Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 6 Assamese Chapter 10 Question Answer Assamese Medium | লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ Chapter 10 Question Answer 2026 | SCERT Class 6 Assamese Chapter 10 Question Answer, MCQs Answer, Text Book PDF

লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ


পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) ‘জয়মতী’ কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল?

(ক) শদিয়াত।
(খ) কলিকতাত।
(গ) সম্বলপুৰত।
(ঘ) জয়সাগৰত।

উত্তৰঃ (খ) কলিকতাত।


(ii) ‘জয়মতী’ কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল?

(ক) ডালিমী এটি কালোপযোগী চৰিত্ৰ হোৱাৰ বাবে।
(খ) ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে।
(গ) ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে।
(ঘ) ডালিমী চৰিত্ৰটি সৰল, চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে।

উত্তৰঃ (গ) ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে।


২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমা বুলি উল্লেখ কৰিছে। অৰ্থাৎ, তেওঁৰ কল্পনাত গঢ় লৈ উঠা চৰিত্ৰটোৰ ৰূপেই তেওঁ ডালিমীক ভাবিছিল। সেইবাবেই (গ) উত্তৰটো শুদ্ধ।


৩। তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা।

উত্তৰঃ

শব্দ অৰ্থ
হেঁপাহ হাবিয়াস
সাৰ্থক সফল
সাইলাখ সদৃশ
প্ৰতিমা মূৰ্তি
ত্ৰুটি দোষ
অনুপ্ৰাণিত উৎসাহিত
গৰুণ্ড গৰুড়পক্ষী


৪। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।


(ক) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’।


(খ) ‘জয়মতী’ কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল?

উত্তৰঃ ‘জয়মতী’ কথাছবিখন ১৯৩৫ খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল।


(গ) ‘জয়মতী’ কথাছবিখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ‘জয়মতী’ কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।


(ঘ) বেজবৰুৱাই ‘জয়মতী’ কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰপৰা আহিছিল?

উত্তৰঃ বেজবৰুৱাই ‘জয়মতী’ কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল।


(ঙ) বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত ‘জয়মতী’ কথাছবিখন নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আধাৰত ‘জয়মতী’ কথাছবিখন নিৰ্মাণ কৰা হৈছিল।


৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) ‘জয়মতী’ ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে?

উত্তৰঃ ‘জয়মতী’ নাটকৰ সৰহভাগ চৰিত্ৰ ঐতিহাসিক হ’লেও ডালিমী আছিল বেজবৰুৱাৰ মানস প্ৰতিমা। তেওঁ হয়তো কেতিয়াও ভবা নাছিল যে তেওঁৰ কল্পনাত গঢ়ি উঠা ডালিমী চৰিত্ৰটোক বাস্তৱ ৰূপত দেখিবলৈ পাব। কিন্তু ‘জয়মতী’ ফিল্মত ডালিমী চৰিত্ৰটোৱে দৃশ্যমান ৰূপ লাভ কৰাত বেজবৰুৱাৰ সপোন যেন দিঠক হ’ল।


(খ) অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল?

উত্তৰঃ বেজবৰুৱাই ফিল্মক সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু স্থায়ী উপাদান হিচাপে গণ্য কৰিছিল। তেওঁৰ মতে, ফিল্ম যদি সজ আৰু গঠনমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াৰ ফল ভাল হ’ব। কিন্তু যদি ইয়াক অসজ বা অপকাৰী উদ্দেশ্যে ব্যৱহাৰ কৰা হয়, তেন্তে তাৰ ফল ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীক লৈ তেওঁ আশাবাদী আছিল যদিও ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল।


(গ) বেজবৰুৱাই কি কি কাৰণত ‘জয়মতী’ কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে?

উত্তৰঃ
(i) নাটকখনৰ কাহিনী আৰু চৰিত্ৰসমূহ বেজবৰুৱাৰ মানসপটৰ সৈতে মিল খাইছিল।
(ii) অভিনেতা-অভিনেত্ৰীৰ অভিনয় প্ৰভাৱশালী আছিল।
(iii) জ্যোতিপ্ৰসাদৰ শিক্ষা, শিল্পচেতনা আৰু প্ৰচেষ্টাই ফিল্মখনক সাৰ্থক কৰিছিল।
(iv) অসমীয়াৰ দ্বাৰাই অসমীয়াৰ বাবে ফিল্ম নিৰ্মাণ হোৱাটোও ইয়াৰ বিশেষ সফলতা আছিল।


৬। কোনে, কাক কৈছিল লিখা।


(ক) “অসমত অসমীয়াৰদ্বাৰাই আগেয়ে নোহোৱা-নোপজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল।”

উত্তৰঃ এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈক কৈছিল।


(খ) “ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত।”

উত্তৰঃ এই কথাষাৰ নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল।


(গ) “এই বুঢ়াৰ এই আশা। পূৰ্ণ হ’ব নে নহয়, ঈশ্বৰে জানে।”

উত্তৰঃ এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ আশা প্ৰকাশ কৰি কৈছিল।


৭। “গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে, মই তেনেকৈ উৰিব নোৱাৰোঁ যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব।” — কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ কথাষাৰৰ অৰ্থ হ’ল—প্ৰত্যেকৰে নিজৰ ক্ষমতা, যোগ্যতা আৰু সীমাবদ্ধতা থাকে। আনৰ ডাঙৰ সাফল্য দেখি নিজকে হীন বুলি ভাবি কাম এৰি দিয়াটো ভুল। গৰুণ্ডৰ দৰে উৰিব নোৱাৰিলেও টিপচীয়ে নিজৰ সামৰ্থ্য অনুযায়ী উৰিব লাগে। সেইদৰে মানুহেও আনৰ লগত তুলনা নকৰি নিজৰ ক্ষমতা আৰু যোগ্যতাৰ ওপৰত ভৰসা কৰি আগবাঢ়ি যাব লাগে। এই উক্তিয়ে আত্মবিশ্বাস আৰু নিজৰ সামৰ্থ্যৰ মূল্য বুজাইছে।


৮। সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা।

উত্তৰঃ সাক্ষাৎকাৰটোৰ ভিতৰত বেজবৰুৱাই ফিল্মৰ সজ আৰু অসজ ব্যৱহাৰৰ বিষয়ে প্ৰকাশ কৰা মতটো মোৰ ভাল লাগিছে। তেওঁ কৈছে যে ফিল্ম যদি গঠনমূলক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, তেন্তে ই সমাজৰ উপকাৰ কৰিব পাৰে; কিন্তু অপকাৰী উদ্দেশ্যে ব্যৱহাৰ কৰিলে ইয়াৰ ফল বেয়া হ’ব পাৰে। এই কথাই যিকোনো নতুন মাধ্যম বা শক্তিৰ সঠিক ব্যৱহাৰৰ গুৰুত্ব বুজায়।


ভাষা-অধ্যয়ন


৯। ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা।

উত্তৰঃ

অশুদ্ধ ৰূপ শুদ্ধ ৰূপ
ধৰন ধৰণ
মৰন মৰণ
বিশেষন বিশেষণ
ভীষন ভীষণ
মসৃন মসৃণ
মৃনাল মৃণাল


১০। তলত থকা শব্দবোৰ ণত্ব বিধি অনুসৰি বিশ্লেষণ কৰি উপযুক্ত ঠাইত বহুওৱা।

উত্তৰঃ

‘ঋ’ থকা বাবে ‘ৰ’ থকা বাবে ‘ষ’ থকা বাবে
মসৃণ কাৰণ সম্ভাষণ
তৃণ কৰ্ণ তোষণ
ঋণ তৰ্পণ ভূষণ
ঘৃণা প্ৰাণ
তোৰণ
ধৰণী


১১। আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাব বহলাই লিখা।


(ক) সজ কাৰ্যৰ সজ ফল, অসজ কাৰ্যৰ অসজ ফল।

উত্তৰঃ মানুহে ভাল আৰু সৎ উদ্দেশ্যে কাম কৰিলে তাৰ ফল সাধাৰণতে ভাল হয়। আনহাতে, অসৎ বা অপকাৰী কামৰ ফল বেয়া হয়। সেয়ে জীৱনত সদায় সজ, ন্যায়সংগত আৰু উপকাৰী কাম কৰিবলৈ চেষ্টা কৰা উচিত।


(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ এই কথাষাৰে একতাৰ শক্তি বুজাইছে। এজন মানুহৰ শক্তি সীমিত হ’ব পাৰে, কিন্তু বহু মানুহে একেলগে মিলি কাম কৰিলে ডাঙৰ কামো সহজে সম্পন্ন কৰিব পাৰে। সেয়ে সমাজৰ উন্নতিৰ বাবে সকলোৰে সহযোগিতা আৰু একতা অতি প্ৰয়োজনীয়।


জ্ঞান-সম্প্ৰসাৰণ


১২। আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰপৰা তথ্য সংগ্ৰহ কৰি লিখা।

উত্তৰঃ আইদেউ সন্দিকৈ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নায়িকা আছিল। তেওঁৰ জন্ম ১৯২০ চনৰ ১০ এপ্ৰিলত গোলাঘাটৰ পানী-দিহিঙীয়া গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল লক্ষ্মী। ‘জয়মতী’ত অভিনয় কৰাৰ বাবে ৰক্ষণশীল সমাজৰ কিছুমান লোকে তেওঁক সমাজৰ পৰা বৰ্জন কৰিছিল। আইদেউ সন্দিকৈয়ে ১৯৮৫ চনতহে নিজৰ অভিনীত ‘জয়মতী’ৰ কিছু অংশ দেখিবলৈ পাইছিল। অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জয়ন্তীৰ সময়ত অসম চৰকাৰে তেওঁক মাহে ১০০০ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা কৰিছিল। ১৯৯১ চনত তেওঁৰ গাঁৱত তেওঁৰ নামেৰে এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হৈছিল।


১৩। শব্দজালখন মনোযোগেৰে চোৱা আৰু তাৰপৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি খালী ঠাইসমূহ পূৰ কৰা।


(ক) পুৰাণ সম্বন্ধীয়।

উত্তৰঃ পৌৰাণিক।


(খ) ইতিহাস সম্পৰ্কীয়।

উত্তৰঃ ঐতিহাসিক।


(গ) গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল।

উত্তৰঃ নিৰ্মালি।


(ঘ) এশ বছৰ বিয়পা কাল।

উত্তৰঃ শতাব্দী।


(ঙ) বহু দূৰ যি।

উত্তৰঃ দুৰ্নীময়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership