SCERT Class 6 Assamese Chapter 13 Answer 2026 | সাপ আৰু ভেকুলী-ৰজা | Lesson 13 | Class 6 Assamese Solution | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ |

Chapter 13 –

সাপ আৰু ভেকুলী-ৰজা

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-(ক) ফেটীসাপডাল ক’ত শুই আছিল?(ক) পুখুৰীত(খ) পাহাৰৰ সিপাৰত (গ) গছত (ঘ) শিলৰ খোৰোঙত

উত্তৰ: (ঘ) শিলৰ খোৰোঙত

(খ) ভেকুলী-ৰজাই ফেটীসাপক পুখুৰীলৈ কিয় লৈ গৈছিল?(ক) পুখুৰীৰ ভেকুলী খাবলৈ (খ) নীতি-নিয়ম বান্ধি দিবলৈ (গ) সমস্যা সমাধান কৰিবলৈ (ঘ) মিলা-প্রীতিৰে বাস কৰিবলৈ

উত্তৰ: (গ) সমস্যা সমাধান কৰিবলৈ

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা?উত্তৰঃ ভেকুলী-ৰজাই ফেটীসাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটীসাপক লগ লৈ গৈছিল। সেয়ে (গ) সমস্যা সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ।

৩। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা-

         শব্দ                      অৰ্থ      উল্লাস                 আনন্দ, উলাহ   মতানৈক্য                মতৰ পাৰ্থক্য     গোমা                        গোমোঠা, বিবর্ণ     যুঁজাৰু                যি যুঁজ কৰে       ভংগ                             ভগা

৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) ভেকুলী-ৰজা ক’ত বাস কৰিছিল?উত্তৰ: ভেকুলী-ৰজা এটি পুখুৰীত বাস কৰিছিল।

(খ) ভেকুলী-ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল?উত্তৰ: ভেকুলী-ৰজাই গাঁওবুঢ়া, টেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল।

(গ) ফেটীসাপডালৰ কিয় খং উঠিছিল?উত্তৰ: ফেটীসাপডালৰ খং উঠিছিল কাৰণ ভেকুলী-ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল।

(ঘ) ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ ক’ত আছিল?উত্তৰ: ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হ’লেই আছিল।

(ঙ) ফেটীসাপডালক ভেকুলী-ৰজাই ক’লৈ লৈ গৈছিল?উত্তৰ: ভেকুলী-ৰজাই ফেটীসাপক পুখুৰীলৈ লৈ গৈছিল।

(চ) সাপে ভেকুলী-ৰজাক কি চর্ত বান্ধি দিছিল?উত্তৰ: সাপে চর্ত বান্ধি দিছিল যে, তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) ভেকুলী-ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল?উত্তৰ: ভেকুলী-ৰজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে। কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে, যাৰ ফলত মতানৈক্য হল।

(খ) ভেকুলী-ৰজাই কিছু নীতি-নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল?উত্তৰ: ভেকুলী-ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ’ব, সেয়ে আগতকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল।

(গ) ভেকুলী-ৰজা কিয় বিপাঙত পৰিছিল?উত্তৰ: সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী-ৰজাক খাবলৈ ওলাল, যাৰ বাবে ৰজা বিপাঙত পৰিল।

৬। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “বিহু আহিলে প্রথমে ময়েই গীত গাম আৰু নাচিম।”উত্তৰ: ভেকুলী-ৰজাই সভাত সকলো প্রজাক কৈছিল, যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত।

(খ) “এয়া ঋতু বা উৎসৱৰহে গীত। তেওঁলোকে গাইছে গাওক। আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই?”উত্তৰ: ডা-ডাঙৰীয়াসকলে এই কথা ভেকুলী-ৰজাক কৈছিল, যাতে তেওঁ প্ৰজাক ক্ষমা কৰে।

(গ) “মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা।”উত্তৰ: ফেটীসাপে এই কথা ভেকুলী-ৰজাক কৈছিল, যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে।

(ঘ) “মই নাজানো, তুমিহে মোক মাতি আনিছিলা।”উত্তৰ: ফেটীসাপে এই কথা ভেকুলী-ৰজাক কৈছিল, যেতিয়া ৰজাই ক’লে যে পুখুৰীত আন ভেকুলী নাই।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top