📖 Might Learn

SVN Class 7 Assamese Chapter 6 Answer সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা)

সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা)

Chapter – 6

১। খেৰসূতী কোন আছিল ?

উত্তৰঃ খেৰসূতী শংকৰদেৱৰ বুঢ়ীমাক আছিল ।

২। শংকৰদেৱে কিমান বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ?

উত্তৰঃ শংকৰদেৱে বাৰ বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ।

৩। টেটোন বুলি কাক , কিয় কৈছে ?

উত্তৰঃ শংকৰদেৱক কৈছে ।

বুঢ়ীমাক খেৰসূতীয়ে বাৰ বছৰীয়া শংকৰৰ গাত কথা লাগিবৰ বয়স হােৱা বুলি কোৱাত শংকৰদেৱ “ গাত এঠাহে লাগে বুঢ়ী আই , কথা কেনেকৈ লাগিব বুলি প্রশ্ন কৰাত খেৰসূতীয়ে শংকৰদেৱক টেটোন বুলি কৈছে ।

৪। গণকে শংকৰক জন্মতে কি বুলি কৈছিল ?

উত্তৰঃগণকে শংকৰক জন্মতে পণ্ডিত হ’ব বুলি কৈছিল ।

৫। ৰামৰায় কোন আছিল ?

উত্তৰঃ ৰামৰায় মহেন্দ্ৰ কন্দলিৰ টোলত অধ্যয়ন কৰি থকা শংকৰদেৱৰ সহপাঠি ছাত্ৰ আছিল ।

৬। “ আমাৰ বংশত অপণ্ডিত নাই , তই মূখ হ’ব খুজিছনে ? ”– কথাষাৰ কোনে কাক কৈছিল ?

উত্তৰঃ কথাষাৰ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক কৈছিল ।

৭। “ বুঢ়ীআই , তেনে পূজা মােক নালাগে ”– শংকৰদেৱে কিয় তেনেকৈ কৈছিল ?

উত্তৰঃ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক বিদ্বান লােকে সকলােতে পূজা পায় বুলি কওঁতে শংকৰদেৱে শাক্তধর্মী লােকসকলে কৰা মনসা পূজা , কালী পূজা আদিৰ কথা কোৱা বুলি ভাবিছিল । এইবােৰ পশু – পক্ষীবােৰক বলি দি পূজা কৰাটো শংকৰদেৱে সহ্য কৰিব নােৱাৰিছিল। সেয়েহে তেওঁ তেনেকৈ কৈছিল ।

৮। শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ যােৱা যাত্রাৰ এটি বর্ণনা দিয়া ।

উত্তৰঃ ধিতিঙালি কৰি ফুৰা বাৰ বছৰীয়া শংকৰদেৱে পঢ়িবলৈ ইচ্ছা কৰাত বুঢ়ীমাক খেৰসূতীয়ে মনত বৰ ৰং পালে । তেওঁ পিছদিনাখনে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোললৈ নিয়াৰ মন কৰি চন্দৰী , আঘােণাহঁতক ভাৰ – ভেটি সাজু কৰিবলৈ ক’লে । সেইমতেই পিছদিনাখন মহেন্দ্ৰ কলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ শংকৰদেৱৰ যাত্ৰা আৰম্ভ হ’ল । শংকৰদেৱ আৰু খেৰসূতী আই — দুয়ােজনে নতুন সাজ – পাৰ পিন্ধিছে । তেওঁলােকৰ আগে – পিছে ভাৰ লােৱা মানুহ । পাছি লােৱা দাসীও লগত গৈছে ৷ এইদৰে এক সুন্দৰ পৰিবেশৰ মাজেৰে শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ যাত্রা কৰিছে ৷

৯। নিশা গুৰুদেৱে শংকৰৰ বহালৈ কিয় আহিছিল ? তেতিয়া শংকৰে কি কৰি আছিল ?

উত্তৰঃ নিশা শংকৰৰ বহাত পোহৰ দেখি – শংকৰেনাে কি কৰি আছে , তাকে চাবলৈ গুৰুদেৱে শংকৰৰ বহালৈ আহিছিল । সেই সময়ত শংকৰে পঢ়ি আছিল ।

১০। শংকৰদেৱৰ শিশুকালৰ অলৌকিক ঘটনাৰ বিষয়ে লিখা ।

উত্তৰঃ শিশুকালত শংকৰদেৱে সাধাৰণ শিশুৱে ভাবিব নােৱাৰা কিছুমান অলৌকিক কার্য কৰিছিল। এদিন তেওঁ লুইতৰ বুকুত বুৰ মাৰি শিহু এটা ধৰি আনি লগৰীয়া বােৰক দেখুৱাইছিল । আন এদিনাখন আকৌ লগৰীয়াবােৰৰ লগত আঁৰ মাৰি দুই দাৰ পৰ পানীত বুৰ মাৰি কাটল মাছ এটা ধৰি আনিছিল । মাছটো ইমানেই ডাঙৰ আছিল যে দুটা মানুহে সাঙী কৰিহে তাক আনিব পাৰিছিল । এনেদৰে শিশুকালত শংকৰদেৱে কিছুমান অলৌকিক ঘটনা সংঘটিত কৰিছিল ।

১১। শংকৰে গুৰুগৃহৰ পৰা মনে মনে ক’লৈ পলাই গৈছিল ?

উত্তৰঃ শংকৰে গুৰুগৃহৰ পৰা মনে মনে বুঢ়ীমাকৰ ওচৰলৈ বুলি ।

১২। শংকৰে গুৰুগৃহৰ পৰা মনে মনে গুচি গৈ আকৌ আদবাটৰ পৰা উভতি আহিছিল কিয় ?

উত্তৰঃ গুৰুৰ অনুমতি নােহােৱাকৈ কোনাে কামেই কৰিব নাপায় , গুৰু দেৱতাৰ দৰে পূজনীয় । কিন্তু শংকৰে গুৰুৰ অনুমতি অবিহনে মনে মনে গুচি গৈছিল । তেনেকৈ যােৱাটো যে তেওঁৰ ভুল হৈছে , সেই কথাটো শংকৰে পিছত বুজি পাইছিল আৰু সেয়ে তেওঁ আদবাটৰ পৰা উভতি আহিছিল ।

১৩। শংকৰদেৱক গুৰুদেৱে ওজা ছাত্র পাতিছিল কিয় ?

উত্তৰঃ টোল বা পঢ়াশালিত প্রখৰ মেধাসম্পন্ন , পঢ়াৰ প্রতি ধাউতি থকা, সৎ চৰিত্ৰৱন আৰু বিভিন্ন দিশত পাৰ্গত ছাত্রক গুৰুৱে ওজা ছাত্র পাতিছিল । শংকৰদেৱৰ এই আটাইবােৰ গুণ আছিল । প্ৰখৰ মেধাসম্পন্ন শংকৰ গুৰুৱে শিকোৱা পাঠ অতি সহজে আয়ত্ব কৰিব পাৰিছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ বেদ – স্মৃতি , ছন্দ , শ্রুতি , তর্ক , মীমাংসা , অষ্টাদশ পুৰাণ পঢ়ি শেষ কৰিছিল ৷ তেওঁ সৎ চৰিত্ৰৰ আৰু বিভিন্ন দিশত পাৰ্গত আছিল । আন ছাত্রই শংকৰদেৱৰ লগত কোনােটো দিশতে ফেৰ মাৰিব পৰা নাছিল । সেয়েহে গুৰুদেৱে শংকৰদেৱক ওজা ছাত্র পাতিছিল ।

১৪। পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা ।

উত্তৰঃ পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা সুন্দৰকৈ প্রকাশ পাইছে । এবাৰ তেওঁ গুৰুদেৱৰ অনুমতি অবিহনে মনে মনে গুচিগৈ আদবাটৰ পৰা উভতি আহিছিল । গুৰুদেৱে তেনেকৈ যােৱাৰ কাৰণ সােধাত শংকৰদেৱে কৈছিল যে- তেওঁক বৰনৈখনে মাতে ; গছ বন – মুকলি পথাৰ এই সকলােবােৰেই তেওঁক হাতবাউল দি মাতে । চৰাইৰ দৰে মুকলিমূৰীয়া হৈ তেওঁৰ হাবি বনে ঘূৰি ফুৰিবৰ মন যায় । অর্থাৎ তেওঁ প্রকৃতিক ভাল পায় , প্ৰকৃতিৰ সৈতে মিলি থাকিব খােজে । আন এদিন লগৰ ব্রাহ্মণ ছাত্ৰ এজনে শংকৰদেৱে ওজা ছাত্র হিচাপে আন ছাত্রবােৰক কি পাঠ দিব বুলি প্রশ্ন কৰাত শংকৰদেৱে প্ৰকৃতিৰ পাঠ দিব বুলি কৈছিল । তেওঁ কৈছিল যে মানুহ গছৰ দৰে হ’ব লাগে । গছে ৰ’দ বৰষুণ , ধুমুহা সকলাে সহ্য কৰি মানুহক ছাঁ দিয়ে , ফল দিয়ে , ফুল দিয়ে । গছে নিজৰ ছাঁত নিজে নিজিৰাই , নিজৰ ফল নিজে নাখায় । নিজৰ কথা নভবাকৈ গছে কেৱল পৰােপকাৰ কৰে । গছ মানুহৰ বন্ধু আৰু আদর্শ । গছৰ দৰে মানুহেও নিজে সকলাে কষ্ট সহ্য কৰি আনৰ মংগল সাধন কৰা উচিত । ওপৰােক্ত কথাবােৰৰ জৰিয়তে শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা প্ৰকাশ পাইছে ।

১৫। তাৎপর্য বুজাই লিখা –

( ক ) আমাৰেসে কর্মর্তৰে পণ্ডিতৰৰ বাক্য লৰে ।

উত্তৰঃ পণ্ডিত বা বিজ্ঞ লােকৰ কথা সাধাৰণতে লৰচৰ নহয় , তেওঁলােকে যি কয় সেয়াই ফলিয়াই। তেনেলােকে কাৰােবাৰ ভৱিষ্যত বাণী কৰিলে সেয়াও ফলা দেখা যায় । শংকৰদেৱে জন্মাতে গণকে গণনা কৰি তেওঁ পণ্ডিত হ’ব বুলি কৈছিল । কিন্তু পঢ়া শুনালৈ মন নিদি শংকৰদেৱে বাৰ বছৰ বয়সলৈ ধিতিঙালি কৰি ফুৰিছিল । পঢ়া শুনা নকৰা ল’ৰা এটাই কি দৰে পণ্ডিত হ’বগৈ ? শংকৰদেৱৰ তেনেকুৱা স্বভাৱ দেখি বুঢ়ীমাক খেৰসূতীয়ে ভাবিছিল যে তেওঁলোকৰ নিজৰ কৰ্মৰ ফলতহে এতিয়া পণ্ডিত ( গণক ) ৰাে কথা লৰিব । কাৰণ , কোনােবা পণ্ডিতে কাৰােবাক জ্ঞানী বা পণ্ডিত হ’ব বুলি ভৱিষ্যত বাণী কৰিলেও নিজৰ যত্ন নহ’লে তেনে ব্যক্তি কেতিয়াও পণ্ডিত হৈ উঠিব নােৱাৰে । তেনেক্ষেত্ৰত পণ্ডিতৰ কথাও ভুল বুলি প্রমাণিত হয় ।

( খ ) লােণ তেল নাই শুদাব্যঞ্জনৰ এনে সােৱাদ ।

উত্তৰঃ লােণ – তেল নিদিয়া ব্যঞ্জনৰ একো সােৱাদ নাথাকে । ব্যঞ্জন সােৱাদযুক্ত কৰিবলৈ তাত লােণ – তেল , বিভিন্ন মা-মচলা প্রয়ােগ কৰা হয় । ব্যঞ্জনত মা-মচলা প্রয়ােগ কৰাৰ দৰে সাহিত্য ৰচনা কৰোতেও ইয়াক ৰসযুক্ত আৰু অর্থবহ কৰিবলৈ যুক্তাক্ষৰ , উপমা , অলংকাৰ আদি প্রয়ােগ কৰা হয় । কিন্তু শংকৰদেৱে যুক্তাক্ষৰ প্রয়ােগন কৰাকৈয়ে “ কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতাটি ৰচনা কৰি গুৰুদেৱক পাঠ কৰি শুনাইছিল । আ – কাৰ , ই – কাৰ প্রয়ােগ নকৰাকৈ তেনেকুৱা এটা অর্থবহ আৰু ৰসযুক্ত শ্লোক ৰচনা কৰা কার্যত গুৰুদেৱে তবধ মানিছিল। সেয়ে গুৰুদেৱে কবিতাটিক লােণ – তেল নােহােৱা সুস্বাদু ব্যঞ্জন বুলি কৈছে ।

( গ ) বিনা জৰিৰে বন্ধা ফুলৰ মালাহে ।

উত্তৰঃ মালা – গাঁঠিবলৈ জৰিৰ প্রয়ােজন । জৰি নােহােৱাকৈ কোনেও ফুলৰ মালা গাঁঠিব নােৱাৰে । জৰি নােহােৱাকৈ যিদৰে মালা গাঁঠিব নােৱাৰি সেইদৰে , যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ সাহিত্য সৃষ্টি কৰিব নােৱাৰি । যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ , সাহিত্য ৰচনা কৰা এক প্রকাৰ অসম্ভৱ কথা । কিন্তু শংকৰদেৱে যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ “কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতা লিখি অসম্ভৱ কাল এটা সম্ভৱ কৰি দেখুৱাইছিল । আকাৰ , ইকাৰ প্রয়ােগ নকৰাকৈ ৰচনা কৰা তেনেকুৱা এটি অর্থবহ আৰু ৰসযুক্ত কবিতা শংকৰৰ মুখত শুনি আচার্যই সেয়েহে কবিতাটিক বিনা জৰিৰে বন্ধা ফুলৰ মালা বুলি কৈছিল।

প্রশ্ন ১৬। ভাব বহলাই লিখা –

( ক ) ৰজাক নিজৰ দেশতহে পূজে – বিদ্বানে সকলাে ঠাইতে পূজা পায় ।

উত্তৰঃ ৰজা দেশ এখনৰ অধিকাৰী । ৰজা এজন স্বাভাৱিকতে ক্ষমতাশালী , ঐশ্বর্যশালী আৰু প্রতিপত্তিশীল হয় । নিজ দেশৰ মানুহে তেওঁক শ্রদ্ধা কৰে ,পূজা কৰে । নিজৰ গৰাকী বুলিয়ে প্রজাসকলে ৰজাৰ প্রতি মান – সম্মান প্রদর্শন কৰে। কিন্তু আন ঠাইৰ বা দেশৰ মানুহে ওজা এজনক সন্মান বা আদৰ লপলনকৰিবও পাৰে । বিদ্বান লােকৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয় । পৃথিৱীৰ সকলাে ঠাইৰ মানুহে বিদ্যা বা জ্ঞানৰ মােল বুজে । বিদ্যাহীন বা জ্ঞানহীন জীৱন অন্ধকাৰ , পশুতুল্য । সেয়েহে, বিদ্বান লােকে সকলাে ঠাইতে আদৰ – সন্মান পায় । আনকি ৰজা – মহাৰজাইও বিদ্বান লােককহে সন্মান যাচে।এতেকে , শাৰিৰীক শক্তি , ধন – ঐশ্বর্য , ক্ষমতাতকৈ বিদ্যাৰ মূল্য সদায় উদ্ধর্ত ।

( খ ) হংসৰ মাজত বগলী হােৱা ।

উত্তৰঃ ৰাজহাঁহ আৰু বগলীৰ গাৰ ৰং একে । কিন্তু ৰাজহাঁহৰ যি গুণ আছে , বগলীৰ গাত সেই গুণ নাই । ৰাজহাঁহৰ মাজত থাকিলেও সেয়েহে, বগলীয়ে কেতিয়াও ৰাজহাঁহৰ স্থান নাপায় । একেদৰে , বিদ্যা-বুদ্ধি , জ্ঞান – গৰিমাৰে উজ্জ্বল কোনাে বংশ , পৰিয়াল বা সমাজত কোনােবা যদি মূখ হয় , তেনেহলে একেলগে থাকিলেও তেওঁ কাৰাে পৰা মান – সম্মান অথবা আদৰ নাপায় । তেনেকুৱা লােকক সকলােৱে গলগ্রহ বুলিহে গণ্য কৰে । জ্ঞান – গুণী সমাজত মূর্খ লােকৰ স্থান সদায় ৰাজহাঁহৰ মাজত বগলীৰ স্থানৰ নিচিনা হয়।

১৭। শংকৰৰ গুৰুভক্তিৰ বিষয়ে পাঠৰ সহায়ত চমুকৈ লিখা ।

উত্তৰঃ পাঠটিত শংকৰৰ গুৰুভক্তিৰ কেবাটাও চানেকি পােৱা যায় । শংকৰে গুৰুদেৱৰ উপদেশ সদায় নতশিৰে মানি চলিছিল । গুৰুৰ উপদেশমতে তেওঁ নিয়মিত অধ্যয়ন কৰিছিল । কেতিয়াবা আন ছাত্ৰবােৰে টোপনি যােৱাৰ পিচতে বহু ৰাতিলৈকে তেওঁ পঢ়া – শুনা কৰিছিল । এবাৰ মনে মনে ঘৰলৈ বুলি গুচি গৈ আদবাটৰ পৰা উভতি আহি গুৰুৰ ওচৰত অকপটে স্বীকাৰ কৰিছিল যে গুৰুৰ অনুমতি নােহােৱাকৈ তেনেকৈ যােৱাটো তেওঁৰ ভুল হৈছে । গুৰুক তেওঁ দেৱতাৰ দৰে পূজনীয় বুলি মানিছিল । এদিন গুৰুদেৱে সকলাে ছাত্রকে একোটিকে শ্লোক ৰচনা কৰিবলৈ কোৱাত অকল শংকৰেহে গুৰুৰ আদেশ মানি “ কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতাটো ৰচনা কৰি গুৰুক পঢ়ি শুনাইছিল । এনেবােৰ কাৰ্যৰ মাজেৰে পাঠটিত শংকৰৰ গুৰুভক্তি সুন্দৰভাবে প্রকাশ পাইছে ।

১৮। তলৰ শব্দবােৰৰ আধুনিক অর্থ লিখা –

       দেহলাও , মহীচুঙা , চালপীৰা , ঠগি , আচার্য , বহা 

উত্তৰঃ দেহলাও – অতি মৰমৰ , ।

মহীচুঙা – চিয়াঁহী পাত্র ।

চালপীৰা – কুন্দত কটা খুৰা লগােৱা বৰ আহল বহল শােৱা পীৰা ।

ঠগি – কাঠৰ শৰাই ।

আচার্য – শিক্ষাগুৰু ।

বহা – পজাঘৰ , ।

১৯। সমার্থক শব্দ লিখা –

         গুৰুদে , ব্রাহ্মণ , টোল , হংস , তেজ , পুথি । 

উত্তৰঃ গুৰুদেৱ – শিক্ষাগুৰু ।

ব্রাহ্মণ – বামুন ।

টোল – পঢ়াশালি ।

হংস – ৰাজহাঁহ ।

তেজ – ৰুধিৰ ।

পুথি – কিতাপ ।

২০। শব্দার্থ লিখা –

   সুমধুৰ , অপণ্ডিত , টেটোন , উদণ্ড , তবধ 

উত্তৰঃ সুমধুৰ – বৰসােৱাদ ,

অপণ্ডিত – মূৰ্খ ।

টেটোন – টেঙৰ ,

উদণ্ড – শাসন নথকা ,

তবধ – আচৰিত হৈ অমাত হােৱা অৱস্থা ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class