ৰাজকুমাৰ সাধু
প্ৰথম অধ্য়ায়
(ক) খালী ঠাই পূৰ কৰাঃ
(১) যুগ চাৰিটা- (ক) সত্য় যুগ (খ) ত্ৰেতাযুগ (গ) দ্বাপৰযুগ (ঘ) কলিযুগ।
(২) ৰজা দশৰথৰ তিনিগৰাকী ৰাণী আছিল-(ক) কৌশল্যা (খ) সুমিত্ৰা (গ) কৈকেয়ী ।
(৩) ৰজা দশৰথৰ বৰ পুত্ৰৰ নাম ৰাম আছিল।
(৪) ভৰত, লক্ষ্মণ, শক্ৰঘ্ন, ৰামচন্দ্ৰ ৰ সৰু ভায়েক আছিল।
(খ)ৰামৰ চাৰিটা গুণ লিখা-
উত্তৰঃ
(১) দুখীয়া-নিচলাক দান কৰা
(২) ডাঙৰক সন্মান কৰা
(৩) সদায় সঁচা কথা কোৱা
(৪) সৰুবোৰক মৰম কৰা ইত্যাদি
(গ) চমু উত্তৰ দিয়া–
(১) সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম কি আছিল ?
উত্তৰঃ সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম হ’ল- লক্ষ্মণ আৰু শত্ৰুঘ্ন।
(২) ৰামচন্দ্ৰ কাৰ সন্তান আছিল ?
উত্তৰঃ ৰামচন্দ্ৰ কৌশল্য়াৰ সন্তান আছিল।
(৩) ভৰতৰ লগত কাৰ বিশেষ মিল আছিল ?
উত্তৰঃ ভৰতৰ লগত শত্ৰুঘ্নৰ লগত বিশেষ মিল আছিল ।
(৪) অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম কি ?
উত্তৰঃ অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম হ’ল সৰযু নদী ।
(৫) ক্ষত্ৰিয়ৰ প্ৰধান দায়িত্ব কি ?
উত্তৰঃ ক্ষত্রিয়ৰ প্ৰধান দাত্রিত্ব হৈছে দুষ্টৰ পৰা সমাজক ৰক্ষা কৰা ।
(ঘ) দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিন কেনেধৰণৰ কাৰ্যকলাপ সম্পাদন কৰিছিল- পাঠৰ আধাৰত লিখা ।
উত্তৰঃ দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে উঠি সকলোতকৈ আগেতে মাক-পিতাক আৰু গুৰু বশিষ্ঠ প্ৰণাম কৰে । তাৰ পাছত শৰীৰটোক শক্তিশালী কৰিবলৈ সূৰ্য নমস্কাৰ আৰু ব্যায়াম কৰে । তাৰপাছত অযোধ্যা নগৰৰ কাষৰ সৰযু নদীত গা ধুই তেওঁলোকে ভগৱানক পূজা কৰে আৰু ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰে ।
Question Answer By Bikash Bora
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post