SCERT Class 6 Assamese Chapter 5 Answer 2026 | ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে । Lesson 5 | Class 6 Assamese Solution। Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ |

Chapter 5 –
ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

প্ৰশ্ন ১: তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–
(ক) ৰ’দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে?
(ক) হাঁহি থাকে
(খ) দোঁ খাই থাকে
(গ) নাচি থাকে
(ঘ) ওফোন্দ পাতি থাকে
উত্তৰ: (খ) দোঁ খাই থাকে

(খ) কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে?
(ক) পানীৰ টোপ
(খ) ঘাঁহ-বন
(গ) গীত
(ঘ) বিজুলী
উত্তৰ: (ক) পানীৰ টোপ

প্ৰশ্ন ২: শব্দ-অৰ্থ মিলাওঁ আহা –
শব্দ অৰ্থ
দোঁ খাই বেঁকা হৈ মূৰ তল কৰি
বাহিৰলৈ বাজলে’
ওফোন্দ ঠেহ
ভাহে ওপঙে

প্ৰশ্ন ৩: তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া –
(ক) কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ’দত কেনেদৰে থাকে বুলি কৈছে?
উত্তৰ: কবিয়ে কৈছে যে ৰ’দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দোঁ খাই থাকে।

(খ) কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে?
উত্তৰ: কাৰণ, বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি।

(গ) কবিয়ে কি গীত শুনি ভাল পায়?
উত্তৰ: কবিয়ে ৰিম ঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়।

(ঘ) কবিতাটোত কোনে কোনে হাঁহে, ওফোন্দ পাতে আৰু চকুপানী টোকে বুলি কৈছে?
উত্তৰ: বিজুলীয়ে হাঁহে, ডাৱৰে ওফোন্দ পাতে আৰু আকাশে চকুপানী টোকে বুলি কবিয়ে কৈছে।

(ঙ) কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক’ত মেলি দিয়ে?
উত্তৰ: বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে।

(চ) কবিয়ে কোনে, ক’ত আৰু কি হৈ ভাহে বুলি কৈছে?
উত্তৰ: কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জোনটি হৈ ভাহে।

OLD
পাঠ ৫
গুৰুদক্ষিণা
MAIN CONTENT

👉MCQ Online Exam
👉Text Book PDF
👉Click Here YouTube Video 
👉MCQs Answer

৪। উত্তৰ দিয়া-

(ক) ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ প্ৰাচীন বিশ্ব বিদ্য়ালয় দুখনৰ নাম হ’ল- নালন্দা আৰু তক্ষশীলা।

(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল?

উত্তৰঃ লুইতৰ দাঁতিৰ বৰ্তমান নগাওঁ জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল।

(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি?

উত্তৰঃ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্য়াপকজনৰ নাম আছিল- বেদকণ্ঠ।

(ঘ) ছাতৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল?

উত্তৰঃ ছাতৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল।

(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাতৰে গ্ৰহণ কৰিব নোৱাৰিলে?

উত্তৰঃ গুৰুৰ পৰামৰ্শ সত্য়ব্ৰত নামৰ ছাতৰজনে গ্ৰহণ কৰিব নোৱাৰিলে।

(চ) প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে?

উত্তৰঃ প্ৰকৃত গুৰুদক্ষিণা সত্য়ব্ৰত নামৰ ল’ৰাজনে দিব পাৰিলে।

৫। চমু উত্তৰ দিয়া-

(ক) গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল?

উত্তৰঃ গুৰুৱে ছাতৰক ওচৰলৈ মাতি আনি কৈছিল – ”বাছাহঁত। মই বুঢ়া হৈ আহিছোঁ। উপাৰ্জনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়াই শুনাই খুঁটি খাব পৰা কৰিবলৈ মই সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন-সোণ গোটাই আনি দেহক। জানই নহয় ভগৱান শ্ৰী কৃষ্ণয়ো সান্দী পনি মুনিক কেনেদৰে গুৰুদক্ষিণা দিছিল।”

(খ) ছাতৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল?

উত্তৰঃ ছাতৰসকলক গুৰুৱে প্ৰত্য়েক ধনী মানুহৰ পৰা ডকা হকা দি টোপোলা সৰকাই আৰু কোনেওঁ গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী সাউদ গ’লে ততালিকে তাৰ পৰা যি ধন-সোণ পায় তাক লুটি ধন গোটোৱাৰ পৰামৰ্শ দিছিল।

(গ) গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কি কৰিলে?

উত্তৰঃ গুৰুৰ পৰামৰ্স পাই ছাতৰসকলে কিৰীলি পাৰি যাবলৈ ওলাল।

(ঘ) গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি কলে?

উত্তৰঃ গুৰুৰ অনুমতি পাই সত্য়ব্ৰতে ক’লে – ” আপোনাৰ পৰাই আমি জানিব পাৰিছো গুৰুদেৱ, পৃথিৱীৰ এনে ঠাই নাই য’ত ভগৱান নাই, য’ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিতো পঢ়িছো।
সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য় তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।
সেই কাৰণেই গুৰুদেৱ! মই কি শক্তিৰে কোনেওঁ নেদেখা ঠাই বিচাৰি উলিয়াম? আনে নেদেখিলেওঁ ঈশ্বৰে দেখিব! লোকৰ ধন-সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনে নেজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল-বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম? মই এনে অসৎ উপায়েৰে গুৰুদক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সজ বাট দেখুৱাই দিয়ক গুৰুদেউ!”

(৬) কোনে কাক কেতিয়া কৈছিল লিখা।

(ক) ”বাছাহঁত। মই বুঢ়া হৈ আহিছোঁ। উপাৰ্জনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়াই শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ।”

উত্তৰঃ উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।

(খ) ”আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক।”

উত্তৰঃ যেতিয়া পণ্ডিত বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণাৰ কথা কৈছিল তেতিয়া ছাতৰসকলে আনন্দত কিৰিলি পাৰি গুৰুদেৱক ওপৰৰ কথাফাঁকি এজন বয়সিয়াল ছাতৰে কৈছিল।

(গ) ”আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই।”

উত্তৰঃ যেতিয়া গুৰুৱে ছাতৰসকলক গুৰুদক্ষিণাৰ বাবে ধন-সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্য়ব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল।

৮। তলৰ কথাৰখিনিৰ মুলভাব লিখা-
“সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য় তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।

উত্তৰঃ প্ৰশ্নোল্লিখিত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে – ভগৱান সকলোতে থাকে। তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই। তেৱেঁই হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰক্ষ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ সকলোকে চিনি পায় বা জানে। তেৱেঁই সত্য আৰু তেৱেঁই সুন্দৰ।

১০। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা-

ধনী – চহকী
দক্ষিণা – দান
উজু – সহজ
টুটি যোৱা – কমি যোৱা
ডাঙৰ – বৃহৎ

১১। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা-

আনন্দ – বিষাদ
ধনী – দুখীয়া
গুৰু – ছাত্ৰ
উজু – কঠিন
প্ৰাচীন – নবীন

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top