HS 2nd Year Economics Solutions 2026 | Chapter 1 |সূচনা | Class 12 Economics Assamese Medium Question Bank

সূচনা

(1) ব্যষ্টিবাদী অর্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য কি?

উত্তৰঃ ব্যষ্টিবাদী অর্থবিজ্ঞানত ব্যক্তিগত একক যেনে গ্ৰাহক, সংস্থা আদিৰ আচৰণ অধ্যয়ন কৰা হয়। ইয়াত মূল্য নিৰ্ধাৰণ, চাহিদা আৰু যোগানৰ ওপৰত গুৰুত্ব দিয়া হয়।

আনহাতে, সমষ্টিবাদী অৰ্থবিজ্ঞানত সমগ্ৰ অৰ্থনীতিৰ সামগ্ৰিক দিশসমূহ অধ্যয়ন কৰা হয়। ইয়াত জাতীয় আয়, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।

(2) পুঁজিবাদী অর্থনীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ পুঁজিবাদী অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— ব্যক্তিগত সম্পত্তিৰ অধিকাৰ থাকে, উৎপাদনৰ উপকৰণসমূহ ব্যক্তিগত মালিকানাত থাকে, লাভ অৰ্জন কৰা মূল উদ্দেশ্য হয়, বজাৰ ব্যৱস্থা মুক্ত থাকে আৰু প্ৰতিযোগিতা বিদ্যমান থাকে। লগতে গ্ৰাহকৰ স্বাধীনতা থাকে আৰু চৰকাৰৰ হস্তক্ষেপ অতি কম হয়।

(3) সমষ্টিবাদী অর্থনীতিৰ দৃষ্টিৰে এখন অৰ্থনীতিৰ প্ৰধান চাৰিটা খণ্ডৰ বৰ্ণনা কৰা।

উত্তৰঃ সমষ্টিবাদী অৰ্থনীতি অনুসাৰে এখন অৰ্থনীতিৰ চাৰিটা মুখ্য খণ্ড থাকে। গৃহস্থালী খণ্ডত মানুহে কাম কৰি আয় উপাৰ্জন কৰে আৰু সেই আয় ব্যৱহাৰ কৰে। উদ্যোগ খণ্ডত পণ্য আৰু সেৱা উৎপাদন কৰা হয়। চৰকাৰী খণ্ডে কৰ সংগ্ৰহ কৰে আৰু জনসেৱা প্ৰদান কৰে। বিদেশী খণ্ডে আমদানি আৰু ৰপ্তানিৰ কাম কৰে, অৰ্থাৎ আন দেশৰ সৈতে বাণিজ্য সম্পৰ্ক বজাই ৰাখে।

(4) 1929 ৰ মহামন্দাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ Great Depression আছিল বিশ্বৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংকট। এইটো 1929 চনত আৰম্ভ হৈছিল আৰু প্ৰথমে আমেৰিকাৰ ষ্টক বজাৰ ভাঙি পৰাৰ ফলত সৃষ্টি হৈছিল।

এই সময়ত বিশ্বজুৰি উদ্যোগ বন্ধ হৈ গ’ল, উৎপাদন হ্ৰাস পালে আৰু লাখ লাখ মানুহ নিবনুৱা হৈ পৰিল। এই সংকটৰ মুখ্য কাৰণসমূহ আছিল অতিরিক্ত উৎপাদন, কম চাহিদা, ষ্টক বজাৰৰ পতন আৰু বেংকৰ বিফলতা।

ইয়াৰ ফলত বিশ্ব অৰ্থনীতিত গভীৰ প্ৰভাৱ পৰে আৰু বহু দেশ দীৰ্ঘ সময়লৈ আৰ্থিক সমস্যাত পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top