Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 7 Science Chapter 6 Question Answer Assamese Medium 2026 | জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Chapter 6 Question Answer| SCERT Class 7 Science Chapter 6 Question Answer, MCQs Answer, Text Book PDF

জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধিত মুখ্য ভূমিকা লয়?

(a) অক্সিজেন।
(b) কাৰ্বন ডাইঅক্সাইড।
(c) হাইড্ৰ’জেন।
(d) নাইট্ৰ’জেন।

উত্তৰঃ (b) কাৰ্বন ডাইঅক্সাইড।

(ii) তলৰ কোনটো সেউজগৃহ গেছ নহয়?

(a) কাৰ্বন ডাইঅক্সাইড।
(b) মিথেন।
(c) নাইট্ৰাছ অক্সাইড।
(d) অক্সিজেন।

উত্তৰঃ (d) অক্সিজেন।

(iii) জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়—

(a) দৈনিক বতৰৰ পৰিৱৰ্তন।
(b) সাপ্তাহিক বতৰৰ পৰিৱৰ্তন।
(c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন।
(d) ঋতুৰ লগে লগে হোৱা স্বাভাৱিক বতৰৰ পৰিৱৰ্তন।

উত্তৰঃ (c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন।

(iv) অধিক বৃক্ষৰোপণে তলৰ কোনটো কামত সহায় কৰে?

(a) গোলকীয় উষ্ণতা বৃদ্ধিত।
(b) অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰাত।
(c) অ’জন স্তৰৰ ক্ষয় বৃদ্ধিত।
(d) কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত।

উত্তৰঃ (d) কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত।

(v) জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহ গলিলে কি ঘটিব পাৰে?

(a) ভূমিকম্প।
(b) আগ্নেয়গিৰিৰ উদ্গীৰণ।
(c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।
(d) ভূমিস্খলন।

উত্তৰঃ (c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।

2. খালী ঠাই পূৰ কৰা।


(a) পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাক __________ বুলি কোৱা হয়।

উত্তৰঃ পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়।


(b) __________ হৈছে যান-বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।

উত্তৰঃ কাৰ্বন ডাইঅক্সাইড হৈছে যান-বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।


(c) বনাঞ্চলৰ গছ-গছনি ব্যাপকভাৱে কাটি পেলোৱা প্ৰক্ৰিয়াক __________ বুলি কোৱা হয়।

উত্তৰঃ বনাঞ্চলৰ গছ-গছনি ব্যাপকভাৱে কাটি পেলোৱা প্ৰক্ৰিয়াক নিৰ্বনানীকৰণ বুলি কোৱা হয়।


(d) বৃক্ষৰোপণে বায়ুমণ্ডলত __________ৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

উত্তৰঃ বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।


(e) নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত __________ৰ পৰিমাণ বৃদ্ধি হয়।

উত্তৰঃ নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হয়।

3. শুদ্ধ নে অশুদ্ধ লিখা।

(a) জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে।

উত্তৰঃ অশুদ্ধ।

(b) জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গত হয়।

উত্তৰঃ শুদ্ধ।

(c) নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে।

উত্তৰঃ অশুদ্ধ।

(d) গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই।

উত্তৰঃ অশুদ্ধ।

(e) জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাৰ এটা উপায় হ’ল বৃক্ষৰোপণ।

উত্তৰঃ শুদ্ধ।


4. তলত দিয়াবোৰ মিলোৱা।

স্তম্ভ A স্তম্ভ B
(a) মিথেন (i) জীৱাশ্ম ইন্ধনৰ দহনত নিৰ্গত হয়
(b) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি (ii) পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি
(c) গোলকীয় উষ্ণতা বৃদ্ধি (iii) হিমবাহৰ গলন
(d) কাৰ্বন ডাইঅক্সাইড (iv) গৰু-ম’হ আদি জাবৰ-কটা প্ৰাণীৰ পাচন প্ৰক্ৰিয়া আৰু গোবৰ আদিৰ পৰা নিৰ্গত হোৱা সেউজগৃহ গেছ

উত্তৰঃ

(a) — (iv)
(b) — (iii)
(c) — (ii)
(d) — (i)


5. ভাৰতৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ বিভিন্ন জলবায়ু অঞ্চলসমূহ হ’ল—

(i) ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ুঃ এই অঞ্চলসমূহত অধিক বৰষুণ হয় আৰু বছৰৰ অধিকাংশ সময় বতাহ উষ্ণ আৰু আৰ্দ্ৰ থাকে। ইয়াত ঘন চিৰসেউজ অৰণ্য দেখা যায়। পশ্চিমঘাটৰ কিছুমান অংশ, কেৰালা, অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এই ধৰণৰ জলবায়ু দেখা যায়।

(ii) ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুষ্ক জলবায়ুঃ এই অঞ্চলসমূহত বৰ্ষাকাল আৰু শুষ্ককাল স্পষ্টভাৱে পৃথক। বৰষুণ মূলতঃ মৌচুমী বতাহৰ সময়ত হয়। ইয়াত পৰ্ণপাতী অৰণ্য দেখা যায়। ভাৰতৰ মধ্য আৰু উপদ্বীপীয় বহু অঞ্চলত এই জলবায়ু পোৱা যায়।

(iii) উপ-ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ুঃ এই অঞ্চলসমূহত গ্ৰীষ্মকাল উষ্ণ আৰু শীতকাল তুলনামূলকভাৱে ঠাণ্ডা হয়। মৌচুমী বতাহৰ সময়ত মধ্যমীয়াৰ পৰা অধিক বৰষুণ হয়। উত্তৰ ভাৰতৰ বহু সমভূমি অঞ্চলত এই জলবায়ু দেখা যায়।

(iv) অৰ্ধ-শুষ্ক জলবায়ুঃ এই অঞ্চলসমূহত বৰষুণ কম হয়। গ্ৰীষ্মকাল গৰম আৰু শুষ্ক হয়। ঘাঁহনি আৰু কাঁইটীয়া জোপোহা জাতীয় উদ্ভিদ অধিক দেখা যায়। ৰাজস্থান, গুজৰাট আৰু দাক্ষিণাত্য মালভূমিৰ কিছুমান অংশত এই জলবায়ু পোৱা যায়।

(v) শুষ্ক বা মৰুভূমি জলবায়ুঃ এই অঞ্চলসমূহত অতি কম বৰষুণ হয়। দিনত অতি গৰম আৰু ৰাতি তুলনামূলকভাৱে ঠাণ্ডা হয়। উদ্ভিদ অতি কম। থৰ মৰুভূমি এই জলবায়ুৰ মুখ্য উদাহৰণ।

(vi) পাৰ্বত্য বা আলপাইন জলবায়ুঃ উচ্চ পৰ্বতীয় অঞ্চলত এই জলবায়ু দেখা যায়। ইয়াত বছৰটোৰ অধিকাংশ সময় ঠাণ্ডা থাকে আৰু শীতকালত বৰফ পৰে। হিমালয় অঞ্চলত এই ধৰণৰ জলবায়ু পোৱা যায়।


6. জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ জলবায়ু পৰিৱৰ্তন মানে কোনো অঞ্চল বা সমগ্ৰ পৃথিৱীৰ গড় বতৰৰ ধৰণত দীৰ্ঘ সময় ধৰি হোৱা উল্লেখযোগ্য পৰিৱৰ্তন। ইয়াৰ ভিতৰত গড় উষ্ণতা, বৰষুণৰ ধৰণ, ঋতুচক্ৰ আৰু চৰম বতৰৰ ঘটনাৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত।

জলবায়ু পৰিৱৰ্তনৰ উদাহৰণ হ’ল— গোলকীয় উষ্ণতা বৃদ্ধি, হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলন, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, অনিয়মীয়া বৰষুণ, খৰাং আৰু অধিক তীব্ৰ বানপানী।


7. বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়?

উত্তৰঃ জলবায়ু পৰিৱৰ্তনক পৃথিৱীৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ প্ৰভাৱ মানুহ, জীৱ-জন্তু, উদ্ভিদ আৰু পৰিৱেশৰ ওপৰত ব্যাপকভাৱে পৰে। ইয়াৰ ফলত গড় উষ্ণতা বৃদ্ধি, উষ্ণতাৰ ঢৌ, হিমবাহ গলন, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, বানপানী, খৰাং আৰু অস্বাভাৱিক বৰষুণৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। জলবায়ু পৰিৱৰ্তনে কৃষি, পানীৰ উপলব্ধতা, জীৱবৈচিত্ৰ্য আৰু মানুহৰ স্বাস্থ্যতো ক্ষতিকাৰক প্ৰভাৱ পেলায়।


8. গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি মানে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা। বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ দৰে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত এই সমস্যা তীব্ৰ হয়।

সূৰ্যৰ পোহৰে পৃথিৱী গৰম কৰাৰ পিছত পৃথিৱীয়ে তাপ বিকিৰণ কৰে। বায়ুমণ্ডলত থকা সেউজগৃহ গেছবোৰে এই তাপৰ এটা অংশ ধৰি ৰাখে। এই প্ৰাকৃতিক প্ৰক্ৰিয়াক সেউজগৃহ প্ৰভাৱ বোলা হয়। কিন্তু সেউজগৃহ গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি হ’লে অধিক তাপ বায়ুমণ্ডলত আবদ্ধ হৈ থাকে আৰু ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়।


9. মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়?

উত্তৰঃ জীৱাশ্ম ইন্ধন দহন, বননিধন, উদ্যোগিক কাৰ্যকলাপ, আৱৰ্জনা জ্বলোৱা আৰু যান-বাহনৰ অধিক ব্যৱহাৰৰ দৰে মানুহৰ কাৰ্যকলাপে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে। বিশেষকৈ কাৰ্বন ডাইঅক্সাইড আৰু মিথেনৰ পৰিমাণ বৃদ্ধি পালে অধিক তাপ বায়ুমণ্ডলত ধৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধি পায়।

ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ ফলত উষ্ণতাৰ ঢৌ, হিমবাহ গলন, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, বানপানী, খৰাং, অস্বাভাৱিক বৰষুণ আৰু অন্যান্য চৰম বতৰৰ ঘটনা বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে কৃষি, জীৱবৈচিত্ৰ্য, পানীৰ সম্পদ আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership