Chapter 21
অৰণ্য গাঁথনি
১। অৰণ্য দেখিবলৈ কেনেকুৱা?
উত্তৰঃ অৰণ্য দেখিবলৈ সেউজীয়া।
২। কিমান উদ্ভিদ অৰণ্যত দেখা যায়?
উত্তৰঃ শ শ প্ৰজািৰ উদ্ভিদ অৰণ্যত দেখা যায়।
৩। উদ্ভিদবোৰক কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ উদ্ভিদবোৰক দুটা ভাগত ভগাব পাৰি।
৪। উদ্ভিদৰ ভাগ কেইটা কি কি ?
উত্তৰঃ চিৰসেউজ উদ্ভিদ আৰু অৰ্দ্ধ চিৰসেউজ উদ্ভিদ।
৫। চিৰসেউজ উদ্ভিদ গোটেই বছৰটো কি হয় থাকে?
উত্তৰঃ চিৰসেউজ উদ্ভিদ গোটেই বছৰটো সেউজীয়া পাতেৰে ভৰি থাকে।
৬। অৰ্দ্ধচিৰসেউজ উদ্ভিদবোৰ কোনকেইটা দিনত লঠঙা হৈ পৰে?
উত্তৰঃঅৰ্দ্ধচিৰসেউজ উদ্ভিদবোৰ শীতল দিন কেইটাত লঠঙা হৈ পৰে।
৭। দুবিধ চিৰসেউজ উদ্ভিদৰ নাম লিখা?
উত্তৰঃ দুবিধ চিৰসেউজ উদ্ভিদৰ নাম হ’ল- নাৰিকল আৰু আম।
৮। দুবিধ অৰ্দ্ধচিৰসেউজ উদ্ভিদৰ নাম লিখা?
উত্তৰঃ দুবিধ অৰ্দ্ধচিৰসেউজ উদ্ভিদৰ নামহ’ল- আঁহত আৰু বকুল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post