SVN Class 3 Assamese Text Book Solution 2026 Chapter 9| Sankardev School Assamese Chapter 9 পৰুৱা আৰু হাতী Solution

পৰুৱা আৰু হাতী

অনুশীলনীঃ

১। উত্তৰ দিয়া 一

ক) পৰুৱাৰ দলপতিয়ে হাতীক কি কৈছিল?

উত্তৰঃ পৰুৱাৰ দলপতিয়ে হাতীক এই বুলি কৈছিল যে “তুমি আনৰ বৰ অনিষ্ট কৰি ফুৰা। এয়া জানো ভাল কথা? এইখন সকলোৰে হাবি। ইয়াত সকলোৰে থকাৰ অধিকাৰ আছে।”

খ) পৰুৱাই হাতীক উচিত শিক্ষা দিব পাৰিলেনে?

উত্তৰঃ পৰুৱাই হাতীক উচিত শিক্ষা দিব পাৰিলে।

গ) শেষত পৰুৱাই হাতীক কি নীতি বাক্য ক’লে ?

উত্তৰঃ শেষত পৰুৱাই হাতীক নীতি বাক্য ক’লে যে “আনক কেতিয়াও সৰু আৰু দুৰ্বল বুলি ভাবিব নাপায়।”

২। একে অৰ্থ বুজোৱা শব্দ লিখোঁ আহাঃ

অৰণ্য, ল’ৰা, ছোৱালী, হাতী, ক্ষুদ্ৰ, ডাঙৰ

উত্তৰঃ

অৰণ্য = হাবি

ল’ৰা = যুৱক

ছোৱালী = যুৱতী

হাতী = হস্তী

ক্ষুদ্ৰ = সৰু

ডাঙৰ = বৃহৎ

৩। তলত দিয়া যুক্তাক্ষৰবোৰ পঢ়া আৰু ঘৰবোৰত একোটা শব্দ সাজি লিখা।

উদাহৰণ ― ন্ধ = ন্ + ধ = অন্ধ

ষ্ট – কষ্ট

ন্তু – জন্তু

চ্ছ – উচ্ছ

ন্দ – বান্দৰ

৪। ৰূপ সলনি কৰি একোটাকৈ শব্দ সাজা―

যেনে 一 ৰ+উ = ৰু, গৰু

(ক) দ + ্য (য–কাৰ) = দ্য়, বিদ্য়া

(খ) শ + উ = শু, শিশু

৫। হাবিত থকা প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ হাতী, বান্দৰ, শিয়াল, বাঘ, সিংহ, পৰুৱা, সাপ, নেউল, গড়, চিম্পাঞ্জি, গৰিলা, হৰিণ, জিৰাফ, বনৰীয়া গৰু, বনৰীয়া ম’হ, ঘৰিয়াল আদি।

Scroll to Top