SVN Class 3 Assamese Text Book Solution 2026 Chapter 16| Sankardev School Assamese Chapter 16 উপদেশৰ পৰিনাম Solution

উপদেশৰ পৰিনাম

অনুশীলনীঃ

১। উত্তৰ লিখাঃ

(ক) গোটেই দিনটো চৰাইবোৰে কিয় বাহৰ ভিতৰত সোমাই আছিল?

উত্তৰঃ বৰষুণ দি থকাৰ বাবে গোটেই দিনটো চৰাইবোৰে বাহৰ ভিতৰত সোমাই আছিল।

(খ) বাহৰ পৰা ভুমুকিয়াই চাই গছৰ তলত চৰাইবোৰে কি দেখিলে?

উত্তৰঃ বাহৰ পৰা ভুমুকিয়াই চাই গছৰ তলত চৰাইবোৰে দেখিলে যে গছৰ তলত কেইবাটাও বান্দৰে জাৰত থৰ্-থৰকৈ কঁপি আছিল।

(গ) চৰাইৰ কথাত বান্দৰে খঙতে কি ক’লে?

উত্তৰঃ চৰাইৰ কথাত বান্দৰে খঙতে ক’লে “তহঁতেই বাহৰ ভিতৰত আৰামেৰে থাক। আমাক উপদেশ দিব নালাগে।”

(ঘ) বান্দৰৰ কথা সহিব নোৱাৰি চৰায়ে কি উত্তৰ দিলে?

উত্তৰঃ বান্দৰৰ কথা সহিব নোৱাৰি চৰায়ে উত্তৰ দিলে, “তোমালোকেই কোৱা, মানুহৰ দৰে তোমালোকৰ হাত-ভৰি আছে। হাত-ভৰি থকা সত্ত্বেও ঘৰ সাজি ন’লৈ বৰষুণত তিতি কঁপিবলৈ ধৰিছা কিয়? তোমালোকৰ দৰে মূৰ্খ কোনোবা আছে নে?”

(ঙ) বান্দৰক উপযাচি উপদেশ দিয়াৰ ফল চৰায়ে কেনেদৰে পালে?

উত্তৰঃ বান্দৰক উপযাচি উপদেশ দিয়াৰ বাবে বৰষুণ এৰাৰ পাছত বান্দৰজাক আহি চৰাইৰ বাহটো ভাঙি পেলালে।

২। গল্পটো তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ এখন নৈৰ পাৰত এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাৰ ডালত চৰাইবোৰে বাহ সাজি বাস কৰিছিল। ৰ’দ-বৰষুণৰ সময়ত চৰাইবোৰে বাহৰ ভিতৰত কষ্ট নোপোৱাকৈ থাকে।

এদিনাখন বৰকৈ বতাহ-বৰষুণ দিলে। সেইদিনা গোটেই দিনটো চৰাইবোৰ বাহৰ ভিতৰতে সোমায় থাকিল। এনেতে সিঁহতে গছৰ তলত কাৰোবাৰ মাত শুনিবলৈ পালে, তলত ৰৈ জুমি চায় দেখে যে, গছৰ তলত কেইবাটাও বান্দৰে জাৰত থৰ্-থৰকৈ কঁপি আছে। তেতিয়া চৰাইবোৰে সিহঁতক ক’বলৈ ধৰিলে, “বান্দৰ ককাইহঁত নিৰাপদে থকাৰ বাবে আমি খেৰে-কুটাৰে ঘৰ সাজি লৈছো। তোমালোকৰ হাত-ভৰি আছে, তোমালোকেও আমাৰ দৰে ঘৰ সাজি ল’ব পাৰা। তেতিয়া আমাৰ দৰে তোমালোকো আৰামত থাকিব পাৰিবা।”

চৰাইৰ কথা শুনি বান্দৰৰ খং উঠিল আৰু বান্দৰে খঙতে ক’লে, ” তহঁতেই বাহৰ ভিতৰত আৰামেৰে থাক। আমাক উপদেশ দিব নালাগে।”

বান্দৰৰ কথা সহিব নোৱাৰি চৰায়ে উত্তৰ দিলে, ” তোমালোকেই কোৱা, মানুহৰ দৰে তোমালোকৰ হাত-ভৰি আছে। হাত-ভৰি থকা সত্ত্বেও ঘৰ সাজি ন’লৈ বৰষুণত তিতি কঁপিবলৈ ধৰিছা কিয়? তোমালোকৰ দৰে মূৰ্খ কোনোবা আছে নে?”

চৰাইৰ কথা শুনি বান্দৰৰ আৰু বেছি খং উঠিল। সিহঁতে চৰাইবোৰক ধমকি দি ক’লে, ” তহঁতে আমাক ঠাট্টা কৰিছ। বৰষুণ এৰিলে তহঁতক এসেকা দিম ৰহ।”

অলপ পাছত বৰষুণ এৰিল। বান্দৰবোৰ গছত উঠি চৰাইৰ বাঁহবোৰ ভাঙি পেলালে আৰু বহুতো পোৱালি গছৰ পৰা পৰি মৰি থাকিল। চৰাইবোৰৰ বিলায় নাইকিয়া হ’ল। সিহঁতে নিজৰ ভুলটো বুজি পালে। বান্দৰবোৰক উপযাচি উপদেশ দিবলৈ গৈ সিহঁতে নিজৰ বিপদ মাতি আনিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top