ছাতৰৰ কৰ্তব্য়
প্ৰশ্ন ১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ কি কি গুণ থাকিব লাগে?
উত্তৰঃ শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ বিদ্যালাভৰ প্ৰতি গভীৰ হেঁপাহ, দৃঢ় প্ৰতিজ্ঞা, জ্ঞানৰ প্ৰতি পিপাসা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম কৰাৰ গুণ থাকিব লাগে।
(খ) ছাত্ৰ-ছাত্ৰীয়ে মনে মনে কি হ’ম বুলি প্ৰতিজ্ঞা কৰিব লাগে?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে মনে মনে “মই সকলো বিদ্যাত পাৰ্গত হ’ম” বুলি প্ৰতিজ্ঞা কৰিব লাগে।
(গ) প্ৰকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ প্ৰকৃত জ্ঞানী লোকক লেখকে দেৱতাৰ লগত তুলনা কৰিছে।
(ঘ) বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে?
উত্তৰঃ বিদ্যা আয়ত্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে পুৰণি কালৰ ঋষিসকলৰ দৰে একাগ্ৰতাৰে তপস্যা কৰিব লাগে। বিদ্যালয়ক কেৱল ধেমালিৰ ঠাই বুলি নাভাবি মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে। কিতাপবোৰ ভালদৰে পঢ়ি বুজি নোপোৱা কথাবোৰ সুধি বুজি ল’ব লাগে। লগতে পঢ়া কথাবোৰ মনত ৰাখিবলৈ দুবাৰ-এবাৰ লিখাৰ অভ্যাস কৰিব লাগে।
(ঙ) লেখকে বেছি লাজৰ কথা কি বুলি কৈছে?
উত্তৰঃ লেখকে কৈছে যে জগতত বিদ্যা, বিদ্যা শিকাৰ উপায় আৰু নিজৰ শক্তি থকা সত্ত্বেও সেইবোৰৰ প্ৰতি অৱহেলা কৰি মূৰ্খ হৈ থকাটোৱেই আটাইতকৈ বেছি লাজৰ কথা।
প্ৰশ্ন ২। ভাবি উত্তৰ দিয়া।
(ক) দেশৰ উন্নতি কেনেকৈ হ’ব পাৰে?
উত্তৰঃ যিসকল ছাত্ৰই কিতাপ পঢ়ি অপাৰ আনন্দ পায় আৰু পঢ়াত মগ্ন হৈ কেতিয়াবা ভাত-পানী খাবলৈকো পাহৰি যায়, তেওঁলোকেই প্ৰকৃত বিদ্যাৰ তপস্বী। এনে বিদ্যাৰ তপস্বীৰ সংখ্যা দেশত বেছি হ’লেই দেশৰ উন্নতি হ’ব পাৰে।
(খ) কিতাপ পঢ়াৰ উপৰি আৰু কি কি ধৰণে নানা বিদ্যা, কাৰ্য আৰু শক্তি বঢ়াব পাৰি?
উত্তৰঃ কিতাপ পঢ়াৰ উপৰি নানা ভাষা শিকা, সাহিত্য, ব্যাকৰণ, গণিত, ভূগোল আদি অধ্যয়ন কৰা, গান গোৱা, ছবি অঁকা, বক্তৃতা দিয়া, পুথি ৰচনা কৰা, খেতি-বাতি কৰা, বেপাৰ-বাণিজ্য শিকা আৰু কাঠ-বাঁহৰ কাম আদি বিভিন্ন কাৰ্যৰ জৰিয়তে জ্ঞান আৰু দক্ষতা বঢ়াব পাৰি। মানুহে নিজৰ শক্তি আৰু সুবিধা অনুসৰি এইবোৰ বিদ্যা আহৰণ কৰিব লাগে।
(গ) স্কুললৈ যোৱাৰ উদ্দেশ্য কি কি?
উত্তৰঃ স্কুললৈ যোৱাৰ প্ৰধান উদ্দেশ্য হৈছে বিদ্যা আৰু জ্ঞান আহৰণ কৰা। ইয়াৰ জৰিয়তে ধন, মান আৰু যশস্যা বৃদ্ধি কৰিব পাৰি। লগতে পিতৃ-মাতৃ, ভাই-বন্ধু আৰু দেশৰ লোকসকলৰ সুখ-সন্তোষ সাধন কৰিব পাৰি। বিদ্যা আহৰণৰ জৰিয়তে ইহকাল আৰু পৰকালত সুখ লাভ কৰা আৰু মৃত্যুৰ পাছতো নিজৰ নাম যুগমীয়া কৰি ৰখাটো স্কুললৈ যোৱাৰ আন এক উদ্দেশ্য।
প্ৰশ্ন ৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) “এখন এখন কিতাপ এজন এজন লগৰীয়া।”
উত্তৰঃ
প্ৰসংগঃ উক্ত কথাফাঁকি লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ নামৰ পাঠটোৰ পৰা লোৱা হৈছে।
সংগতিঃ কিতাপ পঢ়াৰ উপকাৰিতা আৰু কিতাপে কেনেদৰে আমাৰ লগৰীয়াৰ দৰে কাম কৰে, সেই কথা বুজাবলৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ লেখকে কিতাপক এজন ভাল লগৰীয়াৰ লগত তুলনা কৰিছে। আমি যিমান বেছি কিতাপ পঢ়োঁ, সিমানেই আমাৰ জ্ঞান বৃদ্ধি পায় আৰু নতুন নতুন বিষয়ৰ বিষয়ে জানিব পাৰোঁ। কিতাপৰ জৰিয়তে ব্যাস, বাল্মীকি আৰু কালিদাসৰ দৰে মহান পণ্ডিতসকলৰ চিন্তা-ভাবনাৰ সৈতেও পৰিচিত হ’ব পাৰোঁ। সেইবাবে লেখকে এখন এখন কিতাপক এজন এজন লগৰীয়াৰ সৈতে তুলনা কৰিছে।
(খ) “কিতাপৰ পোক এই সংসাৰত মহাসুখী।”
উত্তৰঃ
প্ৰসংগঃ উক্ত কথাষাৰ লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ নামৰ পাঠটোৰ পৰা লোৱা হৈছে।
সংগতিঃ কিতাপ পঢ়াৰ পৰা পোৱা অপাৰ আনন্দৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ যিসকল লোকে কিতাপ পঢ়ি অপাৰ আনন্দ পায় আৰু সদায় কিতাপৰ মাজত মগ্ন হৈ থাকে, তেওঁলোকক লেখকে ‘কিতাপৰ পোক’ বুলি কৈছে। কিতাপ পঢ়াৰ প্ৰতি তেওঁলোকৰ ইমান একাগ্ৰতা থাকে যে কেতিয়াবা ভাত-পানী খাবলৈকো পাহৰি যায়। কিতাপ পঢ়াৰ পৰা পোৱা এই আনন্দ অমূল্য। সেইবাবে লেখকৰ মতে, কিতাপৰ পোকসকল এই সংসাৰত মহাসুখী।
(গ) “কিতাপ আমাৰ দিব্যচকু।”
উত্তৰঃ
প্ৰসংগঃ উক্ত কথাষাৰ লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ নামৰ পাঠটোৰ পৰা লোৱা হৈছে।
সংগতিঃ কিতাপৰ জৰিয়তে আমি পৃথিৱীৰ বহু নজনা কথা জানিব পাৰোঁ। এই কথা বুজাবলৈ লেখকে কিতাপক ‘দিব্যচকু’ বুলি কৈছে।
ব্যাখ্যাঃ ‘দিব্যচকু’ মানে জ্ঞানৰ চকু। সাধাৰণ চকুৰে আমি সকলো বস্তু দেখা বা সকলো কথা জনা সম্ভৱ নহয়। কিন্তু কিতাপ পঢ়ি আমি অতীতৰ ঘটনা, বিভিন্ন দেশৰ খবৰ, আকাশৰ গ্ৰহ-নক্ষত্ৰ আৰু পৃথিৱীৰ নানা বিষয়ৰ বিষয়ে জানিব পাৰোঁ। কিতাপে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে আৰু নজনা বিষয়বোৰৰ সৈতে চিনাকি কৰায়। সেয়েহে কিতাপক আমাৰ ‘দিব্যচকু’ বুলি কোৱা হৈছে।
প্ৰশ্ন ৪। তলত দিয়া বাক্যকেইটা মনোযোগেৰে পঢ়া, ভাবা আৰু বহলাই লিখা।
(ক) সময় বৰ ডাঙৰ বস্তু।
উত্তৰঃ সময় মানুহৰ জীৱনৰ অতি মূল্যৱান সম্পদ। এবাৰ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি। যিসকলে ছাত্ৰ অৱস্থাত সময়ৰ সদ্ব্যৱহাৰ নকৰি অলসতা আৰু অনৰ্থক কামত সময় নষ্ট কৰে, তেওঁলোকে পিছত দুখ-কষ্ট আৰু অনুতাপ ভোগ কৰিবলগীয়া হয়। আনহাতে, যিসকলে নিয়মিত পঢ়া-শুনা আৰু ভাল কামত সময় ব্যয় কৰে, তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰে। সেয়েহে ভৱিষ্যতে জ্ঞান আৰু সুখ লাভ কৰিবলৈ আমি সময়ৰ উচিত ব্যৱহাৰ কৰিব লাগে।
(খ) মানুহৰ অসাধ্য একো নাই।
উত্তৰঃ মানুহৰ দৃঢ় ইচ্ছাশক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম থাকিলে যিকোনো কঠিন কাম সম্পন্ন কৰিব পাৰে। এজন মানুহে যত্ন আৰু অধ্যৱসায়ৰ জৰিয়তে কোনো বিদ্যা বা কঠিন কাম আয়ত্ত কৰিব পাৰিলে আন এজন মানুহেও একেদৰে চেষ্টা কৰি সফলতা লাভ কৰিব পাৰে। জীৱনত বাধা-বিঘিনি আহিলেও ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িব লাগে। সেয়েহে দৃঢ় প্ৰতিজ্ঞা আৰু নিৰন্তৰ পৰিশ্ৰমৰ বলত মানুহে বহু অসাধ্য কামো সাধন কৰিব পাৰে।
প্ৰশ্ন ৫। তলত দিয়া অৰ্থৰ লগত খাপখোৱা শব্দ পাঠৰ পৰা বিচাৰি আনি লিখা।
| শব্দ | অৰ্থ |
|---|---|
| বাঞ্ছা | ইচ্ছা; অভিলাষ |
| পুৰুষাৰ্থ | যত্ন; চেষ্টা; পৰিশ্ৰম |
| পিপাসা | বৰ ইচ্ছা; পিয়াহ |
| ঐশ্বৰ্য | প্ৰচুৰ ধন-সম্পত্তি |
| সংশয় | আশংকা; সন্দেহ |
প্ৰশ্ন ৬। (ক) তলৰ তালিকাখন সম্পূৰ্ণ কৰা।
| পাঠত থকা মূল ধাৰণাসমূহ | কোনটো দফাত আছে | অন্তৰ্নিহিত ভাব প্ৰকাশক কথা |
|---|---|---|
| আমি স্কুললৈ যোৱাৰ অভিপ্ৰায় | প্ৰথম | বিদ্যা আহৰণ কৰা, ধন, মান আৰু যশস্যা বৃদ্ধি কৰা, পিতৃ-মাতৃ, ভাই-বন্ধু আৰু দেশৰ লোকসকলৰ সুখ-সন্তোষ সাধন কৰা। |
| স্কুললৈ যোৱাৰ অভিপ্ৰায় পূৰণৰ উপায় | প্ৰথম | যত্ন, পৰিশ্ৰম, বিদ্যালাভৰ প্ৰতি হেঁপাহ আৰু একাগ্ৰতা। |
| পঢ়া বা শিকা কথাবোৰ আয়ত্ত কৰাৰ উপায় | দ্বিতীয় | কিতাপ মনোযোগেৰে পঢ়া, বুজি নোপোৱা কথা সুধি বুজি লোৱা আৰু পঢ়া কথাবোৰ দুবাৰ-এবাৰ লিখা। |
| জ্ঞান আহৰণৰ উৎস | দ্বিতীয় | স্কুলৰ কিতাপৰ লগতে আন আন কিতাপ আৰু বাতৰি কাকত পঢ়া। |
| বিদ্যা আহৰণ আৰু সময়ৰ সদ্ব্যৱহাৰৰ সম্পৰ্ক | দ্বিতীয় | সময়ৰ সদ্ব্যৱহাৰ নকৰিলে জীৱনত দুখ-কষ্ট ভোগ কৰিবলগীয়া হয়। |
| কিতাপ পঢ়াৰ উপকাৰ | দ্বিতীয়/তৃতীয় | কিতাপ পঢ়িলে জ্ঞান আৰু বুদ্ধি বৃদ্ধি পায়। কিতাপ আমাৰ দিব্যচকু। |
| কিতাপৰ যোগেদি লগৰীয়া লাভ | তৃতীয় | কিতাপৰ জৰিয়তে ব্যাস, বাল্মীকি আৰু কালিদাসৰ দৰে মহান ব্যক্তিসকলৰ চিন্তা-ভাবনাৰ সৈতে পৰিচিত হ’ব পাৰি। |
| কিতাপৰ পোকেই প্ৰকৃত বিদ্যাৰ তপস্বী | তৃতীয় | যিসকলে কিতাপ পঢ়ি অপাৰ আনন্দ পায় আৰু পঢ়াত মগ্ন হৈ ভাত-পানী খাবলৈকো পাহৰি যায়, তেওঁলোকেই প্ৰকৃত বিদ্যাৰ তপস্বী। |
| জ্ঞান বঢ়োৱাৰ উপায় | চতুৰ্থ | নানা কিতাপ পঢ়া, বিভিন্ন ভাষা শিকা আৰু সাহিত্য, ব্যাকৰণ, গণিত, বিজ্ঞান আদি অধ্যয়ন কৰা। |
| মূৰ্খামি লাজৰ কাৰক | পঞ্চম | বিদ্যা শিকাৰ উপায় আৰু নিজৰ শক্তি থকা সত্ত্বেও অৱহেলা কৰি মূৰ্খ হৈ থকাটো আটাইতকৈ বেছি লাজৰ কথা। |
| নিজৰ শক্তি আৰু সুবিধামতে বিদ্যা আহৰণ | চতুৰ্থ | মানুহৰ নিজৰ শক্তি আৰু সুবিধা অনুসৰি প্ৰয়োজনীয় বিদ্যা আৰু কাৰ্য শিকা উচিত। |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post