Might Learn Logo Might Learn

SCERT Class 3 Assamese Chapter 4 Part I Answer 2026 | মোবাইলৰ বিলৈ | Lesson 4 Part I | Class 3 Assamese Question Answer SCERT | মোবাইলৰ বিলৈ Lesson 7 Question Answer Solution For Assam |

 Chapter 4 Part I – 

মোবাইলৰ বিলৈ

পাঠ-ভিত্তিক প্ৰশ্নৰ উত্তৰ:

(ক) আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ?

উত্তৰ: আমি মোবাইল ফোন, ৰেডিঅ’, টেলিভিছন আদিৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ।

(খ) আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ?

উত্তৰ: আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ:

খবৰ-পত্ৰ পঢ়াত

গান শুনাত

ভিডিঅ’ চাবলৈ

পাঠ-পঢ়া/Online Class

কথা পাতিবলৈ

ছবি তোলাত

খেল খেলাত

ইন্টাৰনেট ব্যৱহাৰত

(গ) “হয় দিয়া। আজি-কালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ।” — এইষাৰ কথা কোনে কৈছিল?

উত্তৰ: এই কথা মোবাইলে কৈছিল।

(ঘ) ১০ নম্বৰ সংলাপটো কোনে কাক কৈছিল?

উত্তৰ: ১০ নম্বৰ সংলাপটো টিভিয়ে মোবাইল আৰু ৰেডিঅ’ক কৈছিল।

(ঙ) “উঃ! আজিহে অলপ জিৰণি পালোঁ…” — মোবাইলে কিয় জিৰণি পালে?

উত্তৰ: মোবাইলে সদায় কামত ব্যস্ত থাকি থাকে। সেয়ে অলপ সময় জিৰণি পাবলৈ পালে বুলিয়েই এই কথা কৈছিল।

Additional Question Answer:

(১) মোবাইলৰ উপযোগিতা কি কি?

উত্তৰ: মোবাইল বহুবিধ কামত সহায়ক, যেনে — খবৰ পোৱা, পাঠ পঢ়া, গান শুনা, ভিডিঅ’ চোৱা, কথা পতা, ছবি তোলা, খেল খেলা আদিত।

(২) মোবাইলৰ উপৰিও আন কিহত আমি ৰঙীন ছবি, নাট, গীত, বাতৰি আদি চাব পাৰোঁ?

উত্তৰ: আমি টেলিভিছনতো ৰঙীন ছবি, নাট, গীত, বাতৰি আদি চাব পাৰোঁ।

(৩) ৰেডিঅ’ৰ দ্বাৰা কি পোৱা যায়?

উত্তৰ: ৰেডিঅ’ৰ দ্বাৰা গান, বাতৰি, নাটক, আলোচনী অনুষ্ঠান আদি শুনা যায়।

(৪) মোবাইলৰ অতিকে ব্যৱহাৰে কি সমস্যা হব পাৰে?

উত্তৰ: মোবাইলৰ অতিকে ব্যৱহাৰে চকুত ক্ষতি, শাৰীৰিক অসুবিধা, আৰু অধ্যয়নত মনোযোগ হ্ৰাস হ’ব পাৰে।

(৫) মোবাইল, টিভি, আৰু ৰেডিঅ’ৰ ভিতৰত কোনটো বেছি কাম কৰি থাকে বুলি পাঠত কোৱা হৈছে?

উত্তৰ: পাঠত মোবাইলে বেছি কাম কৰি থাকে বুলি কোৱা হৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects