SCERT Class 6 Assamese Chapter 7 Answer 2026 | তপনৰ কথা | Lesson 7 | Class 6 Assamese Solution | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ |

Chapter 7 –

তপনৰ কথা

১. তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(ক) ধুবুৰীৰপৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল?

উত্তৰঃ  তপনৰ মাহীয়েকৰ পুতেক

(খ) তপনে ঋতুৰাজক ভদ্র আচৰণৰ কথা কিয় কৈছিল?

উত্তৰঃ  মনে বিচৰা বস্তুটো পাবৰ বাবে

২. তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ তপনে ঋতুৰাজক ভদ্র আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কে’কৰ টুকুৰাটো খাবলৈ। সেয়েহে সি “ভদ্ৰ মানুহ” হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল’বলৈ উদ্বুদ্ধ কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেয়েহে উত্তৰ 

 শুদ্ধ।

৩. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা-

(ক) তপনৰ মাহীয়েকৰ ঘৰ ক’ত আছিল?

উত্তৰঃ ধুবুৰীত।

(খ) তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি?

উত্তৰঃ ঋতুৰাজ।

(গ) ভদ্র মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল?

উত্তৰঃ যোচেফ ছাৰে।

(ঘ) ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু?

উত্তৰঃ দুমাহ সৰু।

(ঙ) ‘তপনৰ কথা’ পাঠটিৰ লেখক কোন?

উত্তৰঃ ড° ভবেন্দ্র নাথ শইকীয়া।

৪. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা-

(ক) তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়?

উত্তৰঃ ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল, কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল।

(খ) তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয়, কিয় হয় আৰু যদি নহয়, কিয় নহয়?

উত্তৰঃ হয়, মই একমত। কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে, তেনেহ’লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্রতা প্ৰকাশ পায়।

(গ) তপনে কে’কৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলেনে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

সপক্ষে যুক্তি: সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূর্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকেই চিনাই।

বিপক্ষে যুক্তি: সি আনক ভদ্রতা শিকাই নিজে ভদ্রতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে, যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়।

(ঘ) ঋতুৰাজে যদি সৰু কে’ক টুকুৰা খাবলৈ অমান্তি হ’লহেঁতেন, তেন্তে কাহিনীটো কিদৰে শেষ হ’লহেঁতেন?

উত্তৰঃ তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন, অথবা তপন আৰু ঋতুৰাজৰ মাজত এটা সামান্য মন-কষা হোৱাটোও সম্ভৱ আছিল।

৫. কোনে, কাক আৰু কিয় কৈছিল লিখা-

(ক) “ইয়াতে দুটুকুৰা কে’ক আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি।”

তপনৰ মাকে তপনক কৈছিল।

কাৰণ: সি ঋতুৰাজক বেছি মৰম কৰিছিল।

(খ) “তই সঁচাকৈয়ে বৰ ভদ্ৰ ল’ৰা। তোৰ নিচিনা ল’ৰাক আমাৰ যোচেফ ছাৰে বৰ ভাল পাব।”

তপনে ঋতুৰাজক কৈছিল।

কাৰণ: তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্রশংসা কৰিছিল।

৬. ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে-

    ভাল লগা কাৰণ                                           বেয়া লগা কাৰণ

কথাপাতি কৰিব পৰা যায়

মাকে ঋতুৰাজক বেছি মৰম কৰে

ফুৰিবলৈ যায়

 গাখীৰ কম হলে তপনে নাপায়

লুডু আৰু কেৰম খেলিবলৈ সঙ্গী থাকে

মাছ বিলাবৰ সময়ত বেয়া অংশ পায়

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top