SVN Class 3 Niti Mallika Chapter 4 বনভোজ Question Answer 2026 |

বনভোজ

আৰ্হি প্ৰশ্নঃ

(ক) দীপুহঁত বনভোজ খাবলৈ কেতিয়া আৰু ক’লৈ গৈছিল?

উত্তৰঃ দীপুহঁতে বনভোজ খাবলৈ ২০ ডিচেম্বৰত কাজিৰঙা লৈ গৈছিল।

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে পৃথিৱী বিখ্যাত ?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।

(গ) দীপুহঁতে কোনখন নৈৰ পাৰত বনভোজ খাইছিল ?

উত্তৰঃ দীপুহঁতে কঁহৰা নৈৰ পাৰত বনভোজ খাইছিল।

(ঙ) পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ দীপুহঁতে কি কৰিছিল?

উত্তৰঃ পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ দীপুহঁতে বনভোজ খোৱা শেষ হোৱাৰ পিচত গোটাই থাল গিলাচবোৰ গাঁত খান্দি পুতিলে আৰু ঠাইখিনি পৰিষ্কাৰ কৰি পেলালে।

(চ) ‘বনভোজ’ পাঠটিৰ পৰা তোমালোকে কি শিকিলা চমুকৈ লিখা।

উত্তৰঃ ‘বনভোজ’ পাঠটিৰ পৰা আমি শিকিলো যে কোনো ঠাইত বনভোজ খাবলৈ গ’লে বনভোজ খোৱা শেষ হোৱাৰ পিচত গোটাই থাল গিলাচবোৰ গাঁত খান্দি পুতিব লাগে আৰু ঠাইখিনি পৰিষ্কাৰ কৰি পেলাৱ লাগে। ৰান্ধনি কেইজনক সহায় কৰিব লাগে। আৰু বনভোজ খাবলৈ গ’লে নিয়ম শৃঙ্খলা বজাই ৰাখিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top