SCERT Class 6 Social Science Chapter 8 Answer | আমাৰ ভাৰতবৰ্ষ

(ক) উত্তৰ দিয়া-

(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি?

উত্তৰঃ উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল।

(২) দক্ষিণ ভাৰতৰ ৪খন নদীৰ নাম লিখা?

উত্তৰঃ গংগা, যমুনা, কৃষ্ণা আৰু কাবেৰি।

(৩) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা?

উত্তৰঃ চীন, নেপাল, ভূটান, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ।

(৪) ভাৰতবৰ্ষত মূঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

উত্তৰঃ ভাৰতবৰ্ষত মুঠতে ২৯খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

(৫) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন?

উত্তৰঃ উত্তৰ ভাৰতৰ এই বিশাল নদীগঠিত সমভূমি অঞ্চলটো সিন্ধু, গঙ্গা, আৰু ব্ৰক্ষ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী বাবে এই অঞ্চলত জনবসতিও ঘন।

(৬) ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্মিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য হৈছে- পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা।

(৭) ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰময় দেশ বুলি কোৱা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষৰ আয়তনৰ বিশালতা, প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা, ভাষা, ধৰ্ম, ৰীতি-নীতি, ইতিহাস, আদিৰ বিভিন্নতা ভাৰতবৰ্ষৰ বিদ্যামান। এনে থকা সত্বেও সকলো ভাৰতীয়ই আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। ভাৰতীয় মানুহৰ সহনশীলতা, সহযোগিতা আৰু ঐক্যতাই ভাতৃত্ববোধৰ পৰিচয় দি পৃথিৱীৰ ভিতৰতে এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেইবাবে ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যময় দেশ বুলি কোৱা হয়।

(খ) সোঁফালৰ লগত বাঁওফাল মিলোৱা-

উত্তৰঃ

বাওঁফাল – সোঁফাল

এভাৰেষ্ট – পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃঙ্গ ।

তাপ্তী – দক্ষিণ ভাৰতৰ নদী ।

আন্দামান আৰু নিকোবৰ – বংগোপসাগৰত থকা দ্বীপপূঞ্জ ।

নেপাল – স্বাস্থ্যকৰ ঠাই ।

নাইনিতাল – ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ।

(গ) খালী ঠাই পূৰ কৰা-

(১) ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ’ল

(কন্যাকুমাৰী / পণ্ডিচেৰী)।

(২) ভাৰতবৰ্ষক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে (বিষুৱ ৰেখাই/মকৰ ক্ৰান্তি ৰেখাই/কৰ্কটক্ৰান্তি ৰেখাই)।

(৩) গংগা নদীৰ উৎস হিমবাহ গংগোত্ৰী (টামছুক খাম্বাব/গংগোত্ৰী)।

(৪) পক্ প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে (চুৱেজ খালে/পানামা খালে/পক্ প্ৰণালীয়ে)।

ঘ) ভূচিত্ৰাবলী বা মানচিত্ৰ সহায় লৈ উত্তৰ উলিওৱা ।

১) আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম ।

উত্তৰঃ আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম হল নৰ্মদা আৰু তাপ্তী ।

২) হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা-ওচৰিকৈ থকা তিনিখন দেশৰ নাম ।

উত্তৰঃ হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা-ওচৰিকৈ থকা তিনিখন দেশৰ নাম হল
ভাৰত, চীন আৰু নেপাল ।

৩। ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ কি ?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ হল শ্ৰী লংকা ।

৪। ভাৰতবৰ্ষৰ পূব-উপকূল আৰু পশ্চিম উপকুলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা ।

উত্তৰঃ ভাৰতৰ পূব-উপকুলত পৰা নদী – মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী ।
পশ্চিম উপকুলত পৰা নদী – নৰ্মদা আৰু তাপ্তী ।

Leave a Reply

Your email address will not be published. Required fields are marked *