Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 8 (part 3) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 8 (part 3) Question Answer Solution For Assam |

 Chapter 8(part 3)

বৰষুণৰ বতৰ

উত্তৰ লিখোঁ আহা—

ক) পাতলেঙে কিহেৰে পেঁপা সাজিছিল?
উত্তৰ: পাতলেঙে গছৰ পাতেৰে পেঁপা সাজিছিল।

খ) পেঁপাৰ মাত শুনি কোনে কোনে কঁকাল ভাঙি নাচিছিল?
উত্তৰ: পেঁপাৰ মাত শুনি কারৈ, পুঠি, খলিহনা মাছবোৰে কঁকাল ভাঙি নাচিছিল।

গ) মাছবোৰৰ আনন্দ দেখি কোন সিহঁতৰ ওচৰ চাপি আহিছিল?
উত্তৰ: মাছবোৰৰ আনন্দ দেখি জিঞাবোৰ সিহঁতৰ ওচৰ চাপি আহিছিল।

ঘ) ভেকুলীয়ে কিয় আনন্দত টোৰ্টোৰাইছিল?
উত্তৰ: ভেকুলীয়ে ন-পানী পাই আনন্দত টোৰ্টোৰাইছিল।

ঙ) জিঞাবোৰে কিয় দুখ প্ৰকাশ কৰিছিল?
উত্তৰ: জিঞাবোৰে পানীত সাঁতুৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰিছিল।

জানো আহা (অর্থ):

আলসুৱা: সহজে ভগা
উলাহ: আনন্দ
লাহী: ধীৰে ধীৰে
আনন্দ: খুশি
সখী: বন্ধু/বান্ধবী
ঠুনুকা: সহজে ভগা

লাগে ভাগে গাওঁ আহা—

আমাৰ চাৰি-দিশ
পুৱাতেই শুই উঠি বেলিটিলৈ চাই।
দুই হাত মেলি দিলে চাৰিদিশ পায়।।
বেলি উঠে পূব দিশে পিঠিলৈ পশ্চিম।
বাঁওহাতে উত্তৰ দিশ সোঁহাতে দক্ষিণ।।

ওলট-পালটকৈ থকা আখৰবোৰৰ শুদ্ধ শব্দ:
মশ্চিপ → পশ্চিম
ত্যশ্চাপা → পাছতকৈ
শুনিয় → শুনি
র্যশ্চআ → আশ্চৰ্য
তশ্চিনি → নিশ্চিত

 উত্তৰ লিখোঁ আহা—

১) পাহিয়ে কিহৰ সুবাস পাইছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ সুবাস পাইছিল।

২) পাহিয়ে কিয় শেৱালি ফুল ছিঙিব বিচাৰিছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ মালা গাঁথিবলৈ ফুল ছিঙিব বিচাৰিছিল।

৩) পেহীয়েকে পাহিক ফুলবোৰ ছিঙিবলৈ কিয় মানা কৰিছিল?
উত্তৰ: পেহীয়েকে পাহিক ক’লে যে পুৱা ফুলবোৰ নিজেই পৰি পৰে, সেয়ে ছিঙিব নালাগে বুলি।

নতুন বাক্য—

১) আমাৰ ঘৰৰ পদূলিত এজোপা বকুল ফুলৰ গছ আছে।
নতুন বাক্য: মোৰ মায়ে বকুল ফুলেৰে মালা গাঁথিছে।

২) তোমালোকৰ বিদ্যালয়ত কি কি গছ আছে লিখা।
উত্তৰ: আমাৰ বিদ্যালয়ত আম, লিচু, নিম আৰু শাল গছ আছে।

উত্তৰ লিখোঁ আহা—

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা—

ক) ৰাধিকাহঁতৰ বাৰীখনত শীতকালত কোনবিধ ফল লমালমে লাগে?
কমলা – √

খ) ৰাজুৱে পকা কঁঠাল খাবলৈ কাক মাতিছিল?
দীপুক – √

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects