Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 7 (part 1) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 7 (part 1) Question Answer Solution For Assam |

 Chapter 7 (part 1) –

বনৌষধি

পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ:

ক) পদ্যটোত কি কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে?

উত্তৰ: পদ্যটোত কৈছে যে তুলসী, মানিমুনি, মহচন্দৰি, নার্জী পাত, থুপুকীলতা, চিৰতা, আৰু নিম পাতে ৰোগ নিৰাময় কৰে।

খ) কাহ হ’লে কি খাব লাগে?

উত্তৰ: কাহ হ’লে তুলসীৰ ৰসত মৌ খালে ভাল হয়।

গ) কি কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে?

উত্তৰ: চিৰতা আৰু নিম পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে।

ঘ) তোমাৰ ঘৰতে ৰোগ নিৰাময়ত সহায় কৰা কি কি গছ আছে?

উত্তৰ (উদাহৰণ স্বৰূপে): আমাৰ ঘৰতে তুলসী, নিম, ইলাচি, আদা আদি বনৌষধি গছ আছে।

ঙ) তোমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ’লে তুমি কি কৰা?

উত্তৰ: আমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ’লে মই তেখেতক আৰামৰ ব্যৱস্থা কৰো আৰু প্ৰয়োজন হলে চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ।

চ) কেতিয়াবা ক’ৰবাত দুখ পাই তেজ ওলালে কি কৰা?

উত্তৰ: তেজ ওলালে চাফা কাপোৰেৰে চেঁচি ধৰো আৰু লোন-পানীৰে ধুই পাৰিলে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A):

প্ৰশ্ন ছ) তুলসী পাত কিহৰ বাবে উপকাৰী?

উত্তৰ: তুলসী পাত কাহ আৰু ঠাণ্ডা নিৰাময়ত উপকাৰী।

প্ৰশ্ন জ) মানিমুনি আৰু মহুন্দৰি পাতে কি ৰোগ ভাল কৰে?

উত্তৰ: মানিমুনি আৰু মহুন্দৰি পাতে পেটৰ ৰোগ ভাল কৰে।

প্ৰশ্ন ঝ) কটা-ছিঙাত কি প্ৰয়োগ কৰিব পাৰি?

উত্তৰ: কটা-ছিঙাত নার্জী পাত বা থুপুকীলতা লগালে উপশম হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects