SCERT Class 3 Environment Chapter 12 Answer 2026 | যাতায়াত আৰু যোগাযোগ | অধ্য়ায়-12 | Chapter-12 | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer And Solutions For Assam |

 Chapter 12

যাতায়াত আৰু যোগাযোগ

১। উত্তৰ লিখা

(ক) তিনিখন যান-বাহনৰ নাম লিখা।

উত্তৰঃ এম্বুলেন্স, ডাক-ঘৰৰ ৰঙা গাড়ী আৰু স্কুল বাছ। 

(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে? 

উত্তৰঃ ই ৰিক্সা, স্কুৰ্টি, বাইক। 

(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ ঘোঁৰা গাড়ী আৰু গৰু গাড়ী। 

(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ গৰু গাড়ী, ঠেলা গাড়ী আৰু ঘোঁৰা গাড়ী। 

 (ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয় ?

উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বহুত সুবিধা কম সময়তে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰো। বয়-বস্তু আনিব পাৰে। 

২।    ‘ক’অংশৰ লগত ‘খ’ অংশ মিলাই লিখা

            ‘ক’                                     ‘খ’

            মটৰ-গাড়ী                        আকাশত উৰে

            উৰা-জাহাজ                      মাটিত চলে

            ফেৰী                                  জুই নুমোৱাত সহায় কৰে     

          মালবাহী ৰে’ল                    পানীত চলে

          অগ্নিনির্বাপক গাড়ী            বস্তু অনা-নিয়া কৰে

উত্তৰঃ     ‘ক’                                  ‘খ’

               মটৰ-গাড়ী                        মাটিত চলে                        

               উৰা-জাহাজ                      আকাশত উৰে 

               ফেৰী                                  পানীত চলে

              মালবাহী ৰে’ল                     বস্তু অনা-নিয়া কৰে

               অগ্নিনির্বাপক গাড়ী            জুই নুমোৱাত সহায় কৰে

৩।     খালী ঠাই পূৰ কৰা—

(ক) ট্রাকেৰে ___________ দূৰলৈ কঢ়িওৱা হয়।

উত্তৰঃ বয়-বস্তু। 

(খ) ঘোঁৰা-গাড়ীৰে ____________অনা-নিয়া কৰা হয় ।

উত্তৰঃ বয়-বস্তু। 

৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা।

     (বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)

উত্তৰঃ বিদ্য়ালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাওৰে আৰু দিল্লীলৈ উৰা-জাহাজৰে। 

৫। বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্রস্তুত কৰা।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top