SVN Class 3 Assamese Text Book Solution 2026 Chapter 12| Sankardev School Assamese Chapter 12 অসমীয়া অভিধান Solution

অসমীয়া অভিধান

অনুশীলনীঃ

১। ভাষা কাক বোলে?

উত্তৰঃ কোনো বিশিষ্ট জন-সমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাৱ আদান-প্ৰদানৰ অৰ্থে ব্যৱহাৰ হোৱা স্পষ্ট অৰ্থযুক্ত ধ্বনি সমষ্টিকে ভাষা বোলা হয়।

২। ব্যাকৰণ কাক বোলে?

উত্তৰঃ যি পুথি পঢ়িলে এটা ভাষা শুদ্ধকৈ ক’ব আৰু লিখিব পাৰি তাকs ব্যাকৰণ বোলে।

৩। আচাৰ্য-আচাৰ্যাই ছাত্ৰ-ছাত্ৰীক অভিধান ব্যৱহাৰ কৰিবলৈ শিকাব।

৪। অভিধান চাই তলৰ শব্দবোৰৰ মাজত থকা পাৰ্থক্য লিখাঃ

ক’লা ─ কলা, হাত ─ হাট, কাহ ─ কাঁহ, চাল ─ ছাল, বাঁহ ─ বাহ, ৰান্ধনি ─ ৰান্ধনী

উত্তৰঃ ক’লা – বৰণ।

কলা – সংস্কৃতি।

হাত – শৰীৰৰ অংশ।

হাট – বস্তু কিনা-বেছা কৰা ঠাই।

কাহ – এবিধ অস্বস্তিকৰ ৰোগ ৷

কাঁহ – এবিধ ধাতু।

চাল – চলনা।

ছাল – শৰীৰৰ অংশ।

বাঁহ – এবিধ ওখ গছ।

বাহ – চৰাই থাকিবৰ বাবে নিজে সাজি লোৱা ঘৰ।

ৰান্ধনি – মহিলা খাদ্য প্ৰস্তুত কৰোঁতা।

ৰান্ধনী – পুৰুষ খাদ্য প্ৰস্তুত কৰোঁতা।

৫। অভিধান চাই অকে অৰ্থযুক্ত শব্দ লিখাঃ

সোণ — স্বৰ্ণ।

ঘৰ — গৃহ।

মাতৃ — মাঁ।

চন্দ্ৰ — জোন।

ৰজনী — ৰাতি।

কাণ — কৰ্ণ।

৭। তলৰ ঘটনাসমূহ সময়ৰ ক্ৰম অনুসাৰে লিখাঃ

(ক) ১৮৬৭ চনত মাইলছ্ ব্ৰনছনে দ্বিতীয়খন অসমীয়া অভিধান ৰচনা কৰে।

(খ) ১৯৩৩ চনত ‘চন্দ্ৰকান্ত অভিধান’ প্ৰকাশ পায়।

(গ) ১৮৩৯ চনত যদুৰাম ডেকা বৰুৱাই ‘অসমীয়া অভিধান’ ৰচনা কৰিছিল।

(ঘ) ১৯৭১ চনত ‘ব্য়ৱহাৰিক শব্দকোষ’ ছপা হয়।

(ঙ) ১৯৫২ চনত গিৰিধাৰি শৰ্মাৰ ‘অসমীয়া অভিধান’ প্ৰকাশ হয়।

(চ) ১৯০০ চনত ‘হেমকোষ’ ছপা হৈ ওলায়।

(ছ) ১৯৯১ চনত ‘আধুনিক অসমীয়া শব্দকোষ’ প্ৰকাশ পায়।

(জ) ১৯৭৭ চনত ‘আধুনিক অসমীয়া অভিধান’ প্ৰকাশ পায়।

উত্তৰঃ (গ) ১৮৩৯ চনত যদুৰাম ডেকা বৰুৱাই ‘অসমীয়া অভিধান’ ৰচনা কৰিছিল।

(ক) ১৮৬৭ চনত মাইলছ্ ব্ৰনছনে দ্বিতীয়খন অসমীয়া অভিধান ৰচনা কৰে।

(চ) ১৯০০ চনত ‘হেমকোষ’ ছপা হৈ ওলায়।

(খ) ১৯৩৩ চনত ‘চন্দ্ৰকান্ত অভিধান’ প্ৰকাশ পায়।

(ঙ) ১৯৫২ চনত গিৰিধাৰি শৰ্মাৰ ‘অসমীয়া অভিধান’ প্ৰকাশ হয়।

(ঘ) ১৯৭১ চনত ‘ব্য়ৱহাৰিক শব্দকোষ’ ছপা হয়।

(জ) ১৯৭৭ চনত ‘আধুনিক অসমীয়া অভিধান’ প্ৰকাশ পায়।

(ছ) ১৯৯১ চনত ‘আধুনিক অসমীয়া শব্দকোষ’ প্ৰকাশ পায়।

৮। উত্তৰ লিখাঃ

(ক) অভিধানৰ জৰিয়তে আমাৰ কি কি লাভ হয়?

উত্তৰঃ আমি সংবিধানত সকলো নজনা শব্দৰ উত্তৰ চাব পাৰো।

(খ) অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম অভিধান কোনখন? এই অভিধানখন কোনে, কিমান শব্দ লৈ ৰচনা কৰিছিল?

উত্তৰঃ অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম অভিধান ‘অছমীয়া আৰু ইংৰাজী’ অভিধান। এই অভিধানখন ড॰ মাইলছ্ ব্ৰন্ছনে ইয়াত প্ৰায় ১৪,০০০ শব্দ লৈ ৰচনা কৰা হৈছিল।

(গ) হেমকোষত মুঠ কিমানটা শব্দ আছে?

উত্তৰঃ হেমকোষত মুঠ ২২,৩৪৬ টা শব্দ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top