Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Social Science Chapter 10 Solution Assamese Medium | Assam Borad Class VII Social Science Lesson 10 “ভাৰতৰ সাংস্কৃতিক ঐতিহ্য়” Answer | New Update 2026 | |

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য়

অনুশীলনী – ১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—

(ক) ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি?

উত্তৰঃ ভাৰতৰ বেছিভাগ আৰ্য ভাষাৰ মূল স্বৰূপ ভাষাটো হ’ল সংস্কৃত বা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।

(খ) সংস্কৃত ভাষাক কিয় ‘দেৱভাষা’ বোলা হয়?

উত্তৰঃ প্ৰাচীন কালত বেদ, বেদাংগ, উপনিষদ, আৰণ্যক, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি বহু ধৰ্মীয় আৰু সাহিত্যিক গ্ৰন্থ সংস্কৃত ভাষাত ৰচিত হৈছিল। এই ভাষাক দেৱতাসকলৰ ভাষা বুলি পবিত্ৰ জ্ঞান কৰা হৈছিল। সেইবাবে সংস্কৃত ভাষাক ‘দেৱভাষা’ বোলা হয়।

(গ) অপভ্ৰংশ কি?

উত্তৰঃ প্ৰাকৃত ভাষাৰ পৰৱৰ্তী স্তৰত মানুহৰ মুখে মুখে ভাষাৰ ৰূপ সলনি হৈ যি সহজ আৰু কথিত ৰূপৰ সৃষ্টি হৈছিল, তাক অপভ্ৰংশ বোলা হয়।

এই অপভ্ৰংশ ভাষাসমূহৰপৰাই পৰৱৰ্তী সময়ত বহু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ বিকাশ ঘটিছিল।


২। ‘সংগম সাহিত্য’ কাক বোলে? এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা।

উত্তৰঃ প্ৰাচীন দক্ষিণ ভাৰতত তামিল কবি, সাহিত্যিক আৰু পণ্ডিতসকলৰ যি সাহিত্যিক সভা বা সন্মিলন অনুষ্ঠিত হৈছিল, সেইবোৰক সংগম বোলা হৈছিল। এই সংগমসমূহত সৃষ্টি হোৱা সাহিত্যক সংগম সাহিত্য বোলা হয়।

সংগম সাহিত্যৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য দুখন মহাকাব্য হ’ল—

১। শিলাপ্পদিকাৰম
২। মণিমেকলাই


৩। সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা।

উত্তৰঃ সংস্কৃত ভাষাত লিখা দুখন উল্লেখযোগ্য সাধুকথাৰ পুথি হ’ল—

১। পঞ্চতন্ত্ৰ
২। হিতোপদেশ


অনুশীলনী – ২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—

(ক) ভাৰতৰ সংগীতৰ মূল ভেটি কি?

উত্তৰঃ ভাৰতীয় সংগীতৰ প্ৰাচীন মূল ভেটি হৈছে সামবেদ। সামবেদত সংগীতৰ স্বৰ আৰু গায়ন পদ্ধতিৰ উল্লেখ পোৱা যায়।

(খ) ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা হ’ল—

১। হিন্দুস্তানী সংগীত — উত্তৰ ভাৰতত প্ৰচলিত
২। কৰ্ণাটকী সংগীত — দক্ষিণ ভাৰতত প্ৰচলিত

(গ) কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ কালিদাসে ৰচনা কৰা দুখন উল্লেখযোগ্য নাটক হ’ল—

১। অভিজ্ঞানম্ শকুন্তলম্
২। মালৱিকাগ্নিমিত্ৰম্

(ঘ) সমৰকলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম লিখা।

উত্তৰঃ সমৰকলাৰ লগত জড়িত দুবিধ নৃত্য হ’ল—

১। মণিপুৰৰ থাং-টা
২। মহাৰাষ্ট্ৰৰ মৰদানী


২। মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ কি কি?

উত্তৰঃ মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুসমূহ আছিল—

১। ৰাজদৰবাৰৰ দৃশ্য
২। সমসাময়িক ৰাজনৈতিক ঘটনা
৩। যুদ্ধৰ দৃশ্য
৪। সম্ৰাট আৰু ৰজা-মহাৰজাৰ প্ৰতিকৃতি
৫। চিকাৰৰ দৃশ্য
৬। প্ৰকৃতি, গছ-লতা, জীৱ-জন্তু আৰু চৰাইৰ চিত্ৰ


৩। সচিত্ৰ পুথি কাক বোলে? অসমৰ তিনিখন সচিত্ৰ পুথিৰ নাম লিখা।

উত্তৰঃ যিবোৰ পুৰণি পুথিত কাহিনী বা বিষয়বস্তু বুজাবলৈ লিখাৰ লগতে সাঁচিপাত বা তুলাপাতৰ ওপৰত চিত্ৰ অংকন কৰা হয়, সেইবোৰক সচিত্ৰ পুথি বোলা হয়।

অসমৰ তিনিখন উল্লেখযোগ্য সচিত্ৰ পুথি হ’ল—

১। হস্তীবিদ্যাৰ্ণৱ
২। চিত্ৰ ভাগৱত
৩। আনন্দলহৰী


৪। ভাৰতৰ কোনটো অঞ্চলৰ মন্দিৰশৈলীক ‘বেছৰ’ বুলি জনা যায়?

উত্তৰঃ বিন্ধ্য পৰ্বত আৰু কৃষ্ণা নদীৰ মাজৰ অঞ্চল, বিশেষকৈ কৰ্ণাটক অঞ্চলত বিকশিত মন্দিৰশৈলীক বেছৰ শৈলী বুলি জনা যায়।

এই শৈলীত উত্তৰ ভাৰতৰ নাগৰ শৈলী আৰু দক্ষিণ ভাৰতৰ দ্ৰাবিড় শৈলীৰ সংমিশ্ৰণ দেখা যায়।


Part – 2

তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা—

১। কোনখন তামিল ভাষাৰ মহাকাব্য?

(ক) মৃচ্ছকটিকম্
(খ) মহাবীৰ চৰিতম্
(গ) মণিমেকলাই
(ঘ) মুদ্ৰাৰাক্ষস

উত্তৰঃ (গ) মণিমেকলাই।


২। কোনটো শুদ্ধ ক্ৰম?

ব্যক্তি ৰচনা
(A) পাণিনি (iii) অষ্টাধ্যায়ী
(B) কালিদাস (iv) অভিজ্ঞানম্ শকুন্তলম্
(C) বিশাখাদত্ত (i) মুদ্ৰাৰাক্ষস
(D) শংকৰদেৱ (ii) চিহ্নযাত্ৰা

উত্তৰঃ (ক) (A)-(iii), (B)-(iv), (C)-(i), (D)-(ii)


৩। ভাৰতনাট্যম, কথাকলি, ওডিছী, সত্ৰীয়া আদি নৃত্যবোৰক কি বোলা হয়?

(ক) লোকনৃত্য
(খ) লোকনাট্য
(গ) নৃত্য-নাটিকা
(ঘ) শাস্ত্ৰীয় নৃত্য

উত্তৰঃ (ঘ) শাস্ত্ৰীয় নৃত্য।


৪। কোনটো নৃত্য শক্তি প্ৰদৰ্শন বা সমৰকলাৰ লগত জড়িত?

(ক) ৰ’ফ
(খ) বাগৰুম্বা
(গ) মণিপুৰী
(ঘ) গট্কা

উত্তৰঃ (ঘ) গট্কা।


৫। উক্তি— ভাৰতৰ চিত্ৰকলাৰ উত্তৰণত মোগল যুগৰ অৱদান আছিল।

যুক্তি— সম্ৰাট আকবৰ আৰু জাহাংগীৰৰ ৰাজত্বকালত চিত্ৰকলাই উৎকৰ্ষ লাভ কৰিছিল।

(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।

উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects