Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Assamese Chapter 3 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 3 “ঐতিহ্য়ৰ পম খেদি” Answer | New Update 2026 | |

ঐতিহ্য়ৰ পম খেদি

পাঠভিত্তিক

প্ৰশ্ন ১। তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—

(i) ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল?

(ক) ৰজা পৃথু
(খ) স্বৰ্গদেউ ৰুদ্ৰসিংহ
(গ) লাচিত বৰফুকন
(ঘ) আনন্দৰাম বৰুৱা

উত্তৰঃ (ঘ) আনন্দৰাম বৰুৱা।


প্ৰশ্ন ২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।


(ক) ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি?

উত্তৰঃ ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ’ল— ‘পুষ্পভদ্ৰা’।


(খ) কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত?

উত্তৰঃ কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ’ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত।


(গ) ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক’লৈ স্থানান্তৰিত কৰিছিল?

উত্তৰঃ ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল।


(ঘ) শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে?

উত্তৰঃ শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক্-আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে।


(ঙ) কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল?

উত্তৰঃ কামৰূপৰ ৰজা পৃথুৱে বখ্তিয়াৰ খিল্জীৰ তুৰ্কী বাহিনীক পৰাস্ত কৰিছিল।


প্ৰশ্ন ৩। আলোচনা কৰি কোৱা আৰু লিখা।


(ক) ঐতিহ্যই কি কি দিশ সামৰি লয়?

উত্তৰঃ ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, শিল্প-সাহিত্য, স্থাপত্য-ভাস্কৰ্য আদি দিশ সামৰি লয়। ইয়াৰ উপৰি জ্ঞান-প্ৰযুক্তি, ভাষা, খাদ্য, সাজ-পাৰ আদিও ঐতিহ্যৰ অন্তৰ্ভুক্ত।


(খ) ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ?

উত্তৰঃ ঐতিহ্যৰ প্ৰতি আমি তলত দিয়া ধৰণে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ—

  • অতীতৰ কীৰ্তিচিহ্ন আৰু ঐতিহাসিক স্থানসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰা।
  • ঐতিহ্যৰ স্থান আৰু স্মাৰকসমূহ সংৰক্ষণ কৰা।
  • ঐতিহাসিক সমলসমূহৰ কোনো ধৰণৰ ক্ষতি নকৰা।
  • নতুন প্ৰজন্মক ঐতিহ্যৰ গুৰুত্ব বুজোৱা।
  • সংগ্ৰহালয় আৰু ঐতিহাসিক স্থানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা।
  • পুৰণি ৰীতি-নীতি আৰু উৎসৱসমূহ পালন কৰা।
  • নিজৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰাক সন্মান কৰা।
  • ইতিহাসৰ বিষয়ে ভুল তথ্য প্ৰচাৰ নকৰি সঠিক তথ্য জানিবলৈ চেষ্টা কৰা।


(গ) ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ?

উত্তৰঃ ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে আমি ঐতিহাসিক স্থানসমূহৰ যত্ন ল’ব লাগে আৰু কোনো ধৰণৰ ক্ষতি কৰিব নালাগে। ঐতিহ্য ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰিব লাগে। মূৰ্তি, মন্দিৰ, শিলালিপি, মঠ-মন্দিৰ, নামঘৰ, মছজিদ আদি ঐতিহাসিক আৰু সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।


প্ৰশ্ন ৪। চমুটোকা লিখা।


(ক) দুৰ্জেয়া নগৰ

উত্তৰঃ দুৰ্জেয়া নগৰ বৰ্তমানৰ উত্তৰ গুৱাহাটীত অৱস্থিত প্ৰাচীন কামৰূপ ৰাজ্যৰ এক ঐতিহাসিক ৰাজধানী। পাল বংশৰ ৰজা ৰত্নপালৰ ৰাজধানী আছিল দুৰ্জেয়া নগৰ। তেওঁৰ সময়ৰ তামৰ ফলিত এই ঠাইক ‘দুৰ্জেয়া নগৰ’ বুলি উল্লেখ কৰা হৈছে।

নগৰখনৰ তিনিটা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰ নদীৰে আগুৰা আছিল। সেইবাবে শত্ৰুৱে এই ঠাইখন সহজে জয় কৰিব পৰা নাছিল। সেই কাৰণেই নগৰখন ‘দুৰ্জেয়া’ অৰ্থাৎ জয় কৰা কঠিন নগৰ নামেৰে জনাজাত হৈছিল।

পাল বংশৰ ধৰ্মপালৰ সময়ৰ ‘পুষ্পভদ্ৰা’ নামৰ তামৰ ফলিত ৰাজধানীখনৰ নাম ‘কামৰূপ নগৰ’ বুলি উল্লেখ আছে।


(খ) শ্ৰীসূৰ্য পাহাৰ

উত্তৰঃ শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এখন গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক স্থান। গোৱালপাৰা নগৰৰ পৰা পূব দিশে অৱস্থিত এই পাহাৰখনক ‘উত্তৰ-পূবৰ ইলোৰা’ বুলিও জনা যায়।

ইয়াত শিলত খোদিত অসংখ্য শিৱলিংগ, দুৰ্গামূৰ্তি, গণেশ, সূৰ্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি পোৱা যায়। ইয়াৰ ভাস্কৰ্যসমূহ প্ৰাক্-আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে।

শ্ৰীসূৰ্য পাহাৰ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি হিচাপে পৰিচিত। ইয়াত জৈন তীৰ্থংকৰৰ মূৰ্তি আৰু বৌদ্ধ স্তূপো দেখা যায়। পাহাৰখনত সাতটা চূড়া থকা বাবে ইয়াক ‘সাতালী পৰ্বত’ বুলিও জনা যায়।


ভাষা-অধ্যয়ন

প্ৰশ্ন ৫। তলত দিয়া শব্দবোৰত কি নিয়ম মতে ‘ণ’ৰ ব্যৱহাৰ হৈছে লিখা।

ৰাণী: ‘ৰ’ৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

শ্ৰেণী: ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

আকৰ্ষণ: ‘ষ’ বৰ্ণৰ পিছত থকাৰ বাবে ‘ণ’ হৈছে।

ৰাৱণ: ‘ৰ’ৰ পিছত ‘ৱ’ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

প্ৰাংগণ: ৰ-কাৰৰ পিছত অনুস্বৰ আৰু ‘ক’-বৰ্গৰ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

মৃণাল: ঋ-কাৰৰ পিছত থকাৰ বাবে ‘ণ’ হৈছে।

কৃষাণু: ‘ষ’ৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

গ্ৰহণী: ৰ-কাৰৰ পিছত ‘হ’ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


প্ৰশ্ন ৬। তলত দিয়া শব্দবোৰৰ বৰ্ণ-বিন্যাস কৰা আৰু ‘ণ’ হোৱাৰ কাৰণ ব্যাখ্যা কৰা।


(i) মৃণ্ময় =
ম্ + ঋ + ণ্ + ম্ + অ + য়্ + অ
কাৰণঃ ঋ-কাৰৰ পিছত থকাৰ বাবে ‘ণ’ হৈছে।


(ii) বিশ্লেষণ =
ব্ + ই + শ্ + ল্ + এ + ষ্ + অ + ণ
কাৰণঃ ‘ষ’ বৰ্ণৰ পিছত থকাৰ বাবে ‘ণ’ হৈছে।


(iii) শ্ৰেণী =
শ্ + ৰ্ + এ + ণ্ + ঈ
কাৰণঃ ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।

(iv) অপৰাহ্ণ = অ + প্ + অ + ৰ্ + আ + হ্ + ণ + অ
কাৰণঃ ‘ৰ’ৰ পিছত স্বৰবৰ্ণ আৰু ‘হ’ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


(v) শ্ৰৱণ =
শ্ + ৰ্ + অ + ৱ্ + অ + ণ
কাৰণঃ ৰ-কাৰৰ পিছত ‘ৱ’ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


(vi) বিষাণ =
ব্ + ই + ষ্ + আ + ণ
কাৰণঃ ‘ষ’ৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


(vii) ত্ৰাণ =
ত্ + ৰ্ + আ + ণ
কাৰণঃ ৰ-কাৰৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


(viii) চিত্ৰাংকণ =
চ্ + ই + ত্ + ৰ্ + আ + ং + ক্ + অ + ণ
কাৰণঃ ৰ-কাৰৰ পিছত অনুস্বৰ আৰু ‘ক’-বৰ্গৰ বৰ্ণ থকাৰ বাবে ‘ণ’ হৈছে।


প্ৰশ্ন ৭। তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা।

(ক) ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল।

(খ) দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে।

(গ) শ্ৰেণীকোঠাত হুলস্থুল নকৰিবা।

(ঘ) বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে।

(ঙ) অৰ্জুন নিপুণ বীৰ আছিল।

(চ) সৰস্বতীৰ আন এটা নাম বীণাপাণি।

(ছ) পানীয়েই প্ৰাণীৰ প্ৰাণ।

(জ) বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

(ঝ) সততা সজ গুণ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects