SCERT Class 6 Social Science Chapter 7 Answer | অসমঃ জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি

(১) উত্তৰ দিয়া-

(ক) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল?

উত্তৰঃ কৃষিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল।

(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ উদ্ভিদৰ গঠন, চাৰিত্ৰিক বৈশষ্ট্য, জলবায়ু, আৰু ভূ-প্ৰকৃতি আদি চিৰসেউজীয়া গছৰ প্ৰধান বৈশিষ্ট্য।

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ?

উত্তৰঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান বাগছা জিলাত অৱস্থিত ।

(ঘ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ উদ্ভিদ অৰণ্য অৰ্থাৎ নানান হাবিত অথবা সাৰ নিদিয়াকৈ কোনেও যতন নকৰাকৈ নিজে-নিজে উৎপন্ন হয়। সেইবোৰ উদ্ভিদকে প্ৰাকৃতিক উদ্ভিদ বোলে।

(২) চমু উত্তৰ লিখা-

(ক) জলবায়ু বুলিলে কি বুজা?

উত্তৰঃ অসমৰ তিনিওফালে থকা পৰ্বত-পাহাৰ, মালভূমি, খাল-বিল, জলাশয় আদিৰ প্ৰভাৱত অসমত এক নিৰ্দিষ্ট বায়ুৱে বিৰাজ কৰে ইয়াকে জলবায়ু বোলে।

(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰধান ঋতু ৬টা হ’ল- গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(গ) বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি ?

উত্তৰঃ কিছু বায়ু পুঞ্জ উত্তৰ হিমালয় পৰ্বতত খুন্দা মাৰি ওপৰলৈ উঠে। এইদৰে জলীয় ভাপ বহন কৰি অনা দক্ষিণ-পশ্চিম মৌছুমী বায়ু চেঁচা হৈ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। সেইবাবে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হয়।

(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ?

উত্তৰঃ জলবায়ু অনুসৰি খেতি হয় বুলি জনাজাত। ভাল জলবায়ুত সদায় ভাল খেতি হয়। আনহাতে জলবায়ুত প্ৰদূষিত গেছ থাকিলে খেতি ভাল নহয়।

(ঙ) চিৰসেউজীয়া উদ্ভিদৰ আৰু পৰ্ণপাতী উদ্ভিদৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰঃ চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যবোৰ হ’ল-

চিৰসেউজীয়া উদ্ভিদৰ হাবিত সাধাৰণতে নাগেশ্বৰ, হলং, হলখ, শিশু, আমাৰি, অগৰু, খোকান আদি মূল্যৱান উদ্ভিদ পোৱা যায়।

আনহাতে পৰ্ণপাতী উদ্ভিদৰ হাবিত সাধাৰণতে চেগুণ, শাল, সোণাৰু, শিমলু, খয়েৰ, কদম, শিলিখা, ভোমোৰা, নিম, আদি মূল্যৱান গছ পোৱা যায়।

(৩) খালী ঠাই পূৰ কৰা-

(ক) কোনো এটা অঞ্চলত কমেও ৫০ বছৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয়।

(খ) জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক ৬ টা ঋতুত ভাগ কৰা হৈছে।

(গ) ভাৰতবৰ্ষত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান সৰ্বপ্ৰথম।

(ঘ) মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

(ঙ) বৰ্তমান অসমত মুঠ ১৯ খন অভয়াৰণ্য় আছে।

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান এশিঙীয়া গড়ৰ বাবে বিখ্য়াত।

(ছ) শীতকালত দিন চুটি আৰু ৰাতি দীঘল হয়।

(৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ’ল-

উত্তৰঃ মৌচিনৰাম।

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত?

উত্তৰঃ গোলাঘাট।

(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ হ’ল-

উত্তৰঃ পৰ্ণপাতী উদ্ভিদ।

(ঘ) উদ্ভিদে এৰি দিয়া গেছবিধ হ’ল-

উত্তৰঃ অক্সিজেন।

Leave a Reply

Your email address will not be published. Required fields are marked *