পাঠ ১৫
মহো-হো গীত
২। পাঠত দিয়া মহো – হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।উত্তৰঃ হৌ – লউ, মহমহওঁতে – ঘহাওঁতে, পৰিল – মৰিল, মালা – ভালা, নুণ – দুণ, যাওঁতে – পাওঁতে, পাটে – ঘাটে, চাকা – টাকা।
৪। উত্তৰ লিখা।
(ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে কি লৈছে?
উত্তৰঃ মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে টাঙোন লৈছে।
(খ) হিদাল গছত গা ঘহাওঁতে কি হ’ল?
উত্তৰঃ হিডাল গছত গা ঘহাওঁতে হিদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল।
(গ) মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে?
উত্তৰঃ মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে।
(ঘ) ‘টাকা’ আৰু ‘সিকি’ মানে কি?
উত্তৰঃ টাকা আৰু সিকি মানে হ’ল- টাকা মানে টকা আৰু সিকি মানে হ’ল পঁচিশ পইচাৰ মুদ্ৰা।
(ঙ) মহো – হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি?
উত্তৰঃ মহো – হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ’ল বুঢ়াদিয়াৰ।
৫। তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা।
উত্তৰঃপদ – বিভক্তিমাকোক – ক্ৰিয়া বিভক্তিটেপৰত – নাম বিভক্তিৰূপাৰ – ক্ৰিয়া বিভক্তিসিৰালে – ক্ৰিয়া বিভক্তিসোণাৰ – ক্ৰিয়া বিভক্তিবুঢ়াদিয়াৰ – ক্ৰিয়া বিভক্তিঘাটে – নাম বিভক্তি
৬। মহো – হো গীতটোত থকা ৫ টা বিশেষ্য পদ লিখা।
উত্তৰঃ ঘৰত, হিদাল, গাছত, সোণাৰ, ৰূপাৰ, মহ।
৭। বাক্য ৰচনা কৰা।
উত্তৰঃচকচকীয়াঃ মহো – হো গীতটোত বাহৰ পাত চকচকীয়া বুলি কৈছে। চিকমিকীয়াঃ বিয়াৰ দিনা সকলোৱে চিকমিকিয়া কাপোৰ পিন্ধি বিয়া খাবলৈ গ’ল।
সিকিঃ ৰামৰ হাতত চাৰিটা সিকি আছে।
সীৰলুঃ নাঙলৰ সীৰলুৰ দৰে নাওঁখনে পানী কাটি-কাটি আগুৱাই গ’ল।
টাঙোনঃ পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে-হাতে টাঙোন লৈছে।
৮। পাঠত দিয়া মহো – হো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰৰ ৰূপবোৰ লিখা।উত্তৰঃ টকান – টাঙোন।গাছত – গছত।দিলাক – দিলে।মাকোক – মাকক।মাইৰবা – মাৰিবলৈ। নুণ – নিমখ।দেইখ্বা – দেখিবলৈ।কইৰলু – কৰালোঁ।
*ওজনি অসমত ভেকুলীৰ বিয়াত গোৱা দুফাকিমান বিয়ানাম লিখা।
উত্তৰঃচোৱা পানী খহুলী ভেকুলীৰচোৱা পানী বিয়াখন পাতিছেচোৱা পানী ৰাইজে বেৰি বেৰি চায় ৰাম ৰাম।।………………………………………………………………
চোৱা পানী বায়ু দেৱকচোৱা পানী মেঘে নমুৱালেচোৱা পানী সাতদিন বৰষুণ দি ৰাম ৰাম।।……………………………………………………….
চোৱা পানী খহুলী ভেকুলীচোৱা পানী চকুৰে সুন্দৰীচোৱা পানী কিবাহেই পালে ৰাম ৰাম।।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post