📖 Might Learn

SVN Class 4 Maths Chapter 7 Solution জোখ-মাখ (জুলীয়া বস্তুৰ আয়তন)

Chapter 7 

অনুশীলনী-৭

১।        খালী ঠাই পূৰ কৰা

            ক) ১ লিটাৰ                 =__________________ মিলিলিটাৰ।

            খ) আধা লিটাৰ           =__________________ মিলিলিটাৰ।

            গ) ৩ লিটাৰ                =__________________ মিলিলিটাৰ।

২।        খালী ঠাই পূৰ কৰা

বস্তুকি পাত্ৰৰে জুখিবাকিমানবাৰ ল’বা
২ লিটাৰ মিঠাতেল৩ লিটাৰ পেট্ৰল৪ লিটাৰ গাখীৰ১ লিটাৰ ঘি____ লিটাৰ৩ লিটাৰ কেৰাচিন৫০০ মি.লি. পাত্ৰৰে৫০০ মি.লি. পাত্ৰৰে৫০০ মি.লি. পাত্ৰৰে______ মি.লি. পাত্ৰৰে২৫০ মি.লি. পাত্ৰৰে_____ মি.লি. পাত্ৰৰে৪ বাৰ_______ বাৰ_______ বাৰ৪ বাৰ৮ বাৰ৬ বাৰ

৩।       মিলিলিটাৰত প্ৰকাশ কৰা—

ক) ২ লিটাৰ

খ) ৩ লিটাৰ ৩০০ মিলিলিটাৰ

গ) ২ লিটাৰ ২০ মিলিলিটাৰ

ঘ) ৩.১২৫ লিটাৰ

ঙ) ৪.৫ লিটাৰ

চ) ২.৫ লিটাৰ

৪।        লিটাৰত প্ৰকাশ কৰা —

ক) ২০০০ মিলিলিটাৰ

খ) ২৫০ মিলিলিটাৰ

গ) ৩১৫০ মিলিলিটাৰ

ঘ) ১ লিটাৰ ৫০০ মিলিলিটাৰ

ঙ) ২ লিটাৰ ৫০০ মিলিলিটাৰ চ) ৩ লিটাৰ ৩৫০ মিলিলিটাৰ

৫।       এটা বেজীৰ চিৰিঞ্জত ৫ মিলি লিটাৰ ঔষধ ধৰে।

 কাকলিয়ে এদিনত দুটাকৈ বেজী ৪ দিনৰ

বাবে ল’বলগা হ’ল। এই চাৰি দিনত

কিমান ঔষধ গ্রহণ কৰিলে?

৬।       বেমাৰ হোৱা বাবে ডাক্তৰে কবিতাক তিনিটা চেলাইন ল’বলৈ দিলে। এটা চেলাইনৰ বটলত ৪৫ মিলিলিটাৰ চেলাইন থাকে। কবিতাৰ দেহত মুঠতে কিমান পৰিমাণৰ চেলাইন সোমাল ?

৭ ।       তিনিজনীয়া পৰিয়াল এটাই এদিনত ব্যৱহাৰ কৰা পানীৰ পৰিমাণ তলত দিয়া হ’ল

গা ধোৱাত                    ৬০ লিটাৰ

কাপোৰ ধোৱাত           ৭০ লিটাৰ

ৰন্ধা আৰু খোৱাত       ৩৫ লিটাৰ

বাচন ধোৱাত               ১৫ লিটাৰ

হাত-মুখ ধোৱাত          ২০ লিটাৰ

তেওঁলোকে এদিনত ব্যৱহাৰ কৰা মুঠ পানীৰ পৰিমাণ নির্ণয় কৰা ।

৮।       মনোজে তেওঁৰ মটৰ চাইকেল খনত তলত উল্লেখ কৰা ধৰণে পেট্ৰ’ল ভৰালে—

১ম সপ্তাহত                 ৩ লিটাৰ ৫০০ মিলিলিটাৰ

২য় সপ্তাহত                 ৩ লিটাৰ

৩য় সপ্তাহত                ২ লিটাৰ ৫০০ মিলিলিটাৰ

৪র্থ সপ্তাহত                 ২ লিটাৰ ৫০০ মিলিলিটাৰ

চাৰিওটা সপ্তাহত মুঠতে কিমান ট্ৰে’ল ভৰালে নিৰ্ণয় কৰা।

৯।        চুমিৰ বটলটোত ১ লিটাৰ পানী আছে। তাৰে ৰাতিপুৱা ২৫০ মি.লি. পানী খালে। আকৌ দুপৰীয়া ৩৫০ মি.লি. পানী খালে। বটলটোত কিমান পানী বাকী থাকিল?

১০।      এটা মাপনী বটলত ৩৫০ মিলিলিটাৰ পানী আছে। আৰু কিমান পানী ভৰালে বটলটোত ১ লিটাৰ পানী থাকিব?

১১।      কার্য কলাপঃ ২ লিটাৰৰ পানীৰ বটল এটা লোৱা। কিছুমান ১ লিটাৰৰ বটল, কিছুমান ৫০০ মি.লি.ৰ বটল, কিছুমান ২০০ মি.লি.ৰ বটল আৰু কিছুমান ১০০ মি.লি.ৰ বটল লোৱা ৷ এতিয়া এই ২ লিটাৰ পানী খিনি তুমি সংগ্ৰহ কৰা বটলবোৰত কিদৰে ভৰাবা? (উত্তৰ একাধিক হ’ব

১২।      কার্য কলাপঃ এজন গোৱালৰ ৭ লিটাৰ গাখীৰ আছে। তেওঁৰ হাতত ২ লিটাৰৰ এটা মাপনী চুঙা আছে। এজন গ্রাহকক ৩ লিটাৰ গাখীৰ লাগে। গোৱালজনে গ্রাহক জনক কি বুদ্ধিৰে ৩ লিটাৰ গাখীৰ দিব ? লগৰ বন্ধুৰ লগত চিন্তা কৰি উত্তৰ দিবা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class