Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Science Chapter 14 Answer বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া

চতুৰ্দশ অধ্য়ায় 

অনুশীলনী

A. জ্ঞানভিত্তিক প্ৰশ্ন (Knowledge based Questions)   

1: কোষ কি?

উত্তৰ: কোষ (বৈদ্যুতিক কোষ) হৈছে ৰাসায়নিক শক্তিক বিদ্যুৎ শক্তিলৈ পৰিবৰ্তন কৰা এবিধ সৰঞ্জাম।

2: বর্তনী চিত্র কি?

উত্তৰঃ কোনো বর্তনীৰ মাজেদি প্রবাহ চালিত কৰা কাৰ্য চিত্ৰৰ সহায়ত প্রকাশ কৰিলে সেই চিত্রক বর্তনী চিত্র বোলা হয়।

3: বৈদ্যুতিক প্রবাহৰ তাপীয় ক্রিয়া কি?

উত্তৰঃ তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে তাঁৰডাল উত্তপ্ত হয়। ইয়াকে বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া বোলা হয়। অর্থাৎ ইয়েই হ’ল বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া।

4: বৈদ্যুতিক প্রবাহৰ চুম্বকীয় ক্রিয়া কি?

উত্তৰ: তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে তাঁৰডালে এডাল চুম্বকৰ দৰে আচৰণ কৰে। ইয়েই বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া।

প্রশ্নঃ বিদ্যুৎ চুম্বক কি?

উত্তৰঃ লোহাৰ টুকুৰা এটাৰ ওপৰত অন্তৰিত তাঁৰ পকাই তাঁৰডালৰ মাজেৰে বিদ্যুৎ চালিত কৰিলেই এডাল বিদ্যুৎ চুম্বক হয়।

B. ক্রিয়া কলাপ সম্বন্ধীয় প্রশ্ন (Activity based Questions)

1: তোমাৰ আচাৰ্য্যৰ সহায়ত “বিদ্যুৎ প্রবাহিত হ’লে যে তাপৰ উৎপত্তি হয়”- এটা পৰীক্ষা কৰা।

উত্তৰঃ এডাল মিহি পৰিবাহী তাঁৰৰ দুই মূৰৰ লগত এটা বেটাৰী সংযোগ কৰা হ’ল। হাতেৰে চুই চালে তাঁৰডাল গৰম হোৱা অনুভব কৰা হ’ব। বেছি সময়ৰ বাবে বিদ্যুৎ প্রবাহ চালিত কৰিলে তাঁবডালৰ উষ্ণতা বেছি হোৱা অনুভৱ কৰা যায়। ইয়াৰ দ্বাৰা এইটো প্রমাণ হয় যে বিদ্যুৎ প্রবাহিত হ’লে তাপৰ উৎপত্তি হয়।

2: আচাৰ্যৰ সহায় লৈ বিদ্যুৎ প্রবাহৰো যে চুম্বকত্ব আছে এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰি দেখুওৱা।

উত্তৰ : বিদ্যুৎ প্রবাহৰ যে চুম্বকত্ব আছে, তলত দিয়া পৰীক্ষাৰ সহায়ত প্রমাণ কৰা হ’ল-

পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সঁজুলিবোৰ হ’ল- এটা 10cm দীঘল লোৰ গজাল, 2 মিটাৰ তামৰ তাঁৰ, (অপৰিবাহী পদাৰ্থৰ প্ৰলেপ থকা বা সূতাৰ আৱৰণ থকা) কেইটামান আলপিন।দীঘল গজালটোৰ ওপৰত মিহি তাঁৰডাল কুণ্ডলীৰ ধৰণে ঘনকৈ পকোৱা হ’ল। কুণ্ডলী সজা তাঁৰডালৰ দুই মূৰ এটা বেটেৰী আৰু ছাবিব সৈতে সংযোগ কৰি এটা বৰ্তনী প্রস্তুত কৰা হ’ল। গজালটো মেজৰ ওপৰত কিছু আলপিনৰ ওপৰত থিয়কৈ ৰখা হ’ল। তাৰপিছত বর্তনীত প্রবাহ চালিত কৰাত গজালটোৱে আলপিনবোৰ আকৰ্ষণ কৰে অৰ্থাৎ গজালটোৱে চুম্বকত্ব হেৰুৱায়।কুণ্ডলীৰ প্ৰবাহ চলি থকালৈকে গজাল বা লোৰ দণ্ডদাল চুম্বক হৈ থাকে। প্রবাহ চালিত কুণ্ডলীৰ মাজত থোৱা আৰু চুম্বক হৈ পৰা লোৰ দণ্ডক বিদ্যুৎ চুম্বক বোলা হয়।বিদ্যুৎ চুম্বকৰ চুম্বক ক্ষেত্ৰৰ শক্তি (১) তাঁৰৰ কুণ্ডলীৰ পাকৰ সংখ্যা (২) প্রবাহিত বিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

C. চমু উত্তৰ দিয়া:

1. বিদ্যুৎ প্রবাহৰ দুটা ফল লিখা।

উত্তৰঃ বিদ্যুৎ প্রবাহৰ দুটা ফল হ’ল- 

(১) বিদ্যুৎ প্রবাহৰ ফলত তাপ উৎপন্ন হয় ।

(২) তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ই এডাল চুম্বকৰ দৰে আচৰণ কৰে অর্থাৎ বিদ্যুৎ প্রবাহৰ ফলত বিদ্যুৎ চুম্বক উৎপন্ন হয়।

2. এটা কম্পাচৰ ওচৰত পৰিবাহী তাঁৰেৰে বিদ্যুত সংযোগ কৰিলে চুম্বক কাঁটাৰ বিক্ষেপণ হয় কিয়?

উত্তৰঃ কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ পঠিয়ালে বা পৰিবাহী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিলে ই চুম্বকৰ দৰে আচৰণ কৰে। পৰিবাহীডালৰ চাৰিওফালৰ অঞ্চলত চুম্বক শলা ৰাখিলে চুম্বক শলাডালৰ বা চুম্বক কাঁটাডালৰ ওপৰত বল প্রয়োগ হয়। সেইবাবে চুম্বক কাঁটাৰ বিক্ষেপণ হয়।

3.বিদ্যুৎ প্রবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম লিখা।

উত্তৰঃ বিদ্যুৎ প্রবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম হ’ল- (১) ইপ্তি (২) হিটাৰ

 প্রশ্নঃ বিদ্যুৎ চুম্বকৰ ক্ৰিয়া ফলৰ ওপৰত ভিত্তি কৰি সজা দুবিধ সঁজুলিৰ নাম

উত্তৰঃ বিদ্যুৎ চুম্বকৰ ক্ৰিয়া ফলৰ ওপৰত ভিত্তি কৰি সজা দুবিধ সঁজুলিৰ নাম হ’ল- (১) বৈদ্যুতিক ঘণ্টা (২) ইলেক্ট্রিক মটৰ।

4.”ফিউজ” কি? যি কোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব পাৰিনে?

উত্তৰঃ “ফিউজ” এডাল মিহি তাঁৰ। বৰ্তনীত প্রবাহৰ মান নিৰাপদ সীমাতকৈ বেছি হ’লে এই তাঁৰডাল পুৰি গৈ বৰ্তনীক মূল প্রবাহৰ উৎসৰ পৰা বিচ্ছিন্ন কৰি দিয়ে। যিকোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব নোৱাৰি। কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা ফিউজবোৰ তৈয়াৰ কৰা হয়। ইহঁত ততালিকে গলি ছিগি যায়।

5. বিদ্যুৎ কোষ এটাত থকা তিনিটা প্রধান বস্তু কি কি?

উত্তৰঃ বিদ্যুৎ কোষ এটাত থকা তিনিটা প্রধান বস্তু হ’ল- (১) ধনাত্মকভাৱে আহিত দণ্ড, (২) এডাল ঋণাত্মকভাবে আহিত দণ্ড আৰু (৩) এবিধ বিদ্যুৎ উত্তেজক তৰল।

6. বৈদ্যুতিক বালুত ব্যৱহাৰ কৰা তাঁৰডাল অতি মিহি। ইয়াৰ কাৰণ কি?

উত্তৰঃ বৈদ্যুতিক বালুত ব্যৱহাৰ কৰা তাঁৰডাল অতি মিহি কাৰণ এটা বৈদ্যুতিক বালুৰ ভিতৰত টাংস্টেনৰ মিহি তাঁৰডাল ডগমগীয়া ৰঙা হৈ উঠে যেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ প্রবাহিত হয় আৰু যেতিয়া বিজুলী বাটিৰ মাজেৰে বিদ্যুৎ সোঁত প্রবাহিত কৰা হয় ফিলামেন্টডাল উচ্চ উষ্ণতালৈ জ্বলি উঠে। এই উষ্ণতাৰ বাবে ফিলামেন্টডাল উত্তপ্ত হয় আৰু পোহৰ উৎপন্ন হয়। আনহাতে, মোটা তাঁৰ ব্যৱহাৰ কৰিলে কম গৰম হয় ফলত কম পোহৰ উৎপন্ন কৰে।

D. দীঘল প্রশ্ন (Long Answer Questions)

1. তিনিটা বিদ্যুৎ কোষ একেলগে ব্যৱহাৰ কৰি বৰ্তনীত বেছি পৰিমাণৰ প্রবাহ পাবৰ কাৰণে কোষকেইটা কেনেদৰে সংযোগ কৰিবা চিত্র আঁকি দেখুওৱা।

উত্তৰঃ তিনিটা বিদ্যুৎ কোষ একেলগে ব্যৱহাৰ কৰি বৰ্তনীত বেছি পৰিমাণৰ পাবৰ বাবে কোষ  কেইটা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে । 

2: এডাল লোৰ টুকুৰা বা গজাল এটা কেনেকৈ বিদ্যুৎ চুম্বক কৰিব পাৰি তাৰ এটা বর্তনী চিত্র আঁকা।

উত্তৰঃ

3: বিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি।

উত্তৰঃ বিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব বঢ়াবলৈ – (১) তাঁৰৰ কুণ্ডলীৰ পাকৰ সংখ্যা বৃদ্ধি কৰিব লাগে (২) প্রবাহিত বিদ্যুত শক্তি বঢ়াব লাগে।

প্রশ্নঃ একে দৈৰ্ঘৰ এডাল মিহি আৰু এডাল মোটা তাঁৰৰ দুয়োমূৰে একে বিভৱ ভেদ একে সময়ৰ বাবে প্রয়োগ কৰা হ’ল। কোনডাল তাঁৰত বেছি তাপ উৎপন্ন হ’ব। ইয়াৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ মিহি তাঁৰডালত বেছি তাপ উৎপন্ন হ’ব। কাৰণ কোনো বৈদ্যুতিক উপাদানৰ তাপ উৎপন্ন কৰিব পৰা ক্ষমতা উপাদানৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। মিহি তাঁৰৰ ঘনত্ব কম বাবে সোনকালে আৰু বেছি গৰম হয়।

E. খালী ঠাই পূৰণ কৰা –

1: তিনিটা কোষ- সংযোগ কৰিলে মুঠ বিভৱভেদ একেই থাকে।

 উত্তৰঃ সমান্তৰাল সজ্জাত।

2: একে সমান পৰিমাণৰ বিদ্যুৎ প্রবাহ চালিত হ’লে মিহি তাৰ এডালত মোটা তাৰ এডালতকৈ তাপ সৃষ্টি হয়।

উত্তৰঃ বেছি।

3: বিদ্যুত প্রবাহে পৰিবাহিত——— উৎপন্ন কৰে।উত্তৰঃ তাপ

4: ঘৰৰ বৈদ্যুতিক বর্তনীত এটা——– থাকে।

উত্তৰঃ ফিউজ। 

৫। তিতা হাতেৰে কেতয়াও______অন-অফ কৰিব নালাগে।

উত্তৰঃ চুইছ।

F. সজাই লিখা

1. বিদ্যুৎ বৰ্তনী চিত্ৰ এটা2. MCB3. হিটাৰ৪। বিদ্যুৎ চুম্বক1. খোলা বৰ্তনী2. বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া3. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া  4. বৰ্তনী চিত্ৰ    

 উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects