SEBA Class 10 Geography Chapter 7 (Part I) Answer 2026 | ব্যৱহাৰিক ভূগোল (খণ্ড-১) । সপ্তম অধ্যায় ।আধুনিক ভূগোল। দশম শ্ৰেণীৰ বাবে ।দশম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ। Class 10 Geography | Chapter/ Lesson: 7 (1) | Class 10 Geography Suggestion | Class 10 Geography Notes | Class 10 Assamese Medium Geography Solution | Question and Answer | SEBA Class 10 Geography Question and Answer | দশম শ্ৰেণী ভূগোলৰ সহায়িকা । অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড্, গুৱাহাটী প্ৰশ্ন আৰু উত্তৰ ।

ব্যৱহাৰিক ভূগোল (খণ্ড-১)

১) মানচিত্ৰ  কি ? ইয়াৰ প্ৰধান উপাদানবোৰৰ এখন তালিকা প্রস্তুত কৰি প্ৰত্যেকৰে চিত্ৰ আঁকি বুজাই দিয়া ।

উত্তৰঃ ভূপৃষ্ঠ বা ইয়াৰ কোনো এটা এংশ এখন সমতলত এক নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্র বোলা হয়।

মানচিত্রত অপৰিহাৰ্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা হৈছে— (ক) মানচিত্ৰৰ নাম, (খ) মানচিত্ৰৰ সীমাৰেখা, (গ) মানচিত্ৰৰ মাপনী, (ঘ) সাংকেতিক চিহ্ন, (ঙ) দূৰত্ব, (চ) দিশ, (ছ) মাটিকালি আৰু (জ) মানচিত্রৰ আকৃতি আৰু আকাৰ।  

২) মানচিত্ৰত প্রাকৃতিক অবয়বসমুহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো পাঁচটা প্রচলিত সাংকেতিক চিহ্ন, আঁকি সিহঁতৰ নাম লিখা ।

উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ কৰা কিছুমান প্ৰাকৃতিক অবয়বৰ সাংকেতিক চিহ্ন হৈছে –

৩) মানচিত্ৰত সাংস্কৃতিক অৱয়বসমুহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যি কোনো পাঁচটা প্রচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।

উত্তৰঃ মানচিত্ৰৰ সাংস্কৃতিক অৱয়বসমুহৰ সাংকেতিক চিহ্ন সমূহ হৈছে-

৪) আন্তৰ্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমাৰ প্রচলিত সাংকেতিক চিহ্ন অংকন কৰি নাম কৰণ কৰা । 

উত্তৰঃ 

৫) তলত উল্লেখ কৰা অৱয়সমূহৰ প্রচলিত সাংকেতিক চিহ্ন আঁকা।

(ক) পকী নকৰা ৰাস্তা (unmetalled road), 

(খ) নিজৰা (spring), 

(গ) পর্ণপাতী উদ্ভিদ (deciduous forest),           

(ঘ) দুর্গ (fort), 

(ঙ) কুঁৱা (well),                           

(চ) জুপুৰি (hut), আৰু 

(ছ) জনবসতিপূর্ণ গাঁও (inhabited village)

উত্তৰঃ 

৬)  তোমাক যোগান ধৰা অসমৰ সীমাৰেখাৰ মানচিত্ৰখন জালিকা পদ্ধতিৰে (grid system) বেলেগ কাগজত অংকন কৰা আৰু প্রধান আৱশ্যকীয় উপাদানবোৰ সন্নিবিষ্ট কৰা।

উত্তৰঃ 

৭) তোমাক যোগান ধৰা তোমাৰ জিলা অথবা ৰাজ্যখনৰ মানচিত্রখনত প্রধান নদ-নদী, নগৰ, ৰাষ্ট্ৰীয় ঘাই পথ, ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য, জলাশয়, ৰেলপথ আদি অৱয়ববোৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰিবলৈ অভ্যাস কৰা ǀ

উত্তৰঃ 


৮) তোমাৰ ৰাজ্যৰ মানচিত্রখনত আন্তর্জাতিক আৰু ৰাজ্যিক সীমাৰেখা সাংকেতিক চিহ্নৰ দ্বাৰা শুদ্ধকৈ অংকন কৰা।।

উত্তৰঃ 

৯) তোমাক দিয়া মানচিত্ৰখনৰ এটি বিৱৰণ তিনিটা পর্যায়ত দাঙি ধৰা

(ক) পাতনি (খ) প্রাকৃতিক অৱস্থাৰ বিৱৰণ, (গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ ।

উত্তৰঃ (ক)পাতনিঃ মানচিত্ৰৰ পৰিচয় দিওঁতে প্রথমে মানচিত্রখন কোন দেশ, ৰাজ্য, জিলা অথবা অঞ্চলৰ সেই কথা লিখিব লাগে। লগতে মানচিত্ৰখনৰ অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ বিস্তৃতি, মাপনী আৰু চাৰিসীমাৰ বিষয়ে উল্লেখ কৰিব লাগে।

(খ) প্রাকৃতিক অৱস্থাৰ বিৱৰণঃ মানচিত্র উপস্থাপন কৰা অঞ্চলটোৰ প্রাকৃতিক পৰিবেশৰ বিৱৰণ দিবলৈ হ’লে প্রথমে প্রাকৃতিক অৱয়বসমূহ বুজাবলৈ মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নবোৰ চিনাক্ত কৰিব লাগিব। প্রাকৃতিক অৱয়ব, যেনে—বোৱতী নৈ, শুকান নৈ, নিজৰা, জলাশয়, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, পর্ণপাতী উদ্ভিদ, সৰল বর্গীয় উদ্ভিদ আদি চিনাক্ত কৰি অঞ্চলটোৰ প্রাকৃতিক পৰিবেশ কেনেকুৱা তাৰ এটি সামগ্রীক বিৱৰণ দিব লাগে। তাৰোপৰি মানচিত্ৰৰ পৰা ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে জানিবলৈ আন দুই প্রকাৰৰ চিহ্নৰ সহায় লোৱা হয়। ইয়াৰে এটা হৈছে ৰেখা চিহ্ন যাক কোৱা হয় সমোচ্চ ৰেখা আৰু আনটো হৈছে বিন্দু চিত্র  যাক উচ্চতা বিন্দু বুলি জনা যায়। প্রত্যেক সমোচ্চ ৰেখাৰে এটা নির্দিষ্ট মান থাকে। কোনো নির্দিষ্ট মানৰ সমোচ্চ ৰেখা এডাল মানচিত্ৰৰ যিবোৰ ঠাইৰ ওপৰেদি অঁকা হয় সেইবোৰ ঠাইৰ উচ্চতা (সাগৰ পৃষ্ঠৰ পৰা) সমোচ্চ ৰেখাডালৰ মানৰ সমান। আনহাতে, উচ্চতা-বিন্দু মানচিত্ৰত বিন্দু হিচাপে অঁকা হয় আৰু ইয়াৰ কাষতে উচ্চতাৰ মান লিখা থাকে। মানচিত্ৰত যি স্থানত এই বিন্দু অঁকা থাকে সেই স্থানৰ উচ্চতা (সমুদ্র পৃষ্ঠৰ পৰা) বিন্দুটোৰ মানটোৱে বুজায়।

গ) সাংস্কৃতিক পৰিবেশৰ বিবৰণঃ আমি জানো যে, সাংস্কৃতিক পৰিবেশৰ উপাদানবোৰ মানৱসৃষ্ট, যেনে- বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি। এই অৱয়ববোৰ মানচিত্ৰত কিছুমান সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। সেয়েহে এই চিহ্নবোৰ চাই সাংস্কৃতিক অৱয়ববোৰ চিনাক্ত কৰি সেইবোৰৰ অৱস্থান আৰু বৈশিষ্ট্য সম্পর্কে জানি লৈ অঞ্চলটোৰ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। উদাহৰণ স্বৰূপে, অঞ্চলটোৰ উচ্চতা, ভূপ্রকৃতি, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰ-চহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰ প্ৰকাৰ আৰু বনাঞ্চলৰ অৱস্থিতি আদি বহুতো তথ্য আমি মানচিত্ৰৰ পৰা পাব পাৰে। আনহাতে, মানচিত্ৰত ব্যৱহাৰ কৰা আন্তর্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্ন চাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও জানিব পাৰি। 

১০। মানচিত্র অধ্যয়নৰ গুৰুত্ব আৰু প্রয়োজন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ আমি জানো যে, মানচিত্ৰৰ জৰিয়তে ভূ-পৃষ্ঠৰ ওপৰত দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব নিৰ্ণয় কৰাত সুবিধা হয় ǀএই মানচিত্ৰৰ সহায়ত ভূ-পৃষ্ঠৰ কোনো জটিল ৰূপ বা অৱস্হাক সহজভাৱে উপস্হাপন কৰিব পাৰি ǀ ইয়াক সহজে এঠাৰ পৰা আন এঠাইলৈ লৈ যোৱাতো একো অসুবিধা নাই ǀমানচিত্ৰৰ অধ্যয়ন বৰ্তমান ভূগোলৰ এটা অন্যতম দৰকাৰী বিষয় ǀ অতীজৰে পৰা বিভিন্ন ৰূপত পৰিভ্ৰমণকাৰীসকলে মানচিত্ৰ ব্যৱহাৰ কৰি আহিছে ǀ সকলো পৰ্যায়ৰ লোকৰ বাবে মানচিত্ৰৰ অধ্যয়ন আৰু ব্যৱহাৰ অতি প্ৰয়োজনীয় ǀদেশৰ প্ৰতিৰক্ষাত নিয়োজিত সেনাবাহিনীৰ জোৱানসকলৰ বাবে মানচিত্ৰ অতিকৈ দৰকাৰী ǀমানচিত্ৰৰ সহায়ত ভূ-পৃষ্ঠ বা ইয়াৰ কোনো অঞ্চলৰ, প্ৰাকৃতিক,ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক আৰু সাংস্কৃতিক অৱস্হাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি ǀউদাহৰণ স্বৰূপে, অঞ্চলটোৰ উচ্চতা, ভূপ্রকৃতি, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰ-চহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰ প্ৰকাৰ আৰু বনাঞ্চলৰ অৱস্থিতি আদি বহুতো তথ্য আমি মানচিত্ৰৰ পৰা পাব পাৰে। আনহাতে, মানচিত্ৰত ব্যৱহাৰ কৰা আন্তর্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্ন চাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও জানিব পাৰি। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top