Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Assamese Chapter 8 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 8 “ৰূপান্তৰ” Answer | New Update 2026 | |

ৰূপান্তৰ

১। শুদ্ধ উত্তৰ বাছি উলিওৱা 

১। ‘ৰূপান্তৰ’ নামৰ নাটিকাখনৰ আৰম্ভণিতে থকা উদ্ধৃতিটো কাৰ?

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ

(গ) বিষ্ণুপ্ৰসাদ ৰাভাৰ

(ঘ) ভূপেন হাজৰিকাৰ

উত্তৰঃ (খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ।


২। “ৰূপান্তৰেহে জগত ধুনীয়া কৰে” — কথাষাৰ কোনে কৈছিল?

(ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই

(খ) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই

(গ) সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই

(ঘ) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই

উত্তৰঃ (ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।


৩। নাটিকাখনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বয়স কিমান?

(ক) প্ৰায় ৩৫ বছৰ

(খ) প্ৰায় ৪০ বছৰ

(গ) প্ৰায় ৪৫ বছৰ

(ঘ) প্ৰায় ৫০ বছৰ

উত্তৰঃ (গ) প্ৰায় ৪৫ বছৰ।


৪। প্ৰিয় বৰদলৈৰ পেচা কি আছিল?

(ক) চিকিৎসক

(খ) সহঃ শিক্ষক

(গ) প্ৰধান শিক্ষক (ঘ) ব্যৱসায়ী

উত্তৰঃ (খ) সহঃ শিক্ষক।


৫। জয়া শইকীয়া কোন আছিল?

(ক) প্ৰধান শিক্ষয়িত্ৰী (খ) চিকিৎসক (গ) সাগৰিকাৰ মাক (ঘ) সহঃ শিক্ষয়িত্ৰী

উত্তৰঃ (ঘ) সহঃ শিক্ষয়িত্ৰী।


৬। নাটিকাখনত উল্লেখ থকা সাগৰিকাৰ বয়স কিমান?

(ক) ১০–১১ বছৰ

(খ) ১২–১৩ বছৰ

(গ) ১৪–১৫ বছৰ

(ঘ) ১৫–১৬ বছৰ

উত্তৰঃ (খ) ১২–১৩ বছৰ।


৭। অনুপমা মেচৰ পেচা কি আছিল?

(ক) শিক্ষয়িত্ৰী

(খ) লেখিকা

(গ) চিকিৎসক

(ঘ) সমাজকৰ্মী

উত্তৰঃ (গ) চিকিৎসক।


৮। হাচ্নাহানা আৰু মন বাহাদুৰ কোন?

(ক) সাগৰিকাৰ ককায়েক-ভায়েক

(খ) সাগৰিকাৰ সহপাঠী

(গ) সাগৰিকাৰ চুবুৰীয়া

(ঘ) সাগৰিকাৰ শিক্ষক

উত্তৰঃ (খ) সাগৰিকাৰ সহপাঠী।


৯। নাটিকাখনৰ প্ৰথম দৃশ্যটো ক’ত আৰম্ভ হৈছিল?

(ক) সাগৰিকাৰ ঘৰত
(খ) বিদ্যালয়ৰ খেলপথাৰত
(গ) সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত
(ঘ) অষ্টম শ্ৰেণীৰ শ্ৰেণীকোঠাত

উত্তৰঃ (গ) সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত।


১০। বিদ্যালয়ৰ ল’ৰা-ছোৱালীবোৰ শ্ৰেণীকোঠাৰ পৰা কি গাবলৈ ওলাই গৈছিল?

(ক) জ্যোতি সংগীত
(খ) বিষ্ণু ৰাভা গীত
(গ) ৰাষ্ট্ৰীয় সংগীত
(ঘ) বৰগীত

উত্তৰঃ (গ) ৰাষ্ট্ৰীয় সংগীত।


১১। শ্ৰেণীকোঠাত বেঞ্চত বহি কোনে কান্দি আছিল?

(ক) হাচ্নাহানাই (খ) সাগৰিকাই (গ) জয়া শইকীয়াই (ঘ) অনুপমাই

উত্তৰঃ (খ) সাগৰিকাই।


১২। সাগৰিকাক কোনে চেনিটেৰী নেপকিন আনি দিছিল?

(ক) প্ৰধান শিক্ষয়িত্ৰীয়ে
(খ) জয়া শইকীয়াই
(গ) হাচ্নাহানাই
(ঘ) সাগৰিকাৰ মাকে

উত্তৰঃ (খ) জয়া শইকীয়াই।


১৩। সাগৰিকাক কাৰ পৰামৰ্শ ল’বলৈ প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল?

(ক) শিক্ষকৰ
(খ) চিকিৎসকৰ
(গ) মাক-দেউতাকৰ
(ঘ) গাঁৱৰ বুঢ়া মানুহৰ

উত্তৰঃ (খ) চিকিৎসকৰ।


১৪। দ্বিতীয় দৃশ্যটোৰ সময় কি আছিল?

(ক) ৰাতিপুৱা (খ) দুপৰীয়া (গ) আবেলি (ঘ) গধূলি

উত্তৰঃ (গ) আবেলি।


১৫। সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল?

(ক) পঢ়া-শুনাৰ প্ৰতি সচেতনতা
(খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ
(গ) তোলনি বিয়াৰ নিয়ম (ঘ) ছাত্ৰৰ কৰ্তব্য

উত্তৰঃ (খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ।


১৬। মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল?

(ক) শিক্ষক নথকাৰ বাবে
(খ) দিনটোৰ শেষৰ পিৰিয়ড বাবে
(গ) সাগৰিকাই কান্দি থকাৰ বাবে
(ঘ) বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ অহাৰ বাবে

উত্তৰঃ (গ) সাগৰিকাই কান্দি থকাৰ বাবে।


২। চমু প্ৰশ্নোত্তৰ


(ক) বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ কিয় আহিছিল?

উত্তৰঃ বিদ্যালয় ছুটীৰ আগে আগে ল’ৰা-ছোৱালীবিলাকে ৰাষ্ট্ৰীয় সংগীত গাইছেনে নাই, সেয়া চাবলৈ বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ আহিছিল।


(খ) প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল?

উত্তৰঃ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক ভয় নকৰিবলৈ কৈছিল আৰু সকলো ছোৱালীৰে এনেকুৱা হয় বুলি বুজাই দিছিল।


(গ) “আমি নীতি-নিয়ম মানিব লাগে। কিন্তু অযুক্তিকৰ নীতি-নিয়মে আমাৰ ক্ষতিহে কৰে”— কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ কথাষাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে সাগৰিকাৰ মাকক কৈছিল।


(ঘ) নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে?

উত্তৰঃ নাটিকাখনত সাতটা চৰিত্ৰ আছে। সেইকেইটা হ’ল—

১। প্ৰধান শিক্ষয়িত্ৰী বাইদেউ ২। প্ৰিয় বৰদলৈ — সহঃ শিক্ষক ৩। জয়া শইকীয়া — সহঃ শিক্ষয়িত্ৰী ৪। সাগৰিকা — ১২–১৩ বছৰীয়া ছোৱালী ৫। অনুপমা মেচ — চিকিৎসক ৬। হাচ্নাহানা — সাগৰিকাৰ সহপাঠী ৭। মন বাহাদুৰ — সাগৰিকাৰ সহপাঠী


(ঙ) সাগৰিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ কোন কোন গৈছিল?

উত্তৰঃ প্ৰধান শিক্ষয়িত্ৰী আৰু জয়া শইকীয়া সাগৰিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ গৈছিল।


৩। আলোচনা কৰি লিখা

(ক) বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল?

উত্তৰঃ বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হৈছিল, কাৰণ এই সভাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো উপকৃত কৰিব পাৰে।


(খ) নাটিকাখনৰ নাম ‘ৰূপান্তৰ’ সঠিক হৈছে যেন লাগেনে? বেলেগ নাম দিবলগীয়া হ’লে কি নাম দিবা আৰু কিয়?

উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ নিজে চেষ্টা কৰি লিখিব লাগে।


(গ) নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেচৰ সংলাপত গুৰুত্ব পোৱা চাৰিটা দিশৰ বিষয়ে লিখা।

উত্তৰঃ নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেচৰ সংলাপত তলৰ চাৰিটা দিশে গুৰুত্ব পাইছে—

১। বয়ঃসন্ধিকালীন পৰিৱৰ্তনৰ স্বাভাৱিকতা: কৈশোৰ অৱস্থাত ল’ৰা-ছোৱালীৰ শৰীৰ আৰু মনত হোৱা পৰিৱৰ্তনবোৰ স্বাভাৱিক। এই বিষয়বোৰ লৈ ভয় বা সংকোচ কৰিব নালাগে।

২। কুসংস্কাৰ দূৰ কৰা: সমাজত প্ৰচলিত ভুল ধাৰণা আৰু অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞানসন্মত চিন্তাধাৰা গঢ়ি তুলিব লাগে।

৩। স্বাস্থ্যবিধি মানি চলা: পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, চেনিটেৰী পেড ব্যৱহাৰ কৰা, বিশুদ্ধ পানী খোৱা আৰু স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাত গুৰুত্ব দিব লাগে।

৪। পুষ্টিকৰ খাদ্য আৰু মানসিক সহায়: কৈশোৰ অৱস্থাত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে ল’ৰা-ছোৱালীক মানসিক সাহস আৰু সহায় আগবঢ়োৱা প্ৰয়োজন।


(ঘ) নাটিকাখনে সমাজলৈ কি কি বাৰ্তা দিছে?

উত্তৰঃ নাটিকাখনে সমাজলৈ তলৰ বাৰ্তাসমূহ আগবঢ়াইছে—

১। বয়ঃসন্ধিকালত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন স্বাভাৱিক; ইয়াক লৈ লাজ বা ভয় কৰিব নালাগে।

২। কৈশোৰজনিত সমস্যা আৰু সংবেদনশীল বিষয়বোৰ পৰিয়ালৰ লোক আৰু শিক্ষকৰ সৈতে মুকলিকৈ আলোচনা কৰিব লাগে।

৩। অন্ধবিশ্বাস আৰু কুসংস্কাৰ ত্যাগ কৰি বিজ্ঞানসন্মত চিন্তাধাৰা গ্ৰহণ কৰিব লাগে।

৪। অভিভাৱক আৰু শিক্ষকসকলে কিশোৰ-কিশোৰীসকলৰ প্ৰতি বন্ধুসুলভ আচৰণ কৰি তেওঁলোকক সঠিক পৰামৰ্শ আৰু সহায় আগবঢ়াব লাগে।


৪। ভাষা অধ্যয়ন


(ক) পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি লিখা।

উত্তৰঃ ব্ৰত, কষ্ট, যুক্তি, ধন্য, পৰিচৰ্যা, সুস্থ, ব্যস্ত, বিশিষ্ট, ৰূপান্তৰ, সন্ধি, সন্মতি, পৰিষ্কাৰ, ক্ষণ, সংগীত, চিন্তা, চিঞৰি।


(খ) তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধতৎসম ৰূপ লিখা।

তৎসম শব্দ অৰ্ধতৎসম ৰূপ
ৰত্ন ৰতন
যত্ন যতন
বৰ্ষা বৰষা
মৰ্ম মৰম
ৰৌদ্ৰ ৰ’দ
ভক্ত ভকতি
বৰ্ণ বৰণ
মিত্ৰ মিতিৰ
শক্তি শকতি
শত্ৰু শতৰু
শস্য শইচ
পূৰ্ণ পূৰণ
শব্দ শৱদ
স্বপ্ন সপোন


(গ) তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা।

সংস্কৃত শব্দ অসমীয়া তদ্ভৱ ৰূপ
অন্য আন
বান্যা বান
সত্য সঁচা
আদ্য আজি
বাদ্য বাজনা
জ্যোৎস্না জোনাক
দৰ্পণ দাপোণ
পুস্তক পুথি
পত্ৰ পাত
জিহ্বা জিভা


৫। পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা।

উত্তৰঃ

১। ছাৰ — Sir ২। বেঞ্চ — Bench ৩। হেড — Head ৪। অফিচ — Office ৫। আলমাৰি — Almirah ৬। চেনিটেৰী — Sanitary ৭। নেপকিন — Napkin ৮। পেড — Pad

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects