Might Learn Logo Might Learn Shop Might Learn

SCERT Class 5 Environment Chapter 13 Answer 2026 | ভাৰতৰত স্বাধীনতা আন্দোল আৰু অসম । Class 5 Enviroment (SCERT) School Question Answer । m ।

ভাৰতৰত স্বাধীনতা আন্দোল আৰু অসম   


অনুশীলনী

১। উত্তৰ লিখা—


(ক) কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে।


(খ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে?

উত্তৰঃ ভাৰতীয় নাগৰিকৰ ১১টা মৌলিক কৰ্তব্য আছে।


(গ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ।


(ঘ) সংবিধান খচৰা কমিটীৰ নেতা কোন আছিল?

উত্তৰঃ সংবিধান খচৰা কমিটীৰ সভাপতি আছিল ড° ভীমৰাও ৰামজী আম্বেদকাৰ।


(ঙ) ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল?

উত্তৰঃ ভাৰতীয় সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গৃহীত হৈছিল। ই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়।


২। খালী ঠাই পূৰ কৰা—


(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখটো ________ হিচাপে পালন কৰোঁ।

উত্তৰঃ গণৰাজ্য দিৱস।


(খ) ________ সংবিধানখন অতি দীঘলীয়া সংবিধান।

উত্তৰঃ ভাৰতবৰ্ষৰ।


(গ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম ________ গণৰাজ্য।

উত্তৰঃ গণতান্ত্ৰিক।


(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ________ আছে।

উত্তৰঃ সংবিধান।


(ঙ) ________ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

উত্তৰঃ ১৯৪৭।


৩। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰঃ ব্যক্তিৰ স্বাধীনতা, সমতা আৰু মৰ্যাদা ৰক্ষাৰ বাবে ভাৰতীয় সংবিধানে নিশ্চিত কৰা বিশেষ অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। এই অধিকাৰসমূহ সংবিধানৰ তৃতীয় খণ্ডত উল্লেখ আছে। মৌলিক অধিকাৰ উলংঘন হ’লে তাৰ প্ৰতিকাৰৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব পাৰি। মৌলিক অধিকাৰৰ ছটা প্ৰধান ভাগ হ’ল—

  • সমতাৰ অধিকাৰ।
  • স্বাধীনতাৰ অধিকাৰ।
  • শোষণৰ বিৰুদ্ধে অধিকাৰ।
  • ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ।
  • সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।
  • সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।


৪। প’ষ্টাৰ সাজা—

(ক) আমি সকলো ভাৰতীয়।

উত্তৰঃ প’ষ্টাৰখনত তলৰ কথাখিনি লিখিব পাৰা—


আমি সকলো ভাৰতীয়

ভিন্ন ভাষা, ভিন্ন সাজ— একতাই আমাৰ পৰিচয়।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে সন্মান কৰোঁ।
ঐক্য, ভাতৃত্ব আৰু সম্প্ৰীতি বজাই ৰাখোঁ।
দেশৰ উন্নতিৰ বাবে একেলগে কাম কৰোঁ।


(খ) অসম আমাৰ জন্মভূমি।

উত্তৰঃ প’ষ্টাৰখনত তলৰ কথাখিনি লিখিব পাৰা—

অসম আমাৰ জন্মভূমি

সেউজীয়া অসম, সমৃদ্ধ অসম— আমাৰ মৰমৰ মাতৃভূমি।

অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰোঁ।
নদী, বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰোঁ।
সকলো জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি বজাই ৰাখোঁ।


৫। চমুটোকা লিখা—


(ক) স্বাধীনতা আন্দোলন।

উত্তৰঃ ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ দেশবাসীয়ে চলোৱা সংগ্ৰামক স্বাধীনতা আন্দোলন বোলে। এই সংগ্ৰামত বিভিন্ন সময়ত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন আদি সংঘটিত হৈছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু আৰু আন বহু নেতাই ইয়াত ভূমিকা লৈছিল। অসমৰ মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি আদিয়েও দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল। দেশবাসীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ত্যাগৰ ফলত ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে।


(খ) ভাৰতৰ সংবিধান।

উত্তৰঃ ভাৰতৰ সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন। ১৯৪৬ চনত গঠিত সংবিধান সভাই ইয়াক ৰচনা কৰিছিল। সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু খচৰা সমিতিৰ সভাপতি আছিল ড° বি. আৰ. আম্বেদকাৰ। সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গৃহীত হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। ইয়াত দেশৰ শাসন ব্যৱস্থা, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য তথা ৰাষ্ট্ৰ পৰিচালনাৰ নীতিসমূহ উল্লেখ আছে। 


(গ) মৌলিক অধিকাৰ।

উত্তৰঃ ভাৰতীয় সংবিধানে ব্যক্তিৰ স্বাধীনতা, সমতা আৰু মৰ্যাদা সুৰক্ষিত কৰিবলৈ কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰিছে। এইবোৰক মৌলিক অধিকাৰ বোলে। সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ তথা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইয়াৰ প্ৰধান ভাগ। এই অধিকাৰসমূহে ব্যক্তিত্বৰ বিকাশ আৰু ন্যায়ভিত্তিক সমাজ গঠনত সহায় কৰে।


(ঘ) মৌলিক কৰ্তব্য।

উত্তৰঃ দেশ আৰু সমাজৰ প্ৰতি নাগৰিকে পালন কৰিবলগীয়া সংবিধানত উল্লেখিত দায়িত্বসমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ ১১টা মৌলিক কৰ্তব্য আছে। সংবিধান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰা, দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা, সম্প্ৰীতি বজাই ৰখা, প্ৰাকৃতিক পৰিৱেশ আৰু ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা আদি ইয়াৰ অন্তৰ্গত। ১৯৭৬ চনৰ ৪২তম সংবিধান সংশোধনীৰে প্ৰথমে দহটা কৰ্তব্য সংযোজন কৰা হৈছিল। পিছত ২০০২ চনৰ ৮৬তম সংশোধনীৰে পিতৃ-মাতৃ বা অভিভাৱকে ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ সন্তানক শিক্ষাৰ সুযোগ দিয়াৰ কৰ্তব্যটো সংযোজন কৰা হয়। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership