Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 17 Answer ৰবৰৰ – আৱিষ্কাৰ

Chapter 17

ৰবৰৰ – আৱিষ্কাৰ

১। উত্তৰ দিয়া –

( ক ) ‘ ৰবৰ ’ ৰ নামকৰণ কোনে কৰিছিল ?

উত্তৰঃ ‘ ৰবৰ ’ ৰ নামকৰণ বিজ্ঞানী প্রিন্টলিয়েকৰিছিল ।

( খ ) আমেৰিকাৰ থলুৱা বাসিন্দাসকলে কেতিয়া ৰবৰৰ বিষয়ে জানিব পাৰিছিল ?

উত্তৰঃ একাদশ শতিকাৰ আগেয়েই জানিব পাৰিছিল ।

( গ ) কলম্বাছে কেতিয়া আৰু কোন ঠাইলৈ দ্বিতীয় বাৰ ভ্ৰমণ কৰিছিল আৰু তেওঁ তাত কি দেখিছিল ?

উত্তৰঃ ১৪৯৩ চনত হেইটিলৈ কলম্বাছে দ্বিতীয় বাৰ ভ্ৰমণ কৰিছিল । তেওঁ তাত তাৰ থলুৱা লােকসকলে সৰল জাতীয় গছৰ – আঠাৰ পৰা এক প্রকাৰৰ বল সাজি খেলা দেখিছিল ।

( ঘ ) ৰবৰৰ সর্বশ্রেষ্ঠ প্রকাৰবিধ ক’ৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ ৰবৰৰ সর্বশ্রেষ্ঠ প্রকাৰবিধ দক্ষিণ আমেৰিকাৰ আমাজান অৰণ্যাঞ্চলত পােৱা হিঙিয়া গছৰ পৰা আহৰণ কৰা হয় ।

( ঙ ) কোনে আৰু কেনেকৈ জলৰুদ্ধ কাপােৰ প্ৰস্তুত কৰিছিল ?

উত্তৰঃ পিল নামৰ এগৰাকী বিজ্ঞানীয়ে ৰবৰ আৰু টাৰপিনটাইন তেল মিহলাই কাপােৰৰ ওপৰত সেই মিশ্রণৰ এটা প্রলেপ দি জলৰুদ্ধ কাপােৰ প্রস্তুত কৰিছিল ।

( চ ) কেতিয়া আৰু কোনে ৰবৰক ব্যৱহাৰিক দিশত প্রয়ােগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ১৮৩১ চনত চার্লছ গুড় ইয়েৰ নামৰ এগৰাকী আমেৰিকাৰ ব্যক্তিয়ে ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল ।

২। গুড ইয়েৰে কেনেদৰে ‘ ৰবৰ ’ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল তােমাৰ নিজৰ ভাষাত বহলাই লিখা ।

উত্তৰঃ FOR STUDENTS

৩। খালী ঠাই পূৰ কৰা –

( ক ) দক্ষিণ – পূর্ব এছিয়াৰ বাসিন্দাসকলেও _ আদি ৰবৰৰ পৰা উৎপাদন কৰিছিল ।

উত্তৰঃ দক্ষিণ – পূর্ব এছিয়াৰ বাসিন্দাসকলেও বেগ , বাস্কেটবল আদি ৰবৰৰ পৰা উৎপাদন কৰিছিল ।

( খ ) জলৰুদ্ধ কাপােক বাণিজ্যিক ক্ষেত্ৰলৈ আগবঢ়াই নিয়া ব্যক্তিজন হ’ল__

উত্তৰঃ জলৰুদ্ধ কাপোৰক বাণিজ্যিক ক্ষেত্রলৈ আগবঢ়াই নিয়া ব্যক্তিজন হ’ল চার্লছ মেকিণ্টছ ।

( গ ) ৰবৰ আৰু __ ৰ মিহলােৱা মিশ্ৰণক এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয় ।

উত্তৰঃ ৰবৰ আৰু ছালফাৰ মিহলােৱা মিশ্রণক এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয় ।

প্রশ্ন ৪। চমুটোকা লিখা-

( ক ) গুড ইয়েৰ ।

উত্তৰঃ গুড ইয়েৰ এগৰাকী আমেৰিকান ব্যক্তি । ১৮৩১ চনত গুড ইয়েৰেই ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰাৰ চেষ্টা কৰিছিল ৷ তাৰ বাবে তেওঁ ৰবৰৰ ওপৰত বিভিন্ন পদাৰ্থৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ণ আৰু পৰীক্ষা – নিৰীক্ষা কৰিছিল । প্রথমে তেওঁ ৰবৰৰ লগত আঠা মিহলাই আৰু পিছত বিভিন্ন পদার্থ যেনে — নিমখ , চেনি , সৰিয়হৰ তেল আদি মিহলাই পৰীক্ষা – নিৰীক্ষা কৰিছিল । এইবােৰ পৰীক্ষা – নিৰীক্ষাৰ দ্বাৰা তেওঁ ৰবৰক ত্রুটিমুক্ত কৰিব পৰা নাছিল । তেওঁৰ যি লক্ষ্য আছিল ৰবৰৰ স্থায়িত্ব অনা আৰু ইয়াৰ ত্ৰুটি অর্থাৎ তাপৰ সংস্পৰ্শলৈ আহিলেই বিজলুৱা হৈ পৰাটো নাইকিয়া কৰা , সেইটো তেতিয়াও হৈ উঠা নাছিল । পিছত তেওঁ ৰবৰৰ লগত ছালফাৰৰ মিশ্রণ ঘটাইছিল । এই মিশ্রণটো তেওঁ এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰক ত্রুটিমুক্ত কৰি ব্যৱহাৰিক দিশত প্রয়ােগৰ উপযােগী কৰি তুলিছিল । গুড ইয়েৰৰ প্ৰচেষ্টাৰ ফলতে মানুহে আজি ৰবৰক নিত্য ব্যৱহার্য বস্তুৰূপে প্রয়ােগ কৰিবলৈ সক্ষম হৈছে ।

( খ ) জলৰুদ্ধ কাপােৰ ।

উত্তৰঃ পানীত নিতিতা আৰু পানী নসৰকা কাপােৰকে জলৰুদ্ধ কাপোৰ বুলি কোৱা হয় । এই জলৰুদ্ধ কাপােৰ হৈছে ৰবৰৰ ওপৰত কৰা বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ ফল । ৰবৰৰ মান উন্নত কৰা আৰু ইয়াৰ ব্যৱহাৰ সম্পর্কত বিভিন্নজনে পৰীক্ষা চলাইছিল ৷ ৰবৰৰ ওপৰত পৰীক্ষা কৰিবলৈ গৈ পিল নামৰ বিজ্ঞানী এজনে ৰবৰ আৰু টাৰপিনটাইন তেল মিহলাই কাপােৰৰ ওপৰত সেই মিশ্রণটোৰ প্রলেপ দিছিল । ইয়াৰ ফলত কাপোৰখন পানীত নিতিতা আৰু পানী নসৰকা হৈছিল । এনেকৈয়ে আৱিষ্কাৰ হৈছিল জলৰুদ্ধ কাপােৰ । পিছত চাৰ্লছ মেকিণ্টছু নামৰ ব্যক্তি এজনে সেই একেই প্রণালী ব্যৱহাৰ কৰিয়েই জলৰুদ্ধ কাপােৰ উৎপাদন কৰে ।

( গ ) ৰবৰ ।

উত্তৰঃ ৰবৰ আধুনিক যুগৰ মানুহৰ বাবে এক অতিশয় আৱশ্যকীয় সম্পদ । বিশেষভাৱে বিদ্যার্থীসকলৰ বাবে ই অতি প্রয়ােজনীয় । পূর্বতে ৰবৰ কেৱল ৰবৰ গছৰ পৰা প্রাকৃতিক ভাবেহে আহৰণ কৰা হৈছিল । এনেকৈ গছৰ পৰা সংগ্ৰহ কৰা ৰবৰেৰেই এক সময়ত মেৰুৰ বাসিন্দাসকলে জোতা , বটল আৰু দক্ষিণ পূর্ব এছিয়াৰ বাসিন্দাসকলে বেগ , বাস্কেটবল আদিৰ দৰে বস্তু উৎপাদন কৰিছিল বুলি জনা যায় । কিন্তু চাহিদা বঢ়াৰ লগে লগে ইয়াক প্রণালীবদ্ধভাবে উৎপাদন কৰিবলৈ লােৱা হৈছিল । বৰ্তমান ৰবৰ নিত্য প্রয়ােজনীয় আৰু বহুলভাৱে ব্যৱহৃত এক মূল্যবান সম্পদ । গােটেই পৃথিৱী জুৰি ইয়াৰ ব্যাপক চাহিদা আছে । ৰবৰক কেন্দ্ৰ কৰিয়ে বহু উদ্যোগ গঢ়ি উঠিছে ৷ ৰবৰ গছৰ খেতি কৰাটো বহুতে এতিয়া জীৱিকা হিচাপে লৈছে , কাৰণ ৰবৰৰ ব্যৱসায়টো অত্যন্ত লাভজনক ।ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰিব পৰাকৈ উপযােগী কৰি তুলিছিল চার্লছ গুড ইয়েৰ নামৰ আমেৰিকাৰ ব্যক্তি এজনে ।ৰাবাৰৰ পানী , বিদ্যুৎ , কম্পন প্রতিৰােধ ক্ষমতা থকাৰ লগতে স্থিতিস্থাপকতা গুণ আছে । ৰবৰ গাড়ী মটৰৰ টায়াৰ নির্মাণ , পাম্প হাউচ , প্রিন্টিং প্ৰেছ , চিমেন্ট কাৰখানা , পানী প্রতিৰােধী কাপােৰ নিৰ্মাণ , টেলিফোন আৰু ৰেডিওৰ কিছুমান সামগ্রী নির্মাণ , জোতা – চেণ্ডেল , গ্লোভ , ব্লেংকেট , বল , বেলুন আদিত ব্যৱহাৰ হয় ।

৯। স্ন , শ্ন , ষ্ণ — প্রতিটো যুক্তাক্ষৰৰ তিনিটাকৈ শব্দ লিখা—

উত্তৰঃ স্ন – স্নান , স্নায়ু , স্নাতক ।

শ্ন – প্রশ্ন , প্রশ্নশালা , প্রশ্নোপনিষদ ।

ষ্ণ – বিষ্ণু , ক্ষয়িষ্ণু , সহিষ্ণুতা ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects