Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Assamese Chapter 14 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 14 “উত্তৰণৰ যাত্ৰা” Answer | New Update 2026 | |

উত্তৰণৰ যাত্ৰা

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা।


(ক) পাঠটোৰ আৰম্ভণিত উল্লেখ থকা ছবছৰীয়া সৰু ল’ৰাজনৰ নাম কি?

(ক) হেনৰী

(খ) ফ্ৰেংক

(গ) ৰালফ ব্ৰ’ন

(ঘ) ইড

উত্তৰঃ (গ) ৰালফ ব্ৰ’ন।


(খ) কিহৰ বাবে সদায়ে বিশেষভাৱে সক্ষম লোকসকল পৰনিৰ্ভৰশীল হ’বলগীয়া হয়?

(ক) যাতায়াত

(খ) ঔষধ

(গ) আৱিষ্কাৰ

(ঘ) খবৰ

উত্তৰঃ (ক) যাতায়াত।


(গ) ব্ৰ’নে কাৰ দুৰ্ঘটনাৰ খবৰ পোৱা নাছিল?

(ক) দেউতাকৰ

(খ) মাকৰ

(গ) খুৰাকৰ

(ঘ) হেনৰীৰ

উত্তৰঃ (ক) দেউতাকৰ।


প্ৰশ্ন ২। তলত দিয়া শব্দবোৰৰ অৰ্থ প্ৰকাশ কৰা উপযুক্ত শব্দবোৰ লিখা।

শব্দ অৰ্থ
বোকোচা মানুহ বা বস্তু বৈ নিয়া মানুহৰ পিঠি
স্বনিৰ্ভৰ আত্মনিৰ্ভৰ
অনুসন্ধান বিচাৰ-খোচাৰ কৰা কাৰ্য
পণ প্ৰতিজ্ঞা
উত্তৰণ উন্নতি
দুৰ্ঘটনা আকস্মিক বিপদ


প্ৰশ্ন ৩। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।


(ক) ৰালফ ব্ৰ’ন কি ৰোগত আক্ৰান্ত হৈছিল?

উত্তৰঃ মাংসপেশীয় দুৰ্বিকাশ (Muscular Dystrophy)।


(খ) কাৰ কথাত ব্ৰ’নৰ মাক-দেউতাকৰ খং উঠিছিল?

উত্তৰঃ ডাক্তৰৰ কথাত।


(গ) মাংসপেশীয় দুৰ্বিকাশ (Muscular Dystrophy) বেমাৰৰ কি কি লক্ষণ ব্ৰ’নৰ শৰীৰত দেখা দিছিল?

উত্তৰঃ ব্ৰ’নৰ শৰীৰত দেখা দিয়া মাংসপেশীয় দুৰ্বিকাশ বেমাৰৰ লক্ষণসমূহ হ’ল—

  • ভাগৰুৱা হোৱা।
  • মাংসপেশী দুৰ্বল হোৱা।
  • খোজ কাঢ়িব নোৱাৰা।


(ঘ) ব্ৰ’নে খোলা কোম্পানীয়ে কি নিৰ্মাণ কৰে?

উত্তৰঃ মটৰচালিত স্কুটাৰ।


(ঙ) ৰালফ ব্ৰ’নৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ ‘Rise Above’।

প্ৰশ্ন ৪। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবি লিখা।


(ক) ব্ৰ’নৰ মাক-দেউতাক কিয় চিন্তিত হৈছিল?

উত্তৰঃ ব্ৰ’ন মাংসপেশীয় দুৰ্বিকাশ নামৰ এক বেমাৰত আক্ৰান্ত হৈছিল। এই বেমাৰৰ বাবে ব্ৰ’নৰ পেশীসমূহ দুৰ্বল হৈ পৰিছিল। সেইবাবে ব্ৰ’নৰ মাক-দেউতাক চিন্তিত হৈছিল।


(খ) ব্ৰ’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কিয় কৈছিল?

উত্তৰঃ ব্ৰ’ন মাংসপেশীয় দুৰ্বিকাশ নামৰ এক ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগত আক্ৰান্ত হ’লে সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰে। সেই সময়ত এই ৰোগৰ বিষয়ে বিশেষ গৱেষণা হোৱা নাছিল। সেইবাবে ডাক্তৰে ব্ৰ’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি কৈছিল।


(গ) ৰালফ ব্ৰ’নে কোম্পানী প্ৰতিষ্ঠা কৰাৰ আঁৰৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলৰ অভাৱ-অসুবিধাই ব্ৰ’নক চিন্তিত কৰিছিল। তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিবলৈ ব্ৰ’ন প্ৰতিজ্ঞাবদ্ধ হৈছিল। সেইবাবে তেওঁ এটা কোম্পানী আৰম্ভ কৰে। তাতেই তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়ায়।


প্ৰশ্ন ৫। ৰালফ ব্ৰ’নক পিতৃ-মাতৃয়ে কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ ব্ৰ’ন মাংসপেশীয় দুৰ্বিকাশ নামৰ এক ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগত আক্ৰান্ত হ’লে সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰে। সেই ৰোগৰ বিষয়ে সেই সময়ত বিশেষ গৱেষণা হোৱা নাছিল। ব্ৰ’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কৈছিল। আনকি হাস্পতালতে তেওঁক এৰি থৈ যাবলৈও কৈছিল, যাতে এই ৰোগৰ বিষয়ে গৱেষণা কৰিব পাৰে। এই কথাত ব্ৰ’নৰ মাক-দেউতাকৰ খং উঠিছিল। নিজৰ ল’ৰাটোক আৰোগ্য কৰিবলৈ তেওঁলোকে পণ ল’লে।

কিছু বছৰৰ পাছত ব্ৰ’নৰ ভৰি দুখনে কাম নকৰা হ’ল। তেওঁক দেউতাকে বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিবলগীয়া হৈছিল। এবাৰ গাড়ী দুৰ্ঘটনাত দেউতাকে ডিঙিত যথেষ্ট আঘাত পাইছিল। তথাপি দেউতাকে তেওঁক পিঠিত উঠাই ঘূৰাই লৈ ফুৰিছিল।


প্ৰশ্ন ৬। বিশেষভাৱে সক্ষম লোকসকলক ব্ৰ’নে কেনেদৰে সহায় কৰিলে?

উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত হোৱা অসুবিধাবোৰ ব্ৰ’নে হাড়ে-হিমজুৱে বুজি উঠিছিল। কাৰণ, তেওঁ নিজৰ জীৱনতে এই সমস্যাসমূহৰ মুখামুখি হৈছিল। যাতায়াতৰ বাবে সদায়ে বিশেষভাৱে সক্ষম লোকসকলে পৰনিৰ্ভৰশীল হ’বলগীয়া হয়। কাৰণ, সকলো সময়তে মাক-দেউতাক তেওঁলোকৰ লগত থাকিব নোৱাৰে আৰু আন সকলো মানুহো মাক-দেউতাকৰ দৰে উদাৰচিতীয়া নহয়। সেই সময়ত বিশেষভাৱে সক্ষম লোকসকলৰ যাতায়াত সহজ কৰি দিয়াৰ কথা সমাজেও চিন্তা কৰা নাছিল।

বিশেষভাৱে সক্ষম লোকসকলৰ অভাৱ-অসুবিধাই ব্ৰ’নক চিন্তিত কৰিছিল। তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিবলৈ ব্ৰ’ন প্ৰতিজ্ঞাবদ্ধ হৈছিল। সেইবাবে তেওঁ এটা কোম্পানী আৰম্ভ কৰে। তাতেই তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়ায়।

যথেষ্ট কষ্টৰ মাজেৰে ব্ৰ’নে খোলা কোম্পানীটোৱে বৰ্তমান বিশ্বব্যাপী খ্যাতি লাভ কৰিছে। এই কোম্পানীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধাজনক হোৱাকৈ বাহন তৈয়াৰ কৰে।


প্ৰশ্ন ৭। ‘মোৰ মা-দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে।’ এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?

উত্তৰঃ ওপৰৰ কথাষাৰ হেনৰীয়ে ব্ৰ’নক কৈছিল।

ছবছৰীয়া ব্ৰ’নে যেতিয়া লগৰীয়াৰ লগত সুস্থভাৱে খেলা-ধূলা কৰিব পৰা নাছিল, তেতিয়া মাক-দেউতাকে ব্ৰ’নক হাস্পতাললৈ লৈ গৈছিল। ডাক্তৰজনে ব্ৰ’নক বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি এটা বেমাৰৰ বাবে আন ল’ৰা-ছোৱালীৰ দৰে খোজ কাঢ়িবলৈ আৰু ঘূৰি ফুৰিবলৈ অসুবিধা হোৱা বুলি কৈছিল। ডাক্তৰে দিয়া ঔষধবোৰ লৈ ব্ৰ’নহঁত খুৰাকৰ ঘৰলৈ ঘূৰি আহিছিল। কিন্তু ঔষধকেইটা গাড়ীতে ৰৈ যোৱাত ব্ৰ’নে হেঁপাই-ফোঁপাই আকৌ গাড়ীৰ ওচৰলৈ গৈছিল। থৰক-বৰক খোজেৰে উভতি আহোঁতে ঔষধৰ বাকচটো তেওঁৰ হাতৰ পৰা পৰি গৈছিল। লগৰীয়াকেইটাই বাকচটো পৰা দেখি ব্ৰ’নৰ কাষলৈ দৌৰি আহিছিল। ব্ৰ’নে ভাগৰত ঔষধকেইটাও উঠাবলৈ সক্ষম হোৱা নাছিল। ঔষধকেইটা বুটলি দি হেনৰীয়ে কৈছিল যে তেওঁৰ দেউতাকে কৈছে, ব্ৰ’নৰ গুৰুতৰ অসুখ হৈছে আৰু ভগৱানে হয়তো সোনকালে তেওঁক নিজৰ ওচৰলৈ লৈ যাব পাৰে।


প্ৰশ্ন ৮। ‘তেনেবয়সত দেউতাকৰ বোকোচাত উঠি ফুৰাটো সন্তানৰ বাবে ভৱিষ্যতৰ মধুৰ স্মৃতিৰ সমল।’ ব্ৰ’নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি কিয় নাছিল?

উত্তৰঃ ব্ৰ’নৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি নাছিল। কাৰণ, ব্ৰ’নে ভৰি দুখনেৰে খোজ কাঢ়িব পৰা নাছিল। সেইবাবে দেউতাকে তেওঁক বোকোচাত উঠাই ঘূৰাই লৈ ফুৰিবলগীয়া হৈছিল। বাধ্যত পৰিহে ব্ৰ’নৰ দেউতাকে তেনে কৰিবলগীয়া হৈছিল।


প্ৰশ্ন ৯। তলত দিয়া শব্দকেইটাৰে দুটাকৈ নতুন বাক্য ৰচনা কৰা।

(ক) হাড়ে-হিমজুৱে

১। কৃষকৰ কষ্টবোৰ তেওঁ হাড়ে-হিমজুৱে অনুভৱ কৰিছিল।

২। দুখীয়া মানুহৰ দুখ-কষ্ট হাড়ে-হিমজুৱে নুবুজিলে সহায় কৰিব নোৱাৰি।

(খ) হাঁহি-খিকিন্দালি

১। বিহু উৎসৱত গাঁওখন হাঁহি-খিকিন্দালিৰে মুখৰিত হৈ উঠিল।

২। বন্ধুবোৰে মিলি হাঁহি-খিকিন্দালিৰে সময় পাৰ কৰিলে।

(গ) থৰক-বৰক

১। ভয়তে শিশুটোৱে থৰক-বৰককৈ কঁপি উঠিল।

২। বৃদ্ধজন থৰক-বৰক খোজেৰে ঘৰলৈ আগবাঢ়িল।

(ঘ) অভাৱ-অভিযোগ

১। অভাৱ-অভিযোগ থাকিলেও তেওঁ কেতিয়াও মনোবল হেৰুৱাই নাছিল।

২। গাঁওবাসীয়ে নিজৰ অভাৱ-অভিযোগ চৰকাৰৰ ওচৰত দাঙি ধৰিলে।

(ঙ) জীৱন-যোদ্ধা

১। কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও তেওঁ জীৱন-যোদ্ধাৰ দৰে আগবাঢ়ি গৈছে।

২। প্ৰতিবন্ধকতা জয় কৰা প্ৰতিজন মানুহেই প্ৰকৃত জীৱন-যোদ্ধা।

(চ) হেঁপাই-ফোঁপাই

১। দীঘলীয়া দৌৰৰ পাছত খেলুৱৈজন হেঁপাই-ফোঁপাই বহি পৰিল।

২। খৰখেদাকৈ দৌৰি আহি সি হেঁপাই-ফোঁপাই কথা ক’বলৈ ধৰিলে।


প্ৰশ্ন ১০। তলত দিয়া শব্দবোৰৰ শুদ্ধ বানানটো বিচাৰি উলিয়াই লিখা।


(ক) যাতায়ত, যাতায়াত

উত্তৰঃ যাতায়াত।


(খ) জপিয়াই, জঁপিয়াই

উত্তৰঃ জঁপিয়াই।


(গ) দুৰ্ঘটনা, দূৰ্ঘটনা

উত্তৰঃ দুৰ্ঘটনা।


(ঘ) সম্ভৱনা, সম্ভাৱনা

উত্তৰঃ সম্ভাৱনা।


(ঙ) উদাৰচেতিয়া, উদাৰচেতীয়া

উত্তৰঃ উদাৰচেতিয়া।


(চ) ভবিষ্যত, ভৱিষ্যত

উত্তৰঃ ভৱিষ্যত।


প্ৰশ্ন ১২। তলৰ পদকেইটা কোনবিধৰ বিশেষ্য, লিখা।

পদ বিশেষ্যৰ প্ৰকাৰ
খুৰা সম্বন্ধবাচক
সন্তান জাতিবাচক
ফ্ৰেংক নামবাচক
খং গুণবাচক
পুতলা নামবাচক
খাৱন ক্ৰিয়াবাচক
হাস্পতাল নামবাচক
হেনৰী নামবাচক
নিজৰ নামবাচক
বাকচ নামবাচক


প্ৰশ্ন ১৩। ‘আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস’ কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ ১৯৯২ চনৰ পৰা বিশ্বত প্ৰতি বছৰে ৩ ডিচেম্বৰ তাৰিখে ‘আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস’ পালন কৰা হয়।


প্ৰশ্ন ১৪। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস কিয় পালন কৰা হয়?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসত বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাৰৰ লগতে তেওঁলোকৰ কল্যাণৰ দিশসমূহ সমাজত প্ৰচাৰ কৰা হয়। এই দিনটোৰ উদ্দেশ্য হ’ল তেওঁলোকৰ সুবিধা-অসুবিধাসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।


প্ৰশ্ন ১৫। সমাজত সমমৰ্মিতা আৰু সহমৰ্মিতাৰ কিয় প্ৰয়োজন হয়, লিখা।

উত্তৰঃ সমমৰ্মিতা মানে আনৰ অনুভূতি, সুখ-দুখ আৰু কষ্ট বুজি পোৱাৰ ক্ষমতা। আনহাতে, সহমৰ্মিতা মানে আনৰ দুখত সহানুভূতি প্ৰকাশ কৰি সহায়ৰ হাত আগবঢ়োৱা।

সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ এই দুয়োটা গুণ অতি প্ৰয়োজনীয়। সমমৰ্মিতা থাকিলে মানুহে আনৰ সমস্যা আৰু কষ্ট উপলব্ধি কৰিব পাৰে। ইয়াৰ ফলত মানুহৰ মাজত ভাল সম্পৰ্ক আৰু পাৰস্পৰিক বিশ্বাস গঢ়ি উঠে।

সহমৰ্মিতাই মানুহক আনৰ বিপদত সহায় কৰিবলৈ উৎসাহিত কৰে। কোনো ব্যক্তি দুখ-কষ্টত পৰিলে আনসকলে সহায়-সহযোগিতা আগবঢ়ালে সমাজত একতা আৰু মানৱীয় মূল্যবোধ বৃদ্ধি পায়।

সেয়েহে এখন সুস্থ, শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়িবলৈ সমমৰ্মিতা আৰু সহমৰ্মিতাৰ অতি প্ৰয়োজন।


প্ৰশ্ন ১৬। ‘বিশেষভাৱে সক্ষম লোকে শাৰীৰিক বাধা নেওচি সমাজৰ উন্নতিৰ বাবে অৰিহণা আগবঢ়ায়।’ এনে এজন ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এখন জীৱনীমূলক ৰচনা লিখা।

হেলেন কেলাৰ

ভূমিকা: মানুহৰ জীৱনত বাধা-বিপত্তি আহিবই পাৰে। কিন্তু সাহস, আত্মবিশ্বাস আৰু অধ্যৱসায় থাকিলে সেই বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব পাৰি। পৃথিৱীত বহু বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিজৰ অদম্য মনোবলৰ জৰিয়তে সমাজলৈ অসাধাৰণ অৱদান আগবঢ়াইছে। তেনে এগৰাকী মহান ব্যক্তিত্ব হ’ল হেলেন কেলাৰ। তেওঁ শাৰীৰিক সীমাবদ্ধতাক জয় কৰি সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।

জন্ম আৰু শৈশৱ: হেলেন কেলাৰৰ জন্ম ১৮৮০ চনৰ ২৭ জুন তাৰিখে আমেৰিকাৰ আলাবামা ৰাজ্যত হৈছিল। সৰু বয়সতে তেওঁ এক ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগৰ ফলত তেওঁ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটাই হেৰুৱাই পেলাইছিল। ফলত তেওঁ আন শিশুৰ দৰে দেখা, শুনা বা স্বাভাৱিকভাৱে কথা ক’ব পৰা নাছিল। এই কঠিন পৰিস্থিতিৰ বাবে শৈশৱত তেওঁ বহু কষ্ট ভোগ কৰিছিল। কিন্তু তেওঁৰ পৰিয়ালে কেতিয়াও সাহস হেৰুৱাই পেলোৱা নাছিল।

শিক্ষাজীৱন: হেলেন কেলাৰৰ জীৱনত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁৰ শিক্ষয়িত্ৰী এন চেলিভানে। এন চেলিভানে হেলেনক স্পৰ্শৰ জৰিয়তে শব্দ আৰু ভাষা শিকাইছিল। ধৈৰ্য আৰু অধ্যৱসায়েৰে তেওঁ হেলেনক শিক্ষা দিয়াত সফল হৈছিল।

হেলেন কেলাৰে পিছলৈ ব্ৰেইল পদ্ধতি শিকি পঢ়া-শুনা আৰম্ভ কৰিছিল। বহু কষ্ট সহ্য কৰিও তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰা প্ৰথমগৰাকী দৃষ্টিহীন আৰু বধিৰ ব্যক্তি হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল।

সাহিত্য আৰু সমাজসেৱা: হেলেন কেলাৰ কেৱল এগৰাকী শিক্ষিতা ব্যক্তিয়েই নাছিল, তেওঁ এগৰাকী মহান লেখিকা আৰু সমাজসেৱীও আছিল। তেওঁ বহু গ্ৰন্থ লিখিছিল। তেওঁৰ আত্মজীৱনী The Story of My Life বিশ্বজুৰি অতি জনপ্ৰিয়। তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাৰ, শিক্ষা আৰু সমান সুযোগৰ বাবে আজীৱন কাম কৰিছিল। বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ মানুহক সাহস, আশা আৰু আত্মবিশ্বাসৰ বাণী শুনাইছিল।

সমাজলৈ অৱদান: হেলেন কেলাৰে প্ৰমাণ কৰি দেখুৱাইছিল যে শাৰীৰিক অক্ষমতা মানুহৰ সফলতাৰ বাধা নহয়। তেওঁ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। তেওঁৰ জীৱন আৰু কৰ্মই লাখ লাখ মানুহক অনুপ্ৰাণিত কৰিছে। আজিও তেওঁ সংগ্ৰাম, সাহস আৰু মানৱসেৱাৰ প্ৰতীক হিচাপে স্মৰণীয়।

উপসংহাৰ: হেলেন কেলাৰৰ জীৱনী আমাৰ বাবে এক মহান শিক্ষাৰ উৎস। তেওঁ কঠিন বাধা-বিপত্তিৰ মাজতো কেতিয়াও হতাশ হোৱা নাছিল। নিজৰ অদম্য মনোবল, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে তেওঁ বিশ্বজুৰি সন্মান লাভ কৰিছিল।

সেয়েহে আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লৈ সাহস, পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱা উচিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects