Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 8 (part 2) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 8 (part 2) Question Answer Solution For Assam |

 Chapter 8(part 2)

কণল’ৰা আৰু হাতী

  ক) কণল’ৰা কিয় হাবিলৈ গৈছিল?

উত্তৰ: কণল’ৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল।

খ) হাতীটো আহি থকা দেখি কণল’ৰাই কি কৰিছিল?
উত্তৰ: হাতীটো আহি থকা দেখি কণল’ৰাই ভয়তে খৰিমুঠা পেলাই দৌৰি পালালে।

গ) কণল’ৰাই হাতীটোৰ ভৰিৰ পৰা কি উলিয়াই আনিছিল?
উত্তৰ: কণল’ৰাই হাতীটোৰ ভৰিৰ পৰা কেঁটেলা পহুৰ কাঁইটডাল উলিয়াই আনিছিল।

ঘ) কণল’ৰাৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?
উত্তৰ: কণল’ৰাৰ ঠাইত মই হোৱা হ’লে সাহসেৰে হাতীটোৰ সহায় কৰিলোঁহেঁতেন আৰু তাৰ ভৰিৰ কাঁইট উলিয়াই দিম।

লিখোঁ আহা—
ক) খৰিমুঠা পেলাই কণল’ৰা কিয় দৌৰিছিল?
উত্তৰ: হাতীটো দেখি ভয়তে কণল’ৰাই খৰিমুঠা পেলাই দৌৰিছিল।

খ) ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে কি কৰিলে?
উত্তৰ: ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে আনন্দতে কণল’ৰাক পিঠিত তুলি ল’লে।

নিজৰ ধৰণে কোৱা আৰু লিখা—

কৰৱীহঁতৰ বিদ্যালয়ত আজিৰ পৰা ছমাহীয়া পৰীক্ষা আৰম্ভ হৈছে। মাণিক বৰুৱা ছাৰে শ্ৰেণীকোঠাত প্রশ্নকাকত বিতৰণ কৰিলে। কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিলে। এতিয়া বাৰু তাই কি কৰিব?

উত্তৰ:কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিছিল। তাই অলপ ভয় পালে কিন্তু তাৰ পাছতে সহপাঠীৰ ওচৰ গৈ তেখেতৰ পৰা এটা পেঞ্চিল ধাৰ ল’লে। সহপাঠীজনে সহায় কৰিলে। তাৰ পিছত কৰৱীয়ে মনোযোগেৰে উত্তৰ লিখিলে আৰু পৰীক্ষাত অংশ গ্ৰহণ কৰিলে।         

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects