SVN Class 3 Niti Mallika Chapter 8 কৃষ্ণভক্তা মীৰাবাঈ Question Answer 2026 |

কৃষ্ণভক্তা মীৰাবাঈ

আৰ্হি প্ৰশ্নঃ

(ক) মীৰাবাঈ কোন আছিল ?

উত্তৰঃ মীৰাবাঈ ৰাজস্থানৰ এগৰাকী বিখ্যাত গায়িকা আছিল।

(খ) মীৰাবায়ে কাক উপসনা কৰিছিল ?

উত্তৰঃ মীৰাবায়ে কৃষ্ণক উপসনা কৰিছিল।

(গ) মীৰাবাঈৰ ককাদেউতাকৰ নাম কি আছিল ?

উত্তৰঃ মীৰাবাঈৰ ককাদেউতাকৰ নাম ৰাও দুদাজী আছিল।

(ঘ) জীৱনৰ শেষৰ সময়ছোৱা মীৰাবায়ে ক’ত কটাইছিল?

উত্তৰঃ জীৱনৰ শেষৰ সময়ছোৱাত দ্বাৰকা অৰ্থা কাঠিৱাৰত কটাইছিল।

(ঙ) মীৰাবাঈৰ কৃষ্ণভক্তিৰ বিষয়ে চমুকৈ লিখা |

উত্তকঃ মীৰাবাঈক বাল্যকালতে এজনভিক্ষুয়ে এটি কৃষ্ণৰ মূৰ্ত্তি উপহাৰ দিছিল। সেই মূৰ্ত্তিৰ প্ৰতি তেওঁ গভীৰভাৱে আকৰ্ষিত হোৱাৰ লগতে ধৰ্মৰ প্ৰতিও বিশ্বাস বাঢ়ি আহিছিল। সকলো সময়তে মূৰ্ত্তিৰ টো লগতে ৰাখিছিল আনকি বিয়াৰ পাছতো সেই মূৰ্ত্তিটো স্বামীগৃহলৈ লৈ গৈছিল। মীৰাবাঈৰ স্বামী গৃহত কালী দেৱীক পূজা-অৰ্চনা কৰিছিল কিন্তু তেতিয়াও মীৰাবাঈ মনত কৃষ্ণ ভক্তিৰ অটল হৈ আছিল। সেইবাবে স্বামী গৃহত স্বামীৰ পৰিয়ালে তেওঁৰ ভক্তি বিৰোধিতা কৰিছিল। মীৰাবাঈ কেইবাবাৰো হত্যাৰ পৰিকল্পনা কৰিছিল কিন্তু কৃষ্ণ ভক্তিৰে তেওঁৰ ৰক্ষা কৰিছিল। মীৰাবায়ে স্বামীগ্রহৰ লোকসকলৰ দ্বাৰা পৰিশ্ৰান্ত হৈ নিজৰ জন্মভূমিলৈ উভতি আহিছিল। কিন্তু নিজৰ ঘৰতো শান্তুি নাপালে। মীৰাবাঈৰ পৰিয়াল ত্যাগ কৰি একমাত্ৰ কৃষ্ণ প্ৰেমৰ বাবেই তেওঁ বৃন্দাবনলৈ গুচি গৈছিল। মীৰাবায়ে কৃষ্ণৰ প্ৰতি থকা ভক্তিৰ বাবে বহু গীত ৰচনা কৰিছিল আৰু গাইছিল। মীৰাবায়ে জীৱনৰ শেষৰ সমযছোৱা দ্বাৰকাত কটাইছিল। এইয়ে আছিল মীৰাবাঈৰ কৃষ্ণভক্তিৰ।

Scroll to Top