SEBA Class 10 Geography Chapter 7 (Part II) Answer 2026 | ব্যৱহাৰিক ভূগোল (খণ্ড-২) । সপ্তম অধ্যায় ।আধুনিক ভূগোল। দশম শ্ৰেণীৰ বাবে ।দশম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ। Class 10 Geography | Chapter/ Lesson: 7 (1) | Class 10 Geography Suggestion | Class 10 Geography Notes | Class 10 Assamese Medium Geography Solution | Question and Answer | SEBA Class 10 Geography Question and Answer | দশম শ্ৰেণী ভূগোলৰ সহায়িকা । অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড্, গুৱাহাটী প্ৰশ্ন আৰু উত্তৰ ।

ব্যৱহাৰিক ভূগোল (খণ্ড-২)

১) মাপনী কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্রকৃত বা আচল দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্ৰখনৰ স্কেল বা মাপনী ǀ

মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী বা স্কে’ল তিনি ধৰণে প্ৰকাশ কৰা হয়— 

১) ভাষাৰ  স্কেল

২) নিৰূপক ভগ্নাংশ স্কেল

৩) ৰৈখিক স্কেল

২) মানচিত্ৰ অংকনত মাপনীৰ ভূমিকা উদাহৰণসহ বুজাই লিখা ǀ

উত্তৰঃ মানচিত্র অংকনত স্কেল বা মাপনী অপৰিহার্য। কাৰণ এখন মানচিত্ৰৰ স্কেলৰ সহায়তেই মানচিত্ৰখনে ভূ-পৃষ্ঠৰ কিমান মাটিকালি আৱৰি আছে আৰু তাত দেখুউৱা ঠাইবোৰৰ মাজৰ আচল দূৰত্ব কিমান তাকো নিৰূপণ কৰিব পাৰি। সেয়ে সঠিকভাৱে মানচিত্র অধ্যয়ন কৰিবলৈও স্কেল বা মাপনীৰ ধাৰণা থকাটো নিতান্ত দৰকাৰী।উদাহৰণস্বৰূপে – উদাহৰণস্বৰূপে মানচিত্র এখনত দুখন ঠাই ‘ক’ আৰু ‘খ’ৰ মাজৰ দূৰত্ব মানচিত্রত ৪ চেণ্টিমিটাৰ। কিন্তু ভূ-পৃষ্ঠত ঠাইদুখনৰ মাজৰ আচল দূৰত্ব হ’ল ৫০ কিল’মিটাৰ। গতিকে ঠাই দুখনৰ মাজত থকা মানচিত্ৰৰ দূৰত্ব (৪ চেণ্টিমিটাৰ) আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ (৫০ কিল’মিটাৰ) যি অনুপাত হ’ব সেয়েই মানচিত্ৰখনৰ স্কে’ল। অর্থাৎ ১ চেন্টিমিটাৰ মানচিত্র দূৰত্বই ১২.৫ কিল’মিটাৰ ভূ-পৃষ্ঠ দূৰত্ব বুজাব।

৩) ভাষাৰ মাপনী কাক বোলে ? উদাহৰণসহ আলোচনা কৰা ǀ

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্রকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকাশ কৰা হয়, তাকে ভাষা বা উক্তিৰ মাপনী বা স্কেল বোলা হয়। 

উদাহৰণস্বৰূপে ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ; ১ ইঞ্চি = ১০ মাইল; ২ চেণ্টিমিটাৰ = ১ কিলমিটাৰ আদি ভাষাৰ মাপনী। অর্থাৎ মানচিত্র এখনৰ স্কেল ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ বুলিলে আমি মানচিত্ৰৰ ১ চেণ্টিমিটাৰে ভূ-পৃষ্ঠৰ ৫ কিল’মিটাৰ দূৰত্বক বুজোঁ। এনেদৰে প্ৰকাশ কৰা মাপনীক অতি সহজে বুজিব পাৰি।

৪) নিৰূপক ভগ্নাংশৰ মাপনী বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্রকাশ কৰা হয় তেতিয়া সেই মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী বোলে ǀ

ইয়াক ১; ১০০০ বা ১/১০০০ হিচাপে প্ৰকাশ কৰা হয়। এনে ভগ্নাংশৰ লব ১এ মানচিত্ৰৰ এক একক দূৰত্ব বুজাইছে আৰু হৰ ১০০০ এ ভূ-পৃষ্ঠ আচল দূৰত্ব অথাৎ ১০০০ একক বুজাইছে। এই ভগ্নাংশৰ বিশেষত্ব এইয়ে যে লবৰ মান সদায় ১ একক। গতিকে ভগ্নাংশত থকা হৰৰ মানেহে মাপনী নির্ধাৰণ কৰে। হৰৰ মান যিমানেই বেছি হয়, সিমানেই মানচিত্র সৰু হয়। এই মাপনীত লব আৰু হৰ উভয়তে কোনো ধৰণৰ একক (চেণ্টিমিটাৰ, ইঞ্চি, মিটাৰ, কিলোমিটাৰ, মাইল আদি) ব্যৱহাৰ কৰা নহয়। সেয়ে মানচিত্র অংকনকাৰী বা অধ্যয়নকাৰীয়ে নিজৰ সুবিধা অনুযায়ী ভগ্নাংশটোত একক বহুৱাই ল’লেও শুদ্ধ হৈ থাকে। এনে বৈশিষ্ট্যৰ বাবেই নিৰূপক ভগ্নাংশ ব্যৱহাৰ সমগ্র বিশ্বজুৰি কৰিব পাৰি।

৫) ৰৈখিক মাপনীৰ বৈশিষ্ট্য আৰু প্রয়োজনীয়তাসমূহ লিখা ।

উত্তৰঃ মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ সহায়ত প্রকাশ কৰা হয়, তাকেই ৰৈখিক

মাপনী বা লেখ মাপনী বোলা হয়। 

উদাহৰণস্বৰূপে, যদি মানচিত্ৰখনৰ ভাষাৰ মাপনী ১ চেণ্টিমিটাৰ = ২০ কিলোমিটাৰ হয়, তেনেহ’লে ৫ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল সৰলৰেখাই ভূ- পৃষ্ঠৰ ১০০ কিল’মিটাৰ দূৰত্বক বুজায়। এনে ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্রকৃত দূৰত্ব অতি সহজে নির্ণয় কৰিব পাৰি। 

আজিকালি এনে ৰৈখিক মাপনীৰ গুৰুত্ব আৰু ব্যৱহাৰ বৃদ্ধি পাইছে।। এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হল যান্ত্রিক পদ্ধতিৰে যেতিয়া মানচিত্র এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়। সেই একে অনুপাততেই ৰৈখিক মাপনীৰ দৈর্ঘ্য চুটি বা দীঘল হয়। অর্থাৎ এনে কৰাৰ পিছতো মানচিত্র এখনৰ মাপনী শুদ্ধ হৈয়েই থাকে। 

৬) মানচিত্র এখনৰ নিৰূপক ভগ্নাংশৰ মাপনী ১: ২৫০,০০০। ইয়াক ভাষাৰ মাপনীলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ  ১ ছে.মি = ২৫০,০০০ ছে.মি

বা  ১ ছে.মি.= ২৫০০ মিটাৰ

বা  ১ ছে মি = ২.৫ কি মি

৭) মানচিত্র এখনৰ ভাষাৰ মাপনী ২ চেণ্টিমিটাৰ =৩৫ কিলোমিটাৰ। ইয়াক নিৰূপক ভগ্নাংশলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ ২ চেণ্টিমিটাৰ =৩৫ কিলোমিটাৰ

বা  ২ ছে মি  = ৩,৫০০,০০০ ছে.মি ( ১ কি মি= ১০০,০০০ ছে মি)

১ ছে মি = ১৭,৫০,০০০ ছে.মি

নিৰূপক ভগ্নাংশ হল- ১: ১৭,৫০,০০০ 

৮) অতি কমেও ১ কিলোমিটাৰ পর্যন্ত জোখ ল’ব পৰাকৈ নিৰূপক ভগ্নাংশ ১: ৫০০,০০০ ৰ বাবে এটি ৰৈখিক মাপনী অংকন কৰা।

উত্তৰঃ ১ ছে.মি.= ৫০০,০০০ ছে মি

বা  ১ ছে মি = ৫ কি মি (১ কি মি = ১০০,০০০ ছে মি)

৯) ২ ইঞ্চি = ৫ মাইল ভাষাৰ মাপনী ব্যৱহাৰ কৰি অতি কমেও ১ মাইল পর্যন্ত জোখ ল’ব পৰাকৈ এটি ৰৈখিক মাপনী অংকন কৰা।

উত্তৰঃ 

১০) চমু টোকা লিখা

উত্তৰঃ

(ক)লেখচিত্রঃ

ভূগোলত জলবায়ু, ভূমি ব্যৱহাৰ, জনসংখ্যা, উৎপাদন আদি সম্পৰ্কীয় বিভিন্ন তথ্য যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাকে লেখচিত্র বোলে ।

(খ) দণ্ড লেখচিত্রঃ

যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা বা উৎপাদনৰ এক দিঘলীয়া সময়ৰ ধাৰা বা কেইবাখনো ঠাইৰ এটা নির্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ সহায়ত দেখুওৱা হয় তাকে দণ্ড লেখচিত্র বোলে।

(গ) ৰৈখিক লেখচিত্রঃ

যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা, উৎপাদন আদিৰ এক দীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত দেখুউৱা হয় তাকে ৰৈখিক লেখচিত্র বোলে।

(ঘ) বৃত্ত লেখচিত্রঃ

যি লেখচিত্ৰত এখন ঠাইৰ যি কোনো এটা ভৌগোলিক উপাদানৰ অংশভিত্তিক মানবোৰ অনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুউৱা হয় । তাকে বৃত্ত লেখচিত্র বোলা হয়। এনে বৃত্ত লেখচিত্ৰৰ দ্বাৰা এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, জনসংখ্যাৰ গাঁথনি ইত্যাদি তথ্য অতি সহজে উপস্থাপন কৰিব পাৰি।

(ঙ) ৰৈখিক মাপনীঃ

মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ সহায়ত প্রকাশ কৰা হয়, তাকেই ৰৈখিক মাপনী বা লেখ মাপনী বোলা হয় । 

১১) তলত দিয়া ভৌগোলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্হাপন কৰা ǀ

ক) নিৱনুৱাৰ সংখ্যা

জৰীপ বৰ্ষনিৱনুৱাৰ সংখ্যা
১৯৯২১৯৯৩১৯৯৪১৯৯৫১৯৯৬১৯৯৭১৯৯৮১৯৯৯২০০০২০০১৩,৫১২৩,৯০৫৪,২৩৫৪,৯৫০৫,০৬৪৫,১১২৫,৭৩০৫,৯৩১৬,৫৭৩৬,৮৮২

উত্তৰঃ 

(খ) মৰাপাট উৎপাদন

উৎপাদন বর্ষ উৎপাদনৰ পৰিমাণ(টন হিচাপত)
১৯৯৫ – ১৯৯৬১৯৯৬ – ১৯৯৭১৯৯৭ – ১৯৯৮১৯৯৮ – ১৯৯৯১৯৯৯ – ২০০০২০০০ – ২০০১২০০১ – ২০০২২০০২ – ২০০৩২,০৯২২,১৩৫২,৮৩০২,৬৫৭২,৯৪১৩,২৪৮৩,৮৯৩৪,২০৫

উত্তৰঃ 

(গ) আঞ্চলিক পর্যায়ত জনসংখ্যা

অঞ্চলজনসংখ্যা(লাখ হিচাপত)
১। উত্তৰ অঞ্চল২। দক্ষিণ অঞ্চল৩। পূব অঞ্চল৪। পশ্চিম অঞ্চল৩২.৯১৩০.০২৯৫.১৫৫.৪

উত্তৰঃ 

(ঘ) গাঁও আৰু নগৰৰ জনসংখ্যা

অঞ্চলজনসংখ্যা
১। গ্রাম্যাঞ্চল২। নগৰাঞ্চল৩,৪৯,৭৪২১,২৭,৯৭৩

উত্তৰঃ

(ঙ) কৃষিভূমিৰ বিতৰণ

কৃষিভূমিৰ ব্যৱহাৰকৃষিভূমিৰ পৰিমাণ।(হেজাৰ হেক্টৰ হিচাপে)
ধানমৰাপাটকুঁহিয়াৰআলুঅন্যান্য৯২,৫৬৩১৯, ৩৯৭১৭, ২১৮৩, ৮৮৪২৩, ০৭৩

উত্তৰঃ 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top