Might Learn Logo Might Learn

SCERT Class 6 Social Science Chapter 16 Answer | মৌৰ্য সাম্ৰাজ্য

১। উত্তৰ লিখা-

(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

উত্তৰঃ মৌৰ্য সাম্ৰায্য।

(খ) মৌৰ্য সাম্ৰায্যৰ উত্থানৰ বিষয়ে আমি কি কি সমল জানিব পাৰো?

উত্তৰঃ কৌটিল্যৰ ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিলিচৰ ইণ্ডিকা নামৰ পুঠি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা আদি।

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামৰ কি কি আছিল?

উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তক্ষশীলাৰ পৰা পাতলিপুত্ৰলৈ এটা ডাঙৰ আলিবাট বন্ধা হৈছিল। সাম্ৰায্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই আলিবাটতো অতিশয় গুৰুত্বপূৰ্ণ আছিল। শাসনকালতে সাম্ৰায্যৰ বিভিন্ন ঠাইত হ্ৰদ, জলাশয়, খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। বৰ্তমান গুজৰাত ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ তেওঁৰ শাসনকালত উৎকৃষ্ট নিৰ্দশন। এইবোৰেই চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কাম।

(ঘ) চাণক্য কোন? তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যক কিদৰে সহায় কৰিছিল?

উত্তৰঃ চাণক্য হ’ল চন্দ্ৰগুপ্তৰ ৰাজসভাত থকা এজন প্ৰধান সেনাপতি। আদিতে চন্দ্ৰগুপ্ত মৌৰ্যত কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোক নাছিল। চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰায্য প্ৰতিষ্ঠা কৰা কামত চাণক্য নামৰ ব্ৰাক্ষ্মণ পণ্ডিতজনে তেওঁক সহায় কৰিছিল।

(ঙ) সম্ৰাট অশোকক কিয় ৰাজৰ্ষি অশোক বুলি কোৱা হৈছিল?

উত্তৰঃ তেওঁ বিশাল সাম্ৰায্যৰ অধিপতি হৈয়ো সন্যাসীৰ দৰে জীৱন-যাপন কৰা বাবে তেওঁক ৰাজৰ্ষি অশোক বুলি কোৱা হৈছিল।

(চ) সম্ৰাত অশোকে শিলালিপিসমূহ কি কি ভাষাত লিখাইছিল?

উত্তৰঃ পালি বা প্ৰাকৃত ভাষাত লিখিছিল।

(ছ) মৌৰ্য শিল্পকলাৰ নিদৰ্শনসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায়?

উত্তৰঃ স্তুপসমূহপৰ ভিতৰত সাঁচীৰ স্তুপটোত পোৱা যায়।

(জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল?

উত্তৰঃ মেগাস্থিনিচৰ ইণ্ডিকা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ পৰা মৌৰ্য যুগৰ সামাজিক ব্যৱস্থাৰ কথা জানিব পাৰি। চাৰি বৰ্ণৰ প্ৰথা তেতিয়াওঁ চলিছিল। এনেকুৱাই আছিল মৌৰ্য যুগৰ সমাজ ব্যৱস্থা।

২। শুদ্ধ/অঅশুদ্ধ বিচাৰ কৰা-

(ক) কৌটিল্য়ৰ আন এটা নাম চাণক্য় আছিল।

উত্তৰঃ শুদ্ধ।

(খ) মেগাস্থিনিচে ‘অৰ্থশাস্ত্ৰ’ লিখিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) সম্ৰাট অশুকে নিজ সন্তানক বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাই দিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) উপগুপ্ত সম্ৰাট অশুকৰ ধৰ্মগুৰু আছিল।

উত্তৰঃ অশুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects