SVN Class 3 Assamese Text Book Solution 2026 Chapter 13| Sankardev School Assamese Chapter 13 সঁচা সেৱাৰ ফল Solution

সঁচা সেৱাৰ ফল

অনুশীলনীঃ

১। তাঁতীজনৰ নাম কি আছিল?

উত্তৰঃ তাঁতীজনৰ নাম নীৰু আছিল।

২। তাঁতীজনৰ ল’ৰাটো কেনেকৈ পাইছিল?

উত্তৰঃ এদিন তাঁতীজনে গাঁৱৰ এটা পুখুৰীলৈ গৈ আছিল, তেতিয়া হাবিৰ ওচৰত তাঁতীজনৰ ল’ৰাটো পাইছিল।

৩। ল’ৰাজনৰ স্বভাৱ কেনে আছিল?

উত্তৰঃ ল’ৰাজন ভগৱানৰ প্ৰতি বৰ ভক্তি আছিল।

৪। ল’ৰাজনক কাপোৰবোৰ দি মাকে কি কৈছিল?

উত্তৰঃ ল’ৰাজনক কাপোৰবোৰ দি মাকে কৈছিল যে ” বোপাই, এই কাপোৰখিনি বজাৰলৈ লৈ যোৱা। বিক্ৰী কৰি যি পইচা পোৱা তাৰে চাউল কিনি আনিবা। ঘৰত একো খোৱা বস্তুৱেই নাই।”

৫। ল’ৰাজনৰ নাম কি আছিল?

উত্তৰঃ ল’ৰাজনৰ নাম কবীৰ দাস আছিল।

৭। সাধুটি নিজৰ ভাষাত লিখা।

উত্তৰঃ এখন গাঁৱত এজন তাঁতী আছিল। তেওঁৰ নাম নীৰু আৰু তেওঁৰ পত্নীৰ নাম আছিল নীমা। তেওঁলোকে কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁলোকৰ সন্তান নাছিল। এদিন নীৰুৱে গাঁৱৰ এটা পুখুৰীলৈ গৈ আছিল। হঠাৎ তেওঁ এটা সৰু কেচুৱাই কান্দি থকাৰ শব্দ শুনিবলৈ পালে। তেওঁ দেখিলে হাবিৰ ওচৰত এটা সৰু কেঁচুৱাই কান্দি আছে। তেওঁ সেই কেঁচুৱাটো ঘৰলৈ লৈ আহিল আ্ৰৰু নীমাৰ হাতত দিলে। নীমাই সেই কেচুৱাটো পায় খুব আনন্দিত হ’ল আৰু দুয়ো খুব মৰমেৰে কেঁচুৱাটো ডাঙৰ-দীঘল কৰিলে। সময় পাৰ হ’ল আৰু ল’ৰাটো ডাঙৰ হ’ল। ল’ৰাটো ভগৱানৰ প্ৰতি বৰ ভক্তি হ’ল। ল’ৰাজনেও মাক-বাপেকৰ দৰে কাপোৰ বোৱা কাম কৰিবলৈ ল’লে। এদিন নীমাই ল’ৰাটোৰ হাতত কাপোৰ দি ক’লে, ” বোপাই, এই কাপোৰখিনি বজাৰলৈ লৈ যোৱা। বিক্ৰী কৰি যি পইচা পোৱা তাৰে চাউল কিনি আনিবা। ঘৰত একো খোৱা বস্তুৱেই নাই।” ল’ৰাজনে কাপোৰখিনি লৈ বজাৰলৈ গৈ থাকোঁতে বাটত ঠাণ্ডাত ভিক্ষা খুজি থকা সাধু-সন্তসকলক দেখি তেওঁৰ বহুত দুখ লাগিল আৰু তেওঁ বজাৰলৈ বেছিব নিয়া কাপোৰ বোৰ চিগি-চিগি তেওঁলোকক ভগায় দিলে আৰু খালি হাতে ঘৰলৈ উভতি আহিল। তেওঁ ঘৰলৈ আহিল আৰু মাকে তাক ৰুটি খাবলৈ দিলে। সেয়া দেখি তেওঁ আচৰিত হ’ল আৰু মাকক সুধিলে যে “তুমি ঘৰত খোৱা বস্তু নাই বুলি কৈছিলা। মইতো খোৱা বস্তু অনা নাই। তেনেহ’লে ভোজন কেনেকৈ হ’ল। তেতিয়া মাকে আচৰিত হৈ উত্তৰ দিলে তুমিয়েই দেখোন সেই বুঢ়ালোকজনৰ হাতত খোৱা বস্তু দি পঠাইছিলা। তেতিয়া ল’ৰাজনে মাকক সকলো কথা খুলি ক’লে। তেতিয়া মাকে ক’লে, “সাধু-সন্ত দীন-দুখীয়াসকলৰ বাবে কৰা সেৱাই ঈশ্বৰৰ আচল সেৱা। ঈশ্বৰ বা তেওঁৰ দূতেই খোৱা বস্তু দি গ’ল আন কোনো নহয়।”

যুৱকজনৰ মন ঈশ্বৰৰ এই কৃপাত আনন্দিত হৈ উঠিল। সেই যুৱকজনেই আছিল সন্ত কবীৰ দাস।

৮। তলত দিয়া যুক্তাক্ষৰবোৰ খটুৱাই শব্দ গঠন কৰা一

উত্তৰঃ স্তু – বস্তু

ন্ত – সান্ত

শ্ব – শব্দ

ন্দ – বান্দৰ

ত্ন – যত্ন

ণ্ড – ভণ্ড

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top