অৰুণিমা সিন্হা
১। চমুকৈ উত্তৰ লিখাঃ
(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰঃ অৰুণিমা সিন্হা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল।
(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত আছিল?
উত্তৰঃ অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।
(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰঃ হস্পিতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তে অৰুণিমাৰ মনত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই পোনপাটকৈ প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল। অৰুণিমাৰ বিশ্বাস আছিল যে এভাৰেষ্ট বিজয়ৰ যি কঠিন লক্ষ্য তাই লৈছে, তাৰ বাবে বাচেন্দ্ৰি পালেহে তাইক সঠিক পথ প্ৰদৰ্শন আৰু প্ৰশিক্ষণ দিব পাৰিব।
(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল?
উত্তৰঃ অৰুণিমাই ২০১৩ চনৰ ২১ মে’ তাৰিখে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় ডেৰ ঘণ্টা সময় আছিল।
২। অৰুণিমা সিন্হাই কেনে দুৰ্ঘটনাৰ মুখামুখি হৈছিল আৰু তাত তেওঁ কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰঃ ২০১১ চনৰ এটা ৰাতি লক্ষ্ণৌৰ পৰা দিল্লীলৈ ৰে’লৰে গৈ থকা অৱস্থাত অৰুণিমা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল। ডকাইতৰ দলটোৱে অৰুণিমাৰ ডিঙিৰ চেইনডাল থাপিবলৈ চেষ্টা কৰোতে তাই বাধা দিছিল। ফলত ডকাইতবোৰে অৰুণিমাক চলন্ত ৰে’লৰ পৰা বাহিৰলৈ দলিয়াই দিছিল। ওচৰৰ ট্ৰেকেৰে অহা আন এখন ৰে’লৰ তলত পৰি অৰুণিমাৰ এখন ভৰি চুৰমাৰ হৈ গৈছিল।
এই ভয়াৱহ দুৰ্ঘটনাত অৰুণিমাই নিজৰ বাওঁ ভৰিখন চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হয় আৰু সোঁ ভৰিখনতো এটা লোৰ ৰড সুমুৱাই দিব লগীয়া হয়।
৩। অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ অৰুণিমাৰ অদম্য ইচ্ছাশক্তি দেখি বাচেন্দ্ৰি পালে তাইক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিছিল। তেওঁ অৰুণিমাক কৈছিল যে ভৰি হেৰুৱাইও যিহেতু তাই এভাৰেষ্ট বগাবলৈ ভাবিছে, সেয়ে তাইৰ মনৰ ভিতৰত ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা হৈ গৈছে, এতিয়া কেৱল বিশ্ববাসীক দেখুৱাবলৈহে বাকী। বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত ‘টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচন’ৰ কেম্পত অৰুণিমাই কঠোৰ পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লাভ কৰিছিল।
৪। এভাৰেষ্ট বিজয়ৰ বাবে অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰঃ কৃত্ৰিম ভৰিৰে পৰ্বতাৰোহণ কৰাটো আছিল অতি কষ্টকৰ। অৰুণিমাই প্ৰায় এবছৰ কাল একেলেথাৰিয়ে প্ৰশিক্ষণ লৈছিল। সাধাৰণ মানুহে যিটো পথ ২-৩ মিনিটত পাৰ হৈছিল, অৰুণিমাৰ বাবে তাত ২-৩ ঘণ্টা সময় লাগিছিল। কেতিয়াবা তাইৰ কটা ভৰিৰ পৰা তেজ নিগৰিছিল, তথাপিও তাই হাৰ মনা নাছিল। বাচেন্দ্ৰি পালৰ নিৰ্দেশনাত তাই শাৰীৰিক আৰু মানসিকভাৱে নিজক সম্পূৰ্ণ প্ৰস্তুত কৰি তুলিছিল।
৫। অৰুণিমাই কিয় মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰঃ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অৰুণিমাই ২১,১০৮ ফুটলৈ আৰোহণ কৰিছিল, কিন্তু মাত্ৰ ৬৯০ ফুট বাকী থাকোঁতে বতৰ অত্যন্ত প্ৰতিকূল হৈ পৰিছিল। ধুমুহা আৰু তীব্ৰ তুষাৰপাতৰ বাবে অভিযান চলোৱা অসম্ভৱ হৈ পৰাত অৰুণিমা আৰু তেওঁৰ সংগীসকল আধাতে উভতি আহিব লগা হৈছিল।
৬। অৰুণিমাৰ এভাৰেষ্ট অভিযানৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ ২০১৩ চনৰ ৩১ মাৰ্চত অৰুণিমাই কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। অভিযানৰ সময়ত তেওঁ বহুতো ভয়ংকৰ বাধাৰ সম্মুখীন হৈছিল। চাৰি নং কেম্প পাওঁতে তেওঁৰ কটা ভৰিৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰিছিল আৰু অক্সিজেনো কমি আহিছিল। বাটত বহুতো পৰ্বতাৰোহীৰ মৃতদেহ দেখিও তেওঁ মনোবল হেৰুওৱা নাছিল। অৱশেষত ৫২ দিনৰ যাত্ৰাৰ অন্তত ২১ মে’ৰ নিশা ৮ বজাত তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত পদাৰ্পণ কৰি ত্ৰিৰংগা পতাকা উৰুৱাইছিল।
৯। চমুটোকা লিখা:
বাচেন্দ্ৰি পাল: তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা (১৯৮৪ চন)। তেওঁ উত্তৰাখণ্ডৰ নাকুৰিত জন্মগ্ৰহণ কৰিছিল আৰু ভাৰতীয় পৰ্বতাৰোহীসকলৰ বাবে এগৰাকী মহান প্ৰশিক্ষক।
টেনজিং নৰগে: নেপালত জন্মগ্ৰহণ কৰা এইগৰাকী পৰ্বতাৰোহীয়ে এডমণ্ড হিলৰীৰ সৈতে ১৯৫৩ চনত প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট বিজয় কৰিছিল।
ষ্টিফেন হকিং: তেওঁ এজন বিশ্ববিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ শৰীৰৰ অধিকাংশ অংগ অকামিলা হোৱা স্বত্বেও তেওঁ মহাকাশ বিজ্ঞানলৈ বিৰল অৱদান আগবঢ়াই গৈছে।
ভাষা-বিষয়কঃ
১০। সন্ধি ভাঙাঃ
সংশয় = সম্ + শয়
পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ
উৎসাহ = উৎ + সাহ
হিমালয় = হিম + আলয়
প্ৰত্যাহ্বান = প্ৰতি + আহ্বান
বিপদাপন্ন = বিপদ + আপন্ন
১১। উপসৰ্গ ভাঙি দেখুওৱাঃ
অনুৰাগ = অনু + ৰাগ
অনুভৱ = অনু + ভৱ
অভিনয় = অভি + নয়
প্ৰতিফল = প্ৰতি + ফল