আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া
(ক) বিদ্যালয়ৰ শিক্ষা শেষ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে ক’ত অধ্যয়ন কৰে?
উত্তৰঃ বিদ্যালয়ৰ শিক্ষা সমাপ্ত হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত অধ্যয়ন কৰে।
(খ) মহাবিদ্যালয়ৰ মুৰব্বীজনক কি বুলি জনা যায়?
উত্তৰঃ মহাবিদ্যালয়ৰ মুৰব্বীজনক অধ্যক্ষ বুলি জনা যায়।
(গ) ডাকঘৰৰ যোগেদি কি আদান-প্ৰদান কৰা হয়?
উত্তৰঃ ডাকঘৰৰ যোগেদি চিঠি-পত্ৰ, টকা-পইচা আৰু অন্যান্য সামগ্ৰী আদান-প্ৰদান কৰা হয়।
(ঘ) সুলভ মূল্যৰ দোকানক আজিকালি কি নামেৰে জনা যায়?
উত্তৰঃ সুলভ মূল্যৰ দোকানক আজিকালি “আমাৰ দোকান” বুলি জনা যায়।
(ঙ) চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়?
উত্তৰঃ চিকিৎসালয়ৰ পৰা আমি চিকিৎসা সেৱা লাভ কৰোঁ। চৰকাৰী চিকিৎসালয়ত বহু সময়ত বিনামূলীয়া চিকিৎসা আৰু ঔষধ লাভ কৰা যায়। তদুপৰি পশুৰ চিকিৎসাৰ ব্যৱস্থাও থাকে।
(চ) বেংকে আমাৰ কি উপকাৰ কৰে?
উত্তৰঃ বেংকে আমাৰ ধন নিৰাপদে জমা ৰাখে আৰু তাৰ ওপৰত সুদ দিয়ে। লগতে ব্যৱসায়, কৃষি, গৃহ নিৰ্মাণ আদি কামৰ বাবে ঋণ প্ৰদান কৰে।
(ছ) পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সহায় কৰে?
উত্তৰঃ পুথিভঁৰালৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ কিতাপ ধাৰলৈ নি পঢ়িব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ জ্ঞান বৃদ্ধি পায়।
(জ) সত্ৰৰ মুৰব্বীজনক কি বোলা হয়?
উত্তৰঃ সত্ৰৰ মুৰব্বীজনক সত্ৰাধিকাৰ বুলি কোৱা হয়।
২। সঁচা / মিছা লিখা
(ক) বেংক চিঠি-পত্ৰ আদান-প্ৰদান কৰে। — মিছা
(খ) ডাকঘৰত পইচা জমা থ’ব পাৰি। — সঁচা
(গ) সুলভ মূল্যৰ দোকানত কম দামত অত্যাৱশ্যকীয় বস্তু কিনিব পাৰি। — সঁচা
(ঘ) আৰক্ষী চকীয়ে শান্তি-শৃংখলা ৰক্ষা কৰাত সহায় কৰে। — সঁচা
(ঙ) আমাৰ পোহনীয়া জন্তুবোৰ চৰকাৰী পশু চিকিৎসালয়ত চিকিৎসা কৰাব পাৰোঁ। — সঁচা
(চ) পুথিভঁৰালত টকা-পইচা জমা থোৱা হয়। — মিছা
(ছ) সমবায় সমিতিসমূহ কেৱল এজন মানুহক লৈ গঠিত। — মিছা
(জ) কৃষি কৰ্মৰ বাবে সমবায় সমিতি গঠন কৰিব নোৱাৰি। — মিছা
(ঝ) চৰকাৰৰ দ্বাৰা অনুমোদিত দোকানক সুলভ মূল্যৰ দোকান বোলা হয়। — সঁচা
৩। খালী ঠাই পূৰণ কৰা
(ক) গাঁওসমূহত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে।
(খ) পুথিভঁৰাল হ’ল কিতাপৰ ঘৰ।
(গ) চিঠি-পত্ৰ বিলোৱা মানুহজনক পিয়ন বোলা হয়।
(ঘ) বেংকসমূহক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া পৰিচালনা কৰে।
(ঙ) ডাকঘৰ পৰিচালনা কৰা ব্যক্তিজনক প’ষ্ট মাষ্টাৰ বোলা হয়।
৪। চমুটোকা লিখা
(ক) পুথিভঁৰাল
পুথিভঁৰাল হৈছে কিতাপ সংৰক্ষণ আৰু পঢ়াৰ ঠাই। ইয়াত বিভিন্ন বিষয়ৰ কিতাপ জমা কৰি ৰখা হয়। পুথিভঁৰালৰ পৰা কিতাপ ধাৰলৈ ল’বলৈ কিছু নীতি-নিয়ম মানিব লাগে। পুথিভঁৰাল ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে।
(খ) আৰক্ষী চকী
আৰক্ষী চকী হৈছে চৰকাৰীভাৱে স্থাপিত এক অনুষ্ঠান, যিয়ে কোনো এক নিৰ্দিষ্ট অঞ্চলত আইন-শৃংখলা বজাই ৰাখে। জনসাধাৰণৰ নিৰাপত্তা প্ৰদান কৰাই ইয়াৰ মুখ্য উদ্দেশ্য।
(গ) বিদ্যালয়
ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ বাবে যি অনুষ্ঠান স্থাপন কৰা হয় তাক বিদ্যালয় বোলা হয়। বিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ হয়। প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয় আদি ইয়াৰ অন্তৰ্গত।
(ঘ) চিকিৎসালয়
বেমাৰ-আজাৰ নিৰাময়ৰ বাবে স্থাপন কৰা অনুষ্ঠানক চিকিৎসালয় বোলা হয়। চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ চিকিৎসালয় আছে। ইয়াত সাধাৰণ ৰোগৰ পৰা জটিল ৰোগলৈ চিকিৎসা কৰা হয়।