ইন্টাৰনেটৰ তিতা-মিঠা
১। চমুকৈ উত্তৰ লিখাঃ
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেই উদ্দেশ্যেই দেউতাকে কুঁৱলীক কম্পিউটাৰ এটা উপহাৰ দিছিল।
(খ) ইণ্টাৰনেট কি?
উত্তৰঃ ইণ্টাৰনেট হ’ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইয়াৰ সম্পূৰ্ণ নাম “Interconnection of Networks”। এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি “Internet” শব্দটোৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ ‘নেট’ (Net) বুলিও কোৱা হয়।
(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।
(ঙ) ভাইৰাছ কি?
উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ’গ্ৰাম। “Virus”ৰ সম্পূৰ্ণ নাম হ’ল— “Vital Information Resources Under Seize”।
২। WWW বা ৱেব কি?
উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰটোৱেই হৈছে ৱেব। ইয়াৰ সম্পূৰ্ণ ৰূপ হ’ল “World Wide Web” (ৱৰ্ল্ড ৱাইড ৱেব)। WWW-ত তথ্যবোৰ লিখনী (text), গ্ৰাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে, যিবোৰ অতি সহজে ইণ্টাৰনেটৰ পৰা আহৰণ কৰিব পাৰি।
৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা বিভিন্ন ঠাইৰ বিষয়ে তেওঁলোকৰ নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰিলে।
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তৰঃ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল’লে। তাই ই-মেইল কৰিবলৈ শিকাৰ উপৰি ভিডিঅ’ কলিঙৰ বিষয়েও অৱগত হ’ল। আজৰি সময়ত তাই নীতিশিক্ষা থকা পুৰণি চিনেমা, চিৰযুগমীয়া গীত আৰু খেলা-ধূলা উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখিবলৈ শিকিলে।
৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উত্তৰঃ ভাইৰাছ (Virus) হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে নিৰ্মিত কম্পিউটাৰ প্ৰ’গ্ৰাম। ই মূল ব্যৱহাৰকাৰীৰ অজ্ঞাতে কম্পিউটাৰত থকা সুস্থ প্ৰ’গ্ৰাম বা ফাইলৰ লগত নিজকে সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। ই কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ তথ্য নষ্ট কৰিব পাৰে বা সমগ্ৰ ব্যৱস্থাটোকে অকামিলা কৰি তুলিব পাৰে।
৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে”— কথাষাৰৰ বক্তা কোন? সুবিধা আৰু অসুবিধাৰ বিষয়ে বুজাই লিখা।
উত্তৰঃ কথাষাৰৰ বক্তা হ’ল কুঁৱলীহঁতৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী শ্বাৱানা বাইদেউ।
মিঠা সুবিধা: ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, বিজ্ঞানৰ তথ্য, নীতিশিক্ষা পাব পৰা চিনেমা, গান, খেলা-ধূলা আৰু পৃথিৱীৰ বিভিন্ন বা-বাতৰি মুহূৰ্ততে লাভ কৰিব পাৰি। ই মানৱ সভ্যতাৰ উন্নতিৰ গতি ত্বৰান্বিত কৰিছে।
তিতা অসুবিধা: ইয়াৰ অত্যাধিক ব্যৱহাৰে নতুন প্ৰজন্মক কিতাপৰ জগত, খেলপথাৰ আৰু সাহিত্য-সংস্কৃতিৰ পৰা আঁতৰাই নিছে। তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ হোৱা ভুৱা বাতৰিয়ে সমাজত ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৭। “ইণ্টাৰনেটৰ তিতা-মিঠা” গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰঃ ড° প্ৰণয়ী দত্তই ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ জৰিয়তে ইণ্টাৰনেটৰ দুয়োটা দিশ — লাভ আৰু লোকচান সুন্দৰকৈ ফুটাই তুলিছে। ইণ্টাৰনেটৰ সহায়ত যিদৰে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ, যোগাযোগ সহজ কৰিব পাৰোঁ, সেইবোৰ হ’ল ইয়াৰ ‘মিঠা’ বা ভাল দিশ। আনহাতে, ইয়াৰ অত্যাধিক আসক্তি, চকু বা মগজুৰ ক্ষতি আৰু ভুৱা বাতৰিৰ প্ৰভাৱবোৰ হ’ল ইয়াৰ ‘তিতা’ বা বেয়া দিশ। যিহেতু সমগ্ৰ কাহিনীটো ইণ্টাৰনেটৰ এই দুয়োটা বিপৰীতধৰ্মী প্ৰভাৱৰ ওপৰত আধাৰিত, সেয়েহে গল্পটোৰ নামকৰণ সাৰ্থক হৈছে।
৮। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে?
উত্তৰঃ ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ পৰা বিৰত ৰাখে। ই চকু আৰু মগজুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ইণ্টাৰনেটৰ গেম বা সামাজিক মাধ্যমত ব্যস্ত থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক খেল-ধেমালিৰ পৰা আঁতৰি আহে, যাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়। ইয়াৰ উপৰি ই তেওঁলোকৰ সামাজিক সম্পৰ্কবোৰো দুৰ্বল কৰি তোলে।
ভাষা-বিষয়কঃ
৯। বাক্য ৰচনা কৰাঃ
চিনাকি-অচিনাকি: আজিৰ যুগত ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চিনাকি-অচিনাকি বহু লোকক লগ পোৱা যায়।
অলীক-সপোন: কাম নকৰাকৈ জীৱনত সফলতা আশা কৰাটো এক অলীক-সপোনৰ বাহিৰে আন একো নহয়।
নাকে-মুখে: দেৰি হোৱা বাবে ৰমেন নাকে-মুখে ভাত এমুঠি গুজি বিদ্যালয়লৈ ঢাপলি মেলিলে।
পৰীক্ষা-নিৰীক্ষা: বিজ্ঞানীসকলে পৰীক্ষাগাৰত নতুন ঔষধটোৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই আছে।
১০। অৰ্থ লিখাঃ
ক্ষতি: অনিষ্ট বা হানি।
বিজুতি: বিসংগতি বা যন্ত্ৰ আদিত হোৱা বিসংগতি।
গুণা-গঁথা: চিন্তা-চৰ্চা বা আলচ।
উদাস: নিৰাসক্ত বা ভাবলেশহীন।
পুঞ্জীভূত: সঞ্চিত বা জমা হোৱা।