান

মানসিক স্বাস্থ্য ৰক্ষাৰ উপায়, মানসিক ৰোগ আৰু মানসিক বিসংগতিৰ কাৰণ, প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্য সংৰক্ষণৰ পদ্ধতিসমূহৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে জ্ঞান প্ৰদান কৰে।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰকৃতি বহুমুখী। ই মানসিক স্বাস্থ্যৰ সংৰক্ষণ, মানসিক ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ, ব্যক্তিত্বৰ বিকাশ, আৱেগিক আৰু বৌদ্ধিক সুস্থতা তথা ব্যক্তিৰ সামাজিক সমাযোজনৰ ওপৰত গুৰুত্ব দিয়ে।

৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ কি কি চমুকৈ লিখা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞান কেৱল মানসিক ৰোগ প্ৰতিৰোধ বা চিকিৎসাৰ মাজতে সীমাবদ্ধ নহয়। ই ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, উন্নতি আৰু সুস্থ সমাযোজনৰ ওপৰতো গুৰুত্ব দিয়ে। সেয়েহে মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহক মূলতঃ সংৰক্ষণমূলক, প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক—এই তিনিটা ভাগত আলোচনা কৰিব পাৰি।

১। সংৰক্ষণমূলক লক্ষ্য

মানসিক ৰোগ, মানসিক বিকাৰ আৰু অপসমাযোজন সৃষ্টি কৰিব পৰা বিভিন্ন পৰিস্থিতিৰ পৰা ব্যক্তিক সুৰক্ষিত ৰখাই সংৰক্ষণমূলক লক্ষ্যৰ মূল উদ্দেশ্য। ইয়াৰ অন্তৰ্গত লক্ষ্যসমূহ হ’ল—

(ক) অপসমাযোজনৰ বিভিন্ন ব্যক্তিগত আৰু সামাজিক কাৰণ চিনাক্ত কৰা।

(খ) প্ৰয়োজন, প্ৰেৰণা, অভিপ্ৰায়, সংঘাত, শংকা, অবদমন আৰু উত্তেজনাৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(গ) আৱেগিক আৰু সামাজিক সমাযোজন লাভৰ বাবে উপযুক্ত উপায় আৰু ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা।

(ঘ) উত্তেজনা, শংকা, আৱেগিক অস্থিৰতা, আভ্যন্তৰীণ সংঘাত আৰু হতাশাৰ পৰা ব্যক্তিক মুক্ত হোৱাত সহায় কৰা।

২। প্ৰতিৰোধমূলক লক্ষ্য

মানসিক ৰোগ আৰু মানসিক সমস্যাৰ সৃষ্টি নোহোৱাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা আৰু ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাই প্ৰতিৰোধমূলক লক্ষ্যৰ মূল উদ্দেশ্য। ইয়াৰ অন্তৰ্গত লক্ষ্যসমূহ হ’ল—

(ক) ব্যক্তিৰ অন্তৰ্নিহিত আৰু সম্পূৰ্ণ সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰা।

(খ) আৱেগিক পৰিপক্বতা আৰু মানসিক স্থিৰতা লাভ কৰাত সহায় কৰা।

(গ) ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা তথা সুস্থ জীৱন-যাপনৰ পৰিৱেশ সৃষ্টি কৰা।

(ঘ) সুস্থ মানৱীয় সম্পৰ্ক আৰু দলীয় আন্তঃক্ৰিয়াৰ বিকাশ সাধন কৰা।

(ঙ) সুস্থ দেহ আৰু সুস্থ মানসিক স্বাস্থ্য লাভৰ বাবে ব্যক্তিক সহায় কৰা।

৩। প্ৰতিকাৰমূলক লক্ষ্য

মানসিকভাৱে অসুস্থ, অস্থিৰ বা অপসমাযোজিত ব্যক্তিৰ চিকিৎসা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাই প্ৰতিকাৰমূলক লক্ষ্যৰ মূল উদ্দেশ্য। ইয়াৰ অন্তৰ্গত লক্ষ্যসমূহ হ’ল—

(ক) বিভিন্ন মানসিক ৰোগ, মানসিক বিকাৰ আৰু মানসিক সমস্যাৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা।

(খ) বিভিন্ন মানসিক ৰোগ আৰু বিকাৰৰ বাবে উপযুক্ত চিকিৎসা আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়োৱা।

(গ) অপসমাযোজিত, মানসিকভাৱে অস্থিৰ আৰু মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ পুনৰ সংস্থাপন আৰু পুনৰ সমাযোজনৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

মানসিক স্বাস্থ্যবিজ্ঞানৰ চূড়ান্ত লক্ষ্য

ওপৰৰ সকলো লক্ষ্যৰ মূল উদ্দেশ্য হৈছে ব্যক্তিক সুস্থ, সুখী, সমাযোজিত আৰু উন্নত জীৱন যাপন কৰিবলৈ সক্ষম কৰি তোলা। মানসিক স্বাস্থ্যৰ উন্নতি সাধন নিজেই শেষ লক্ষ্য নহয়; ই ব্যক্তিৰ সামগ্ৰিক বিকাশ আৰু কল্যাণ লাভৰ এক মাধ্যম।

**শ্বেফাৰ (Shaffer) আৰু শোবেন (Shoben)**ৰ মতে, মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে প্ৰতিজন ব্যক্তিক সম্পূৰ্ণ, সুখী আৰু অধিক উপযুক্ত জীৱন যাপন তথা নিজৰ সৰ্বোচ্চ বিকাশ সাধনত সহায় কৰা।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্য সংৰক্ষণ কৰা, মানসিক ৰোগ প্ৰতিৰোধ কৰা, অসুস্থ ব্যক্তিৰ চিকিৎসা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আৰু ব্যক্তিৰ সামগ্ৰিক ব্যক্তিত্বৰ সুস্থ বিকাশ সাধন কৰা।

৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যাবলী সম্পর্কে চমুকৈ লিখা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল উদ্দেশ্য হৈছে ব্যক্তিক নিজৰ পৰিৱেশ সঠিকভাৱে বুজিবলৈ আৰু সেই পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰি চলিবলৈ সহায় কৰা। ই ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ, মানসিক প্ৰক্ৰিয়াসমূহ সুস্থ আৰু বাঞ্ছিত দিশত পৰিচালনা আৰু বিভিন্ন মানসিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল—

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য

(ক) মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যা চিনাক্ত, বুজি আৰু সেইবোৰৰ বিষয়ে সঠিক জ্ঞান লাভ কৰাত সহায় কৰা।

(খ) সুস্থ মানসিক স্বাস্থ্য বজাই ৰখাৰ বাবে প্ৰয়োজনীয় নীতি, পদ্ধতি আৰু অনুশীলনসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(গ) মানসিক অসুস্থতাৰ বিভিন্ন কাৰণ আৰু সেইবোৰৰ চিকিৎসা তথা প্ৰতিকাৰৰ পদ্ধতিৰ বিষয়ে জানিবলৈ আৰু বুজিবলৈ সহায় কৰা।

(ঘ) ব্যক্তিক সামাজিক পৰিৱেশৰ সৈতে সুস্থ আৰু সন্তোষজনকভাৱে সমাযোজন কৰি চলিবলৈ সহায় কৰা।

(ঙ) ভাৰসাম্যপূৰ্ণ আৱেগিক জীৱন আৰু মানসিক সুস্থতাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাত সহায় কৰা।

(চ) সুস্থ, ভাৰসাম্যপূৰ্ণ আৰু উন্নত মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় কলা-কৌশল আৰু পদ্ধতিৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

বি. এফ. স্কীনাৰৰ মতে উদ্দেশ্য

আমেৰিকাৰ বিশিষ্ট মনোবিজ্ঞানী বি. এফ. স্কীনাৰ (B. F. Skinner)-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যক দুটা ভাগত বিভক্ত কৰিছে—

(১) ধনাত্মক উদ্দেশ্য (Positive):

ই বিভিন্ন মানসিক ৰোগৰ কাৰণ অনুসন্ধান কৰা আৰু মানসিক ৰোগ প্ৰতিৰোধৰ উপায় বিচৰাত গুৰুত্ব দিয়ে।

(২) ঋণাত্মক উদ্দেশ্য (Negative):

ই মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ চিকিৎসা আৰু প্ৰতিকাৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে।

এ. জে. ৰজান’ফৰ মতে উদ্দেশ্য

এ. জে. ৰজান’ফ (A. J. Rosnoff)-ৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য তিনিটা—

(i) ব্যক্তিৰ সুপ্ত আৰু জন্মগত গুণ তথা ক্ষমতাসমূহৰ বিষয়ে তথ্য লাভ কৰা।

(ii) ব্যক্তিৰ জন্মগত গুণ আৰু শক্তিসমূহৰ সঠিক ব্যৱহাৰৰ জৰিয়তে তেওঁৰ সামাজিক, শাৰীৰিক, শৈক্ষিক আৰু বৃত্তীয় সমাযোজনত সহায় কৰা।

(iii) বিভিন্ন মানসিক ৰোগ আৰু মানসিক সমস্যাৰ প্ৰতিৰোধ কৰা।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেৱল মানসিক ৰোগৰ চিকিৎসাতে সীমাবদ্ধ নহয়। ই ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, মানসিক ৰোগ প্ৰতিৰোধ, সুস্থ ব্যক্তিত্বৰ বিকাশ, আৱেগিক ভাৰসাম্য আৰু সামাজিক সমাযোজন সাধনৰ জৰিয়তে ব্যক্তিক সুস্থ, সুখী আৰু সফল জীৱন যাপন কৰিবলৈ সহায় কৰে।

৭। মানসিক স্বাস্থ্য বিধিৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ- মনোবিজ্ঞানী আৰু মানসিক ৰোগ বিশেষজ্ঞসকলে বিভিন্ন অধ্যয়ন আৰু পৰীক্ষাৰ ভিত্তিত মানসিক স্বাস্থ্যবিধিৰ তিনিটা গুৰুত্বপূৰ্ণ লক্ষ্য বা দিশ নিৰ্ধাৰণ কৰিছে। সেইকেইটা হ’ল—

  1. সংৰক্ষণমূলক (Preservative)
  2. প্ৰতিৰোধমূলক (Preventive)
  3. প্ৰতিকাৰমূলক (Curative)
(১) সংৰক্ষণমূলক লক্ষ্য

সংৰক্ষণমূলক ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ স্বাভাৱিক মানসিক অৱস্থা আৰু পৰিৱেশৰ সৈতে সমাযোজনৰ ক্ষমতাক বাহ্যিক আৰু অবাঞ্ছিত প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰখা। বিশেষকৈ শিশুৰ স্বাভাৱিক মানসিক বিকাশ যাতে প্ৰতিকূল পৰিৱেশৰ বাবে ব্যাহত নহয়, তাৰ প্ৰতি এই ব্যৱস্থাই গুৰুত্ব দিয়ে।

মানসিক ৰোগ, অপসমাযোজন আৰু মানসিক বিকাৰ সৃষ্টি কৰিব পৰা বিভিন্ন অৱস্থা আৰু পৰিস্থিতিৰ পৰা ব্যক্তিক সুৰক্ষিত ৰখাই সংৰক্ষণমূলক লক্ষ্যৰ মূল উদ্দেশ্য।

ইয়াৰ অন্তৰ্গত লক্ষ্যসমূহ হ’ল—

(ক) অপসমাযোজনৰ বিভিন্ন ব্যক্তিগত আৰু সামাজিক কাৰণসমূহ চিনাক্ত কৰা।

(খ) প্ৰয়োজন, প্ৰেৰণা, অভিপ্ৰায়, সংঘাত, শংকা, অৱদমন আৰু উত্তেজনাৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(গ) আৱেগিক আৰু সামাজিক সমাযোজন লাভৰ বিভিন্ন উপায় আৰু ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা।

(ঘ) ব্যক্তিক উত্তেজনা, শংকা আৰু আৱেগিক অস্থিৰতাৰ পৰা মুক্ত কৰাত সহায় কৰা আৰু আভ্যন্তৰীণ সংঘাত তথা হতাশা দূৰ কৰাৰ উপায় দেখুওৱা।

(২) প্ৰতিৰোধমূলক লক্ষ্য

প্ৰতিৰোধমূলক ব্যৱস্থাই ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ আৰু স্বাভাৱিক কৰি ৰখাৰ লগতে মানসিক সমস্যা আৰু অপসমাযোজন সৃষ্টি হোৱাৰ আগতেই সেইবোৰ প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

বিশেষকৈ শিশুৰ আচৰণ বা মানসিক স্বাস্থ্যৰ অৱনতিৰ লক্ষণ দেখা দিলে তাৰ মূল কাৰণ চিনাক্ত কৰি শিশুৰ মানসিক চাহিদা, সমস্যা আৰু ব্যক্তিগত বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ ফলত শিশুক গুৰুতৰ মানসিক সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

প্ৰতিৰোধমূলক লক্ষ্যসমূহ হ’ল—

(ক) ব্যক্তিৰ সম্পূৰ্ণ সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰা।

(খ) আৱেগিক পৰিপক্বতা আৰু মানসিক স্থিৰতা লাভ কৰাত সহায় কৰা।

(গ) ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা তথা সুস্থ জীৱন-যাপনৰ পৰিৱেশ সৃষ্টি কৰা।

(ঘ) সুস্থ মানৱীয় সম্পৰ্ক আৰু দলীয় আন্তঃক্ৰিয়াৰ বিকাশ সাধন কৰা।

(ঙ) সুস্থ দেহ আৰু সুস্থ মানসিক স্বাস্থ্য লাভৰ বাবে ব্যক্তিক সহায় কৰা।

(৩) প্ৰতিকাৰমূলক লক্ষ্য

প্ৰতিকাৰমূলক ব্যৱস্থাই মানসিক অসুস্থতা, মানসিক বিকাৰ আৰু অপসমাযোজনৰ সৃষ্টি হোৱাৰ পিছত সেইবোৰৰ চিকিৎসা আৰু নিৰাময়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক বুজায়।

ঘৰ আৰু বিদ্যালয়ত পিতৃ-মাতৃ তথা শিক্ষকসকলে শিশুৰ মানসিক সমস্যাসমূহ সময়মতে চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সাধাৰণ ব্যৱস্থাৰে সমস্যাৰ সমাধান নহ’লে বিশেষজ্ঞৰ পৰামৰ্শ লৈ মানসিক চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। পিতৃ-মাতৃ আৰু শিক্ষকৰ অজ্ঞতা বা উদাসীনতাৰ ফলত শিশুৰ মানসিক সমস্যা অধিক জটিল হৈ পৰিব পাৰে। সেয়েহে সময়মতে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

প্ৰতিকাৰমূলক লক্ষ্যসমূহ হ’ল—

(ক) বিভিন্ন মানসিক ৰোগ, মানসিক বিকাৰ আৰু মানসিক সমস্যাৰ প্ৰকাৰৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা।

(খ) বিশেষ মানসিক ৰোগ আৰু বিকাৰৰ প্ৰতিকাৰ তথা চিকিৎসাৰ বাবে উপযুক্ত চিকিৎসা-পদ্ধতিৰ পৰামৰ্শ আগবঢ়োৱা।

(গ) অপসমাযোজিত, মানসিকভাৱে অস্থিৰ আৰু মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ পুনৰ সংস্থাপন আৰু পুনৰ সমাযোজনৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিধিৰ সংৰক্ষণমূলক, প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক—এই তিনিটা লক্ষ্যৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ আৰু সুৰক্ষিত কৰি ৰখা। ইয়াৰ জৰিয়তে মানসিক ৰোগ প্ৰতিৰোধ, মানসিক সমস্যাৰ চিকিৎসা আৰু ব্যক্তিৰ সুস্থ সমাযোজন তথা সামগ্ৰিক বিকাশ সাধন কৰা হয়।

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ নীতিবোৰ বহলাই আলোচনা কৰা।

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ কৰা, মানসিক সমস্যাৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কৰা তথা ব্যক্তিক বিভিন্ন পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিবলৈ সক্ষম কৰি তোলা। এই উদ্দেশ্যসমূহ পূৰণৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে কিছুমান গুৰুত্বপূৰ্ণ নীতি অনুসৰণ কৰে। সেই নীতিসমূহ তলত আলোচনা কৰা হ’ল—

(ক) মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতি

এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন ব্যক্তিগত আৰু সামাজিক কাৰণৰ বিষয়ে জ্ঞান প্ৰদান কৰে। প্ৰয়োজন, আকাংক্ষা, প্ৰেৰণা, সংশয়, অভিপ্ৰায়, ক্লান্তি, হতাশা আদি মানসিক অৱস্থাৰ ফলত ব্যক্তিৰ মাজত বিভিন্ন সমস্যা সৃষ্টি হ’ব পাৰে।

মানসিক স্বাস্থ্যবিজ্ঞানে এনে সমস্যাসমূহ সমাধানৰ বাবে উপযুক্ত পৰামৰ্শ আৰু প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। আভ্যন্তৰীণ সংঘাত, হতাশা, ব্যৰ্থতা, নীচাত্মিকতা, ভয় আৰু আৱেগিক অস্থিৰতা আদি সমস্যাৰ পৰা ব্যক্তিক মুক্ত কৰি সুস্থ আৱেগিক আৰু সামাজিক সমাযোজনত সহায় কৰাই এই নীতিৰ মূল উদ্দেশ্য।

(খ) নিজৰ সৈতে সমাযোজনৰ নীতি

মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত ব্যক্তিয়ে নিজৰ সত্তা, ক্ষমতা, সীমাবদ্ধতা আৰু আৱেগ-অনুভূতিৰ বিষয়ে ভালদৰে জানিব পাৰে। নিজৰ সৈতে সুস্থ সমাযোজনৰ বাবে ব্যক্তিত্বৰ ভাৰসাম্যপূৰ্ণ বিকাশ, আত্মনিয়ন্ত্ৰণ, আত্ম-আকাংক্ষা আৰু আত্ম-বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়।

নিজৰ ক্ষমতা আৰু সীমাবদ্ধতাক স্বীকাৰ কৰি বাস্তৱ পৰিস্থিতিৰ সৈতে মিলি চলিব পাৰিলেই ব্যক্তিয়ে সুস্থ মানসিক অৱস্থা বজাই ৰাখিব পাৰে।

(গ) সমাজত সমাযোজনৰ নীতি

মানুহ স্বভাৱতে এক সামাজিক প্ৰাণী। সেয়েহে ব্যক্তিৰ সুস্থ ব্যক্তিত্বৰ বিকাশৰ বাবে সমাজৰ সৈতে সুসম্পৰ্ক আৰু উপযুক্ত সামাজিক আন্তঃক্ৰিয়া অতি প্ৰয়োজনীয়।

শিশু আৰু কিশোৰ-কিশোৰীৰ সুস্থ সামাজিক বিকাশৰ বাবে পিতৃ-মাতৃ, শিক্ষক আৰু সমাজে একেলগে সহায়ক আৰু সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকে সমাজৰ নীতি-নিয়ম মানি চলি আনৰ সৈতে সুস্থভাৱে মিলি-জুলি থাকিবলৈ শিকে।

(ঘ) গৃহত সমাযোজনৰ নীতি

শিশুৰ মানসিক বিকাশৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ হৈছে ঘৰ। শিশুৱে গৃহৰ পৰিৱেশৰ পৰাই বিভিন্ন আচৰণ আৰু অভ্যাস শিকে, যিবোৰ পিছলৈ তেওঁৰ ব্যক্তিত্বৰ অংশ হৈ পৰে।

সেয়েহে পিতৃ-মাতৃয়ে শিশুৰ বাবে মৰম, নিৰাপত্তা, আত্ম-মৰ্যাদা, অনুশাসন আৰু দায়িত্ববোধেৰে পৰিপূৰ্ণ সুস্থ পাৰিবাৰিক পৰিৱেশ সৃষ্টি কৰিব লাগে। শিশুৰ প্ৰয়োজনসমূহ সঠিকভাৱে পূৰণ কৰাৰ লগতে আকাংক্ষিত আচৰণ আৰু সু-অভ্যাস গঢ়ি তোলাত সহায় কৰিব লাগে।

(ঙ) কৰ্মত সমাযোজনৰ নীতি

কৰ্ম বা কামৰ সৈতে সুস্থ সমাযোজন মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ লক্ষণ। ফ্ৰয়ড (Freud)-ৰ মতে, ব্যক্তিয়ে যদি সফলভাৱে নিজৰ কাম সম্পাদন কৰিব পাৰে, তেন্তে তেওঁ মানসিকভাৱে সুস্থ বুলি ধৰা হয়।

সেয়েহে বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ মাজত কৰ্মৰ প্ৰতি আগ্ৰহ, দায়িত্ববোধ, অধ্যৱসায় আৰু কৰ্মসংস্কৃতি গঢ়ি তোলাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা উচিত।

(চ) আত্ম-সন্মানৰ নীতি

নিজৰ প্ৰতি সন্মান আৰু আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো সুস্থ মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ দিশ। আত্ম-সন্মানৰ অভাৱত ব্যক্তিৰ মাজত হীনমন্যতা আৰু আৱেগিক অস্থিৰতা সৃষ্টি হ’ব পাৰে।

সেয়েহে ব্যক্তিয়ে প্ৰথমে নিজৰ যোগ্যতা আৰু মৰ্যাদাক সন্মান কৰিবলৈ শিকিব লাগে। ইয়াৰ ফলত আন লোকৰ প্ৰতি সন্মান, সহানুভূতি আৰু ইতিবাচক মনোভাৱো গঢ়ি উঠে।

(ছ) মানসিক জীৱন সংৰক্ষণৰ নীতি

এই নীতিৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ মানসিক জীৱন সুস্থ আৰু ভাৰসাম্যপূৰ্ণভাৱে সংৰক্ষণ কৰা। ইয়াৰ অন্তৰ্গত ব্যক্তিৰ সামগ্ৰিক বিকাশ, আৱেগিক পৰিপক্বতা, আৱেগিক স্থিৰতা, সুস্থ দেহ-মন, ব্যক্তিগত নিৰাপত্তা আৰু সামাজিক নিৰাপত্তা আদি দিশসমূহ অন্তৰ্ভুক্ত।

(জ) বিদ্যালয়ত সমাযোজনৰ নীতি

বিদ্যালয় হৈছে শিশুৰ মানসিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ এক গুৰুত্বপূৰ্ণ স্থান। সেয়েহে বিদ্যালয়ৰ পৰিৱেশ এনে হোৱা উচিত যাতে শিক্ষাৰ্থীসকলে সহজে সমাযোজন কৰিব পাৰে আৰু নিজৰ মানসিক স্বাস্থ্য সুস্থভাৱে সংৰক্ষণ আৰু বিকাশ কৰিব পাৰে।

শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য, আগ্ৰহ, অভিৰুচি আৰু মানসিক চাহিদাৰ প্ৰতি গুৰুত্ব দি সহায়ক শিক্ষণ-পৰিৱেশ সৃষ্টি কৰিব লাগে।

উপসংহাৰ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞানৰ নীতিসমূহ ব্যক্তিৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ সৈতে জড়িত। নিজৰ সৈতে, গৃহত, বিদ্যালয়ত, কৰ্মক্ষেত্ৰত আৰু সমাজত সুস্থভাৱে সমাযোজন কৰিবলৈ এই নীতিসমূহে ব্যক্তিক সহায় কৰে। বৰ্তমান সমাজৰ জটিল পৰিস্থিতিৰ সৈতে খাপ খুৱাই সুস্থ আৰু ভাৰসাম্যপূৰ্ণ জীৱন যাপন কৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects