SCERT Class 4 English Chapter 4 Tech Tales: From Nests to Inventions Answer 2026 | Class 4 English | Lesson 4 | Question Answer

Chapter 4

Tech Tales: From Nests to Inventions

Section 1: Let’s Talk  

Question 1:Why do you think that an animal or an insect needs a home like we do? (তোমালোকৰ মতে জীৱ-জন্তু বা পতংগক আমাৰ দৰে ঘৰৰ প্ৰয়োজন কিয়?)Ans: Animals and insects need a home to keep themselves and their babies safe from the sun, rain, wind, and enemies. (জীৱ-জন্তু আৰু পতংগবোৰক ৰ’দ, বৰষুণ, বতাহ আৰু শত্ৰুৰ পৰা নিজকে আৰু পোৱালিবোৰক নিৰাপদে ৰাখিবলৈ ঘৰৰ প্ৰয়োজন।)
Question 2: Can you tell which of these homes are made by human beings? (এই ঘৰবোৰৰ ভিতৰত কোনবোৰ মানুহে সাজিছে ক’ব পাৰিবানে?)Ans: The kennel for the dog and the shed for the cows are made by human beings .(কুকুৰৰ ঘৰ (kennel) আৰু গৰুৰ গোহালি (shed) মানুহে সাজিছে।)
Question 3:What materials are used to build these homes? (এই ঘৰবোৰ সাজিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয়?)Ans: These homes are built using wood, bamboo, tin, or thatch.(এই ঘৰবোৰ কাঠ, বাঁহ, টিন বা খেৰ ব্যৱহাৰ কৰি সজা হয়।)
Assamese translation of the lessonOne day, Rupam saw a bird making a beautiful nest. (এদিন ৰূপমে এটা চৰায়ে ধুনীয়া বাহ সাজি থকা দেখিলে।) He came running to his mother who was working in the kitchen. (সি পাকঘৰত কাম কৰি থকা মাকৰ ওচৰলৈ লৰালৰিকৈ আহিল।) He said to her excitedly…. (সি মাকক উৎসাহিত হৈ ক’লে….) Maa! You won’t believe what I saw over there! (মা! তুমি বিশ্বাস নকৰিবা মই তাত কি দেখিলো!) What’s it? You look quite excited. (কি কথা? তোমাক বহুত উৎসাহিত যেন লাগিছে।) I saw a bird outside. (মই বাহিৰত এটা চৰাই দেখিলো।) It’s weaving a nest on a tree. (ই গছ এডালত বাহ সাজি আছে।) Ah! You must have seen a weaver bird. (আঃ! তুমি চাগৈ টুকোৰা চৰাই দেখিছা।) Let’s go and see it. (ব’লাচোন গৈ চাওঁ।) Both Rupam and his mother went towards the tree where Rupam saw the bird. (ৰূপম আৰু তাৰ মাক দুয়ো সেই গছজোপাৰ ফালে গ’ল য’ত ৰূপমে চৰাইটো দেখিছিল।) It’s carrying grass in its beak! (ই ঠোঁটত ঘাঁহ কঢ়িয়াই নিছে!) Yes! That’s for making the nest. (হয়! সেইবোৰ বাহ সাজিবলৈ নিছে।) It’s using its beak like a needle! (ই তাৰ ঠোঁটটো বেজীৰ দৰে ব্যৱহাৰ কৰিছে!) You’re right. It has twisted the grass. (তুমি ঠিক কৈছা। ই ঘাঁহবোৰ পকাইছে।) Why does the bird twist the grass like that? (চৰাইটোৱে ঘাঁহবোৰ তেনেকৈ কিয় পকাইছে?) To tie the nest tightly around the branch. (ডালটোৰ চাৰিওফালে বাহটো টানকৈ বান্ধিবলৈ।) It also needs a few strings and leaves. (ইয়াক কেইডালমান সূতা আৰু পাতৰো প্ৰয়োজন।) Is it building its house right now? (ই এতিয়া নিজৰ ঘৰ সাজি আছে নেকি?) Yes! It is building a nest. (হয়! ই এটা বাহ সাজি আছে।) A few days later… (কেইদিনমানৰ পিছত…) Wow! Maa, it has finished weaving the nest. (ৱাও! মা, ই বাহটো সজা শেষ কৰিলে।) Yes, so beautiful! (হয়, কিমান ধুনীয়া!)  Why is the nest shaped like a hanging basket? (বাহটোৰ আকৃতি ওলমি থকা পাচিৰ দৰে কিয়?) That will keep the eggs and the chicks safe from rain, wind and snakes. (সেইটোৱে কণী আৰু পোৱালিবোৰক বৰষুণ, বতাহ আৰু সাপৰ পৰা নিৰাপদে ৰাখিব।) This bird has an amazing skill. (এই চৰাইটোৰ এক আচৰিত কৌশল আছে।) Very true! Even with a few simple materials, it creates an amazing nest. (সঁচা কথা! অতি সাধাৰণ কেইটামান বস্তুৰে ই এটা আচৰিত বাহ সাজে।) Great engineering skills! (কিমান সুন্দৰ ইঞ্জিনিয়াৰিং (অভিযান্ত্ৰিক) কৌশল!) Yes. A tiny engineer with wings. (হয়। ডেউকা থকা এটা সৰু ইঞ্জিনিয়াৰ।) I want to know more about these birds. (মই এই চৰাইবোৰৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰোঁ।) Why don’t you look up some books in the school library? (তুমি বিদ্যালয়ৰ পুথিভঁৰালত কিয় কেইখনমান কিতাপ নিবিচাৰা?) You can also browse the internet. (তুমি ইণ্টাৰনেটতো বিচাৰি চাব পাৰা।) Sure, I will. I’m curious to know. (নিশ্চয়, মই চাম। মই জানিবলৈ আগ্ৰহী।) I am happy… This is the first step to learn and create something new. (মই সুখী… নতুন কিবা এটা শিকিবলৈ আৰু সৃষ্টি কৰিবলৈ এয়াই প্ৰথম পদক্ষেপ।) Rupam’s mother was happy to satisfy Rupam’s curious mind. (ৰূপমৰ মাকে ৰূপমৰ কৌতূহলী মনটো সন্তুষ্ট কৰিব পাৰি সুখী হৈছিল।) They went home, feeling satisfied… (তেওঁলোক সন্তুষ্ট হৈ ঘৰলৈ উভতি গ’ল…) 
Activity 1: Let’s read these new words
The words given in the box are:
twist (পকোৱা)dry (শুকান)curious (কৌতূহলী / জানিবলৈ আগ্ৰহী)skills (কৌশল)materials (সামগ্ৰী / বস্তু)browse (বিচাৰি চোৱা)
Question: Now, write down four sentences from the lesson where you find any of the words given above: (এতিয়া, ওপৰত দিয়া শব্দবোৰ থকা চাৰিটা বাক্য পাঠটোৰ পৰা বিচাৰি উলিওৱা আৰু লিখা:)Ans: 1. Using the word “twist”Why does the bird twist the grass like that?(চৰাইটোৱে ঘাঁহবোৰ তেনেকৈ কিয় পকাইছে?)
2. Using the word “materials”
Even with a few simple materials, it creates an amazing nest.(অতি সাধাৰণ কেইটামান বস্তুৰে ই এটা আচৰিত বাহ সাজে।)
3. Using the word “browse”
You can also browse the internet. (তুমি ইণ্টাৰনেটতো বিচাৰি চাব পাৰা।)
4. Using the word “curious”
Rupam’s mother was happy to satisfy Rupam’s curious mind.(ৰূপমৰ মাকে ৰূপমৰ কৌতূহলী মনটো সন্তুষ্ট কৰিব পাৰি সুখী হৈছিল।)
(Activity 3.a): True or False / সঁচা নে মিছা
1. Rupam was excited and he ran into the kitchen. (ৰূপম উৎসাহিত হৈ পাকঘৰলৈ দৌৰি গৈছিল।)
Ans: True / সঁচা
2. Rupam saw a bird weaving a nest. (ৰূপমে এটা চৰায়ে বাহ সাজি থকা দেখিছিল।)
Ans: True / সঁচা
3. The bird uses its wings like a needle. (চৰাইটোৱে তাৰ ডেউকা দুখন বেজীৰ দৰে ব্যৱহাৰ কৰে।)
Ans: False / মিছা 
4. The nest of the weaver bird is shaped like a bowl. (টোকোৰা চৰাইৰ বাহটো বাটি এটাৰ দৰে আকৃতিৰ।)
Ans: False / মিছা (It is shaped like a hanging basket / ইয়াৰ আকৃতি ওলমি থকা পাচিৰ দৰে)
5. The nest protects the chicks from rain and wind. (বাহটোৱে পোৱালিবোৰক বৰষুণ আৰু বতাহৰ পৰা ৰক্ষা কৰে।)
Ans: True / সঁচা
3.b) Choose the Correct Answer / শুদ্ধ উত্তৰটো বাছি উলিওৱাQuestion i: Why does the bird twist the grass? (চৰাইটোৱে ঘাঁহবোৰ কিয় পকাই দিয়ে?)Ans : a) to tie the nestক) বাহটো বান্ধিবলৈ
Question ii: Why is the nest shaped like a hanging basket? (বাহটো ওলমি থকা পাচি এটাৰ দৰে কিয়?)Ans: b) to keep it safeখ) নিৰাপদে ৰাখিবলৈ
Question iii: Rupam wants to know more about the weaver bird because. (ৰূপমে টুকোৰা চৰাইৰ বিষয়ে অধিক জানিব বিচাৰে কাৰণ)
Ans: a) he is curiousক) সি জানিবলৈ আগ্ৰহী
Question iv: Rupam’s mother referred to the weaver bird as a tiny engineer because of its (ৰূপমৰ মাকে টুকোৰা চৰাইটোক এটা সৰু ইঞ্জিনিয়াৰ বুলি কৈছিল কাৰণ ইয়াৰ)
Ans: a) amazing weaving skillsক) আচৰিত বয়ন কৌশলৰ বাবে
3.c): Short Questions / চুটি প্ৰশ্নQuestion i:What did Rupam see outside? (ৰূপমে বাহিৰত কি দেখিছিল?)Ans: Rupam saw a bird making a beautiful nest outside.(ৰূপমে বাহিৰত এটা চৰায়ে ধুনীয়া বাহ সাজি থকা দেখিছিল।)
Question ii: Who did Rupam run to after seeing the bird? (চৰাইটো দেখাৰ পিছত ৰূপম কাৰ ওচৰলৈ দৌৰি গৈছিল?)
Ans: Rupam came running to his mother who was working in the kitchen.(চৰাইটো দেখাৰ পিছত ৰূপম পাকঘৰত কাম কৰি থকা মাকৰ ওচৰলৈ দৌৰি গৈছিল।)
Question iii: Where is the bird building its nest? (চৰাইটোৱে ক’ত বাহ সাজি আছে?)
Ans: The bird is weaving its nest on a tree.(চৰাইটোৱে গছত বাহ সাজি আছে।)
Question iv: Where will Rupam find more information about the weaver bird? (ৰূপমে টুকোৰা চৰাইৰ বিষয়ে অধিক তথ্য ক’ত পাব?)
Ans : Rupam will find more information in books at the school library or by browsing the internet.(ৰূপমে বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপত বা ইণ্টাৰনেটত বিচাৰিলে অধিক তথ্য পাব।)
3.d): Write Answers / উত্তৰ লিখা (Activity 3.d)Question I:What is the bird using its beak for? (চৰাইটোৱে নিজৰ ঠোঁটটো কিহৰ বাবে ব্যৱহাৰ কৰিছে?)
Ans: The bird is using its beak like a needle to twist the grass and make the nest. (চৰাইটোৱে ঘাঁহ পকাই বাহটো সাজিবলৈ নিজৰ ঠোঁটটো বেজীৰ দৰে ব্যৱহাৰ কৰিছে।)
Question II:What materials does the bird use to build the nest? (বাহটো সাজিবলৈ চৰাইটোৱে কি কি সামগ্ৰী ব্যৱহাৰ কৰে?)
Ans: The bird uses grass, a few strings, and leaves to build its nest.(চৰাইটোৱে বাহটো সাজিবলৈ ঘাঁহ, কেইডালমান সূতা আৰু পাত ব্যৱহাৰ কৰে।)
Question III:What protects the eggs and chicks from rain, wind and snakes? (বৰষুণ, বতাহ আৰু সাপৰ পৰা কণী আৰু পোৱালিবোৰক কিহে ৰক্ষা কৰে?)
Ans: The hanging basket shape of the nest protects the eggs and chicks from rain, wind, and snakes.(বাহটোৰ ওলমি থকা পাচিৰ দৰে আকৃতিয়ে কণী আৰু পোৱালিবোৰক বৰষুণ, বতাহ আৰু সাপৰ পৰা ৰক্ষা কৰে।)
4. a) Complete the sentences / বাক্যবোৰ সম্পূৰ্ণ কৰা
1. I am famous for my nest-building skills. (মই মোৰ বাহ-সজা কৌশলৰ বাবে বিখ্যাত।)
2. I am a small sparrow-like bird. (মই এটা সৰু ঘৰচিৰিকাৰ দৰে চৰাই।)
3. The upper part of my nest has a chamber where the eggs remain safe. (মোৰ বাহটোৰ ওপৰৰ অংশত এটা কোঠালী আছে য’ত কণীবোৰ নিৰাপদে থাকে।)
4. My nest is cylindrical in shape. (মোৰ বাহটোৰ আকৃতি চুঙাকৃতিৰ।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top