Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Maths Chapter 8 Solution আকৃতি

 Chapter 8 

অনুশীলনী-৮

শুদ্ধ নে অশুদ্ধ লিখা—

১।        ক) কেইবাড়ালো ৰেখাখণ্ডৰ সহায়ত অংকন কৰা বন্ধ আকৃতিবোৰক চতুৰ্ভুজ বোলে।

খ) এটা চতুৰ্ভুজৰ তিনিডাল বাহু থাকে।

গ) এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা থাকে ৷

ঘ) এটা বৰ্গৰ চাৰিওটা বাহুৰ দীঘ সমান ।

ঙ) এটা সমবাহু ত্রিভুজৰ তিনিওটা বাহুৰ দীঘ সমান।

২। খালী ঠাই পূৰ কৰা—

ক) এটা বহুভুজৰ ৫টা বাহু থাকিলে তাক ___________ বোলে।

খ) এটা ত্ৰিভুজৰ যদি দুটা বাহু পৰস্পৰ সমান দীঘল হয় তেন্তে তাক __________ ত্রিভুজ বোলে।

গ) বৰ্গ আৰু ৰম্বাচৰ চাৰিওটা বাহুৰ দীঘ _____________।

ঘ) আয়ত এটাৰ আটাইবোৰ বাহুৰ দীঘ সমান হ’লে তাক ___________ বুলি কোৱা হয় ।

ঙ) আয়ত, বৰ্গ আৰু ৰম্বাচ এই তিনিওবিধ বিশেষ ধৰণৰ ____________।

৩। কাষৰ ছবি চাই উত্তৰ দিয়া— যদি ‘কখগঘ’ এটা আয়ত, তেন্তে

ক) ‘কখ’ৰ বিপৰীত বাহু কি?

খ) কখ’ আৰু ‘খগ’ সমান দীঘল হয়নে?

গ) কঘ আৰু কখ পৰস্পৰ লম্ব। গতিকে ক কোণটো কেইডিগ্রী।

ঘ) কঘ আৰু খগ বাহুৰ দীঘ সমান হ’ব নে?

৪।        তোমালোকৰ বহীত তলত উল্লেখ কৰা আকৃতিকেইটা অংকন কৰা। প্ৰতিটোৰে বাহুৰ দীঘ উলিওৱা। সিহঁতৰ কোণবিলাক জুখিব পাৰিবানে?

ক) ত্রিভুজ

খ) আয়ত

গ) বর্গ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects